নৰৱে’ৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা
May 18th, 08:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোত নৰৱে’ৰ প্ৰধানমন্ত্ৰী মাননীয় জোনাছ গহৰ ষ্ট’ৰেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আজি পুৱা অছলো বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত ভাৰত আৰু নৰৱেৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ বিশেষ চিহ্ন হিচাপে প্ৰধানমন্ত্ৰী ষ্ট’ৰে তেওঁক উষ্ম আদৰণি জনায়।এ আই ইমপেক্ট ছামিটৰ সময়তে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
February 20th, 09:52 pm
২০২৬ চনৰ ২০ ফেব্ৰুৱাৰীত এ আই ইমপেক্ট ছামিটৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান (ইউএনএছজি) শ্ৰী এণ্টনিঅ’ গুটেৰেছৰ সৈতে বৈঠকত মিলিত হয়।আই বি এছ এৰ নেতা সভাত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
November 23rd, 12:45 pm
জোহান্সবাৰ্গৰ সজীৱ আৰু সুন্দৰ চহৰত অনুষ্ঠিত হোৱা আই বি এছ এৰ নেতা সভাত অংশগ্ৰহণ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা। এই পদক্ষেপৰ বাবে আই বি এছ এৰ অধ্যক্ষ ৰাষ্ট্ৰপতি লুলালৈ আৰু তেওঁৰ উষ্ম আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।জোহান্সবাৰ্গত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ নেতাৰ সভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
November 23rd, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ সভাত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছাৰ আতিথ্যত আয়োজিত বৈঠকত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম লুইজ ইনাচিঅ’ লুলা ডা ছিলভায়ো ভাগ লয় ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে
September 16th, 07:29 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
July 09th, 06:02 am
প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতি লুলাই সীমিত আৰু প্ৰতিনিধি পৰ্যায়ত আলোচনা কৰে তথা ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্বৰ সকলো দিশত আলোকপাত কৰে। তেওঁলোকে ভাৰত-ব্ৰাজিলৰ উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আধাৰৰ লেখীয়া উমৈহতীয়া প্ৰমূল্যসমূহ পুনৰ নিশ্চিত কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, স্বাস্থ্য আৰু ভেষজ, মহাকাশ, নৱীকৰণযোগ্য শক্তি, কৃষি আৰু খাদ্য সংসাধন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, পৰম্পৰাগত ঔষধ, যোগ, ক্ৰীড়া সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, নতুন আৰু উদীয়মান প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটাৰ, ডিজিটেল সহযোগিতা আৰু গতিশীলতাৰ দৰে সহযোগিতাৰ নতুন ক্ষেত্ৰত উমৈহতীয়াভাৱে কাম কৰাৰ পথ অন্বেষণ কৰে।চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
June 16th, 03:15 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে আনুষ্ঠানিকভাৱে আদৰণি জনায়। কালিও প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰতে ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে উষ্ম আদৰণি জনাইছিল, এই কাৰ্য্যই দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা পাৰস্পৰিক আস্থা আৰু চিৰস্থায়ী বন্ধুত্বৰ মনোভাৱকে প্ৰতিফলিত কৰে।প্ৰধানমন্ত্ৰীয়ে এণ্টিগুয়া আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
November 21st, 09:37 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত গায়ানাৰ জৰ্জটাউনত অনুষ্ঠিত দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে এণ্টিগুয়া আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী এইচ ই গেষ্টন ব্ৰাউনক সাক্ষাৎ কৰে।জি-৭ সন্মিলনৰ সমান্তৰালভাৱে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 27th, 09:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ৰ ২৭ জুনত জাৰ্মানীৰ শ্বলছ এলমাউত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ সমান্তৰালভাৱে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে বৈঠকত মিলিত হয়।ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত 'আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা বৃদ্ধি সন্দৰ্ভত মুকলি আলোচনাঃ সামুদ্ৰিক সুৰক্ষা' বিষয়ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মন্তব্য
August 09th, 05:41 pm
Maritime Securityৰ ওপৰত এই বিশেষ আলোচনাত সংযুক্ত কৰা বাবে আপোনালোক সকলোকে ধন্যবাদ। মই Secretary Generalৰ সকাৰাত্মক বাৰ্তা আৰু U.N.O.D.C.ৰ Executive Directorৰ দ্বাৰা briefingৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। Democratic Republic of Congoৰ ৰাষ্ট্ৰপতিয়ে के African Unionৰ অধ্যক্ষ হিচাপে নিজৰ বাৰ্তা দিলে। মই বিশেষভাৱে তেওঁৰ ওচৰত কৃতজ্ঞ। মই ৰুছৰ ৰাষ্ট্ৰপতি, কেনিয়াৰ ৰাষ্ট্ৰপতি আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ বাবেও হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।"সামুদ্ৰিক সুৰক্ষাৰ প্ৰচাৰ: আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা" শীৰ্ষক বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউএনএছচি) উচ্চ পৰ্যায়ৰ মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰীয়ে
August 08th, 05:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ আগষ্টৰ সন্ধিয়া ৫.৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সামুদ্ৰিক সুৰক্ষাৰ প্ৰচাৰ: আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা শীৰ্ষক বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউএনএছচি) এক উচ্চ পৰ্যায়ৰ মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব।ভিয়েটনামৰ প্ৰধানমন্ত্ৰী মহামহিম ফাম মিন চিনৰ সৈতে টেলিফোনৰে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
July 10th, 01:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েটনামৰ প্ৰধানমন্ত্ৰী মহামহিম ফাম মিন চিনৰ সৈতে টেলিফোনৰে বাৰ্তালাপ কৰে।