Prime Minister condoles loss of lives due to mishap on Yamuna Expressway in Mathura
December 16th, 12:54 pm
The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to a mishap on the Yamuna Expressway in Mathura, Uttar Pradesh. Shri Modi also wished speedy recovery for those injured in the mishap.শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 25th, 10:20 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অতি শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, শ্ৰী ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ অধ্যক্ষ, শ্ৰদ্ধাৰ মহন্ত নৃত্য গোপাল দাস জী, পূজনীয় সাধু সমাজ, ইয়াত উপস্থিত থকা সকলো ভক্ত, এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱা দেশ আৰু বিশ্বৰ কোটি-কোটি ৰামভক্ত, ভদ্ৰলোক আৰু মহিলাসকল!অযোধ্যাত শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
November 25th, 10:13 am
দেশৰ সামাজিক-সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিৱেশত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত পবিত্ৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ শিখৰত আনুষ্ঠানিকভাৱে গেৰুৱা পতাকা উত্তোলন কৰে। ধ্বজাৰোহণ উৎসৱ মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা আৰু সাংস্কৃতিক উদযাপন তথা ৰাষ্ট্ৰীয় একতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰাৰ প্ৰতীক। এই উপলক্ষে এটা সমাবেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি অযোধ্যা চহৰখনে ভাৰতৰ সাংস্কৃতিক চেতনাৰ আন এক শিখৰত উপনীত হৈছে। ‘আজি সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্ব ভগৱান শ্ৰীৰামৰ আত্মাৰে ভৰি পৰিছে’, শ্ৰী মোদীয়ে মন্তব্য কৰি কয় যে ৰামৰ প্ৰতিজন ভক্তৰ হৃদয়ত অনন্য সন্তুষ্টি, অসীম কৃতজ্ঞতা আৰু অপৰিসীম ঐশ্বৰিক আনন্দ আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বহু শতিকা পুৰণি আঘাতবোৰ আৰোগ্য হৈছে, বহু শতিকাৰ বেদনাৰ অন্ত পৰিছে আৰু বহু শতিকাৰ সংকল্পই আজি পূৰ্ণতা লাভ কৰিছে। তেওঁ ঘোষণা কৰে যে এইটোৱে এক যজ্ঞৰ পৰিণতি চিহ্নিত কৰে যাৰ জুই ৫০০ বছৰ ধৰি জ্বলিয়েই আছিল, এক যজ্ঞ যি কেতিয়াও বিশ্বাসত বিচলিত হোৱা নাছিল, এক মুহূৰ্তৰ বাবেও বিশ্বাস ভংগ কৰা নাছিল। তেওঁ উল্লেখ কৰে যে আজি ভগৱান শ্ৰীৰামৰ গৰ্ভগৃহৰ অসীম শক্তি আৰু শ্ৰীৰামৰ পৰিয়ালৰ ঐশ্বৰিক গৌৰৱ এই ধৰ্মধ্বজাৰ ৰূপত ঐশ্বৰিক আৰু ভব্য মন্দিৰত সন্নিবিষ্ট কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে ২৫ নৱেম্বৰত অযোধ্যাৰ শ্ৰী ৰাম জনমভূমি মন্দিৰ দৰ্শন কৰিব
November 24th, 12:01 pm
ৰাষ্ট্ৰৰ সমাজ-সাংস্কৃতিক আৰু আধ্যাত্মিক বাতাবৰণৰ এক গুৰুত্বপূৰ্ণ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ নৱেম্বৰত উত্তৰ প্ৰদেশৰ অযোধ্যাৰ শ্ৰী ৰাম জনমভূমি মন্দিৰ দৰ্শন কৰিব।বাৰাণসীৰপৰা চাৰিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 08th, 08:39 am
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী শ্ৰী আদিত্যনাথ জী; কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ আৰু বিকশিত ভাৰতৰ শক্তিশালী ভেটি স্থাপন কৰা উল্লেখযোগ্য প্ৰযুক্তিগত অগ্ৰগতিৰ নেতৃত্ব প্ৰদানকাৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী; এৰ্নাকুলামৰ পৰা প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ জী; কেন্দ্ৰত মোৰ সতীৰ্থ শ্ৰী সুৰেশ গোপী জী আৰু শ্ৰী জৰ্জ কুৰিয়ান জী; কেৰালাত এই কাৰ্য্যসূচীত উপস্থিত থকা আন সকলো মন্ত্ৰী আৰু জনপ্ৰতিনিধি; কেন্দ্ৰত মোৰ সতীৰ্থ আৰু পঞ্জাৱৰ নেতা তথা ফিৰোজপুৰৰ পৰা সংযুক্ত শ্ৰী ৰৱনীত সিং বিট্টু জী; তাত থকা সকলো জনপ্ৰতিনিধি; লক্ষ্ণৌৰ পৰা সংযুক্ত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠক জী; আন-আন বিশিষ্ট অতিথি আৰু মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে
November 08th, 08:15 am
