Today, BJP stands for good governance and last-mile delivery: PM Modi

April 06th, 12:30 pm

PM Modi addressed BJP Karyakartas on the party’s Sthapana Diwas, paying tribute to generations of workers and their dedication, sacrifice and unwavering commitment. He reminisced about the early years when the BJP had neither power nor resources, and karyakartas travelled tirelessly to connect with people. He reiterated their belief in a brighter future for Bharat, which kept them going despite challenges like the Emergency, political isolation and violence.

PM Modi addresses Party Karyakartas on BJP Sthapana Diwas

April 06th, 12:00 pm

PM Modi addressed BJP Karyakartas on the party’s Sthapana Diwas, paying tribute to generations of workers and their dedication, sacrifice and unwavering commitment. He reminisced about the early years when the BJP had neither power nor resources, and karyakartas travelled tirelessly to connect with people. He reiterated their belief in a brighter future for Bharat, which kept them going despite challenges like the Emergency, political isolation and violence.

অসমৰ শিলচৰত বিভিন্ন উন্নয়নমূলক কাম উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

March 14th, 11:10 am

সংস্কৃতি, সাহস আৰু সজীৱতাৰে ভৰা ঠাই বৰাক উপত্যকাৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোৰে মাজত থকাটো এক অতি বিশেষ অভিজ্ঞতা। শিলচৰক বৰাক উপত্যকাৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায়। এইখন এনে এখন ঠাই, য’ত ইতিহাস, ভাষা, সংস্কৃতি, উদ্যোগ একত্ৰিত হৈ এক অনন্য পৰিচয়ৰ সৃষ্টি হৈছে। ইয়াত বাংলা ভাষা কোৱা হয়, অসমীয়া প্ৰতিধ্বনি শুনা যায়, আন আন জনজাতীয় পৰম্পৰাও প্ৰস্ফুটিত হয়। এই বৈচিত্ৰ্যক আপোনালোকৰ শক্তি হিচাপে লৈ সকলোৱে এই সমগ্ৰ অঞ্চলটোক ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰে বিকশিত কৰিছে। এয়াই বৰাক উপত্যকাৰ অপৰিসীম শক্তি।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শিলচৰত ২৩,৫৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

March 14th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংস্কৃতি আৰু সজীৱতাৰ বাবে পৰিচিত বৰাক উপত্যকা ভ্ৰমণ কৰাটো তেওঁৰ বাবে সদায় এক অতি বিশেষ অভিজ্ঞতা হৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিলচৰ হৈছে এই উপত্যকাৰ দুৱাৰমুখ, য’ত ইতিহাস আৰু ভাষা একত্ৰিত হৈ এক অনন্য আঞ্চলিক পৰিচয় সৃষ্টি কৰে। শ্ৰী মোদীয়ে কয় যে এই অঞ্চলৰ শক্তি নিহিত হৈ আছে ইয়াৰ বৈচিত্ৰ্যত, য’ত বাঙালী, অসমীয়া, জনজাতীয় পৰম্পৰা একেলগে সমন্বয়ৰ মাজেৰে বিকশিত হয়। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে, বৰাক উপত্যকাৰ বৈচিত্ৰ্যই ইয়াৰ সৰ্ববৃহৎ সম্পদ, ইয়েই ইয়াৰ নাগৰিকসকলৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিছে।

ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

November 09th, 01:00 pm

৯ নৱেম্বৰৰ এই দিনটো হৈছে দীঘলীয়া তপস্যাৰ ফল। আজি আমাৰ সকলোৰে বাবে এক গৌৰৱৰ দিন। উত্তৰাখণ্ডৰ ধৰ্মীয় লোকসকলে বছৰ বছৰ ধৰি দেখা সপোন অটলজীৰ চৰকাৰৰ অধীনত ২৫ বছৰ পূৰ্বে পূৰণ হৈছিল আৰু এতিয়া যোৱা ২৫ বছৰৰ যাত্ৰাৰ পাছত, এই সুন্দৰ ৰাজ্যখন নিৰ্মাণৰ বাবে সংগ্ৰাম কৰা প্ৰতিজন ব্যক্তিয়েই আজি উত্তৰাখণ্ড যি উচ্চতাত আছে সেয়া দেখি সুখী হোৱাটো স্বাভাৱিক। যিসকলে পৰ্বতমালাক ভাল পায়, যিসকলে উত্তৰাখণ্ডৰ সংস্কৃতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, দেৱভূমিৰ লোকসকলক ভাল পায়, তেওঁলোকৰ মন আজি সুখী।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে

November 09th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৮১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে দেৱভূমি উত্তৰাখণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোকে তেওঁৰ আন্তৰিক অভিবাদন, সন্মান আৰু সেৱা প্ৰদান কৰে।

অৰুণাচল প্ৰদেশৰ ইটানগৰত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 22nd, 11:36 am

অৰুণাচল প্ৰদেশৰ মাননীয় ৰাজ্যপাল শ্ৰী কে. টি. পাৰ্নাইক ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় আৰু সক্ৰিয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ কিৰেণ ৰিজিজু, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, মোৰ সতীৰ্থ সাংসদ নবাম ৰেবিয়া ডাঙৰীয়া আৰু তাপিৰ গাও ডাঙৰীয়া, সকলো বিধায়ক, আন-আন জনপ্ৰতিনিধিসকল তথা অৰুণাচল প্ৰদেশৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল,

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন তথা আধাৰশিলা স্থাপন

September 22nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ সৰ্বশক্তিমান দঃঞি প’লোক শ্ৰদ্ধা জনাই সকলোৰে বাবে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।

জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য

August 30th, 08:00 am

আজি আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো। আপোনালোক সকলোৱে জাপানৰ বৈচিত্ৰ্য আৰু শক্তিৰ এক জীৱন্ত উদাহৰণ।

বিহাৰৰ মোতিহাৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

July 18th, 11:50 am

বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান জী, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী জীতন ৰাম মাঝি জী, গিৰিৰাজ সিং জী, ললন সিং জী, চিৰাগ পাছোৱান জী, ৰামনাথ ঠাকুৰ জী, নিত্যানন্দ ৰায় জী, সতীশ চন্দ্ৰ ডুবে জী, ৰাজভূষণ চৌধুৰী জী, বিহাৰৰ উপ- মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় সিনহা জী, সংসদত মোৰ সহকৰ্মীসকল, বিহাৰৰ জ্যেষ্ঠ নেতা উপেন্দ্ৰ কুশৱাহা জী, বিহাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ জয়ছোৱাল জী, উপস্থিত মন্ত্ৰীসকল, জন প্ৰতিনিধি আৰু বিহাৰৰ মোৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে

July 18th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। পবিত্ৰ শাওন মাহত বাবা সোমেশ্বৰনাথৰ ওচৰত সেৱা জনাই প্ৰধানমন্ত্ৰীয়ে আশীৰ্বাদ বিচাৰে আৰু বিহাৰৰ জনসাধাৰণৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ কামনা কৰে। সমাৱেশত ভাষণ দি শ্ৰী মোদীয়ে কয় যে এইখন হৈছে চম্পাৰণৰ ভূমি, যিয়ে ইতিহাস গঢ় দিছে। স্বাধীনতা আন্দোলনৰ সময়ত এই ভূমিয়ে মহাত্মা গান্ধীক এক নতুন দিশ প্ৰদান কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ভূমিৰ পৰা পোৱা অনুপ্ৰেৰণাই এতিয়া বিহাৰৰ নতুন ভৱিষ্যতক গঢ় দিব। এই উন্নয়নমূলক পদক্ষেপৰ বাবে তেওঁ উপস্থিত সকলোকে আৰু বিহাৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

ত্ৰিনিদাদ আৰু টোবাগোৰ ভাৰতীয় সমাজক প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

July 04th, 05:56 am

আজি সন্ধিয়াটো আপোনালোক সকলোৰে সৈতে কটাবলৈ পোৱাটো মোৰ বাবে অসীম গৌৰৱ আৰু আনন্দৰ কথা। প্ৰধানমন্ত্ৰী কমলা ডাঙৰীয়াণীক তেওঁৰ উষ্ম আতিথ্য আৰু সৌহাৰ্দ্যপূৰ্ণ কথা-বতৰাৰ বাবে ধন্যবাদ জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোত সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে

July 04th, 04:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোত প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই অনুষ্ঠানত ত্ৰিনিদাদ আৰু টোবাগো গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম কমলা প্ৰসাদ-বিছেছৰ, তেওঁৰ কেবিনেটৰ সদস্যসকল, সংসদৰ সদস্য আৰু আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াত প্ৰধানমন্ত্ৰীগৰাকীক প্ৰবাসীসকলে ব্যতিক্ৰমীভাৱে আদৰণি জনোৱাৰ লগতে ভাৰত-ত্ৰিনিদাদৰ বৰ্ণিল পৰম্পৰা প্ৰদৰ্শন কৰে।

The inauguration of mega infrastructure projects today marks a turning point in Jammu and Kashmir's development journey: PM Modi in Katra

June 06th, 12:50 pm

PM Modi launched multiple development projects worth over Rs. 46,000 crore in Jammu and Kashmir. He inaugurated the Chenab and Anji rail bridges and flagged off Vande Bharat Trains. Emphasizing that both the bridges will serve as catalysts for prosperity in J&K, the PM said, “these landmark projects will boost tourism and also benefit various sectors of the economy, creating opportunities for businesses and industries”.

