জি-৭ সন্মিলনৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 17th, 12:36 am
দুয়োগৰাকী নেতাই যোৱা বছৰ প্ৰধানমন্ত্ৰীদ্বয়ৰ পাৰস্পৰিক ভ্ৰমণৰ পিছৰে পৰা ভাৰত-ব্ৰিটেইনৰ শক্তিশালী হোৱা সম্পৰ্কৰ পৰ্যালোচনা কৰে তথা বাণিজ্য আৰু অৰ্থনৈতিক বিকাশ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু সম্পৰ্কীয় কাৰ্য্যব্যৱস্থা আৰু সেউজ শক্তি, প্ৰযুক্তি আৰু উদ্ভাৱন, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি ভিজন ২০৩৫ৰ সকলো দিশৰ অগ্ৰগতিক আদৰণি জনায়। নেতাদ্বয়ে ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি অচিৰেই কাৰ্যকৰী হোৱা সন্দৰ্ভত আগ্ৰহ প্ৰকাশ কৰে। বেংগালুৰুত লিভাৰপুল বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন তথা মুম্বাইত য়ৰ্ক বিশ্ববিদ্যালয় আৰু ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন সম্পৰ্কীয় শেহতীয়া অগ্ৰগতিৰ কথা উল্লেখ কৰি উভয়ে শক্তিশালী শিক্ষা অংশীদাৰিত্বত সন্তুষ্টি প্ৰকাশ কৰে।বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
June 10th, 11:50 pm
প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।UK Foreign Secretary meets Prime Minister
June 04th, 09:56 pm
PM Modi met UK Foreign Secretary Yvette Cooper and appreciated the deepening India-UK partnership, highlighting the unprecedented growth opportunities emerging for both nations. He reaffirmed that the India-UK Vision 2035 will continue to guide bilateral cooperation and strengthen joint efforts for global good.ইজৰাইলৰ সংসদ নেচেটত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ
February 25th, 08:20 pm
এই বিশিষ্ট সদনৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয় । মই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু আন এটা প্ৰাচীন সভ্যতাক সম্বোধন কৰা প্ৰতিনিধি হিচাপেও সেয়াই অনুভৱ কৰিছো। মই মোৰ লগত লৈ আহিছো ১.৪ বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা আৰু বন্ধুত্ব, সন্মান তথা অংশীদাৰিত্বৰ বাৰ্তা।ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
February 25th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত ইজৰাইলৰ সংসদ নেচেটৰ বিশেষ পূৰ্ণাংগ সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে ইজৰাইলৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।১৬ ফেব্ৰুৱাৰীত ইণ্ডিয়া এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ৰ’লছ-ৰয়েচৰ চিইঅ’ৰ
February 11th, 10:24 pm
ৰ’লছ-ৰয়েচৰ চিইঅ’ শ্ৰী টুফান এৰগিনবিলজিকে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয়, “ভাৰতত ৰ’লছ-ৰয়েচৰ কাৰ্য্যকলাপ বৃদ্ধি তথা আমাৰ উদ্ভাৱনীমূলক আৰু গতিশীল যুৱক-যুৱতীসকলৰ সৈতে অংশীদাৰিত্বৰ অৰ্থে উৎসাহক আদৰণি জনাইছো।”ভাৰত-ব্ৰিটেইন যুটীয়া বিবৃতি
October 09th, 03:24 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰে ৮-৯ অক্টোবৰ ২০২৫ চনত ভাৰত ভ্ৰমণ কৰে।প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে ব্যৱসায় আৰু বাণিজ্য বিভাগৰ ৰাজ্যিক সচিব আৰু বাণিজ্য ব’ৰ্ডৰ সভাপতি পিটাৰ কাইল সাংসদ, স্কটলেণ্ডৰ ৰাজ্যিক সচিব ডগলাছ আলেকজেণ্ডাৰ সাংসদ, বিনিয়োগ মন্ত্ৰী জেছন ষ্টকউড আৰু ১২৫ জন চিইঅ’, উদ্যোগী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সাংস্কৃতিক নেতা আৰু মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে।ফলাফলৰ তালিকাঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
October 09th, 01:55 pm
ব্ৰিটেইন-ভাৰত গুৰুত্বপূৰ্ণ খনিজ যোগান শৃংখল মানৱ নিৰীক্ষণ কেন্দ্ৰৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি আৰু আই আই টি-আই এছ এম ধনবাদত নতুন উপগ্ৰহ চৌহদ স্থাপন।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম চৰকাৰী ভাৰত ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ আদৰণি
October 08th, 12:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী মহামান্য কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ঐতিহাসিক ভাৰত ভ্ৰমণৰ সময়ত উষ্ম আদৰণি জনায়। এই ভ্ৰমণত তেওঁক ব্ৰিটেইনৰ সৰ্ববৃহৎ বাণিজ্যিক প্ৰতিনিধি দলে সংগ দিছে।স্বৰাজ পালৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 22nd, 09:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৰাজ পালৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।তামিলনাডিৰ তুতিকোড়িত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 26th, 08:16 pm
