ভিচিৰ জৰিয়তে স্কাইৰুটৰ ইনফিনিটি কেম্পাছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 27th, 11:01 am
কেবিনেটত মোৰ সতীৰ্থ শ্ৰী জি. কিষাণ ৰেড্ডী জী; অন্ধ্ৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী শ্ৰী টি. জি. ভাৰত জী; ইন-স্পেচৰ অধ্যক্ষ শ্ৰী পৱন গোৱেংকা জী; স্কাইৰুট টীম; আন-আন গণ্যমান্য ব্যক্তি; ভদ্ৰলোক আৰু মহিলাসকল!ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 27th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেলেংগানাৰ হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ৰাষ্ট্ৰই মহাকাশ খণ্ডত এক অভূতপূৰ্ব সুযোগ প্ৰত্যক্ষ কৰিছে আৰু ব্যক্তিগত খণ্ডই উৰা মৰাৰ লগে লগে ভাৰতৰ মহাকাশ পৰিবেশতন্ত্ৰই এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে স্কাইৰুটৰ ইনফিনিটি কেম্পাছে ভাৰতৰ নতুন চিন্তাধাৰা, উদ্ভাৱন আৰু যুৱ শক্তিক প্ৰতিফলিত কৰে আৰু দেশৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱন, বিপদাশংকা গ্ৰহণৰ ক্ষমতা আৰু উদ্যমিতাই নতুন শিখৰত উপনীত হৈছে। শ্ৰী মোদীয়ে কয় যে আজিৰ কাৰ্যসূচীয়ে আগন্তুক সময়ত বিশ্বৰ উপগ্ৰহ উৎক্ষেপণ পৰিস্থিতিতন্ত্ৰত ভাৰত কেনেদৰে অগ্ৰণী হৈ উঠিব তাৰ প্ৰতিফলন। তেওঁ শ্ৰী পৱন কুমাৰ চন্দনা আৰু শ্ৰী নাগা ভাৰত ডাকাক শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে দুয়োজন যুৱ উদ্যমীয়ে সমগ্ৰ দেশৰ অগণন যুৱ মহাকাশ উদ্যমীৰ বাবে অনুপ্ৰেৰণা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে দুয়োজনে নিজকে বিশ্বাস কৰিছিল, বিপদাশংকা গ্ৰহণ কৰিবলৈ সংকোচ কৰা নাছিল আৰু ইয়াৰ ফলস্বৰূপে সমগ্ৰ ৰাষ্ট্ৰই আজি তেওঁলোকৰ সফলতা প্ৰত্যক্ষ কৰিছে, দেশখনে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছে।ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 23rd, 11:00 am
ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘আৰ্য্যভট্টৰ পৰা গগনযানলৈ: প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ’। ইয়াত অতীতৰ আত্মবিশ্বাসৰ লগতে ভৱিষ্যতৰ সংকল্পও সন্নিৱিষ্ট কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমাৰ যুৱক-যুৱতীসকলৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে। এইটো সঁচাকৈয়ে দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ সকলো বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ ভাৰতে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড’ আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰে। এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান নেতৃত্বৰ প্ৰতীক।২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 23rd, 10:30 am
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি এইবাৰৰ বিষয়বস্তু “আৰ্য্যভটৰ পৰা গগনযানলৈ” ভাৰতৰ অতীতৰ আত্মবিশ্বাস আৰু ভৱিষ্যতৰ সংকল্প দুয়োটাকে প্ৰতিফলিত কৰে বুলি আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে, যিটো জাতীয় গৌৰৱৰ বিষয়। তেওঁ মহাকাশ খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিকে ধৰি বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বৰ্তমান জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড আয়োজন কৰি আছে, য’ত ষাঠিখনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱকে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে এই অনুষ্ঠানত বহু ভাৰতীয় অংশগ্ৰহণকাৰীয়ে পদক লাভ কৰাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান বিশ্ব নেতৃত্বৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলৰ মাজত মহাকাশৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।ত্ৰিনিদাদ আৰু টোবাগোৰ ভাৰতীয় সমাজক প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
