'মন কী বাত'ত ড্ৰাগছমুক্ত ভাৰতৰ অভিযানত নাগৰিকসকলক যোগ দিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 30th, 11:30 am

এই মাহৰ 'মন কী বাত'ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশপ্ৰেম আৰু 'ভোকেল ফৰ লোকেল'ৰ সংকল্পক শক্তিশালী কৰি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, স্বাধীনতা দিৱস আৰু ভাৰত ত্যাগ আন্দোলনকে ধৰি আগষ্ট মাহৰ মূল ঘটনাবোৰৰ লগতে জন্মাষ্টমী আৰু বিশ্বকৰ্মা পূজাৰ দৰে আগন্তুক উৎসৱসমূহৰ বিষয়ে উল্লেখ কৰে। তদুপৰি তেওঁ বন সংৰক্ষণ, ভাৰতীয় ইতিহাস, পৰিস্কাৰ-পৰিচ্ছন্নতা, মহিলা সবলীকৰণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে।

বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

June 10th, 11:50 pm

প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা ফোন কল লাভ কৰে, বাৰ্তালাপৰ সময়ত দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে আৰু পশ্চিম এছিয়া তথা হৰমুজ জলদ্বীপৰ বিষয়ে আলোচনা কৰে

April 14th, 10:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা এটা ফোন কল লাভ কৰে।

পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ টেলিফনিক কল

March 24th, 08:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা এটা ফোন কল লাভ কৰে। পশ্চিম এছিয়াৰ বিকাশশীল পৰিস্থিতিৰ বিষয়ত দুয়োগৰাকী নেতাৰ মাজত মত বিনিময় হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে উত্তেজনা প্ৰশমন আৰু অতি সোনকালে শান্তি পুনৰুদ্ধাৰৰ বিষয়টোক সমৰ্থন কৰে। প্ৰধানমন্ত্ৰীয়ে বিশ্ব শান্তি স্থিতিশীলতা আৰু অৰ্থনৈতিক কল্যাণৰ বাবে অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি হৰমুজ জলদ্বীপ মুকলি কৰা তথা ইয়াক সুৰক্ষিত কৰি ৰখাৰ কথাটো নিশ্চিত কৰাৰ বিষয়ত গুৰুত্বৰ আৰোপ কৰে।দুয়োগৰাকী নেতাই অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বৃদ্ধিৰ লক্ষ্যৰে চলি থকা প্ৰচেষ্টা সন্দৰ্ভত পৰৱৰ্তী সময়তো যোগাযোগত থাকিবলৈ সন্মত হয়।

পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূলপাঠ

March 24th, 02:05 pm

পশ্চিম এছিয়াত চলি থকা যুদ্ধ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে আমি সকলোৱে অৱগত। এই ভয়ংকৰ পৰিস্থিতিত চৰকাৰৰ স্থিতি ভাগ বাটোৱাৰা কৰিবলৈ মই আজি সংসদৰ উচ্চ সদনৰ সন্মুখত আৰু দেশবাসীসকলৰ সন্মুখত উপস্থিত হৈছো। পশ্চিম এছিয়াত এই যুদ্ধ তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি আছে। এই যুদ্ধই বিশ্বজুৰি এক গুৰুতৰ শক্তি সংকটৰ সৃষ্টি কৰিছে। এই পৰিস্থিতি ভাৰতৰ বাবেও উদ্বেগজনক। এই যুদ্ধই আমাৰ বাণিজ্য পথসমূহক প্ৰভাৱিত কৰিছে। ইয়াৰ ফলত পেট্ৰ’ল, ডিজেল, গেছ আৰু সাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পৰিছে। উপসাগৰীয় দেশসমূহত প্ৰায় ১ কোটি ভাৰতীয় বাস কৰে আৰু কাম কৰে। তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষা ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয়। সমগ্ৰ বিশ্বৰ পৰা অহা বহুতো জাহাজ বৃহৎ সংখ্যক ভাৰতীয় কৰ্মচাৰীক লৈ হৰমুজ জলপ্ৰণালীত আবদ্ধ হৈ আছে। এইটো ভাৰতৰ বাবেও এক বৃহৎ উদ্বেগৰ বিষয়। এনে এক ভয়ংকৰ পৰিস্থিতিত ভাৰতীয় সংসদৰ এই উচ্চ সদনৰ পৰা সমগ্ৰ বিশ্বতে শান্তি আৰু আলোচনাৰ বাবে এক ঐক্যবদ্ধ কণ্ঠ শুনাটো জৰুৰী।