জম্মু-কাশ্মীৰত ৪৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

June 06th, 12:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ কাটৰাত ৪৬,০০০কোটি টকাতকৈও অধিক ব্যয়ৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সাহসী বীৰ জোৰাৱাৰ সিঙৰ ভূমিক অভিবাদন জনাই তেওঁ মন্তব্য কৰে যে আজিৰ অনুষ্ঠানটো ভাৰতৰ একতা আৰু সংকল্পৰ এক বিশাল উদযাপন। শ্ৰী মোদীয়ে কয় যে মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদত কাশ্মীৰ উপত্যকা এতিয়া ভাৰতৰ বিশাল ৰে’ল নেটৱৰ্কৰ সৈতে সংযুক্ত হৈছে। উধামপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল লাইন প্ৰকল্প কেৱল এটা নাম নহয়, জম্মু-কাশ্মীৰৰ নতুন শক্তিৰ প্ৰতীক আৰু ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ প্ৰমাণ বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আমি সদায়ে মা ভাৰতীক 'কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ'বুলি গভীৰ শ্ৰদ্ধাৰে উল্লেখ কৰি আহিছোঁআজি আমাৰ ৰে’ল নেটৱৰ্কতো ই বাস্তৱত পৰিণত হৈছে।

কেবিনেটে ২০২৪-২৫ৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈ ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰম-II (VVP-II)ত অনুমোদন জনায়

April 04th, 03:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি কেন্দ্ৰীয় খণ্ডৰ আঁচনি (১০০% কেন্দ্ৰীয় পুঁজি) হিচাপে ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰম-II (VVP-II)ত অনুমোদন জনায়। এই অনুমোদনে ‘নিৰাপদ, সুৰক্ষিত আৰু স্পন্দনশীল স্থল সীমান্ত’ৰ ক্ষেত্ৰত বিকশিত ভাৰত@২০৪৭-ৰ দৃষ্টিভংগীৰ বাবে এই কাৰ্য্যসূচীৰ দায়বদ্ধতাৰ বৰ্ধন ঘটায়। এই কাৰ্য্যসূচীয়ে ইতিমধ্যে ভিভিপি-I ৰ অধীনত সামৰি লোৱা উত্তৰ সীমান্তৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় স্থল সীমান্তৰ (ILB) সংলগ্ন ব্লকসমূহত অৱস্থিত গাঁওসমূহৰ ব্যাপক উন্নয়নত সহায় কৰিব।

ইটি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

February 15th, 08:30 pm

যোৱাবাৰ যেতিয়া মই ইটি নাও সন্মিলনত অংশ লৈছিলো তেতিয়া নিৰ্বাচনৰ সময় ওচৰ চাপিছিল। সেই সময়ত মই বিনম্ৰভাৱে কৈছিলোঁ যে আমাৰ তৃতীয় কাৰ্যকালত ভাৰতে নতুন গতিৰে কাম কৰিব। মই সন্তুষ্ট যে এই গতি আজি দেখা গৈছে আৰু দেশেও ইয়াক সমৰ্থন কৰিছে। নতুন চৰকাৰ গঠনৰ পিছত দেশৰ বহু ৰাজ্যত ৰাইজৰ আশীৰ্বাদ ধাৰাবাহিকভাৱে লাভ কৰি আছে বিজেপি-এনডিএ!জুন মাহত ওড়িশাৰ জনসাধাৰণে উন্নত ভাৰতৰ সংকল্পক গতি প্ৰদান কৰিছিল, তাৰ পিছত হাৰিয়ানাৰ জনসাধাৰণে সমৰ্থন কৰে আৰু এতিয়া দিল্লীৰ জনসাধাৰণে আমাক সম্পূৰ্ণ সমৰ্থন দিছে। আজি দেশৰ জনসাধাৰণে যে কান্ধত কান্ধ মিলাই উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়িছে, তাৰ প্ৰমাণ পোৱা গৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ ত ভাষণ প্ৰদান কৰে

February 15th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ত উপস্থিত সকলক সম্বোধন কৰি স্মৰণ কৰে যে ‘ইটি নাও সন্মিলন’ৰ অন্তিম সংস্কৰণত তেওঁ বিনয়ৰে কৈছিল যে তেওঁলোকৰ তৃতীয়টো কাৰ্যকালত ভাৰতে এক নতুন গতিত কাম কৰিব। তেওঁ সন্তুষ্টি ব্যক্ত কৰে যে এই গতি এতিয়া স্পষ্ট হৈ উঠিছে আৰু দেশৰ পৰা সমৰ্থন লাভ কৰিছে। তেওঁ উৰিষ্যা, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু নতুন দিল্লীৰ জনসাধাৰণক ‘বিকশিত ভাৰত’ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি অপৰিসীম সমৰ্থন দেখুওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ইয়াক এক উন্নত ভাৰতৰ লক্ষ্যৰ দিশত দেশৰ নাগৰিকসকলে কেনেদৰে কান্ধত কান্ধ মিলাই আগবাঢ়িছে তাৰ স্বীকৃতি বুলিয়ে স্বীকাৰ কৰে।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ

February 06th, 04:21 pm

মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ

February 06th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।