
প্ৰধানমন্ত্ৰী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰে মত-বিনিময় কৰে
June 16th, 02:17 am
, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে আজি লিমাছলত চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে মত-বিনিময় কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন, প্ৰতিৰক্ষা, লজিষ্টিক, সামুদ্ৰিক, জাহাজ, প্ৰযুক্তি, উদ্ভাৱন, ডিজিটেল প্ৰযুক্তি, এআই, আইটি সেৱা, পৰ্যটন আৰু ম’বিলিটি আদি একাধিক খণ্ডক প্ৰতিনিধিত্ব কৰে।
চাইপ্ৰাছত অনুষ্ঠিত ভাৰত-চাইপ্ৰাছ বিজনেছ ৰাউণ্ডটেবুল মিটিঙত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
June 15th, 11:10 pm
প্ৰথমে ৰাষ্ট্ৰপতি মহোদয়লৈ আজি মোক বিমানবন্দৰত নিজে আদৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে ইমান ডাঙৰ ৰাউণ্ড টেবুল আয়োজনৰ বাবে তেওঁক মই গভীৰ কৃতজ্ঞতা জনালোঁ। লগতে মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ ইতিবাচক চিন্তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।
ছিকিম@৫০ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 29th, 10:00 am
ছিকিমৰ ৰাজ্যপাল শ্ৰীযুত ওম প্ৰকাশ মাথুৰ জী, ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, মোৰ বন্ধু প্ৰেম সিং তামাং জী, সংসদত মোৰ সহকৰ্মী দৰ্জী চেৰিং লেপচা জী, ড° ইন্দ্ৰ হাং চুব্বা জী, ইয়াত উপস্থিত থকা ৰাইজৰ লগতে অন্যান্য জনপ্ৰতিনিধিসকল, সজ্জন তথা ভদ্ৰমহিলাসকল,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ছিকিম@৫০’ উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে
May 29th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গেংটকত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘ছিকিম@৫০’ কাৰ্য্যসূচী সম্বোধন কৰে। এই কাৰ্য্যসূচীৰ বিষয়বস্তু হৈছে ‘প্ৰগতিৰে উদ্দেশ্যৰ মিলন আৰু প্ৰকৃতিৰ বিকাশক চালিতকৰণ’। ইয়াত ভাষণ প্ৰদানেৰে তেখেতে ছিকিমৰ প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী উপলক্ষে ছিকিমৰ ৰাইজক সম্ভাষণ জনায়। তেখেতে ইয়াকে লৈ ৰাইজৰ উৎসাহ-উদ্দীপনাক ওচৰৰপৰা প্ৰত্যক্ষ কৰিব বিচাৰিছিল যদিও প্ৰতিকূল বতৰৰ বাবে এই কাৰ্য্যসূচীত ভাগ ল’ব নোৱাৰিলে বুলিও কয়। তেখেতে অদূৰ ভৱিষ্যতে ছিকিম ভ্ৰমণেৰে ৰাজ্যখনৰ কৃতিত্বৰাজি প্ৰত্যক্ষৰে ইয়াৰ উদযাপনত অংশগ্ৰহণ কৰিব বুলি অংগীকাৰ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনৰ বিগত ৫০ বছৰৰ কৃতিত্বৰাজি উদযাপনৰ উপলক্ষ বুলি বক্তব্য প্ৰদানেৰে ছিকিমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমক এই বৃহৎ অনুষ্ঠানক স্মৰণীয় কৰি তোলাৰ বাবে প্ৰশংসা কৰে। তেখেতে পুনৰবাৰ ছিকিমৰ জনসাধাৰণক ৰাজ্য প্ৰতিষ্ঠাৰ সোণালী জয়ন্তীৰ শুভেচ্ছা জনায়।ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।মুদ্ৰা যোজনাৰ হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ
April 08th, 01:30 pm
হিতাধিকাৰী - ছাৰ, আজি মই মোৰ এটা কাহিনী ক’বলৈ বিচাৰিছো। কেনেকৈ এটা পোহনীয়া জন্তুৰ চখৰ পৰা মই আজি এগৰাকী উদ্যোগীলৈ উত্তৰণ হ'লোঁ তাৰেই কথা ক’বলৈ ওলাইছো। মোৰ ব্যৱসায়িক উদ্যোগৰ নাম K9 World, য'ত আমি সকলো ধৰণৰ পোহনীয়া জন্তুৰ সামগ্ৰী, ঔষধ আৰু পোহনীয়া জন্তু যোগান ধৰো। ছাৰ, মুদ্ৰা ঋণ লাভ কৰাৰ পিছত আমি আমাৰ সেৱা বহু পৰিমাণে সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছিলো। আমাৰ এটা মূল পদক্ষেপ আছিল পোহনীয়া জন্তুৰ ব’ৰ্ডিঙৰ সুবিধা আৰম্ভ কৰা। ভ্ৰমণ কৰিবলগীয়া পোহনীয়া জন্তুৰ গৰাকীৰ বাবে এইটোৱে এক বৃহৎ সহায় কৰিছে—এতিয়া তেওঁলোকে নিজৰ পোহনীয়া জন্তুবোৰক মৰমেৰে যত্ন লোৱা হ’ব বুলি জানি আমাৰ লগত নিৰাপদ, ঘৰুৱা পৰিৱেশত এৰি দিব পাৰিছে। ছাৰ, জীৱ-জন্তুৰ প্ৰতি মোৰ প্ৰেম সঁচাকৈয়ে বিশেষ। মই খাওঁ বা নাখাওঁ কোনো কথা নাই, কিন্তু জীৱ-জন্তুবোৰক খুৱাবই লাগিব আৰু সিহঁতৰ যত্ন লোৱাটো মোৰ বাবে সৰ্বোপৰি। এইটো কেৱল ব্যৱসায় নহয়—এইটো এটা আবেগ, যিটো মোৰ জীৱনৰ উদ্দেশ্য হৈ পৰিছে।PM Modi interacts with MUDRA Yojana beneficiaries
April 08th, 01:03 pm
