প্ৰধানমন্ত্ৰীয়ে ৪ অক্টোবৰত ৬২,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব

October 03rd, 03:54 pm

যুৱ বিকাশৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ ১১ বজাত ৬২,০০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব, যাৰ ফলত সমগ্ৰ দেশতে শিক্ষা, দক্ষতা আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত এক নিৰ্ণায়ক উত্থান ঘটিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আয়োজন কৰা ৰাষ্ট্ৰীয় দক্ষতা সমাৰোহৰ চতুৰ্থ সংস্কৰণ কৌশল দীক্ষান্ত সমাৰোহৰো অনুষ্ঠিত হ’ব, য’ত দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৪৬ গৰাকী সৰ্বভাৰতীয় শীৰ্ষ স্থানপ্ৰাপকক সম্বৰ্ধনা জনোৱা হ’ব।

১২ ছেপ্টেম্বৰত নতুন দিল্লীত জ্ঞান ভাৰতম সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 11th, 04:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ছেপ্টেম্বৰ, ২০২৫ৰ বিয়লি প্ৰায় ৪:৩০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত জ্ঞান ভাৰতম সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ লগতে পাণ্ডুলিপিসমূহৰ ডিজিটেলাইজেচন, সংৰক্ষণ আৰু জনসাধাৰণে সহজে পাব পৰাকৈ এক নিৰ্দিষ্ট ডিজিটেল প্লেটফৰ্ম জ্ঞান ভাৰতম পৰ্টেল মুকলি কৰিব। এই উপলক্ষে সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত আচাৰ্য শ্ৰী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 28th, 11:15 am

শ্ৰৱণ বেলাগোলা স্বামী চাৰুকীৰ্তি জীৰ মুৰব্বী পুৰোহিত আচাৰ্য প্ৰজ্ঞা সাগৰ মহাৰাজ জী, মোৰ সহকৰ্মী গজেন্দ্ৰ সিং শ্বেখাৱত জী, মোৰ সতীৰ্থ সাংসদ ভাই নবীন জৈন জী, ভগৱান মহাবীৰ অহিংসা ভাৰতী ট্ৰাষ্টৰ সভাপতি প্ৰিয়ংক জৈন জী, সচিব মমতা জৈনজী, ট্ৰাষ্টী পীয়ুষ জৈন জী, অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তি, সন্ত, ভদ্ৰ পৰুষ-মহিলাসকল, জয় জিনেন্দ্ৰ!

আচাৰ্য শ্ৰী বিদ্যানন্দ জি মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

June 28th, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি আচাৰ্য শ্ৰী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপনৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰী বিদ্যানন্দ জী মুনিৰাজৰ শতবাৰ্ষিকী উদযাপনৰ পবিত্ৰতাক উজ্জ্বল কৰি তুলি ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সাক্ষী হৈ থকা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে পূজনীয় আচাৰ্যৰ অমৰ প্ৰেৰণাৰে ৰঞ্জিত এই অনুষ্ঠানে এক অসাধাৰণ আৰু উত্থানশীল পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

২৮ জুনত নতুন দিল্লীত আচাৰ্য বিদ্যানন্দ জী মহাৰাজৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

June 27th, 05:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ জুনৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আচাৰ্য বিদ্যানন্দ জী মহাৰাজৰ শতবাৰ্ষিকী অনুষ্ঠান উদযাপনৰ শুভাৰম্ভণি কৰিব। এই উপলক্ষে্য আয়োজিত সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণো দিব।

শ্ৰী নাৰায়ণ গুৰু আৰু গান্ধীজীৰ মাজৰ বাৰ্তালাপৰ শতাব্দী সমাৰোহ বৈঠকত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 24th, 11:30 am

আজি এই চৌহদ দেশৰ ইতিহাসত এক অভূতপূৰ্ব পৰিঘটনাৰ স্মৃতিৰ সাক্ষী হৈ পৰিছে। এনে এক ঐতিহাসিক পৰিঘটনা, যিয়ে আমাৰ স্বাধীনতা আন্দোলনক নতুন দিশ দিয়াই নহয়, বৰং স্বাধীনতাৰ উদ্দেশ্য, স্বাধীন ভাৰতৰ সপোনকো সুনিৰ্দিষ্ট অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰৰ আগতে শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ সেই সাক্ষাৎ, আজিও সিমানেই প্ৰেৰণাদায়ক, সিমানেই প্ৰাসংগিক। ১০০ বছৰ আগতে হোৱা সেই সাক্ষাৎ, সামাজিক সম্প্ৰীতিৰ বাবে, উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে, আজিও শক্তিৰ এক বৃহৎ উৎস। এই ঐতিহাসিক অনুষ্ঠানত মই শ্ৰী নাৰায়ণ গুৰুৰ চৰণত প্ৰণাম জনাইছোঁ। মই গান্ধীজীলৈও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।

শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

June 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক আৰু সুনীতিসম্পন্ন নেতা শ্ৰী নাৰায়ণ গুৰু তথা মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আজি এই স্থান দেশৰ ইতিহাসত এক অভূতপূৰ্ব মুহূৰ্তৰ সাক্ষী হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ঐতিহাসিক ঘটনাই স্বাধীনতা আন্দোলনক নতুন দিশ প্ৰদান কৰাৰ লগতে স্বাধীনতাৰ উদ্দেশ্য আৰু স্বাধীন ভাৰতৰ সপোনক দৃঢ় অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰ পূৰ্বৰ শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজত হোৱা বৈঠক আজিও অনুপ্ৰেৰণামূলক আৰু প্ৰাসংগিক হৈ থকাৰ লগতে সামাজিক সম্প্ৰীতি তথা উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে শক্তিৰ এক শক্তিশালী উৎস হিচাপে পৰিগণিত হৈ আহিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই ঐতিহাসিক অনুষ্ঠানত তেওঁ শ্ৰী নাৰায়ণ গুৰুৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।

২৪ জুনত প্ৰধানমন্ত্ৰীয়ে নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ কথোপকথনৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী উদ্বোধন কৰিব

June 23rd, 05:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুনৰ দিনৰ প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুগৰাকী শ্ৰেষ্ঠ আধ্যাত্মিক আৰু নীতিবান ব্যক্তিত্ব নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজৰ ঐতিহাসিক কথোপকথনৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী উদ্বোধন কৰিব। তেখেতে লগতে ইয়াত সমবেতসকলক সম্বোধন কৰিব।

১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 21st, 11:30 am

অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

April 21st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে ২১ এপ্ৰিলত লোকসেৱা দিৱসৰ অনুষ্ঠানত ভাষণ দিব

April 19th, 01:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ সংখ্যক লোকসেৱা দিৱস উপলক্ষে ২১ এপ্ৰিলৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত লোক সেৱকসকলক সম্বোধন কৰিব। লগতে তেওঁ লোক প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী পুৰস্কাৰো প্ৰদান কৰিব।

Navkar Mahamantra is not just a mantra, it is the core of our faith: PM Modi

April 09th, 08:15 am

PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.

PM Modi inaugurates the Navkar Mahamantra Divas

April 09th, 07:47 am

PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.

৯ এপ্ৰিলত নতুন দিল্লীত নৱকাৰ মহামন্ত্ৰ দিৱসত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 07th, 05:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ এপ্ৰিলত, পুৱা প্ৰায় ৮ বজাত, নতুন দিল্লীৰ বিজ্ঞান ভৱনত নৱকাৰ মহামন্ত্ৰ দিৱসত অংশগ্ৰহণ কৰাৰ লগতে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণো প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধনেৰে সমবেতসকলক সম্বোধন কৰে

February 21st, 05:00 pm

আজি দিল্লীত মাৰাঠী ভাষাৰ প্ৰতি উৎসৰ্গিত এই সন্মানীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কেৱল এটা ভাষা বা ৰাজ্যতে সীমাবদ্ধ নহয়। মাৰাঠী সাহিত্যৰ এই সন্মিলনে স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্ম, লগতে মহাৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ সাংস্কৃতিক ঐতিহ্যক বহন কৰে। জ্ঞানেশ্বৰ আৰু টুকাৰামৰ মাৰাঠী ভাষাক আজি ৰাজধানী দিল্লীত সম্পূৰ্ণ অন্তৰেৰে সন্মান জনোৱা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰে

February 21st, 04:30 pm

আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ নতুন দিল্লীত আয়োজিত মাৰাঠী ভাষাৰ বৃহৎ অনুষ্ঠানত সকলো মাৰাঠীক আদৰণি জনায়। অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কোনো ভাষা বা অঞ্চলত সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই সন্মিলনত স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্মৰ লগতে মহাৰাষ্ট্ৰ আৰু দেশৰ সাংস্কৃতিক ঐতিহ্যও সন্নিবিষ্ট কৰা হৈছে। ১৮৭৮ চনৰ পৰা এতিয়ালৈকে অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলনখনে ১৪৭ বছৰীয়া ভাৰতৰ যাত্ৰাৰ সাক্ষী হিচাপে পৰিগণিত হোৱা বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে শ্ৰী মহাদেৱ গোবিন্দ ৰানাদে, শ্ৰী হৰি নাৰায়ণ আপ্তে, শ্ৰী মাধৱ শ্ৰীহৰি আনে, শ্ৰী শিৱৰাম পাৰাঞ্জপে, শ্ৰীযুত বীৰ সাৱৰকৰৰ দৰে বহু দীক্ষিত ব্যক্তিয়ে সন্মিলনৰ সভাপতিত্ব কৰিছিল। এই গৌৰৱময় পৰম্পৰাৰ অংশ হ’বলৈ শ্ৰী শৰদ পাৱাৰে আমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ এই অনুষ্ঠানৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ সকলো মাৰাঠী অনুৰাগীলৈ অভিনন্দন জ্ঞাপন কৰে। আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মাৰাঠী ভাষাৰ কথা ভাবিলে সন্ত জ্ঞানেশ্বৰৰ পদ্যৰ কথা মনত পেলোৱাটো একেবাৰে স্বাভাৱিক। সন্ত জ্ঞানেশ্বৰৰ এটা পদ্য আবৃত্তি কৰি শ্ৰী মোদীয়ে বুজাই দিয়ে যে মাৰাঠী ভাষা অমৃততকৈও মধুৰ আৰু সেয়েহে মাৰাঠী ভাষা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ প্ৰেম আৰু স্নেহ অপৰিসীম। মাৰাঠী পণ্ডিতসকলৰ দৰে পাকৈত নহ’লেও প্ৰধানমন্ত্ৰীয়ে বিনম্ৰতাৰে কয় যে তেওঁ সদায় মাৰাঠী শিকিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনখন উল্লেখযোগ্য সময়ত অনুষ্ঠিত হৈছিল যেতিয়া দেশে ছাত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ ৩৫০ বছৰীয়া জয়ন্তী, পুণ্যশ্ৰক অহিল্যবাই হোলকাৰৰ ৩০০ বছৰীয়া জন্ম জয়ন্তী আৰু বাবাছাহেব আম্বেদকাৰৰ প্ৰচেষ্টাত সৃষ্টি হোৱা আমাৰ সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তীৰ সাক্ষী হৈছে। এশ বছৰ পূৰ্বে এজন বিশিষ্ট মাৰাঠী ব্যক্তিয়ে মহাৰাষ্ট্ৰৰ মাটিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বীজ ৰোপণ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে আজি ই শতবাৰ্ষিকী উদযাপন কৰি এক বিশাল গছত পৰিণত হৈছে। তেওঁ জোৰ দি কয় যে বিগত ১০০ বছৰে আৰ এছ এছে নিজৰ সাংস্কৃতিক প্ৰচেষ্টাৰ জৰিয়তে বেদৰ পৰা বিবেকানন্দলৈকে ভাৰতৰ মহান পৰম্পৰা আৰু সংস্কৃতিক নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ গৈছে। তেওঁ উল্লেখ কৰে যে আন লাখ লাখ লোকৰ সৈতে তেওঁৰ সৌভাগ্য হৈছে যে আৰ এছ এছৰ দ্বাৰা দেশৰ বাবে জীয়াই থাকিবলৈ অনুপ্ৰাণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে এই কথাও স্বীকাৰ কৰে যে আৰ এছ এছৰ জৰিয়তেহে তেওঁ মাৰাঠী ভাষা আৰু পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাইছিল। তেওঁ আলোকপাত কৰে যে কেইমাহমানৰ আগতে মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল, যাৰ বাবে ভাৰত আৰু বিশ্বৰ ১২ কোটিৰো অধিক মাৰাঠী ভাষীয়ে এই স্বীকৃতিৰ বাবে দশক দশক ধৰি অপেক্ষা কৰি আছিল। এই কামটো সম্পন্ন কৰাৰ সুযোগ পোৱাটো তেওঁ জীৱনৰ এক বৃহৎ সৌভাগ্য বুলি গণ্য কৰিছে।“ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয় বৰঞ্চ আমাৰ সংস্কৃতিৰ বাহক”, প্ৰধানমন্ত্ৰীয়ে উচ্চাৰণ কৰে। তেওঁ উল্লেখ কৰে যে ভাষাসমূহ সমাজত জন্ম লোৱাৰ বিপৰীতে ইয়াক গঢ় দিয়াতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ আলোকপাত কৰে যে মাৰাঠীয়ে মহাৰাষ্ট্ৰ আৰু দেশৰ বহু ব্যক্তিৰ চিন্তাধাৰাক প্ৰকাশ কৰিছে, আমাৰ সাংস্কৃতিক বিকাশত অৰিহণা যোগাইছে। মাৰাঠী ভাষাৰ গুৰুত্ব সন্দৰ্ভত সমৰ্থ ৰামদাস জীৰ কথাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, “মাৰাঠী হৈছে এক সম্পূৰ্ণ ভাষা, য’ত শৌৰ্য্য, সৌন্দৰ্য্য, সংবেদনশীলতা, সমতা, সমন্বয়, আধ্যাত্মিকতা, আৰু আধুনিকতা সন্নিবিষ্ট কৰা হৈছে”। তেওঁ উল্লেখ কৰে যে মাৰাঠীত ভক্তি, শক্তি, বুদ্ধি আদি অন্তৰ্ভুক্ত। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে যেতিয়া ভাৰতত আধ্যাত্মিক শক্তিৰ প্ৰয়োজন হৈছিল তেতিয়া মহাৰাষ্ট্ৰৰ মহান সন্তসকলে ঋষিসকলৰ জ্ঞানক মাৰাঠী ভাষাত সুলভ কৰি তুলিছিল। তেওঁ মাৰাঠী ভাষাত ভক্তি আন্দোলনৰ জৰিয়তে সমাজক এক নতুন দিশ দেখুৱাই দিয়া সন্ত জ্ঞানেশ্বৰ, সন্ত টুকাৰম, সন্ত ৰামদাস, সন্ত নামদেৱ, সন্ত টুকদোজী মহাৰাজ, গডজে বাবা, গোৰা কুম্ভৰ, আৰু বাহিনাবাইৰ অৱদানক স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে আধুনিক যুগত শ্ৰী গজানন দিগম্বৰ মাদগুলকাৰ আৰু শ্ৰী সুধীৰ ফাডকেৰ গীত ৰামায়ণৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। যুগ যুগ ধৰি চলি থকা অত্যাচাৰৰ সময়ত মাৰাঠী ভাষা আগ্ৰাসীৰ পৰা মুক্তিৰ ঘোষণাত পৰিণত হোৱা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ছাত্ৰপতি শিৱাজী মহাৰাজ, সম্ভাজী মহাৰাজ, বাজীৰাও পেশ্বৱাৰ দৰে মাৰাঠা যোদ্ধাসকলৰ শত্ৰুপক্ষৰ তীব্ৰ বিৰোধিতা কৰা বীৰত্বৰ কথা উল্লেখ কৰে। তেওঁ লক্ষ্য কৰে যে স্বাধীনতা সংগ্ৰামত বাসুদেৱ বলৱন্ত ফাডকে, লোকমান্য তিলক, বীৰ সাৱৰকাৰৰ দৰে সংগ্ৰামীয়ে ইংৰাজক বিঘ্নিত কৰিছিল। তেওঁলোকৰ অৱদানত মাৰাঠী ভাষা আৰু সাহিত্যৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰি কয় যে কেছাৰী আৰু মাৰাঠাৰ দৰে বাতৰি কাকত, কবি গোবিন্দগ্ৰজৰ শক্তিশালী কবিতা, ৰাম গণেশ গডকাৰীৰ নাটসমূহে জাতীয়তাবাদৰ মনোভাৱক লালন-পালন কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে লোকমান্য তিলক মাৰাঠী ভাষাত গীতা ৰহস্য ৰচনা কৰিছিল, যিয়ে সমগ্ৰ দেশতে নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। “মাৰাঠী ভাষা আৰু সাহিত্যই সমাজৰ নিপীড়িত আৰু বঞ্চিত শ্ৰেণীৰ বাবে সামাজিক মুক্তিৰ দুৱাৰ মুকলি কৰিছে”, শ্ৰী মোদীয়ে আলোকপাত কৰে। তেওঁ জ্যোতিবা ফুলে, সাবিত্ৰীবাই ফুলে, মহৰ্ষি কাৰ্ৱে, ​​বাবাছাহেব আম্বেদকাৰ আদি মহান সমাজ সংস্কাৰকসকলৰ অৱদানৰ কথা উল্লেখ কৰে, যিসকলে মাৰাঠী ভাষাত নতুন যুগৰ চিন্তাধাৰাক লালন-পালন কৰিছিল। তেওঁ উল্লেখ কৰে যে মাৰাঠী ভাষাই দেশখনক চহকী দলিত সাহিত্য প্ৰদান কৰিছে। তেওঁ জোৰ দি কয় যে আধুনিক চিন্তাধাৰাৰ বাবেই মাৰাঠী সাহিত্যই কল্পবিজ্ঞানো উৎপন্ন কৰিছে। আয়ুৰ্বেদ, বিজ্ঞান, আৰু যুক্তিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ ব্যতিক্ৰমী অৱদানক স্বীকাৰ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সংস্কৃতিয়ে সদায় নতুন ধাৰণা আৰু প্ৰতিভাক আমন্ত্ৰণ জনাই আহিছে, যাৰ ফলত মহাৰাষ্ট্ৰৰ অগ্ৰগতি হৈছে। তেওঁ মন্তব্য কৰে যে মুম্বাই কেৱল মহাৰাষ্ট্ৰৰ নহয়, সমগ্ৰ দেশৰ অৰ্থনৈতিক ৰাজধানী হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মুম্বাইৰ কথা কওঁতে ছবিৰ কথা নক’লে সাহিত্যৰ আলোচনা সম্পূৰ্ণ কৰিব নোৱাৰি। তেওঁ আলোকপাত কৰে যে মহাৰাষ্ট্ৰ আৰু মুম্বাইয়েই মাৰাঠী ছবি আৰু হিন্দী চিনেমা দুয়োটাকে উন্নীত কৰিছে। তেওঁ শিৱাজী সাৱন্তৰ মাৰাঠী উপন্যাসৰ জৰিয়তে সম্ভাজী মহাৰাজৰ বীৰত্বৰ পৰিচয় দিয়া ‘ছাৱ’ চিনেমাখনৰ বৰ্তমান জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে।

