গুজৰাটৰ মহেছনাৰ ভলিনাথ মহাদেৱ মন্দিৰত পূজা আৰু দৰ্শন সম্পন্ন কৰে প্ৰধানমন্ত্ৰীয়ে

গুজৰাটৰ মহেছনাৰ ভলিনাথ মহাদেৱ মন্দিৰত পূজা আৰু দৰ্শন সম্পন্ন কৰে প্ৰধানমন্ত্ৰীয়ে

February 22nd, 07:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেছনাৰ ভলিনাথ মহাদেৱ মন্দিৰত পূজা আৰু দৰ্শন সম্পন্ন কৰে।

২২ আৰু ২৩ ফেব্ৰুৱাৰীত গুজৰাট আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

২২ আৰু ২৩ ফেব্ৰুৱাৰীত গুজৰাট আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

February 21st, 11:41 am

২২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১০:৪৫ বজাত আহমেদাবাদত প্ৰধানমন্ত্ৰীয়ে গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন (জিচিএমএমএফ)ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মহেছানাত উপস্থিত হৈ বলিনাথ মহাদেৱ মন্দিৰত পূজা অৰ্চনা আৰু দৰ্শন কৰিব। দিনৰ প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে মহেছানাৰ তাৰভত ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব য’ত তেওঁ ৮,৩৫০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰায় ৪:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱছাৰীত উপস্থিত হ’ব, য’ত তেওঁ প্ৰায় ১৭,৫০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৬:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে কাকৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি দুটা নতুন চাপযুক্ত গধুৰ পানী ৰিয়েক্টৰ (পিএইচডব্লিউআৰ) ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।