July 04th, 05:56 am
আজি সন্ধিয়াটো আপোনালোক সকলোৰে সৈতে কটাবলৈ পোৱাটো মোৰ বাবে অসীম গৌৰৱ আৰু আনন্দৰ কথা। প্ৰধানমন্ত্ৰী কমলা ডাঙৰীয়াণীক তেওঁৰ উষ্ম আতিথ্য আৰু সৌহাৰ্দ্যপূৰ্ণ কথা-বতৰাৰ বাবে ধন্যবাদ জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোত সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
July 04th, 04:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোত প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই অনুষ্ঠানত ত্ৰিনিদাদ আৰু টোবাগো গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম কমলা প্ৰসাদ-বিছেছৰ, তেওঁৰ কেবিনেটৰ সদস্যসকল, সংসদৰ সদস্য আৰু আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াত প্ৰধানমন্ত্ৰীগৰাকীক প্ৰবাসীসকলে ব্যতিক্ৰমীভাৱে আদৰণি জনোৱাৰ লগতে ভাৰত-ত্ৰিনিদাদৰ বৰ্ণিল পৰম্পৰা প্ৰদৰ্শন কৰে।প্ৰধানমন্ত্ৰী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰে মত-বিনিময় কৰে
June 16th, 02:17 am
, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে আজি লিমাছলত চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে মত-বিনিময় কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন, প্ৰতিৰক্ষা, লজিষ্টিক, সামুদ্ৰিক, জাহাজ, প্ৰযুক্তি, উদ্ভাৱন, ডিজিটেল প্ৰযুক্তি, এআই, আইটি সেৱা, পৰ্যটন আৰু ম’বিলিটি আদি একাধিক খণ্ডক প্ৰতিনিধিত্ব কৰে।চাইপ্ৰাছত অনুষ্ঠিত ভাৰত-চাইপ্ৰাছ বিজনেছ ৰাউণ্ডটেবুল মিটিঙত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
June 15th, 11:10 pm
প্ৰথমে ৰাষ্ট্ৰপতি মহোদয়লৈ আজি মোক বিমানবন্দৰত নিজে আদৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে ইমান ডাঙৰ ৰাউণ্ড টেবুল আয়োজনৰ বাবে তেওঁক মই গভীৰ কৃতজ্ঞতা জনালোঁ। লগতে মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ ইতিবাচক চিন্তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত আয়োজিত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, সঞ্জয় ছেঠ জী, চিডিএছ- জেনেৰেল অনিল চৌহান জী, তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, আন-আন অতিথি আৰু এনচিচিৰ মোৰ মৰমৰ বন্ধুসকল!এন চি চিৰ বাৰ্ষিক পি এম ৰেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
January 27th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কৰিয়াপ্পা পেৰেড খেলপথাৰত বাৰ্ষিক নেচনেল কেডেট কৰ্পছৰ পিএম ৰেলীত ভাষণ আগবঢ়ায়। শ্ৰী মোদীয়ে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰি শ্ৰেষ্ঠ কেডেট বঁটা প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষে সমাৱেশক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে ১৮খন বন্ধুত্বপূৰ্ণ দেশৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় ১৫০জন কেডেটক আদৰণি জনায়। তেওঁ মেৰা যুৱ ভাৰত (MY Bharat) পৰ্টেলৰ জৰিয়তে ভাৰ্চুৱেলি যোগদান কৰা সমগ্ৰ ভাৰতৰ যুৱক-যুৱতীসকলক অভিনন্দন জনায়।নাইজেৰিয়াত ভাৰতীয় সমুদায়ৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 17th, 07:20 pm
