গুজৰাটৰ ভাব-থাৰাদত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 31st, 05:00 pm
মাত্ৰ কেইদিনমান পূৰ্বে পবিত্ৰ নৱৰাত্ৰি উৎসৱ সমাপ্ত হৈছে। এইটো মা অম্বাজীৰ অনুগ্ৰহ যে মই আজি তেওঁৰ চৰণলৈ অহাৰ সৌভাগ্য লাভ কৰিলো। আজি তেওঁৰ অনুগ্ৰহৰ দ্বাৰা মই আপোনালোক সকলোকে মোৰ নিজৰ পৰিয়ালৰ সদস্যসকলক দেখাৰ সুবিধা পাইছো। মই মা অম্বাজীৰ চৰণত প্ৰণিপাত জনাইছো। ভগৱান শ্ৰী ধৰণীধৰজী, ‘মুখড়া কৃষ্ণ’ৰ ওচৰতো আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এইটোও এক আনন্দদায়ক কাকতালীয় ঘটনা যে আজি আমি ভগৱান মহাবীৰ জয়ন্তীও উদযাপন কৰিছো। আমাৰ এই অঞ্চলটো বহু জৈন তীৰ্থযাত্ৰাৰ ভূমি। মই ভগৱান মহাবীৰৰ প্ৰতি প্ৰণাম জনাইছো আৰু লগতে পবিত্ৰ মহাবীৰ জন্ম কল্যাণক দিৱস, মহাবীৰ জয়ন্তীত আপোনালোক সকলোকে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ ভাৱ-থাৰাদত ২০,০০০কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
March 31st, 04:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বানাচকাণ্ঠা জিলাৰ ভাৱ-থাৰাদত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে, য’ত তেওঁ উত্তৰ গুজৰাটৰ বাবে প্ৰায় ২০,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পবিত্ৰ নৱৰাত্ৰি উৎসৱ অলপতে সমাপ্ত হয় আৰু সেই দিনটোত ভগৱান মহাবীৰ জয়ন্তীও আছিল, প্ৰধানমন্ত্ৰীয়ে মা আম্বাজী আৰু ভগৱান শ্ৰী ধৰণীধৰজীলৈ শ্ৰদ্ধা নিবেদন কৰে।৩১ মাৰ্চত প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণ
March 30th, 11:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ৩১ মাৰ্চত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয় উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব। প্ৰায় ১বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ সানন্দত কেইন্স ছেমিকন প্ৰকল্প উদ্বোধন কৰিব আৰু লগতে এখন ৰাজহুৱা সমাৱেশকো সম্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ভাভ-থাৰাডলৈ যাত্ৰা কৰিব য’ত সন্ধিয়া প্ৰায় ৪বজাত তেওঁ ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।