বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
June 10th, 11:50 pm
প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনা প্ৰধানমন্ত্ৰীৰ
May 18th, 12:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ গোথেনবাৰ্গত দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈঠকত ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়াইও অংশগ্ৰহণ কৰে আৰু দেশখনৰ ৰজা কাৰ্ল ষষ্ঠদশ গুস্তাফ আৰু ৰাণী চিলভিয়াৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰজাৰ ৮০ সংখ্যক জন্মদিন উপলক্ষে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰে।ৰবীন্দ্ৰনাথ ঠাকুৰৰ উমৈহতীয়া সাংস্কৃতিক ঐতিহ্য উদযাপন কৰি বিশেষ উপহাৰ বিনিময় প্ৰধানমন্ত্ৰী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ
May 17th, 11:18 pm
ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নোবেল বঁটা বিজয়ী গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঐতিহ্য উদযাপনৰ বাবে বিশেষ স্মাৰক উপহাৰ বিনিময় কৰে।ছুইডেনৰ নিৰ্বাচিত বাণিজ্যিক নেতৃত্বৰে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
May 17th, 11:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়া আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনে ১৭ মে’ ২০২৬ত ছুইডেনৰ নিৰ্বাচিত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে।ছুইডেনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
May 17th, 06:09 pm
ছুইডেনৰ গোটেনবাৰ্গত উপস্থিত হোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্ৰমণৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰম্ভ কৰাৰ সময়তে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে নিজেই উষ্ম আদৰণি জনায়। ছুইডেনেও প্ৰধানমন্ত্ৰী মোদীক এস্কৰ্ট কৰিবলৈ নিজৰ যুদ্ধ বিমান প্ৰেৰণ কৰে। এই ভ্ৰমণে ভাৰত-ছুইডেনৰ সম্পৰ্কৰ ক্ৰমবৰ্ধমান গভীৰতা আৰু মূল খণ্ডসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ দিশত ভাগ-বতৰা কৰা প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে।Prime Minister’s Departure Statement ahead of his visit to the UAE, Netherlands, Sweden, Norway, and Italy
May 15th, 07:56 am
PM Modi is embarking on a five-nation visit to the UAE, the Netherlands, Sweden, Norway and Italy from 15-20 May 2026. During the visit, he will meet various Heads of State and hold discussions to further strengthen partnerships across key sectors. Highlights of the visit include his participation in the European Round Table for Industry in Sweden and the 3rd India-Nordic Summit in Oslo.ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)
May 11th, 09:00 pm
২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।চুইডেন কিংডমৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
December 01st, 08:32 pm
নেতাদ্বয়ে তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰে, যাৰ ভিতৰত আছে প্ৰতিৰক্ষা, গৱেষণা আৰু উন্নয়ণ, বাণিজ্য আৰু বিনিয়োগ আৰু জলবায়ু সহযোগিতা। তেওঁলোকে ‘ইউৰোপীয় ইউনিয়ন’, ‘নৰ্ডিক পৰিষদ’ আৰু ‘নৰ্ডিক বাল্টিক ৮ গোট’কে ধৰি আঞ্চলিক আৰু বহুপাক্ষিক বিষয়সমূহো আলোচনা কৰে।চিঅ’পি-২৮ত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচনৰ দ্বিতীয় পৰ্যায় সহযোগিতাৰে আয়োজন কৰে ভাৰত আৰু ছুইডেনে
December 01st, 08:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে ডুবাইৰ চিঅ’পি-২৮ত ২০২৪-২৬ চনৰ বাবে লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচন (লিডআইটি ২.০)ৰ দ্বিতীয় পৰ্যায়ৰ সহযোগিতাৰে আৰম্ভ কৰে।ভাৰতে চিঅ’পি-২৮ত ইউএইৰ সৈতে গ্ল’বেল গ্ৰীন ক্ৰেডিট ইনিচিয়েটিভৰ সহ-আয়োজন কৰে
December 01st, 08:28 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে মিলি ২০২৩ৰ ১ ডিচেম্বৰত ডুবাইত চিঅ’পি-২৮ত ‘গ্ৰীন ক্ৰেডিটছ প্ৰগ্ৰেম’ সন্দৰ্ভত উচ্চ-পৰ্য্যায়ৰ অনুষ্ঠানৰ সহ-আয়োজন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ছুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম উলফ ক্ৰীষ্টাৰছন, মোজাম্বিকৰ ৰাষ্ট্ৰপতি মহামহিম ফিলিপে নিউছি আৰু ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ মহামহিম চাৰ্লছ মিচেলে।ছুইডেনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা উলফ ক্ৰীষ্টাৰছনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 19th, 09:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা উলফ ক্ৰীষ্টাৰছনক অভিনন্দন জনাইছে।