আজি আবুজাৰ পৰিৱেশ সঁচাকৈয়ে বৰ মনোৰম অনুভৱ হৈছে। যোৱা সন্ধিয়াৰ পৰা যিমানখিনি প্ৰত্যক্ষ কৰিছো তাৰ পৰা প্ৰায় এনে লাগিছে যেন মই আবুজাত নহয়, ভাৰতৰ এখন চহৰত আছো। আপোনালোকৰ বহুতেই লাগোছ, কানো, কাডুনা, প’ৰ্ট হাৰক’ৰ্টৰ দৰে বিভিন্ন ঠাইৰ পৰা আহি আপোনাৰ বৈচিত্ৰময় মনোশক্তিবোৰ লগত লৈ আহিছে। আপোনালোকৰ চকুত দেখা উল্লাস আৰু মনৰ পৰা ওলোৱা উষ্মাই ইয়াত থকাৰ আপোনাৰ আগ্ৰহৰ বিষয়ে বহু কথাই কৈ গৈছে। ময়ো আপোনালোক সকলোকে লগ পোৱাৰ এই মুহূৰ্তটোলৈ আগ্ৰহেৰে বাট চাই আছিলো। আপোনালোকৰ মৰম আৰু সস্নেহ মোৰ বাবে অমূল্য, আৰু আপোনাৰ লগত ইয়াত থকা, এই বিনিময় কৰা মুহুৰ্তবোৰ মোৰ হৃদয়ত চিৰদিনৰ বাবে থাকিব।PM Modi addresses Indian community in Nigeria
November 17th, 07:15 pm
PM Modi, addressing the Indian diaspora in Abuja, Nigeria, celebrated India's global progress, highlighting achievements in space, manufacturing, and defense. He praised the Indian community's contributions to Nigeria's development and emphasized India's role as a global leader in welfare, innovation, and peace, with a vision for a Viksit Bharat by 2047.অষ্ট্ৰিয়াৰ ভিয়েনাত ভাৰতীয় সসমাজক সম্বোধি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 10th, 11:00 pm
তেন্তে মই আৰম্ভ কৰো নে? অষ্ট্ৰিয়াৰ মহামান্য অৰ্থনীতি আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী মহোদয়, প্ৰবাসী ভাৰতীয় সমাজৰ মোৰ বন্ধুসকল, ভাৰতৰ সকলো বন্ধু আৰু শুভাকাংক্ষীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াত ভাৰতীয় সমুদায়ক সম্বোধন কৰে
July 10th, 10:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনাত প্ৰবাসী ভাৰতীয়ই তেওঁৰ সন্মানত আয়োজন কৰা এক অনুষ্ঠানত ভাৰতীয় সমুদায়ক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ আগমনত প্ৰবাসী ভাৰতীয় সমুদায়ে তেওঁক অতি উৎসাহ আৰু মৰমেৰে আদৰণি জনায়। অষ্ট্ৰিয়াৰ ফেডাৰেল শ্ৰম আৰু অৰ্থনীতি মন্ত্ৰী মহামহিম শ্ৰী মাৰ্টিন কোচাৰেও এই সামুদায়িক সভাত অংশগ্ৰহণ কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্ট-আপ মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 20th, 10:40 am
বহুতে ষ্টাৰ্টআপ আৰম্ভ কৰে আৰু ৰাজনীতিত ই আৰু অধিক আৰু সেইবোৰ বাৰে বাৰে আৰম্ভ কৰিবলগীয়া হয়। আপোনালোক আৰু তেওঁলোকৰ মাজৰ পাৰ্থক্যটো হ’ল আপোনালোকে পৰীক্ষামূলক, যদি এটা সফল নহয়, তেন্তে আপোনালোকে লগে লগে আনটোলৈ আগবাঢ়ি যায়। এতিয়া ইয়াৰ দেৰি হৈ আহিছে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্ট-আপ মহাকুম্ভ উদ্বোধন কৰে
March 20th, 10:36 am
ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ষ্টাৰ্ট-আপ মহাকুম্ভৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে ২০৪৭ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ বাবে কামৰ ৰোডমেপত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত কেইটামান দশকত তথ্য-প্ৰযুক্তি আৰু চফ্টৱেৰ খণ্ডত ভাৰতে নিজৰ নাম উজলাই তোলাৰ ওপৰত আলোকপাত কৰে তথা উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ সংস্কৃতিৰ উদীয়মান ধাৰাসমূহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টাৰ্ট-আপ জগতৰ লোকসকলৰ উপস্থিতিয়ে আজিৰ এই অনুষ্ঠানৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰিছে। দেশৰ ষ্টাৰ্ট-আপৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইসমূহক সফল কৰি তোলা প্ৰতিভাৰ উপাদানটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেখেতে বিনিয়োগকাৰী, ইনকিউবেটৰ, শিক্ষাবিদ, গৱেষক, উদ্যোগৰ সদস্য তথা বৰ্তমান আৰু