ভাৰতৰ আধুনিক ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনোৱাৰ লগতে বাবা বিশ্বনাথৰ পবিত্ৰ নগৰ বাৰাণসীৰ সকলো পৰিয়াললৈ শুভেচ্ছা জনায়। তেওঁ দেৱ দীপাৱলীৰ সময়ত প্ৰত্যক্ষ কৰা অসাধাৰণ উদযাপন কাৰ্য্য সন্দৰ্ভত ব্যক্ত কৰি আজিও এক শুভ অনুষ্ঠান বুলি উল্লেখেৰে উন্নয়নৰ এই উৎসৱৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
October 25th, 07:46 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।২৫ ছেপ্টেম্বৰত উত্তৰপ্ৰদেশ আৰু ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 24th, 06:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত উত্তৰপ্ৰদেশ আৰু ৰাজস্থান ভ্ৰমণ কৰিব। তেওঁ পুৱা প্ৰায় ৯:৩০ বজাত গ্ৰেটাৰ নয়ডাত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী-২০২৫ উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ আগবঢ়াব।১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 10th, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব।Cabinet approves Lucknow Metro Rail Project of Phase-1B worth Rs.5,801 crore
August 12th, 03:25 pm
The Union Cabinet chaired by PM Modi, has approved the Phase-1B of Lucknow Metro Rail Project in Uttar Pradesh. This phase aims to seamlessly integrate key zones of Old Lucknow, including commercial hubs, critical healthcare facilities, Major tourist attractions, and culinary destinations. It will stimulate economic activity, tourism, and ease urban mobility.উত্তৰপ্ৰদেশৰ গোণ্ডাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
August 03rd, 01:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ গোণ্ডাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ আত্মীয়লৈ পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০টকাকৈ সাহাৰ্য ঘোষণা কৰিছে।উত্তৰপ্ৰদেশৰ বাৰাণসীত উন্নয়নমূলক কামৰ আধাৰশিলা, উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 02nd, 11:30 am
নমোঃ পাৰ্বতী পতয়ে, হৰ হৰ মহাদেৱ, শাওনৰ পবিত্ৰ মাহত আজি কাশীৰ আমাৰ পৰিয়ালৰ সদস্যসকলক লগ পোৱাৰ সৌভাগ্য হ’ল। মই কাশীৰ প্ৰতিগৰাকী পৰিয়ালৰ সদস্যক প্ৰণাম জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভণি কৰে
August 02nd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ শাওণ মাহত বাৰাণসীৰ পৰিয়ালক লগ পোৱাৰ সন্দৰ্ভত আন্তৰিক আৱেগ প্ৰকাশ কৰে। বাৰাণসীবাসীৰ সৈতে তেওঁৰ গভীৰ আৱেগিক সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মহানগৰীৰ প্ৰতিজন পৰিয়ালৰ সদস্যক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শাওণ মাহৰ শুভ মুহূৰ্তত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে।২ আগষ্টত বাৰাণসী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 31st, 06:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ আগষ্টৰ পুৱা ১১ বজাত উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই উপলক্ষে সভাত ভাষণ দিব।প্ৰকল্পসমূহে আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্যসেৱা, পৰ্যটন, নগৰ উন্নয়ন আৰু সাংস্কৃতিক ঐতিহ্যকে ধৰি একাধিক খণ্ডক সামৰি ল'ব , যাৰ লক্ষ্য হৈছে বাৰাণসীৰ সামগ্ৰিক নগৰ পৰিৱৰ্তন, সাংস্কৃতিক সজীৱতা, উন্নত সংযোগ, আৰু জীৱনৰ মান বৃদ্ধি কৰা।প্ৰধানমন্ত্ৰীক সাক্ষাৎ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
July 19th, 07:53 pm
উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।উত্তৰপ্ৰদেশৰ চম্বলত সংঘটিত দুৰ্ঘটনাত মৃত লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
July 05th, 10:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ চম্বলত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।প্ৰধানমন্ত্ৰীয়ে প’ৰ্ট অৱ স্পেইনত ভোজপুৰী চৌতাল প্ৰদৰ্শন কাৰ্য্যৰ শলাগ লয়
