বনতাৰাত প্ৰধানমন্ত্ৰী মোদীৰ দিনঃ আশাৰে বন্যপ্ৰাণীৰ শুশ্ৰূষা

বনতাৰাত প্ৰধানমন্ত্ৰী মোদীৰ দিনঃ আশাৰে বন্যপ্ৰাণীৰ শুশ্ৰূষা

March 05th, 03:15 pm

২০২৫ চনৰ ৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ জামনগৰত অৱস্থিত যুগান্তকাৰী বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা উদ্বোধন কৰে। ৰিলায়েন্স জামনগৰ শোধনাগাৰ কমপ্লেক্সৰ ভিতৰত ৩৫০০ একৰতকৈও অধিক মাটিত বিস্তৃত বনতাৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ পৰিসৰ, যিয়ে ২০০০ৰো অধিক প্ৰজাতিৰ পৰা ১.৫ লাখৰো অধিক উদ্ধাৰ কৰা, বিপন্ন আৰু বিলুপ্তপ্ৰায় জীৱ-জন্তুক আশ্ৰয় প্ৰদান কৰা হৈছে। বনতাৰা কেৱল আশ্ৰয় শিবিৰ নহয়, পশু কল্যাণ আৰু পৰিৱেশ বহনক্ষমতাৰ প্ৰতি ভাৰতৰ বিকাশশীল তথা নৈতিক দায়বদ্ধতাৰ প্ৰমাণ।

গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ'ব পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন

গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ'ব পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন

March 04th, 04:05 pm

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগে আয়োজন কৰা পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণ অনুষ্ঠান কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। এই সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে অংশ গ্ৰহণ কৰিব। সন্মিলনখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংসদ শ্ৰী দিলীপ শইকীয়া আৰু শ্ৰীমতী বিজুলী কলিতা মেধি।