ভৱিষ্যতৰ উদ্যোগীসকলৰ উপস্থিতি স্বীকাৰেৰে কয়, “এয়া সঁচাকৈয়ে এক অভূতপূৰ্ব শক্তি আৰু অনুভূতি সৃষ্টিকাৰী সঠিক ৰূপৰ এক মহাকুম্ভ।” প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰীড়া আৰু প্ৰদৰ্শনীৰ ষ্টলসমূহ ভ্ৰমণৰ সময়তো অনুভূত একে অনুভৱৰ কথা উল্লেখেৰে ইয়াত নিজ-নিজ উদ্ভাৱনসমূহ অতি গৌৰৱেৰে প্ৰদৰ্শন কৰা হৈছে বুলি কয়। “ষ্টাৰ্ট-আপ মহাকুম্ভলৈ অহা সকলো ভাৰতীয়ই ভৱিষ্যতৰ ইউনিকৰ্ণ আৰু ডেকাকৰ্ণক প্ৰত্যক্ষ কৰিব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।Last 10 years will be known for the historic decisions of the government: PM Modi
February 07th, 02:01 pm
Prime Minister Narendra Modi replied to the Motion of Thanks on the President's address to Parliament in Rajya Sabha. Addressing the House, PM Modi said that the 75th Republic Day is a significant milestone in the nation’s journey and the President during her address spoke about India’s self-confidence. PM Modi underlined that in her address, the President expressed confidence about India’s bright future and acknowledged the capability of the citizens of India.ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
February 07th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ
February 05th, 05:44 pm
মই ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱ জনাবলৈ থিয় হৈছো৷ যেতিয়া সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদৰ এই নতুন ভৱনত আমাক সকলোকে সম্বোধন কৰিবলৈ আহিছিল আৰু যি গৌৰৱ আৰু সন্মানেৰে ছেংগোলে সমগ্ৰ যাত্ৰাটোক নেতৃত্ব দিছিল আৰু আমি সকলোৱে ইয়াক অনুসৰণ কৰিছিলোঁ৷ নতুন সদনত এই নতুন পৰম্পৰা যেতিয়া ভাৰতৰ স্বাধীনতাৰ সেই পবিত্ৰ মুহূৰ্তৰ প্ৰতিফলন হৈ পৰে, তেতিয়া গণতন্ত্ৰৰ মৰ্যাদা বহুগুণে বৃদ্ধি পায়। ৭৫সংখ্যক গণৰাজ্য দিৱস, নতুন সংসদ ভৱন, ছেংগোলৰ নেতৃত্ব, এই গোটেই দৃশ্যটো সঁচাকৈয়ে অতি আকৰ্ষণীয় আছিল। যেতিয়া মই তাৰ পৰাই সমগ্ৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিলো। ইয়াৰ পৰা আমি ইমান ভব্যতা দেখা নাপাওঁ। কিন্তু তাৰ পৰাই যেতিয়া দেখিলোঁ যে নতুন সদনত ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি মৰ্যাদা সহকাৰে উপস্থিতি আছিল, সেই দৃশ্যই আমাৰ সকলোকে আপ্লুত কৰিছিল, যিটো আমি সদায় মনত ৰাখিম। ৬০জনতকৈ অধিক সন্মানীয় সদস্যই ৰাষ্ট্ৰপতিলৈ ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছে। মতামত আগবঢ়োৱা আমাৰ সকলো সন্মানীয় সাংসদলৈ বিনম্ৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিৰোধীয়ে যি সংকল্প লৈছে তাৰ মই বিশেষ শলাগ লৈছো। তেওঁৰ ভাষণৰ প্ৰতিটো শব্দই মোৰ আৰু দেশৰ আস্থাক নিশ্চিত কৰিছে যে তেওঁ বহুদিন তাত থাকিবলৈ সংকল্প লৈছে। আপোনালোকে যেনেকৈ বহু দশক ইয়াত বহি আছিল, বহু দশক ধৰি বহি থকাৰ সংকল্প আৰু জনসাধাৰণৰ সমৰ্থন ঈশ্বৰৰ ৰূপ। আৰু আজিকালি আপোনালোকে যিদৰে কঠোৰ পৰিশ্ৰম কৰিছে। মোৰ দৃঢ় বিশ্বাস যে ঈশ্বৰসদৃশ জনতা জনাৰ্দনে আপোনালোকক নিশ্চয় আশীৰ্বাদ দিব। আৰু আপানালোকে যিটো স্থানত আছে তাতকৈ উচ্চ উচ্চতাত নিশ্চয়কৈ উপনীত হ’ব আৰু পৰৱৰ্তী নিৰ্বাচনত দৰ্শকৰ শাৰীত প্ৰত্যক্ষ কৰিব৷ অধিৰ ৰঞ্জন জী এইবাৰ আপোনাৰ কন্ট্ৰেক্ট দিছে তেওঁক দিছে নেকি? আপুনি এইবোৰ সামগ্ৰীকে যোগান ধৰিছে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
February 05th, 05:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দিয়ে।