শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 05th, 07:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 05th, 07:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 08th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানটোত নিহিত হৈ থকা গভীৰ আবেগিক অনুৰণনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৌহদৰ সজীৱতা, সপোনেৰে ভৰা পৰিৱেশৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্মৰণ কৰাৰ লগতে এতিয়া স্নাতকসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আজি এই চৌহদত আপোনালোকৰ সৈতে উপস্থিত থকাৰ এই অবিশ্বাস্য অভিজ্ঞতা মোৰ বাবে অতি বিশেষ।আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 08th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানটোত নিহিত হৈ থকা গভীৰ আবেগিক অনুৰণনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৌহদৰ সজীৱতা, সপোনেৰে ভৰা পৰিৱেশৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্মৰণ কৰাৰ লগতে এতিয়া স্নাতকসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আজি এই চৌহদত আপোনালোকৰ সৈতে উপস্থিত থকাৰ এই অবিশ্বাস্য অভিজ্ঞতা মোৰ বাবে অতি বিশেষ।ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:47 pm
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 07th, 05:30 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ যুটীয়া বিবৃতি
July 02nd, 10:22 pm
অংশীদাৰিত্ব বৃদ্ধি, সমৃদ্ধি আৰু স্থিতিস্থাপকতাৰ বাবে কৌশলগত অভিসৰণ তথা বিশ্বাসৰ ধাৰাক আগুৱাই নিয়াৰ সংকল্পমুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন মঞ্চ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 18th, 12:07 pm
মোৰ মৰমৰ বন্ধু, সন্মানীয় ৰাষ্ট্ৰপতি মেক্ৰ’, দুয়োখন দেশৰ উদ্ভাৱকসকল, নমস্কাৰ! বনজৌৰ!ষ্টাৰ্টআপ ইণ্ডিয়াৰ এটা দশক উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 16th, 01:30 pm
আজি আমি সকলোৱে ইয়াত এক এক বিশেষ অনুষ্ঠানত একত্ৰিত হৈছো। ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানত ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক তথা উদ্ভাৱকৰ এই সমাৱেশৰ জৰিয়তে মই মোৰ সন্মুখত দেখিছোঁ এখন নতুন আৰু বিকশিত ভাৰতৰ ভৱিষ্যতৰ ছবি।ভিচিৰ জৰিয়তে স্কাইৰুটৰ ইনফিনিটি কেম্পাছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 27th, 11:01 am
কেবিনেটত মোৰ সতীৰ্থ শ্ৰী জি. কিষাণ ৰেড্ডী জী; অন্ধ্ৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী শ্ৰী টি. জি. ভাৰত জী; ইন-স্পেচৰ অধ্যক্ষ শ্ৰী পৱন গোৱেংকা জী; স্কাইৰুট টীম; আন-আন গণ্যমান্য ব্যক্তি; ভদ্ৰলোক আৰু মহিলাসকল!ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 27th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেলেংগানাৰ হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ৰাষ্ট্ৰই মহাকাশ খণ্ডত এক অভূতপূৰ্ব সুযোগ প্ৰত্যক্ষ কৰিছে আৰু ব্যক্তিগত খণ্ডই উৰা মৰাৰ লগে লগে ভাৰতৰ মহাকাশ পৰিবেশতন্ত্ৰই এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে স্কাইৰুটৰ ইনফিনিটি কেম্পাছে ভাৰতৰ নতুন চিন্তাধাৰা, উদ্ভাৱন আৰু যুৱ শক্তিক প্ৰতিফলিত কৰে আৰু দেশৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱন, বিপদাশংকা গ্ৰহণৰ ক্ষমতা আৰু উদ্যমিতাই নতুন শিখৰত উপনীত হৈছে। শ্ৰী মোদীয়ে কয় যে আজিৰ কাৰ্যসূচীয়ে আগন্তুক সময়ত বিশ্বৰ উপগ্ৰহ উৎক্ষেপণ পৰিস্থিতিতন্ত্ৰত ভাৰত কেনেদৰে অগ্ৰণী হৈ উঠিব তাৰ প্ৰতিফলন। তেওঁ শ্ৰী পৱন কুমাৰ চন্দনা আৰু শ্ৰী নাগা ভাৰত ডাকাক শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে দুয়োজন যুৱ উদ্যমীয়ে সমগ্ৰ দেশৰ অগণন যুৱ মহাকাশ উদ্যমীৰ বাবে অনুপ্ৰেৰণা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে দুয়োজনে নিজকে বিশ্বাস কৰিছিল, বিপদাশংকা গ্ৰহণ কৰিবলৈ সংকোচ কৰা নাছিল আৰু ইয়াৰ ফলস্বৰূপে সমগ্ৰ ৰাষ্ট্ৰই আজি তেওঁলোকৰ সফলতা প্ৰত্যক্ষ কৰিছে, দেশখনে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছে।ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 23rd, 11:00 am
ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘আৰ্য্যভট্টৰ পৰা গগনযানলৈ: প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ’। ইয়াত অতীতৰ আত্মবিশ্বাসৰ লগতে ভৱিষ্যতৰ সংকল্পও সন্নিৱিষ্ট কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমাৰ যুৱক-যুৱতীসকলৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে। এইটো সঁচাকৈয়ে দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ সকলো বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ ভাৰতে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড’ আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰে। এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান নেতৃত্বৰ প্ৰতীক।২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 23rd, 10:30 am
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি এইবাৰৰ বিষয়বস্তু “আৰ্য্যভটৰ পৰা গগনযানলৈ” ভাৰতৰ অতীতৰ আত্মবিশ্বাস আৰু ভৱিষ্যতৰ সংকল্প দুয়োটাকে প্ৰতিফলিত কৰে বুলি আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে, যিটো জাতীয় গৌৰৱৰ বিষয়। তেওঁ মহাকাশ খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিকে ধৰি বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বৰ্তমান জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড আয়োজন কৰি আছে, য’ত ষাঠিখনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱকে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে এই অনুষ্ঠানত বহু ভাৰতীয় অংশগ্ৰহণকাৰীয়ে পদক লাভ কৰাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান বিশ্ব নেতৃত্বৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলৰ মাজত মহাকাশৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।ত্ৰিনিদাদ আৰু টোবাগোৰ ভাৰতীয় সমাজক প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
July 04th, 05:56 am
আজি সন্ধিয়াটো আপোনালোক সকলোৰে সৈতে কটাবলৈ পোৱাটো মোৰ বাবে অসীম গৌৰৱ আৰু আনন্দৰ কথা। প্ৰধানমন্ত্ৰী কমলা ডাঙৰীয়াণীক তেওঁৰ উষ্ম আতিথ্য আৰু সৌহাৰ্দ্যপূৰ্ণ কথা-বতৰাৰ বাবে ধন্যবাদ জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোত সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
July 04th, 04:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোত প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই অনুষ্ঠানত ত্ৰিনিদাদ আৰু টোবাগো গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম কমলা প্ৰসাদ-বিছেছৰ, তেওঁৰ কেবিনেটৰ সদস্যসকল, সংসদৰ সদস্য আৰু আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াত প্ৰধানমন্ত্ৰীগৰাকীক প্ৰবাসীসকলে ব্যতিক্ৰমীভাৱে আদৰণি জনোৱাৰ লগতে ভাৰত-ত্ৰিনিদাদৰ বৰ্ণিল পৰম্পৰা প্ৰদৰ্শন কৰে।প্ৰধানমন্ত্ৰী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰে মত-বিনিময় কৰে
June 16th, 02:17 am
, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে আজি লিমাছলত চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে মত-বিনিময় কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন, প্ৰতিৰক্ষা, লজিষ্টিক, সামুদ্ৰিক, জাহাজ, প্ৰযুক্তি, উদ্ভাৱন, ডিজিটেল প্ৰযুক্তি, এআই, আইটি সেৱা, পৰ্যটন আৰু ম’বিলিটি আদি একাধিক খণ্ডক প্ৰতিনিধিত্ব কৰে।চাইপ্ৰাছত অনুষ্ঠিত ভাৰত-চাইপ্ৰাছ বিজনেছ ৰাউণ্ডটেবুল মিটিঙত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
June 15th, 11:10 pm
প্ৰথমে ৰাষ্ট্ৰপতি মহোদয়লৈ আজি মোক বিমানবন্দৰত নিজে আদৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে ইমান ডাঙৰ ৰাউণ্ড টেবুল আয়োজনৰ বাবে তেওঁক মই গভীৰ কৃতজ্ঞতা জনালোঁ। লগতে মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ ইতিবাচক চিন্তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত আয়োজিত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, সঞ্জয় ছেঠ জী, চিডিএছ- জেনেৰেল অনিল চৌহান জী, তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, আন-আন অতিথি আৰু এনচিচিৰ মোৰ মৰমৰ বন্ধুসকল!এন চি চিৰ বাৰ্ষিক পি এম ৰেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
January 27th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কৰিয়াপ্পা পেৰেড খেলপথাৰত বাৰ্ষিক নেচনেল কেডেট কৰ্পছৰ পিএম ৰেলীত ভাষণ আগবঢ়ায়। শ্ৰী মোদীয়ে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰি শ্ৰেষ্ঠ কেডেট বঁটা প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষে সমাৱেশক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে ১৮খন বন্ধুত্বপূৰ্ণ দেশৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় ১৫০জন কেডেটক আদৰণি জনায়। তেওঁ মেৰা যুৱ ভাৰত (MY Bharat) পৰ্টেলৰ জৰিয়তে ভাৰ্চুৱেলি যোগদান কৰা সমগ্ৰ ভাৰতৰ যুৱক-যুৱতীসকলক অভিনন্দন জনায়।নাইজেৰিয়াত ভাৰতীয় সমুদায়ৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 17th, 07:20 pm
আজি আবুজাৰ পৰিৱেশ সঁচাকৈয়ে বৰ মনোৰম অনুভৱ হৈছে। যোৱা সন্ধিয়াৰ পৰা যিমানখিনি প্ৰত্যক্ষ কৰিছো তাৰ পৰা প্ৰায় এনে লাগিছে যেন মই আবুজাত নহয়, ভাৰতৰ এখন চহৰত আছো। আপোনালোকৰ বহুতেই লাগোছ, কানো, কাডুনা, প’ৰ্ট হাৰক’ৰ্টৰ দৰে বিভিন্ন ঠাইৰ পৰা আহি আপোনাৰ বৈচিত্ৰময় মনোশক্তিবোৰ লগত লৈ আহিছে। আপোনালোকৰ চকুত দেখা উল্লাস আৰু মনৰ পৰা ওলোৱা উষ্মাই ইয়াত থকাৰ আপোনাৰ আগ্ৰহৰ বিষয়ে বহু কথাই কৈ গৈছে। ময়ো আপোনালোক সকলোকে লগ পোৱাৰ এই মুহূৰ্তটোলৈ আগ্ৰহেৰে বাট চাই আছিলো। আপোনালোকৰ মৰম আৰু সস্নেহ মোৰ বাবে অমূল্য, আৰু আপোনাৰ লগত ইয়াত থকা, এই বিনিময় কৰা মুহুৰ্তবোৰ মোৰ হৃদয়ত চিৰদিনৰ বাবে থাকিব।