Today, India is placing strong emphasis on multi-modal connectivity and green mobility: PM Modi in Singur, West Bengal

January 18th, 03:30 pm

During the launch of multiple development projects at Singur, West Bengal, PM Modi said the past 24 hours have been unprecedented for the state’s rail connectivity. Launching projects linked to ports and river waterways, he said West Bengal has the potential to emerge as a major hub for manufacturing, trade and logistics, with ports, waterways, highways and airports being interconnected for seamless transport.

PM Modi launches various development projects worth around ₹830 crore in Singur, West Bengal

January 18th, 03:00 pm

During the launch of multiple development projects at Singur, West Bengal, PM Modi said the past 24 hours have been unprecedented for the state’s rail connectivity. Launching projects linked to ports and river waterways, he said West Bengal has the potential to emerge as a major hub for manufacturing, trade and logistics, with ports, waterways, highways and airports being interconnected for seamless transport.

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 04th, 01:00 pm

উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক জী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল— ভাই ৰবীন্দ্ৰ জয়ছোৱাল জী, দয়াশংকৰ জী, গিৰীশ যাদৱ জী, বাৰাণসীৰ মেয়ৰ ভাই অশোক তিৱাৰী জী, আন-আন জনপ্ৰতিনিধি সকল, ভলীবল সন্থাৰ সকলো বিষয় ববীয়া, দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈ আৰু কাশীৰ মোৰ পৰিয়ালৰ সদস্য সকল— নমস্কাৰ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে

January 04th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে বাৰাণসীৰ সাংসদ হিচাপে সকলো খেলুৱৈক আদৰণি আৰু অভিনন্দন জনাই তেওঁ সন্তোষ পাইছে। তেওঁ কয় যে আজিৰে পৰা বাৰাণসীত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকল অসীম কষ্টৰ অন্তত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উপনীত হৈছে আৰু অনাগত দিনত বাৰাণসীৰ খেলপথাৰত তেওঁলোকৰ প্ৰচেষ্টাৰ পৰীক্ষা হ’ব। তেওঁ উল্লেখ কৰে যে দেশৰ ২৮ খন ৰাজ্যৰ টীমসমূহ ইয়াত সমবেত হৈছে। এইদৰে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

৪ জানুৱাৰীত বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

January 03rd, 02:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৪ জানুৱাৰী, ২০২৬ তাৰিখে দিনৰ ১২ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব। বাৰাণসীৰ ড০ সম্পূৰ্ণানন্দ ক্ৰীড়া ষ্টেডিয়ামত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান।

এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী

December 28th, 11:30 am

‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।

হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 06th, 08:14 pm

হিন্দুস্তান টাইমছ সন্মিলনত ভাৰত আৰু বিদেশৰ ভালে কেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিছে। মই আয়োজকবৃন্দ আৰু মতামত আগবঢ়োৱা সকলো সতীৰ্থকে অভিনন্দন জনাইছো। শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, এয়া মই শুনিলো। প্ৰথমে তেওঁ কৈছে যে যোৱাবাৰ মোদী জীয়ে ভ্ৰমণ কৰোতে তেওঁ এই পৰামৰ্শ প্ৰদান কৰিছিল। এই দেশৰ কোনেও মিডিয়া হাউচক নিজৰ কাম কৰিবলৈ ক’বলৈ সাহস নকৰে। কিন্তু মই কৈছিলো আৰু মই সুখী যে শোভানা জী আৰু তেওঁৰ টীমটোৱে এই কামটো অতিশয় উৎসাহেৰে কৰিলে। আৰু মই ক্ষন্তেক পূৰ্বে প্ৰদৰ্শনীখন চালো, সেয়ে মই সকলোকে প্ৰদৰ্শনীখন চাবলৈ আহ্বান জনাইছো। এই ফটোগ্ৰাফাৰ বন্ধুসকলে এই মুহূৰ্তটোক এনেদৰে বন্দী কৰিছে যে মুহূৰ্ততো স্মৰণীয় হৈ উঠিছে। দ্বিতীয়তে তেওঁ কৈছিল আৰু মই মাত্ৰ কথাটো বুজিবলৈ চেষ্টা কৰিছো, তেওঁ ক'ব পাৰিলেহেঁতেন, আপুনি দেশৰ সেৱা কৰি যাওক। কিন্তু ইয়াৰ পৰিৱৰ্তে হিন্দুস্তান টাইমছে কৈছিল, আপুনি দেশৰ সেৱা কৰি যাওক। ইয়াৰ বাবেও মই মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে

December 06th, 08:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে। ইয়াত ভাষণ প্ৰদানেৰে তেওঁ এই সন্মিলনত ভাৰত আৰু বিদেশৰ ভালেসংখ্য বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে আয়োজক আৰু চিন্তাধাৰা ব্যক্ত কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, যি কথা তেওঁ মনোযোগেৰে শুনিছে। প্ৰথমটো আছিল তেওঁৰ পূৰ্বৰ ভ্ৰমণ সম্পৰ্কীয়। তেওঁ এটা পৰামৰ্শ প্ৰদান কৰিছিল। মিডিয়া হাউছৰ ক্ষেত্ৰত এয়া বিৰল যদিও তেওঁ পৰামৰ্শ দিছিল। শোভানা জী আৰু টীমটোৱে উৎসাহেৰে সম্পন্ন কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰদৰ্শনীখন দৰ্শনৰ সময়ত তেওঁ প্ৰত্য়ক্ষ কৰিছিল যে ফটোগ্ৰাফাৰসকলে এনেদৰে মুহূৰ্তসমূহ বন্দী কৰিছিল যে সেই মুহূৰ্তসমূহ স্মৰণীয় হৈ পৰিছিল আৰু তেওঁ সকলোকে এয়া চাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে শোভানা জীৰ দ্বিতীয়টো কথা সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কেৱল তেৱেঁই নহয়, বৰঞ্চ হিন্দুস্তান টাইমছেও একেদৰেই ৰাষ্ট্ৰক সেৱা কৰি যাব লাগে বুলি কোৱা বুলি ব্যাখ্যা কৰে, ইয়াৰ বাবে তেওঁ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।

দণ্ডক্ৰম পৰায়ণম সম্পূৰ্ণ কৰাৰ বাবে বেদমূৰ্তি দেৱব্ৰত মহেশ ৰেখেক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

December 02nd, 01:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ল যজুৰ্বেদৰ মধ্যমণ্ডিনী শাখাৰ ২,০০০ টা মন্ত্ৰেৰে গঠিত দণ্ডক্ৰম পৰায়ণম ৫০ দিনত বিৰামহীনভাৱে সম্পূৰ্ণ কৰাৰ বাবে বেদমূৰ্তি দেৱব্ৰত মহেশ ৰেখেক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয় যে ১৯ বছৰীয়া বেদমূৰ্তি দেৱব্ৰত মহেশ ৰেখেই যি কৰিছে সেয়া পৰৱৰ্তী প্ৰজন্মই মনত ৰাখিব। ‘কাশীৰ সাংসদ হিচাপে এই পবিত্ৰ চহৰখনত এই অসাধাৰণ কৃতিত্ব সম্পন্ন হোৱাত মই আনন্দিত হৈছো। তেওঁৰ পৰিয়াল, সমগ্ৰ ভাৰতৰ পৰা তেওঁক সমৰ্থন কৰা সাধু, ঋষি, পণ্ডিত আৰু সংগঠনলৈ মোৰ প্ৰণাম’, শ্ৰী মোদীয়ে লগতে কয়।

ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি পি ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

December 01st, 11:15 am

সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। আৰু আজি আমাৰ সদনৰ সন্মানীয় সকলো সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আপোনাক আদৰণি জনোৱা আৰু আপোনাৰ নিৰ্দেশনাত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আৰু সদনৰ জৰিয়তে দেশখনক প্ৰগতিৰ পথত আগবঢ়াই নিবলৈ আপোনাৰ বহুমূলীয়া পথ-প্ৰদৰ্শন কাৰ্য্য আমাৰ সকলোৰে বাবে এক ব্যাপক সুযোগ। সদনৰ হৈ আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এই সদনত সমবেত সকলো সন্মানীয় সদস্যই উচ্চ সদনৰ মৰ্য্যাদা অক্ষুণ্ণ ৰাখি সদায় আপোনাৰ মৰ্য্যাদাৰ প্ৰতিও সচেষ্ট হৈ থাকিব বুলিও মই আপোনাক আশ্বাস প্ৰদান কৰিব খুজিছো।

ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি. পি. ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য

December 01st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত অধ্যক্ষতা কৰা উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক ৰাজ্যসভাৰ সকলো মাননীয় সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। অধ্যক্ষ গৰাকীক উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “সদনৰ হৈ আৰু মোৰ ফালৰপৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, শুভেচ্ছা আৰু শুভকামনা জনাইছো। লগতে আপোনাক আশ্বস্ত কৰিব খুজিছো যে উচ্চ সদনৰ সকলো মাননীয় সদস্যই এই সন্মানীয় প্ৰতিষ্ঠানৰ মৰ্য্যাদা সদায় অক্ষুণ্ণ ৰাখিব আৰু একেদৰে আপোনাৰ মৰ্য্যাদা অক্ষুণ্ণ ৰখাৰ প্ৰতি সদায় সচেষ্টতা অৱলম্বন কৰিব। এয়াই হৈছে আপোনাৰ প্ৰতি মোৰ গভীৰ আশ্বাস।”

শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 28th, 03:35 pm

শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ২৪ সংখ্যক মহন্ত শ্ৰীমদ বিদ্যাধীশ তীৰ্থ স্বামীজী, মাননীয় ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ভ্ৰাতৃ প্ৰমোদ সাৱন্ত জী, মঠ কমিটিৰ অধ্যক্ষ শ্ৰী শ্ৰীনিবাস ডেম্পো জী, উপাধ্যক্ষ শ্ৰী আৰ.আৰ. কামাত জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থসকল শ্ৰী শ্ৰীপদ নাইক জী আৰু দিগম্বৰ কামাত জী। আন-আন সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

November 28th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ অনুষ্ঠানত ভাগ লৈ তেওঁৰ মন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছে। তেওঁ কয় যে সন্তসকলৰ সান্নিধ্যত অৱস্থান কৰাটো এক আধ্যাত্মিক অভিজ্ঞতা। ইয়াত উপস্থিত থকা ভালে সংখ্যক ভক্তই এই মঠৰ শতিকা পুৰণি জীৱন্ত শক্তিক অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি এই অনুষ্ঠানত জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়ালৈ অহাৰ আগতে তেওঁ ৰাম মন্দিৰ আৰু বীৰ বিঠাল মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ কয় যে তাৰ প্ৰশান্ত পৰিবেশে এই অনুষ্ঠানৰ আধ্যাত্মিকতাক গভীৰ কৰি তুলিছে।

গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 15th, 03:15 pm

দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 15th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।

ভূটানৰ ৰজাৰ জন্মদিন উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

November 11th, 12:00 pm

কিন্তু আজি মই এটা গধুৰ মনেৰে ইয়ালৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়ানক ঘটনাই আমাক সকলোকে গভীৰভাৱে বিচলিত কৰিছে। ইয়াত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ মৰ্মবেদনা উপলব্ধি কৰিছোঁ। সমগ্ৰ ৰাষ্ট্ৰ আজি তেওঁলোকৰ শোকৰ সমভাগী হৈছে।

ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

November 11th, 11:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ থিম্পুৰ চাংলিমেথাং উদযাপন খেলপথাৰত ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু চতুৰ্থ ৰজা জিগমে সিংগিয়ে ৱাংচুকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাজপৰিয়ালৰ সন্মানীয় সদস্যসকল, ভূটানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বেৰিং ট'বগে আৰু উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলকো সন্মান জনায়।

বাৰাণসীৰপৰা চাৰিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 08th, 08:39 am

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী শ্ৰী আদিত্যনাথ জী; কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ আৰু বিকশিত ভাৰতৰ শক্তিশালী ভেটি স্থাপন কৰা উল্লেখযোগ্য প্ৰযুক্তিগত অগ্ৰগতিৰ নেতৃত্ব প্ৰদানকাৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী; এৰ্নাকুলামৰ পৰা প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ জী; কেন্দ্ৰত মোৰ সতীৰ্থ শ্ৰী সুৰেশ গোপী জী আৰু শ্ৰী জৰ্জ কুৰিয়ান জী; কেৰালাত এই কাৰ্য্যসূচীত উপস্থিত থকা আন সকলো মন্ত্ৰী আৰু জনপ্ৰতিনিধি; কেন্দ্ৰত মোৰ সতীৰ্থ আৰু পঞ্জাৱৰ নেতা তথা ফিৰোজপুৰৰ পৰা সংযুক্ত শ্ৰী ৰৱনীত সিং বিট্টু জী; তাত থকা সকলো জনপ্ৰতিনিধি; লক্ষ্ণৌৰ পৰা সংযুক্ত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠক জী; আন-আন বিশিষ্ট অতিথি আৰু মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে

November 08th, 08:15 am

ভাৰতৰ আধুনিক ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনোৱাৰ লগতে বাবা বিশ্বনাথৰ পবিত্ৰ নগৰ বাৰাণসীৰ সকলো পৰিয়াললৈ শুভেচ্ছা জনায়। তেওঁ দেৱ দীপাৱলীৰ সময়ত প্ৰত্যক্ষ কৰা অসাধাৰণ উদযাপন কাৰ্য্য সন্দৰ্ভত ব্যক্ত কৰি আজিও এক শুভ অনুষ্ঠান বুলি উল্লেখেৰে উন্নয়নৰ এই উৎসৱৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

৮ নৱেম্বৰত বাৰাণসী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে, ফ্লেগ অফ কৰিব ৪খন নতুন বন্দে ভাৰত ৰে’লৰ

November 06th, 02:48 pm

ভাৰতৰ আধুনিক ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নৱেম্বৰত বাৰাণসী ভ্ৰমণ কৰিব আৰু পুৱা ৮:১৫ বজাত ৪খন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব।