গুজৰাটৰ গান্ধীনগৰত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয় উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 31st, 10:25 am
আচাৰ্য ভগৱন্তশ্ৰী পদ্মসাগৰ সুৰীশ্বৰ মহাৰাজ চাহেব, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মুখ্যমন্ত্ৰী শ্ৰী ভুপেন্দ্ৰ ভাই, উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘৱী জী, পৰম পূজ্য আচাৰ্য ভগৱন্ত, পূজ্য সাধু ভগৱন্ত, সাধুজী ভগৱন্তৰ লগতে এই পবিত্ৰ সভাত উপস্থিত সকলো আচাৰ্যগণ আৰু মুনি ভগৱন্ত, মাননীয় দানবীৰ, পণ্ডিত, পুৰুষ-মহিলাসকল!মহাবীৰ জয়ন্তী উপলক্ষে গান্ধীনগৰৰ কোবা তীৰ্থত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয় উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 31st, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ কোবা তীৰ্থত ভগৱান মহাবীৰ জয়ন্তীৰ শুভক্ষণত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয়, জৈন ঐতিহ্য সংগ্ৰহালয় উদ্বোধন কৰে। শ্ৰী মোদীয়ে কয়, কোবা তীৰ্থ আধ্যাত্মিক শান্তিৰে পৰিপূৰ্ণ, বহু জৈন মুনি আৰু সাধুসকলৰ তপস্যাৰ প্ৰকাশ আৰু সৃষ্টি আৰু সেৱাৰ প্ৰাকৃতিক বিকাশৰ স্থান।বেদৰ কালজয়ী জ্ঞানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
February 12th, 08:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেদৰ কালজয়ী জ্ঞানৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃকমনৱেলথ দেশসমূহৰ লোকসভাৰ অধ্যক্ষ আৰু প্ৰিজাইডিং অফিচাৰসকলৰ ২৮সংখ্যক সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 15th, 11:00 am
সংসদীয় গণতন্ত্ৰত আপোনাৰ ভূমিকা অধ্যক্ষৰ। আমোদজনক কথাটো হ’ল অধ্যক্ষই বিশেষ কথা ক’বলৈ নাপায়। তেওঁৰ কাম হ’ল আনৰ কথা শুনা আৰু সকলোৱে সুযোগ পোৱাটো নিশ্চিত কৰা। অধ্যক্ষৰ এটা সাধাৰণ কথা হ’ল তেওঁৰ ধৈৰ্য্য। আনকি কোলাহলপূৰ্ণ আৰু অতি উৎসাহী সদস্যকো তেওঁলোকে হাঁহি এটা মাৰি চম্ভালে।সংবিধান সদনৰ কেন্দ্ৰীয় হলত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 15th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংসদ ভৱন চৌহদৰ সংবিধান সদনৰ কেন্দ্ৰীয় হলত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন (চিএছপিঅ’চি) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে সংসদীয় গণতন্ত্ৰত অধ্যক্ষৰ ভূমিকা অনন্য। তেওঁ উল্লেখ কৰে যে অধ্যক্ষই বেছি কথা ক’ব নোৱাৰে, কিন্তু তেওঁলোকৰ দায়িত্ব হ’ল আনৰ কথা শুনা আৰু সকলোৱে যাতে নিজৰ মত প্ৰকাশ কৰাৰ সুযোগ পায় সেয়া নিশ্চিত কৰা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ধৈৰ্য্য হৈছে অধ্যক্ষসকলৰ অন্যতম বৈশিষ্ট্য, যিসকলে আনকি কোলাহল আৰু অতি-উৎসাহী সদস্যসকলক হাঁহিৰে পৰিচালনা কৰে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 31st, 06:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। তেওঁ কয় যে যেতিয়াই তেওঁ এনে সমাৱেশৰ মাজলৈ আহে, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰে। এই অনুভূতিৰ কাৰণ তেওঁ স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। উপস্থিত সকলো চিন্তকৰ সৈতে তেওঁৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোনৰ কথা উল্লেখেৰে কয় যে তেওঁলোকে তেওঁক বাৰে-বাৰে তেওঁলোকৰ মাজত থকাৰ সুযোগ দিছে। তেওঁ উল্লেখ কৰে যে যেতিয়াই তেওঁলোকক লগ পায় আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰে, তেতিয়াই তেওঁৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।‘বন্দে মাতৰম’ৰ ভাৱনা ভাৰতৰ অমৰ চেতনাৰে বিজড়িত হৈ আছে: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী
October 26th, 11:30 am
চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ অক্টোবৰত ১৫০ সংখ্যক জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছঠপূজা উৎসৱ, পৰিৱেশ সুৰক্ষা, ভাৰতীয় জাতৰ কুকুৰ, ভাৰতীয় কফি, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু সংস্কৃত ভাষাৰ গুৰুত্ব আদি আমোদজনক বিষয় সন্দৰ্ভতো আলোকপাত কৰে। ‘বন্দে মাতৰম’ গীতৰ ১৫০ সংখ্যক বৰ্ষৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে।নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