PM Modi, while interacting with MUDRA Yojana beneficiaries on its 10th anniversary, spotlighted inspiring journeys—from startups in solar, food and pet care to a bakery in Kashmir. The Prime Minister highlighted the transformative impact of the Mudra Yojana on empowering citizens, particularly women and fostering entrepreneurship across India.পদক্ষেপৰ তালিকাঃ ষষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
April 04th, 02:32 pm
ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰিবলৈ বিমষ্টেক দেশসমূহৰ প্ৰয়োজনীয়তা বুজাৰ বাবে পৰীক্ষামূলক অধ্যয়নষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
April 04th, 12:59 pm
আৰম্ভণিতে এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী মহামহিম শ্বিনাৱাত্ৰা আৰু থাইলেণ্ড চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰে
April 04th, 12:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।কেবিনেটে নিম্ন মূল্যৰ ভীম-ইউপিআই লেনদেন (P2M) প্ৰসাৰিত কৰাৰ বাবে উদ্গনিমূলক আঁচনিত অনুমোদন জনায়
March 19th, 04:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেটে আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ‘ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ (পিটুএম) নিম্ন মূল্যৰ ভীম-ইউপিআই লেনদেন প্ৰসাৰিত কৰাৰ বাবে উদ্গনিমূলক আঁচনিত নিম্নলিখিত ৰূপত অনুমোদন জনাইছে:ভাৰত-নিউজিলেণ্ডৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
March 17th, 01:05 pm
মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ উষ্ম আদৰণি জনাইছোঁ। ভাৰতৰ সৈতে প্ৰধানমন্ত্ৰী লাক্সনৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। কেইদিনমান পূৰ্বে তেওঁ অকলেণ্ডত হোলীৰ আনন্দময় উৎসৱ পালন কৰা কাৰ্য্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ। নিউজিলেণ্ডত বসবাস কৰা ভাৰতীয় মূলৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী লাক্সনৰ মৰমৰপৰাও এই কথা বুজিব পাৰি। তেওঁৰ লগত ভাৰতলৈ এটা বৃহৎ প্ৰতিনিধি দল আহিছে। তেওঁৰ দৰে এজন যুৱ, শক্তিশালী আৰু প্ৰতিভাশালী নেতাক এইবাৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে লাভ কৰাটো আমাৰ বাবে অতিশয় আনন্দৰ বিষয়।ভাৰত মৰিচাছৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
March 12th, 12:30 pm
১৪০ কোটি ভাৰতীয়ৰ হৈ মৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় দিৱসৰ বাবে পুনৰ মৰিচাছ ভ্ৰমণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মানৰ বিষয়। এই সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলম জী আৰু মৰিচাছ চৰকাৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 12th, 06:07 am
১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 11th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে
March 06th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘৭ লোক কল্যাণ মাৰ্গ’ত সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে। খণ্ডটোত প্ৰযুক্তিগত উন্নতিৰ জৰিয়তে পৰিৱৰ্তন অনা সহকাৰ চে’ সম্ৰুদ্ধি, সমবায়সমূহত যুৱ আৰু মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ পৰিকল্পনা আৰু সমবায় মন্ত্ৰালয়ৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়।এন এক্স টি কনক্লেভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 01st, 11:00 am
আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।এনএক্সটি কনক্লেভত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।Politics is about winning people's hearts, says PM Modi in podcast with Nikhil Kamath
January 10th, 02:15 pm
Prime Minister Narendra Modi engages in a deep and insightful conversation with entrepreneur and investor Nikhil Kamath. In this discussion, they explore India's remarkable growth journey, PM Modi's personal life story, the challenges he has faced, his successes and the crucial role of youth in shaping the future of politics.