July 04th, 09:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প’ৰ্ট অৱ স্পেইনত ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ মাজৰ চিৰস্থায়ী সাংস্কৃতিক বন্ধনত আলোকপাতেৰে স্পন্দনশীল ভোজপুৰী চৌতাল প্ৰদৰ্শন কাৰ্য্যৰ শলাগ লয়।Cabinet approves establishment of International Potato Centre (CIP)’s South Asia Regional Centre at Singna, Agra, Uttar Pradesh
June 25th, 03:18 pm
The Union Cabinet chaired by PM Modi has approved to establish International Potato Centre (CIP)’s South Asia Regional Centre (CSARC) at Agra, Uttar Pradesh. This will untap and explore the huge potential in Potato sector and generate employment opportunities in production sector, processing sector, packaging, transportation, marketing, value chain, etc.We are making UP a state of industrial possibilities: PM Modi in Kanpur Nagar, Uttar Pradesh
May 30th, 03:29 pm
PM Modi laid the foundation stone, inaugurated various projects worth around Rs 47,600 crore at Kanpur. He expressed pride in UP's major contributions to achieving defence self-sufficiency. He highlighted the launch of Mission Manufacturing in this year’s budget, designed to bolster Make in India by promoting local industries and production.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰায় ৪৭,৬০০ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
May 30th, 03:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰায় ৪৭,৬০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি একাংশ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি তেওঁ কয় যে, প্ৰথমে ২০২৫ চনৰ ২৪ এপ্ৰিলত নিৰ্ধাৰিত কানপুৰ ভ্ৰমণ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে বাতিল কৰিবলগীয়া হৈছিল। এই বৰ্বৰ কাণ্ডৰ বলি হোৱা কানপুৰৰ সন্তান শ্ৰী শুভম দ্বিবেদীলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সমগ্ৰ দেশৰ ভগ্নী-কন্যাসকলৰ যন্ত্ৰণা, দুখ-কষ্ট, ক্ষোভ আৰু সামূহিক যন্ত্ৰণা তেওঁ গভীৰভাৱে হৃদয়ংগম কৰিছে। তেওঁ কয় যে এই সামূহিক ক্ৰোধ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সূচনা হোৱাৰ লগে লগে বিশ্বজুৰি দেখিবলৈ পোৱা গৈছিল। তেওঁ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সফলতাত গুৰুত্ব আৰোপ কৰে, যিটো অভিযানত পাকিস্তানত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা ঘাটিসমূহ ধ্বংস কৰা হয় আৰু পৰৱৰ্তি সময়ত পাকিস্তানী সেনাই সংঘাতৰ অন্ত পেলাবলৈ অনুৰোধ কৰিবলৈ বাধ্য হয়। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামৰ ভূমিৰ পৰা দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসক শ্ৰদ্ধাঞ্জলি জনোৱাত গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বীৰত্বক প্ৰণাম জনায়। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত দয়া ভিক্ষা কৰা শত্ৰুহঁত কোনো ভ্ৰমৰ মাজত থাকিব নালাগে, কাৰণ ‘অপাৰেশ্যন সিন্দূৰ’ এতিয়াও শেষ হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ তিনিটা স্পষ্ট নীতিৰ ৰূপৰেখা দাঙি ধৰে। প্ৰথমতে, প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰতে নিৰ্ণায়ক প্ৰতিক্ৰিয়া আগবঢ়াব। এই প্ৰতিক্ৰিয়াৰ সময়, পদ্ধতি আৰু চৰ্ত কেৱল ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব। দ্বিতীয়তে, ভাৰতক আৰু পাৰমাণৱিক ভাবুকিৰে ভয় খুৱাব নোৱাৰিব, এনে সতৰ্কবাণীৰ ভিত্তিত সিদ্ধান্তও ল’ব নোৱাৰিব। তৃতীয়তে, ভাৰতে সন্ত্ৰাসবাদৰ ‘মাষ্টাৰমাইণ্ড’ আৰু সিহঁতক আশ্ৰয় দিয়া চৰকাৰ দুয়োটাকে একে দৃষ্টিৰেহে চাব। পাকিস্তানৰ ৰাষ্ট্ৰ আৰু ‘অনা-ৰাষ্ট্ৰীয় অভিনেতা’হঁতৰ মাজত থকা পাৰ্থক্য আৰু মানি লোৱা নহ’ব। প্ৰধানমন্ত্ৰীয়ে নিৰ্দ্বিধাই দৃঢ়তাৰে কয় যে শত্ৰু য’তেই নাথাকক কিয়, ইয়াক নিৰ্মূল কৰাই হ’ব।