ৱনক্কম! তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, মোৰ কেবিনেট সতীৰ্থ কিঞ্জাৰাপু ৰামমোহন নাইডু জি, ড° এল মুৰুগান জী, তামিলনাডুৰ মন্ত্ৰী থাংগম টেন্নাৰছু জী, ড° টি.আৰ.বি. ৰাজা জী, পি গীতা জীৱন জী, অনিতা আৰ ৰাধাকৃষ্ণন জি, সাংসদ কানিমোজি জী, তামিলনাডু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা আমাৰ বিধায়ক নয়নাৰ নগেন্দ্ৰন জী আৰু মোৰ তামিলনাডুৰ ভাই-ভনীসকল!তামিলনাডুৰ থুথুকুড়িত ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ এলানি উন্নয়ণমূলক প্ৰকল্পৰ উদ্বোধন তথা উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
July 26th, 07:47 pm
তামিলনাডুৰ থুথুকুড়িত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৮০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এয়া হৈছে একাধিক খণ্ডত যুগান্তকাৰী প্ৰকল্পৰ শৃংখলা যিয়ে আঞ্চলিক সংযোগ যথেষ্ট বৃদ্ধি কৰিব, লজিষ্টিক দক্ষতা বৃদ্ধি কৰিব, স্বচ্ছ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰিব, আৰু সমগ্ৰ তামিলনাডুৰ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰিব। ‘কাৰ্গিল বিজয় দিৱস’ উপলক্ষে শ্ৰীযুত মোদীয়ে কাৰ্গিলৰ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বীৰ যোদ্ধাসকলক প্ৰণাম জনাই ৰাষ্ট্ৰৰ বাবে চূড়ান্ত ত্যাগ কৰা শ্বহীদসকললৈ আন্তৰিক শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।২৬-২৭ জুলাইত তামিলনাডু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 25th, 10:09 am
ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ পৰা উভতি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ জুলাইৰ নিশা প্ৰায় ৮ বজাত তামিলনাডুৰ টুটিকোৰিনত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত ৪৮০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহামহিম ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 24th, 11:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহামহিম ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰে। মহামহিম ৰজা তৃতীয় চাৰ্লছৰ গ্ৰীষ্মকালীন বাসগৃহ চেণ্ড্ৰিংহাম এষ্টেটত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে।ভাৰত আৰু গ্ৰেট ব্ৰিটেইনৰ ব্যৱসায়িক মুৰব্বীসকলৰ সৈতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
July 24th, 07:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰে ঐতিহাসিক ভাৰত– ব্ৰিটেইনৰ ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি [চিইটিএ] স্বাক্ষৰ কৰাৰ পিছত আজি ভাৰত আৰু ব্ৰিটেইনৰ ব্যৱসায়িক মুৰব্বীসকলক সাক্ষাৎ কৰে। বৈঠকত স্বাস্থ্য, ঔষধ, ৰত্ন আৰু গহনা, অ’টোমোবাইল, শক্তি, উৎপাদন, টেলিকম, প্ৰযুক্তি, আই টি, লজিষ্টিক, বস্ত্ৰশিল্প আৰু বিত্তীয় সেৱা খণ্ডৰ দুয়োপক্ষৰ অগ্ৰণী উদ্যোগৰ মুৰব্বীসকল উপস্থিত থাকে। এই খণ্ডসমূহে দুয়োখন দেশৰ নিয়োগ সৃষ্টি আৰু সৰ্বাংগীন অৰ্থনৈতিক উন্নয়নত যথেষ্ট অৰিহণা যোগায়।ভাৰত-ইউকে ভিজন ২০৩৫
July 24th, 07:12 pm
ভাৰত আৰু যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীয়ে, ২০২৫ চনৰ ২৪ জুলাইত লণ্ডনত হোৱা তেওঁলোকৰ বৈঠকৰ সময়ত নতুন ভাৰত-ইউকে ভিজন ২০৩৫ৰ প্ৰতি সমৰ্থন আগবঢ়ায় যিয়ে এক পুনৰুজ্জীৱিত অংশীদাৰিত্বৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰাৰ বাবে তেওঁলোকৰ উমৈহতীয়া প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। এই উচ্চাকাংক্ষী আৰু ভৱিষ্যৎ-কেন্দ্ৰিক চুক্তিয়ে দুয়োখন দেশৰ পাৰস্পৰিক বৃদ্ধি, সমৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ লগতে দ্ৰুত গোলকীয় পৰিৱৰ্তনৰ এই সময়ত এখন সমৃদ্ধিশালী, নিৰাপদ আৰু বহনক্ষম পৃথিৱী গঢ় দিয়াৰ সংকল্প আলোকপাত কৰে।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:20 pm
প্ৰথমে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ উষ্ম আদৰণিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সম্পাদিত হোৱাত মই সুখী অনুভৱ কৰিছোঁ।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰে সৈতে বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:00 pm
এই আদৰণিৰ বাবে, এই ভব্য সন্মানৰ বাবে আৰু আজি আমি চেকাৰ্ছত এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ ওলাইছো আৰু ভাৰত আৰু ব্ৰিটেইনে একেলগে নতুন ইতিহাসৰ ভেটি গঢ়িছে।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 24th, 03:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৩-২৪ জুলাই, ২০২৫লৈ গ্ৰেট ব্ৰিটেইন ভ্ৰমণৰ সময়ত গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে বৈঠকত মিলিত হয়। বাকিংহামশ্বাৰৰ চেকাৰছত থকা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে তেওঁক প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে উষ্ম আদৰণি জনায়। দুয়োগৰাকী নেতাই পাৰস্পৰিক বৈঠকৰ লগতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হয়।