September 12th, 04:54 pm
বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে
September 12th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।শ্ৰী নাৰায়ণ গুৰু আৰু গান্ধীজীৰ মাজৰ বাৰ্তালাপৰ শতাব্দী সমাৰোহ বৈঠকত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 24th, 11:30 am
আজি এই চৌহদ দেশৰ ইতিহাসত এক অভূতপূৰ্ব পৰিঘটনাৰ স্মৃতিৰ সাক্ষী হৈ পৰিছে। এনে এক ঐতিহাসিক পৰিঘটনা, যিয়ে আমাৰ স্বাধীনতা আন্দোলনক নতুন দিশ দিয়াই নহয়, বৰং স্বাধীনতাৰ উদ্দেশ্য, স্বাধীন ভাৰতৰ সপোনকো সুনিৰ্দিষ্ট অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰৰ আগতে শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ সেই সাক্ষাৎ, আজিও সিমানেই প্ৰেৰণাদায়ক, সিমানেই প্ৰাসংগিক। ১০০ বছৰ আগতে হোৱা সেই সাক্ষাৎ, সামাজিক সম্প্ৰীতিৰ বাবে, উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে, আজিও শক্তিৰ এক বৃহৎ উৎস। এই ঐতিহাসিক অনুষ্ঠানত মই শ্ৰী নাৰায়ণ গুৰুৰ চৰণত প্ৰণাম জনাইছোঁ। মই গান্ধীজীলৈও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
June 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক আৰু সুনীতিসম্পন্ন নেতা শ্ৰী নাৰায়ণ গুৰু তথা মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আজি এই স্থান দেশৰ ইতিহাসত এক অভূতপূৰ্ব মুহূৰ্তৰ সাক্ষী হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ঐতিহাসিক ঘটনাই স্বাধীনতা আন্দোলনক নতুন দিশ প্ৰদান কৰাৰ লগতে স্বাধীনতাৰ উদ্দেশ্য আৰু স্বাধীন ভাৰতৰ সপোনক দৃঢ় অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰ পূৰ্বৰ শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজত হোৱা বৈঠক আজিও অনুপ্ৰেৰণামূলক আৰু প্ৰাসংগিক হৈ থকাৰ লগতে সামাজিক সম্প্ৰীতি তথা উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে শক্তিৰ এক শক্তিশালী উৎস হিচাপে পৰিগণিত হৈ আহিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই ঐতিহাসিক অনুষ্ঠানত তেওঁ শ্ৰী নাৰায়ণ গুৰুৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।We have begun a new journey of Amrit Kaal with firm resolve of Viksit Bharat: PM Modi
December 09th, 01:30 pm
PM Modi addressed the event at Ramakrishna Math in Gujarat via video conferencing. Remarking that the the potential of a fruit from a tree is identified by its seed, the Prime Minister said Ramakrishna Math was such a tree, whose seed contains the infinite energy of a great ascetic like Swami Vivekananda. He added that this was the reason behind its continuous expansion and the impact it has on humanity was infinite and limitless.গুজৰাটত ৰামকৃষ্ণ মঠে আয়োজন কৰা কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
December 09th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰামকৃষ্ণ মঠত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক অনুষ্ঠানত ভাষণ দিয়ে। ভাষণত শ্ৰীযুত মোদীয়ে ভাৰত আৰু বিদেশৰ পৰা অহা ৰামকৃষ্ণ মঠ আৰু মিছনৰ শ্ৰদ্ধাৰ সন্ত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেল আৰু অন্যান্য বিশিষ্ট অতিথিসকলক সন্মানীয় শ্ৰীমৎ স্বামী গৌতমানন্দ জী মহাৰাজক শুভেচ্ছা জ্ঞাপন কৰে। লগতে দেৱী শাৰদা, গুৰুদেৱ ৰামকৃষ্ণ পৰমহন, স্বামী বিবেকানন্দক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰিও তেওঁ শ্ৰীমত স্বামী প্ৰেমানন্দ মহাৰাজৰ জন্ম জয়ন্তী উদযাপনৰ বাবে আয়োজন কৰা এই অনুষ্ঠানৰ ওপৰত আলোকপাত কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়।প্ৰথম আন্তঃৰাষ্ট্ৰীয় সৌৰ মহোৎসৱৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তাৰ অসমীয়া অনুবাদ
September 05th, 11:00 am
আপোনালোক সকলোকে মোৰ উষ্ম শুভেচ্ছা জনাইছো। প্ৰথম আন্তঃৰাষ্ট্ৰীয় সৌৰ মহোৎসৱলৈ আপোনালোক সকলোকে স্বাগতম জনাবলৈ পাই মই আনন্দিত অনুভৱ কৰিছোঁ। এই সুন্দৰ পদক্ষেপৰ বাবে মই আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীক অভিনন্দন জনাইছো।