পেৰিছত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

September 10th, 02:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ঐতিহাসিক আন্তৰ্জাতিক মহাকাশ সন্মিলনত ভাষণ প্ৰদান কৰে। সময়োপযোগী পদক্ষেপ গ্ৰহণ আৰু সন্মিলনলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। এই গুৰুত্বপূৰ্ণ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয়, প্ৰথমখন আন্তৰ্জাতিক মহাকাশ সন্মিলনৰ অংশ ল’বলৈ পাই মই অতিশয় আনন্দিত হৈছো।

ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত আন্তৰ্জাতিক মহাকাশ সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

September 10th, 02:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ঐতিহাসিক আন্তৰ্জাতিক মহাকাশ সন্মিলনত ভাষণ প্ৰদান কৰে। সময়োপযোগী পদক্ষেপ গ্ৰহণ আৰু সন্মিলনলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। এই গুৰুত্বপূৰ্ণ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয়, প্ৰথমখন আন্তৰ্জাতিক মহাকাশ সন্মিলনৰ অংশ ল’বলৈ পাই মই অতিশয় আনন্দিত হৈছো।

প্ৰধানমন্ত্ৰীয়ে ২৭ আগষ্টত খেলো ইণ্ডিয়া ডায়লগত যুৱসমাজক সম্বোধন কৰিব

August 26th, 10:22 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ আগষ্টত দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে খেলো ইণ্ডিয়া ডায়লগ সম্বোধন কৰিব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে যুৱপ্ৰজন্মক ভাৰতৰ ক্ৰীড়া যাত্ৰাৰ সৈতে জড়িত কৰাত সহায় কৰা, তেওঁলোকৰ আকাংক্ষা শ্বেয়াৰ কৰাৰ লগতে এক শক্তিশালী যুৱ-নেতৃত্বাধীন বিকশিতত ভাৰতৰ ধাৰণা আগবঢ়োৱা।

২আগষ্টত ‘বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচা মুক্ত যুৱ’ কাৰ্যসূচী মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

August 01st, 04:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২ আগষ্ট তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচা মুক্ত যুৱ’ অভিযানৰ উদ্বোধন কৰিব। এই পদক্ষেপৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ অনুপ্ৰাণিত কৰা আৰু তেওঁলোকক নিজৰ সম্প্ৰদায়ৰ ইতিবাচক সামাজিক পৰিৱৰ্তনৰ ৰাষ্ট্ৰদূত হ’বলৈ উৎসাহিত কৰা। এই উদ্বোধনৰ জৰিয়তে নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে দেশজোৰা ১০০ সপ্তাহজোৰা জন ভাগীদাৰী অভিযান আৰম্ভ কৰা হ’ব।

২৬ জুলাইত ‘বিকশিত ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম ২০২৬’ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

July 25th, 11:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ জুলাই, ২০২৬ৰ বিয়লি ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে ‘বিকশিত ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম ২০২৬’ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব।

নিয়োগ মেলাৰ অধীনত ২৩ মে’ত প্ৰধানমন্ত্ৰীয়ে বিতৰণ কৰিব চৰকাৰত নৱনিযুক্ত ৫১,০০০তকৈও অধিক যুৱক-যুৱতীক নিযুক্তিপত্ৰ

May 22nd, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পুৱা ১১ বজাত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক নিয়োগ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত ৫১,০০০ৰো অধিক নৱনিযুক্ত যুৱক-যুৱতীক নিযুক্তিপত্ৰ বিতৰণ কৰিব। এই উপলক্ষে তেওঁ সমাবেশকো সম্বোধন কৰিব।

পশ্চিম এছিয়াৰ সংকটৰ উদীয়মান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুতি পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

March 27th, 09:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালসকলৰ সৈতে এখম বৈঠকত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনা আৰু ভাৰতত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰস্তুতিৰ পুনৰীক্ষণ কৰে।

প্ৰধানমন্ত্ৰীয়ে ৯ মাৰ্চত “সবকা সাথ সবকা বিকাশ-জনতাৰ আকাংক্ষা পূৰণ” শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰিব

March 08th, 04:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ মাৰ্চৰ পুৱা ১০:১৫ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “সবকা সাথ সবকা বিকাশ-জনতাৰ আকাংক্ষা পূৰণ” শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰিব।

৬ মাৰ্চত “কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ” শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

March 05th, 06:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মাৰ্চ, ২০২৬ৰ পুৱা ১১:১৫ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ” শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়াব।

৩ মাৰ্চত “অৰ্থনৈতিক বৃদ্ধি বজাই ৰখা আৰু শক্তিশালী কৰা” বিষয়ক পোষ্ট বাজেট ৱেবিনাৰত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

March 02nd, 07:10 pm

প্ৰধানমন্ত্ৰীয়ে ২০২৬ চনৰ ৩ মাৰ্চ তাৰিখে পুৱা ১১:১৫ বজাত “অৰ্থনৈতিক বৃদ্ধি বজাই ৰখা আৰু শক্তিশালী কৰা” শীৰ্ষক বাজেটৰ পিছৰ ৱেবিনাৰত ভাষণ দিব।

২৭ ফেব্ৰুৱাৰীত “বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্ত” বিষয়ক বাজেটৰ পোষ্ট ৱেবিনাৰত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