পশ্চিম এছিয়াত চলি থকা সংঘাতক লৈ ৰাজ্যসভাত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

March 24th, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ভাষণ দি পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ত চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি থকা যুদ্ধই ভাৰতত বাবে গভীৰভাৱে উদ্বেগজনক প্ৰভাৱ পেলোৱাৰ লগতে বিশ্বত এক ভয়াৱহ শক্তি সংকটৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে এই সংঘাতে ভাৰতৰ বাণিজ্যিক পথত ব্যাঘাত জন্মাইছে আৰু পেট্ৰ’ল, ডিজেল, গেছ, সাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পেলাইছে। উপসাগৰীয় দেশসমূহত প্ৰায় এক কোটি ভাৰতীয়ই বাস কৰাৰ লগতে কাম কৰি থকাৰ বাবে তেওঁলোকৰ সুৰক্ষা আৰু জীৱিকাৰ বিষয় হৈয়েই আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে হৰমুজ জলদ্বীপত জাহাজত আবদ্ধ হৈ থকা বৃহৎ সংখ্যক ভাৰতীয় নাৱিকৰ বিষয়টোও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’-ত এআই-ৰ সাফল্যসমূহৰ পৰা টি-২০ বিশ্বকাপলৈকে ভাৰতৰ উত্থানৰ কথা উল্লেখ কৰে

February 22nd, 11:30 am

চলিত মাহৰ ‘মন কী বাত’-ত দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়া এ আই ইমপেক্ট ছামিট’-ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কয়। ভাৰতীয় মূলৰ ক্ৰিকেটাৰ, অংগদান, নদী উৎসৱ, ডিজিটেল নিৰাপত্তা, ‘পৰীক্ষ পে’ চৰ্চা’ আদি বহু গুৰুত্বপূৰ্ণ বিষয় তেওঁ স্পৰ্শ কৰে। তেওঁ আলোকপাত কৰে যে অহা ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ‘ৰাজাজী উৎসৱ’ উদযাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰী শক্তিৰ সৈতে গভীৰ সম্পৰ্ক ৰখাৰ কথা উল্লেখ কৰি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা জীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

February 02nd, 11:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰে। ভাৰতীয় সামগ্ৰীৰ ওপৰত ১৮% পৰ্যন্ত শুল্ক হ্ৰাস কৰাৰ ঘোষণাৰ বাবে শ্ৰী মোদীয়ে ভাৰতৰ ১.৪ বিলিয়ন জনসাধাৰণৰ হৈ ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে।

এলভিএম৩-এম৬ আৰু ব্লুবাৰ্ড ব্লক-২ৰ সফল উৎক্ষেপণৰ বাবে মহাকাশ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

December 24th, 10:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মাটিৰ পৰা এতিয়ালৈকে উৎক্ষেপণ কৰা আটাইতকৈ গধুৰ উপগ্ৰহ এলভিএম৩-এম৬ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশযান ব্লুবাৰ্ড ব্লক-২ক ইয়াৰ নিৰ্দিষ্ট কক্ষপথলৈ সফলভাৱে উৎক্ষেপণ কৰাৰ বাবে মহাকাশ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয় যে ই ভাৰতৰ মহাকাশ যাত্ৰাত এক গৌৰৱোজ্জ্বল মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু ই আত্মনিৰ্ভৰ ভাৰতৰ দিশত কৰা প্ৰচেষ্টাৰ প্ৰতিফলন।

Today, new doors of opportunity are opening for every Jordanian business and investor in India: PM Modi during the India-Jordan Business Forum

December 16th, 12:24 pm

PM Modi and HM King Abdullah II addressed the India-Jordan Business Forum in Amman, calling upon industry leaders from both countries to convert potential and opportunities into growth and prosperity. Highlighting India’s 8% economic growth, the PM proposed doubling bilateral trade with Jordan to US $5 billion over the next five years.

