উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

May 19th, 01:31 pm

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মেজৰ জেনেৰেল খাণ্ডুৰীয়ে সশস্ত্ৰ বাহিনীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰলৈকে অমূল্য অৱদান আগবঢ়াই গৈছে, যাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। শ্ৰী মোদীয়ে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত উত্তৰাখণ্ডৰ উন্নয়নৰ প্ৰতি তেওঁৰ উৎসৰ্গাৰ ওপৰত আলোকপাত কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল প্ৰকৃততে অনুপ্ৰেৰণাদায়ক বুলি বৰ্ণনা কৰে। তেওঁ লগতে সমগ্ৰ দেশতে যোগাযোগ উন্নত কৰাৰ দিশত তেওঁৰ অক্লান্ত প্ৰচেষ্টাক প্ৰশংসা কৰে।

From Gangotri to Gangasagar… the lotus is blooming everywhere: PM Modi from BJP HQ

May 04th, 07:01 pm

PM Modi addressed the karyakartas at the BJP HQ following resounding victories in West Bengal, Assam and Puducherry, calling the moment historic, emotional and a powerful affirmation of trust in democracy and performance-driven governance. Dressed in traditional Bengali attire with a dhoti, the Prime Minister’s appearance reflected a deep cultural connect and symbolised the significance of Bengal’s landmark mandate.

PM Modi addresses at the BJP HQ after sweeping victories across states

May 04th, 07:00 pm

PM Modi addressed the karyakartas at the BJP HQ following resounding victories in West Bengal, Assam and Puducherry, calling the moment historic, emotional and a powerful affirmation of trust in democracy and performance-driven governance. Dressed in traditional Bengali attire with a dhoti, the Prime Minister’s appearance reflected a deep cultural connect and symbolised the significance of Bengal’s landmark mandate.

উত্তৰাখণ্ডৰ তেহৰী গড়ৱালত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকললৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

April 23rd, 07:24 pm

উত্তৰাখণ্ডৰ তেহৰী গড়ৱাল জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকললৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। এই শোকাৱহ ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালসকললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়।

শ্ৰী কেদাৰনাথ ধামৰ উদ্বোধন তথা চাৰিধাম যাত্ৰাৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

April 22nd, 11:28 am

এই বছৰৰ চাৰিধাম যাত্ৰাৰ আৰম্ভণি উপলক্ষে দেৱভূমি উত্তৰাখণ্ডত শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ মুকলিৰ পবিত্ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আজি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। এই উপলক্ষে, প্ৰধানমন্ত্ৰীয়ে এই যাত্ৰাৰ বাবে উত্তৰাখণ্ড ভ্ৰমণ কৰা সকলো ভক্তক সম্বোধন কৰি এখন পত্ৰৰ জৰিয়তে তেওঁৰ আন্তৰিক অনুভূতি বিনিময় কৰাৰ লগতে তেওঁলোকৰ কল্যাণৰ বাবে শুভেচ্ছা আৰু প্ৰাৰ্থনা জনায়।

দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ

April 14th, 01:25 pm

উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী; এই ৰাজ্যৰ জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী যুৱ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰী জী আৰু শ্ৰী অজয় ​​তামতা জী; প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; ৰাজ্যপাল আনন্দিবেন; দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাজী; মঞ্চত উপবিষ্ট—ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী মহেন্দ্ৰ ভট্ট জী; প্ৰাক্তন ৰাজ্যপাল শ্ৰী ভগত সিং কেশৰী জী; প্ৰাক্তন মুখ্যমন্ত্ৰী—ভাই ৰমেশ পোখৰিয়াল, শ্ৰী বিজয় বহুগুণা, শ্ৰী তিৰথ সিং ৰাৱট, আৰু শ্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট; উত্তৰাখণ্ড চৰকাৰৰ সকলো মন্ত্ৰী; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; আৰু ইমান বিপুল সংখ্যাত ইয়াত গোট খোৱা মোৰ মৰমৰ ভাই-ভনীসকল।

দিল্লী–ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

April 14th, 01:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ড আৰু বিস্তৃত ৱঅঞ্চলৰ উন্নয়নৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰে। ডেৰাডুনত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বৈশাখী, ব’হাগ বিহু আৰু পুথাণ্ডু উপলক্ষ্যে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি এই উদ্বোধনী অনুষ্ঠানটোৰ সৈতে সমগ্ৰ ভাৰতবৰ্ষত চলি থকা উৎসৱমুখৰ উদযাপনৰ মিল থকা বুলি উল্লেখ কৰে।

