শ্ৰীমতী বিজয়া মেহতা জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 01st, 11:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী বিজয়া মেহতা জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে শ্ৰীমতী বিজয়া মেহতা জী আধুনিক মাৰাঠী থিয়েটাৰৰ এগৰাকী পথপ্ৰদৰ্শক আছিল, যি তেওঁৰ সৃষ্টিশীলতা আৰু শৈল্পিক উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত। তেওঁৰ কৰ্মই বহু প্ৰজন্মৰ অভিনেতা, পৰিচালক আৰু থিয়েটাৰ প্ৰেমীসকলক অনুপ্ৰাণিত কৰিছিল।