February 26th, 08:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১১:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্ত” শীৰ্ষক বাজেটৰ প’ষ্ট ৱেবিনাৰত ভাষণ দিব। ৱেবিনাৰত ৰাজহুৱা কেপেক্স, আন্তঃগাঁথনি, বেংকিং খণ্ডৰ সংস্কাৰ, বিত্তীয় খণ্ডৰ স্থাপত্য, মূলধনী বজাৰ গভীৰ কৰা আৰু কৰ সংস্কাৰৰ জৰিয়তে জীৱন-যাপনৰ সহজতাৰ বিষয়ত আলোচনা কৰা হ’ব। এয়া হৈছে কেন্দ্ৰীয় বাজেট ২০২৬–২৭ৰ মূল বিষয়বস্তুৰ আধাৰত আয়োজিত বাজেটৰ পিছৰ ৱেবিনাৰৰ শৃংখলাৰ প্ৰথমখন ৱেবিনাৰ। এই ৱেবিনাৰসমূহৰ লক্ষ্য হৈছে অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু অংশগ্ৰহণকাৰীসকলৰ পৰা গাঁথনিগত মতামত লাভ কৰি বিভিন্ন অংশীদাৰৰ ব্যৱহাৰিক অভিজ্ঞতা তথা অন্তৰ্দৃষ্টিৰ আধাৰত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাসমূহৰ ফলাফলমুখী ৰূপায়ণ শক্তিশালী আৰু নিশ্চিত কৰা।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ইণ্ডিয়া চিপ লিমিটেডৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 21st, 05:30 pm

আজি ভাৰতে বিকাশৰ লক্ষ্যৰে দ্ৰুতগতিত কাম কৰি আছে। আৰু মই লালকিল্লাৰ পৰাও কৈছো যে ভাৰতৰ এতিয়া থমকি ৰ'বলৈ সময় নাই। ২০২৬ চনৰ আৰম্ভণিৰ পৰা ভাৰতে ইয়াৰ গতি আৰু অধিক বৃদ্ধি কৰিছে। ১২ জানুৱাৰীত দেশৰ লাখ লাখ যুৱক-যুৱতীয়ে বিকশিত ভাৰত যুৱ নেতা সন্মিলনত অংশগ্ৰহণ কৰিছিল। ১৬ জানুৱাৰীত আমি ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱক নতুন শক্তি প্ৰদান কৰি ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস পালন কৰিছিলো। তাৰপাছত আহিল বাজেট, যিয়ে বিকশিত ভাৰতক নতুন গতি প্ৰদান কৰিলে আৰু এতিয়া এই সপ্তাহটো ভাৰতৰ বাবে ঐতিহাসিক হিচাপে প্ৰমাণিত হৈছে। বিশ্ব এআই ইম্পেক্ট ছামিটত বিশ্বৰ বহু দেশৰ ৰাষ্ট্ৰপ্ৰধান, প্ৰযুক্তি জগতৰ অগ্ৰণী ব্যক্তি দিল্লীত সমবেত হৈছে। এই সন্মিলনত বিশ্বই ভাৰতৰ এআইৰ সম্ভাৱনীয়তা দেখিছে, আমাৰ দৃষ্টিভংগী বুজি পাইছে আৰু প্ৰশংসা কৰিছে।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 21st, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব এআই ইম্পেক্ট ছামিটৰ পিছত এই অনুষ্ঠানটো ভাৰতৰ অৰ্ধপৰিবাহী ক্ষেত্ৰৰ এক বিশ্ব কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ যাত্ৰাত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

January 27th, 10:15 am

শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ অহা আপোনালোক সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে

January 27th, 10:08 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত সমবেতসকলক সম্বোধন কৰে। ইয়াত শ্ৰী মোদীয়ে কয় যে শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। তেওঁ তেওঁলোক এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ আহিছে বুলি উল্লেখেৰে সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনায়।

২৪ জানুৱাৰীত ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীসকলৰ মাজত ৬১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 23rd, 05:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ জানুৱাৰী, ২০২৬ তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নতুনকৈ নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীসকলৰ মাজত ৬১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই উপলক্ষ্যে আয়োজিত সভাতো ভাষণ আগবঢ়াব। নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। এতিয়ালৈকে দেশজুৰি আয়োজিত ৰোজগাৰ মেলাৰ জৰিয়তে ১১ লাখৰো অধিক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ১৮ সংখ্যক ৰোজগাৰ মেলা সমগ্ৰ দেশৰ ৪৫টা স্থানত আয়োজন কৰা হৈছে। ভাৰতৰ সকলো প্ৰান্তৰ পৰা নতুনকৈ নিযুক্তি লাভৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে গৃহ পৰিক্ৰমা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, উচ্চ শিক্ষা বিভাগকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় তথা বিভাগত যোগদান কৰিব।

৪ জানুৱাৰীত বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

January 03rd, 02:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৪ জানুৱাৰী, ২০২৬ তাৰিখে দিনৰ ১২ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব। বাৰাণসীৰ ড০ সম্পূৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়ামত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান।

Today, Sansad Khel Mahotsav has truly become a people’s movement: PM Modi

December 25th, 05:30 pm

PM Modi addressed the Sansad Khel Mahotsav via video conferencing and interacted with young athletes from across the country. Calling the initiative a people’s movement, he said the scale of participation reflects the growing sporting culture in India.

Our country is full of talent in every village and town: PM Modi

December 25th, 11:10 am

PM Modi interacted with young sportspersons from across the country during the Sansad Khel Mahotsav, listening to their journeys, aspirations and experiences. Encouraging them to balance sports with education, he lauded their discipline, dedication and confidence. The PM reaffirmed the government’s commitment to nurturing grassroots sporting talent and building a strong sporting ecosystem in India.

PM Modi addressed the Sansad Khel Mahotsav via video conferencing

December 25th, 11:09 am

PM Modi addressed the Sansad Khel Mahotsav via video conferencing and interacted with young athletes from across the country. Calling the initiative a people’s movement, he said the scale of participation reflects the growing sporting culture in India.