১৪এপ্ৰিলত উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 13th, 04:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৪ এপ্ৰিলত উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.১৫বজাত প্ৰধানমন্ত্ৰীয়ে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিড’ৰৰ উত্তোলিত অংশৰ বন্যপ্ৰাণী কৰিড’ৰৰ পৰ্যালোচনা কৰিবলৈ উত্তৰ প্ৰদেশৰ চাহাৰাণপুৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৪০ বজাত প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনৰ ওচৰৰ জয় মা দাত কালী মন্দিৰ দৰ্শন আৰু পূজা কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনত এক ৰাজহুৱা অনুষ্ঠানত দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিড’ৰ উদ্বোধন কৰিব আৰু এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰিব।

উত্তৰাখণ্ডৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

April 08th, 06:41 pm

উত্তৰাখণ্ডৰ ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল গুৰমিত সিঙে (অৱসৰপ্ৰাপ্ত) আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

উত্তৰাখণ্ডৰ আলমোৰা জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

December 30th, 12:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ আলমোৰা জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে।

ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

November 09th, 01:00 pm

৯ নৱেম্বৰৰ এই দিনটো হৈছে দীঘলীয়া তপস্যাৰ ফল। আজি আমাৰ সকলোৰে বাবে এক গৌৰৱৰ দিন। উত্তৰাখণ্ডৰ ধৰ্মীয় লোকসকলে বছৰ বছৰ ধৰি দেখা সপোন অটলজীৰ চৰকাৰৰ অধীনত ২৫ বছৰ পূৰ্বে পূৰণ হৈছিল আৰু এতিয়া যোৱা ২৫ বছৰৰ যাত্ৰাৰ পাছত, এই সুন্দৰ ৰাজ্যখন নিৰ্মাণৰ বাবে সংগ্ৰাম কৰা প্ৰতিজন ব্যক্তিয়েই আজি উত্তৰাখণ্ড যি উচ্চতাত আছে সেয়া দেখি সুখী হোৱাটো স্বাভাৱিক। যিসকলে পৰ্বতমালাক ভাল পায়, যিসকলে উত্তৰাখণ্ডৰ সংস্কৃতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, দেৱভূমিৰ লোকসকলক ভাল পায়, তেওঁলোকৰ মন আজি সুখী।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে

November 09th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৮১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে দেৱভূমি উত্তৰাখণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোকে তেওঁৰ আন্তৰিক অভিবাদন, সন্মান আৰু সেৱা প্ৰদান কৰে।

ৰাজ্যখনৰ ২৫ সংখ্যক বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে

November 09th, 09:05 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰকৃতিৰ কোলাত বাস কৰা আমাৰ এই ঐশ্বৰিক ভূমিয়ে আজি পৰ্যটনৰ লগতে প্ৰতিটো ক্ষেত্ৰতে প্ৰগতিৰ এক নতুন গতি লাভ কৰিছে, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে ৯ নৱেম্বৰত দেৰাডুন ভ্ৰমণ কৰিব

November 08th, 09:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ নৱেম্বৰত দেৰাডুন ভ্ৰমণেৰে দিনৰ প্ৰায় ১২:৩০ বজাত উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এটি স্মাৰক ডাকটিকট মুকলিৰ লগতে সমবেতসকলক সম্বোধন কৰিব।

ডেৰাডুন ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, উত্তৰাখণ্ডৰ বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে পৰ্যালোচনা বৈঠক

September 11th, 06:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (১১ ছেপ্টেম্বৰ, ২০২৫ত) ডেৰাডুন ভ্ৰমণ কৰি উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ, প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰে।

১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 10th, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব।

উত্তৰকাশীৰ ধৰালীৰ শোকাবহ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

August 05th, 04:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰকাশীৰ ধৰালীত সংঘটিত শোকাৱহ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। তেওঁ লগতে এই ঘটনাৰ ফলত প্ৰভাৱিত সকলোৰে কুশল কামনা কৰে।

উত্তৰাখণ্ডৰ হৰিদ্বাৰত সংঘটিত পদপিষ্টৰ ঘটনাত নিহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

July 27th, 12:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মানছা দেৱী মন্দিৰলৈ যোৱাৰ পথত পদপিষ্টহৈ অনেকে প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে ২০৪৭ চনত এখন উন্নত ভাৰতৰ পথ প্ৰশস্ত হ'ব: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

July 27th, 11:30 am

'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ হৃদয়ত সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে। মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।

উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

July 15th, 10:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদানৰ কথা সাহাৰ্য ঘোষণ কৰে।