ৰাষ্ট্ৰসংঘৰ 'মিলিটেৰী জেণ্ডাৰ এডভোকেট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত হোৱা বাবে মেজৰ অভিলাষা বৰাকক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
June 07th, 02:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেজৰ অভিলাষা বৰাকক ৰাষ্ট্ৰসংঘৰ 'মিলিটেৰী জেণ্ডাৰ এডভোকেট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত হোৱা বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মেজৰ বৰাকে লেবাননত থকা ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীৰ (UNIFIL) অধীনত এগৰাকী এনগেজমেণ্ট টিম কমাণ্ডাৰ আৰু জেণ্ডাৰ ফ’কেল পইণ্ট হিচাপে সেৱা আগবঢ়াই আছে।ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৬ত বিজয়ৰ বাবে ভাৰতীয় মহিলা ফুটবল দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
June 07th, 01:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৬ত খিতাপ অৰ্জন কৰা বাবে ভাৰতীয় মহিলা ফুটবল দলক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে।Yoga is the best way to maintain a healthy lifestyle with minimal expense: PM Modi at World Yogasana Championship in Ahmedabad
June 04th, 06:41 pm
PM Modi inaugurated the first World Yogasana Championship in Ahmedabad, calling yoga India’s timeless gift to humanity and expressing confidence that Yogasana will gain recognition as a competitive sport in global multi-sport events, including the Olympics. Highlighting yoga’s role in health, wellness and healthy ageing, he urged participants to become ambassadors of the ‘Yoga 365’ campaign and spread yoga’s message worldwide.Prime Minister Inaugurates First World Yogasana Championship In Ahmedabad, Gujarat
June 04th, 06:40 pm
PM Modi inaugurated the first World Yogasana Championship in Ahmedabad, calling yoga India’s timeless gift to humanity and expressing confidence that Yogasana will gain recognition as a competitive sport in global multi-sport events, including the Olympics. Highlighting yoga’s role in health, wellness and healthy ageing, he urged participants to become ambassadors of the ‘Yoga 365’ campaign and spread yoga’s message worldwide.চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা যুটীয়া বিবৃতি
May 22nd, 09:31 pm
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০-২৩ মে’ ২০২৬ তাৰিখে চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। ইউৰোপীয় সংঘৰ পৰিষদৰ চাইপ্ৰাছৰ অধ্যক্ষতাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।তেওঁৰ এই ভ্ৰমণে ২০২৫ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চাইপ্ৰাছ ভ্ৰমণৰ আনি দিয়া ঐতিহাসিক গতিক অধিক শক্তি প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ যি ভ্ৰমণে এক কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল আৰু ভাৰত-চাইপ্ৰাছৰ সম্পৰ্কক ফলাফলমুখী তথা কাৰ্যকৰীকৰণ-চালিত পৰ্যায়লৈ লৈ গৈছিল। ৰাজনৈতিক আলোচনাৰ অগ্ৰগতি , ব্যৱসায়িক সংযোগ বৃদ্ধি, প্ৰতিৰক্ষা, যোগাযোগ বৃদ্ধি, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি ২০২৫ চনত জাৰি কৰা যৌথ ঘোষণাপত্ৰখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক দুয়োগৰাকী নেতাই আদৰণি জনায়। বিকশিত ভূ-ৰাজনৈতিক পৰিবেশ আৰু ভাৰত-চাইপ্ৰাছৰ অংশীদাৰিত্বৰ গভীৰতাক স্বীকৃতি দি নেতাদ্বয়ে দ্বিপাক্ষিক সৰ্বাংগীন অংশীদাৰিত্বক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ বিষয়ত সহমতত উপনীত হয়, যাতে নতুন বাস্তৱতা আৰু সুযোগসমূহৰ অন্বেষণ কৰিব পাৰি। ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডছক ২০২৬ চনৰ ২২ মে'ত ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি জনায় ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ।তেওঁ ৰাজঘাটত মহা মানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই চৰকাৰী ভোজৰো আয়োজন কৰে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে ২০২৬ চনৰ ২২ মে’ত নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক সন্দর্ভত ব্যাপক আলোচনা কৰে আৰু বিভিন্ন খণ্ডত দ্বিপাক্ষিক সংযোগৰ নৱীকৃত গতিবেগক লৈ সন্তুষ্টি প্রকাশ কৰে৷ তেওঁলোকে ভাৰত আৰু চাইপ্ৰাছৰ মাজত ভাগ-বাটোৱাৰা কৰা গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসন আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি ঘনিষ্ঠ তথা বিশ্বাসযোগ্য অংশীদাৰিত্বৰ কথা পুনৰ দৃঢ় কৰে। ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা বিশ্বজোৰা বিষয়সমূহতো তেওঁলোকে মত বিনিময় কৰে।কেবিনেটে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (২০৩১-২০৩৫)ক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তিৰ সৈতে সংপৃক্ত কৰাত অনুমোদন জনায়
March 25th, 05:35 pm
ভাৰতৰ জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০৩১ চনৰ পৰা ২০৩৫ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি)ত অনুমোদন জনাইছে। ই ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তিৰ অধীনত দেশৰ উচ্চাকাংক্ষা বৃদ্ধি কৰাৰ লগতে বহনক্ষম উন্নয়ন তথা জলবায়ু সংৰক্ষণৰ প্ৰতি দেশৰ আগ্ৰহকেই প্ৰতিফলিত কৰিছে। ২০৩১-৩৫ চনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। যি কেৱল ২০৪৭ চনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য নহয়, বৰঞ্চ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সমৃদ্ধিশালী আৰু জলবায়ু স্থিতিস্থাপক ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি। ভাৰতে ইয়াৰ জলবায়ু লক্ষ্যসমূহ ভাৰতৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিছে। যাৰ বহুখিনি ইতিমধ্যে নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা হৈছে। পাঁচটা গুণগত লক্ষ্য, দৈনন্দিন জীৱন আৰু শাসন ব্যৱস্থাত বহনক্ষমতাক সন্নিৱিষ্ট কৰা, জলবায়ু-স্থিতিস্থাপক উন্নয়নৰ পথসমূহক প্ৰসাৰ কৰা, আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে এক ন্যায্য আৰু অন্তৰ্ভুক্ত পৰিৱৰ্তন সক্ষম কৰা আদি লক্ষ্যসমূহ স্থিৰ কৰা হৈছে।এন এক্স টি সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 12th, 10:47 pm
আজি, ১২ মাৰ্চ, এক অতি ঐতিহাসিক দিন। ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পৰিৱৰ্তন আছিল কাৰণ এই যাত্ৰাই দেশৰ প্ৰতিটো কোণক এটা লক্ষ্যৰ সৈতে সংযোগ কৰিছিলঃ ভাৰতৰ স্বাধীনতা। আজি, এই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পাছত, আমি ভাৰতীয়সকলে আন এক যাত্ৰা আৰম্ভ কৰিছো। এই যাত্ৰা হৈছে উন্নত ভাৰতৰ (বিকশিত ভাৰত) যাত্ৰা। আমাৰ লক্ষ্য এটা, আমাৰ গন্তব্য এক-উন্নত ভাৰত। আৰু এই লক্ষ্য প্ৰাপ্ত কৰাত, এনে শিখৰত হোৱা মন্থন আৰু সেইবোৰৰ পৰা আহৰণ কৰা অমৃতে এক ডাঙৰ ভূমিকা পালন কৰে। নেক্সট সন্মিলনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ। দেশ আৰু বিশ্বৰ পৰা বহুতো সহকৰ্মী ইয়ালৈ আহিছে; কিছুমান পুৰণি পৰিচিতও। আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছো।এন এক্স টি সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
March 12th, 08:30 pm
প্ৰধানমন্ত্ৰীয়ে আজি আই টিভি নেটৱৰ্কৰ এন এক্স টি সন্মিলনত ভাষণ দাণ্ডি যাত্ৰাৰ ঐতিহাসিক বাৰ্ষিকী উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ অন্বেষণৰ মাজত এখন সমান্তৰাল চিত্ৰ দাঙি ধৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ১৯৩০ চনত দেশখনক স্বাধীনতাৰ দিশত একত্ৰিত কৰাৰ দৰে বৰ্তমানৰ ‘বিকশিত ভাৰত’ অভিযান হৈছে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক লক্ষ্য। ‘আজি সেই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পিছত আমি ভাৰতীয়সকলে পুনৰ এবাৰ ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ বাবে এক নতুন যাত্ৰা আৰম্ভ কৰিছো’, প্ৰধানমন্ত্ৰীয়ে কয়।ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফিনলেণ্ডৰ যুটীয়া বিবৃতি
March 05th, 08:03 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ফিনলেণ্ড গণৰাজ্যৰ ৰাষ্ট্ৰপতি ডঃ আলেকজেণ্ডাৰ ষ্টাব ২০২৬ চনৰ ৪-৭ মাৰ্চত ভাৰতলৈ চৰকাৰী ভ্ৰমণসূচীলৈ আহিছে। ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে ভাৰতলৈ অহা ৰাষ্ট্ৰপতি ষ্টাবে নতুন দিল্লী আৰু মুম্বাই ভ্ৰমণ কৰিছে আৰু তেওঁৰ সৈতে আছে ফিনলেণ্ডৰ জলবায়ু আৰু পৰিৱেশ মন্ত্ৰী শ্ৰীমতী ছাৰী মুল্টালা, ফিনলেণ্ডৰ নিয়োগ মন্ত্ৰী শ্ৰী মাটিয়াছ মাৰ্টিনেন তথা বিষয়া আৰু বাণিজ্যিক নেতৃত্বৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৬ চনৰ ৫ মাৰ্চত নতুন দিল্লীত ৰাইচিনা ডায়ালগৰ একাদশ সংস্কৰণ উদ্বোধন কৰে আৰু ৰাষ্ট্ৰপতি ষ্টাবে মুখ্য অতিথি হিচাপে উদ্বোধনী ভাষণ প্ৰদান কৰে। ২০২৬ চনৰ ফেব্ৰুৱাৰীত এআই ইম্পেক্ট সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী পেট্টেৰি অৰ্পোৰ ভ্ৰমণৰ পাছতে ৰাষ্ট্ৰপতি ষ্টাবৰ এই ভ্ৰমণ।এ আই ইমপেক্ট ছামিটৰ সময়তে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
February 20th, 09:52 pm
২০২৬ চনৰ ২০ ফেব্ৰুৱাৰীত এ আই ইমপেক্ট ছামিটৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান (ইউএনএছজি) শ্ৰী এণ্টনিঅ’ গুটেৰেছৰ সৈতে বৈঠকত মিলিত হয়।১৯ ফেব্ৰুৱাৰীত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 18th, 03:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ ভ্ৰমণ আৰু উদ্বোধন কৰিব। ইয়াৰ পূৰ্বে ১৮ ফেব্ৰুৱাৰীত সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন দেশৰ নেতাসকলক ভাৰত মণ্ডপমত আদৰণি জনাব। ইয়াৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰা কেইবাজনো আন্তৰ্জাতিক নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।২৫ সংখ্যক এছচিঅ’ সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
September 01st, 10:14 am
২৫ সংখ্যক এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। উষ্ম আদৰণি আৰু সু-আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ছিক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।The best days of India–Namibia relations are ahead of us: PM Modi in the parliament of Namibia
July 09th, 08:14 pm
PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.Prime Minister addresses the Namibian Parliament
July 09th, 08:00 pm
PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.ৰিঅ' ডি জেনেৰিঅ' ঘোষণা- অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ
July 07th, 06:00 am
আমি ব্ৰিকছ দেশসমূহৰ নেতাসকল ৬-৭ জুলাই, ২০২৫-ত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'-ত XVII ব্ৰিকছ সন্মিলনৰ বাবে সমবেত হওঁ। এই সন্মিলনৰ বিষয়বস্তু হৈছে অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ।ব্ৰিকছৰ অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ : বিশ্ব শাসনৰ সংস্কাৰ
July 06th, 09:41 pm
সপ্তদশ ব্ৰিকছ সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি লুলাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্ৰাজিলৰ গতিশীল অধ্যক্ষতাৰ অধীনত আমাৰ ব্ৰিকছৰ সহযোগিতাই সতেজ গতি আৰু সজীৱতা লাভ কৰিছে৷ আৰু কওঁ—আমি যি শক্তি পাইছো সেয়া কেৱল এস্প্ৰেছ’ নহয়; ই এটা ডাবল এস্প্ৰেছ’ শ্বট! ইয়াৰ বাবে মই ৰাষ্ট্ৰপতি লুলাৰ দৃষ্টিভংগী আৰু তেওঁৰ অটল দায়বদ্ধতাক শলাগ লৈছো। ভাৰতৰ হৈ মোৰ বন্ধু ৰাষ্ট্ৰপতি প্ৰব’ৱ’লৈ ইণ্ডোনেছিয়া ব্ৰিকছ পৰিয়ালত অন্তৰ্ভুক্ত হোৱাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো।বহুপাক্ষিক, অৰ্থনৈতিক-বিত্তীয় বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ সন্দৰ্ভত ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 06th, 09:40 pm
সম্প্ৰসাৰিত ব্ৰিকছ পৰিয়ালৰ এই বৈঠকত মোৰ বন্ধুবৰ্গৰ সৈতে অংশগ্ৰহণ কৰাটো মোৰ বাবে অতি আনন্দৰ বিষয়। ব্ৰিকছ আউটৰিচ সন্মিলনত লেটিন আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে মোৰ মতামত বিনিময় কৰাৰ সুযোগ দিয়াৰ বাবে ৰাষ্ট্ৰপতি লুলাক মই আন্তৰিক ধন্যবাদ জনাইছো।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
July 06th, 09:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬-৭ জুলাই, ২০২৫ত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনত আজি অংশগ্ৰহণ কৰে। নেতাসকলে বিশ্ব প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ, গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ বৃদ্ধি, শান্তি আৰু নিৰাপত্তা, বহুপাক্ষিকতা শক্তিশালী কৰা, উন্নয়নৰ বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তা আদিকে ধৰি ব্ৰিকছৰ কাৰ্যসূচীৰ বিভিন্ন বিষয়ৰ ওপৰত ফলপ্ৰসূ আলোচনাত মিলিত হয় । প্ৰধানমন্ত্ৰীয়ে উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল আয়োজনৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে।ত্ৰিনিদাদ আৰু ট’বেগোৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 04th, 09:30 pm
এখন গৌৰৱপূৰ্ণ গণতন্ত্ৰ আৰু এখন বন্ধুত্বপূৰ্ণ দেশৰ নিৰ্বাচিত প্ৰতিনিধি, আপোনালোকৰ সন্মুখত থিয় দি মই নিজকে অতি সন্মানিত অনুভৱ কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোৰ সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰে
July 04th, 09:00 pm
চিনেটৰ অধ্যক্ষ মহামহিম ৱেড মাৰ্ক আৰু সদনৰ অধ্যক্ষ মহামহিম জগদেও সিঙৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোৰ [T&T] সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰে। ইয়াৰ জৰিয়তে তেখেত দেশখনৰ সংসদত ভাষণ প্ৰদান কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় আৰু এই কাৰ্য্য ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ দ্বিপাক্ষিক সম্পৰ্কত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।