I consider industry, and also the private sector of India, as a powerful medium to build a Viksit Bharat: PM Modi at CII Conference

July 30th, 03:44 pm

Prime Minister Narendra Modi attended the CII Post-Budget Conference in Delhi, emphasizing the government's commitment to economic reforms and inclusive growth. The PM highlighted various budget provisions aimed at fostering investment, boosting infrastructure, and supporting startups. He underscored the importance of a self-reliant India and the role of industry in achieving this vision, encouraging collaboration between the government and private sector to drive economic progress.

প্ৰধানমন্ত্ৰীয়ে 'বিকশিত ভাৰতৰ দিশে যাত্ৰা: কেন্দ্ৰীয় বাজেটোত্তৰ সন্মিলন ২০২৪-২৫'-শীৰ্ষক ভাৰতীয় উদ্যোগ পৰিষদৰ(চিআইআই)দ্বাৰা আয়োজিত সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে

July 30th, 01:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতীয় উদ্যোগ পৰিষদৰ দ্বাৰা আয়োজিত 'জাৰ্নি টু বিকচিট ভাৰতঃ এ পোষ্ট ইউনিয়ন বাজেট ২০২৪-২৫ সন্মিলন'ৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। সন্মিলনৰ উদ্দেশ্য হৈছে বিকাশৰ বাবে চৰকাৰৰ দৃষ্টিভংগী আৰু উদ্যোগটোৰ ভূমিকাৰ ৰূপৰেখা উপস্থাপন কৰা। উদ্যোগ, চৰকাৰ আৰু কূটনৈতিক সম্প্ৰদায় পৰা ১০০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে ব্যক্তিগতভাৱে সন্মিলনখনত অংশগ্ৰহণ কৰিছিল। আনহাতে বহুতে দেশ-বিদেশৰ বিভিন্ন চিআইআই কেন্দ্ৰৰ পৰাও সংযুক্ত আছিল।

৩০ জুলাইত ‘চিআইআই’-ৰ বাজেট-উত্তৰ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

July 29th, 12:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুলাই, ২০২৪ তাৰিখে দুপৰীয়া ১২ বজাত নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত 'জাৰ্ণী টুৱাৰ্ডছ বিকশিত ভাৰতঃ এ পোষ্ট ইউনিয়ন বাজেট ২০২৪-২৫ কনফাৰেন্স'ৰ উদ্বোধনী অধিৱেশনত ভাষণ দিব।

৩ ফেব্ৰুৱাৰীত চিএলইএ-কমনৱেল্থ এটৰ্ণী আৰু ছলিচিটৰ জেনেৰেলসকলৰ সন্মিলন-২০২৪ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

February 02nd, 11:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ফেব্ৰুৱাৰী, ২০২৪ৰ পুৱা প্ৰায় ১০ বজাত বিজ্ঞান ভৱনত কমনৱেলথ লিগেল এডুকেচন এছ'চিয়েচন (চিএলইএ)-কমনৱেলথ এটৰ্নী আৰু ছলিচিটৰ জেনেৰেল সন্মিলন (চিএএছজিচি) ২০২৪ উদ্বোধন কৰিব।এই উপলক্ষে সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে৷