প্ৰধানমন্ত্ৰী আৰু মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চক সম্বোধন

December 16th, 12:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মহামহিম ৰজা দ্বিতীয় আব্দুল্লাই আজি আম্মানত ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চক সম্বোধন কৰে। এই অনুষ্ঠানত মহামহিম ৰাজকুমাৰ হুচেইন আৰু জৰ্ডানৰ বাণিজ্য তথা উদ্যোগ মন্ত্ৰী আৰু বিনিয়োগ মন্ত্ৰীয়েও অংশগ্ৰহণ কৰে। মহামহিম ৰজা আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজত ব্যৱসায়-বাণিজ্যৰ সম্পৰ্ক বৃদ্ধিৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে উভয় পক্ষৰ উদ্যোগ খণ্ডৰ কৰ্ণধাৰসকলক সম্ভাৱনা আৰু সুযোগসমূহক বিকাশ তথা সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। মহামহিম ৰজাই উল্লেখ কৰে যে জৰ্ডানৰ মুক্ত বাণিজ্য চুক্তি আৰু ভাৰতৰ অৰ্থনৈতিক শক্তিক একত্ৰিত কৰি দক্ষিণ এছিয়া তথা পশ্চিম এছিয়া আৰু ইয়াৰ বহিৰাঞ্চলৰ মাজত এক অৰ্থনৈতিক কৰিডৰ সৃষ্টি কৰিব পাৰি।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

December 11th, 08:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে পণবন্দীসকলক মুকলি কৰি দিয়া কাৰ্য্যক আদৰণি; অঞ্চলটোত শান্তি স্থাপনাৰ্থে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আন্তৰিক প্ৰচেষ্টাক সমৰ্থন জনায়

October 13th, 07:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুবছৰৰো অধিক বন্দীত্বৰ অন্তত সকলো পণবন্দীকে মুকলি কৰি দিয়া কাৰ্য্যক আদৰণি জনাইছে। তেখেতে কয় যে তেওঁলোকৰ স্বাধীনতা হৈছে তেওঁলোকৰ পৰিয়ালৰ সাহস, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শান্তি প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সংকল্পৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতস্থিত নিযুক্তিপ্ৰাপ্ত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰৰ

October 11th, 11:58 pm

ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিযুক্তিপ্ৰাপ্ত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গ'ৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

গাজাৰ শান্তি পৰিকল্পনাৰ সফলতাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 09th, 09:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতি ঐতিহাসিক গাজাৰ শান্তি পৰিকল্পনাৰ সফলতাৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে গাজা সংঘাতক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শান্তি পদক্ষেপক আদৰণি জনাইছে

September 30th, 09:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড জে. ট্ৰাম্পে গাজা সংঘাতৰ অৱসান ঘটাবলৈ ঘোষণা কৰা বিস্তৃত পৰিকল্পনাক আদৰণি জনাইছে।

২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 24th, 06:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সন্ধিয়া প্ৰায় ৬:১৫ বজাত বিশ্ব খাদ্য ভাৰত ২০২৫ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

আমেৰিকাৰ টেক্সাছৰ প্ৰলয়ংকৰী বানত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

July 06th, 12:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ টেক্সাছৰ ভয়াৱহ বানত প্ৰাণ হেৰুওৱা, বিশেষকৈ বহু শিশুৱে প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

ভাৰত, হাংগেৰী, পোলেণ্ড আৰু আমেৰিকাৰ মহাকাশচাৰীক লৈ মহাকাশ অভিযানৰ সফল উৎক্ষেপণক আদৰণি প্ৰধানমন্ত্ৰীৰ

June 25th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত, হাংগেৰী, পোলেণ্ড আৰু আমেৰিকাৰ মহাকাশচাৰীক লৈ মহাকাশ অভিযানৰ সফল উৎক্ষেপণক আদৰণি জনায়। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথম ভাৰতীয় হোৱাৰ দিশত অগ্ৰসৰ হোৱা ভাৰতীয় মহাকাশচাৰী, গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাকো শ্ৰী মোদীয়ে শুভেচ্ছা জনায়।

শ্ৰীযুত জো বাইডেনৰ দ্ৰুত আৰু আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ

May 19th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি তেওঁৰ দ্ৰুত আৰু আশু আৰোগ্য কামনা কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে আমি ডাঃ জিল বাইডেন আৰু তেওঁৰ পৰিয়ালৰ লগত আছো।