জি-৭ সন্মিলনৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 17th, 12:36 am
দুয়োগৰাকী নেতাই যোৱা বছৰ প্ৰধানমন্ত্ৰীদ্বয়ৰ পাৰস্পৰিক ভ্ৰমণৰ পিছৰে পৰা ভাৰত-ব্ৰিটেইনৰ শক্তিশালী হোৱা সম্পৰ্কৰ পৰ্যালোচনা কৰে তথা বাণিজ্য আৰু অৰ্থনৈতিক বিকাশ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু সম্পৰ্কীয় কাৰ্য্যব্যৱস্থা আৰু সেউজ শক্তি, প্ৰযুক্তি আৰু উদ্ভাৱন, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি ভিজন ২০৩৫ৰ সকলো দিশৰ অগ্ৰগতিক আদৰণি জনায়। নেতাদ্বয়ে ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি অচিৰেই কাৰ্যকৰী হোৱা সন্দৰ্ভত আগ্ৰহ প্ৰকাশ কৰে। বেংগালুৰুত লিভাৰপুল বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন তথা মুম্বাইত য়ৰ্ক বিশ্ববিদ্যালয় আৰু ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন সম্পৰ্কীয় শেহতীয়া অগ্ৰগতিৰ কথা উল্লেখ কৰি উভয়ে শক্তিশালী শিক্ষা অংশীদাৰিত্বত সন্তুষ্টি প্ৰকাশ কৰে।চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ বিবৃতি
May 22nd, 01:00 pm
ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্ব শক্তিশালী আৰু ভৱিষ্যমুখী। গণতন্ত্ৰ আৰু আইনৰ শাসনৰ দৰে মূল্যবোধৰ ওপৰত গঢ়ি উঠা বিশ্বাস আমাৰ অংশীদাৰিত্বৰ আধাৰ। আমি সকলো দেশৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান জনাইছো। ভাৰত এই নীতিসমূহৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ আৰু ভৱিষ্যতেও দায়বদ্ধ হৈ থাকিব।ভাৰত-ইটালীৰ যুটীয়া ঘোষণা
May 20th, 10:28 pm
ইটালী গণৰাজ্যৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষা জিঅ’ৰ্জিয়া মেল’নীৰ আমন্ত্ৰণমৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৯-২০ মে’ত ইটালী ভ্ৰমণ কৰে।২০২৪ চনৰ জুন মাহত জি-৭ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণ আৰু ২০২৩ চনত জি-২০ শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মেল’নীয়ে কৰা ভাৰত ভ্ৰমণৰ পিছত এই ভ্ৰমণে নানান বিষয়ত দ্বিপাক্ষিক সম্পৰ্কক উন্নীত কৰিছে । দুয়োগৰাকী নেতাই ভাৰত-ইটালীৰ সম্পৰ্কক বিশেষ কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া বিবৃতি
May 20th, 05:00 pm
ৰোমক বিশ্বজুৰি ‘চিৰন্তন চহৰ’ বুলি জনা যায়। ভাৰতবৰ্ষত মোৰ লোকসভা সমষ্টি—কাশী—ইয়াকো কোনো প্ৰাচীন আৰু চিৰন্তন নগৰ হিচাপে গণ্য কৰা হয়। দুটা সভ্যতা লগ হ’লে সংলাপ কেৱল আঁচনিৰ মাজতে সীমাবদ্ধ নাথাকে; বৰঞ্চ ই ঐতিহাসিক গভীৰতাৰ সংগম, ভৱিষ্যতৰ দৃষ্টিভংগী আৰু বন্ধুত্বৰ স্বাভাৱিক সহজতাক প্ৰতিফলিত কৰে।তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
May 19th, 04:25 pm
গণতন্ত্ৰ, আইনৰ শাসন আৰু বহুদিশতাৰ প্ৰতি আমাৰ অংশীদাৰী দায়বদ্ধতাই আমাক স্বাভাৱিক সহযোগী কৰি তুলিছে। একে সময়তে প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহে আমাৰ সম্পৰ্কক অপৰিসীম সুযোগেৰে ভৰাই তুলিছে। সেয়েহে আঠ বছৰ আগতে নৰ্ডিক দেশসমূহৰ সৈতে আমাৰ সম্পৰ্কত অধিক শক্তি আৰু গতি অনাৰ বাবে এই বিন্যাস প্ৰতিষ্ঠা কৰিছিলো।নৰ'ৱেৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
May 18th, 04:44 pm
যোৱা বছৰ মই নৰ'ৱে ভ্ৰমণ কৰাৰ কথা আছিল যদিও পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই ভ্ৰমণ পিছুৱাই দিবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত নৰ'ৱেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাষত দৃঢ়তাৰে থিয় দি বন্ধুত্বৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছিল। আজি নৰ'ৱে ভ্ৰমণ কৰাৰ সময়ত সেই সংহতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।অষ্ট্ৰিয়াৰ চেন্সেলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া সংবাদ বিবৃতি
April 16th, 11:55 am
আন্তঃগাঁথনি, উদ্ভাৱন তথা বহনক্ষমতাৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰিয়া নিৰ্ভৰযোগ্য অংশীদাৰ হৈ আহিছে। দিল্লী মেট্ৰোৱে হওক বা হিমালয়ৰ ১০,০০০ ফুট উচ্চতাত নিৰ্মিত অটল সুৰংগই হওক, অষ্ট্ৰিয়াৰ সুৰংগ নিৰ্মাণৰ কাৰুকাৰ্যই এক গভীৰ ছাপ পেলাইছে।এন এক্স টি সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 12th, 10:47 pm
আজি, ১২ মাৰ্চ, এক অতি ঐতিহাসিক দিন। ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পৰিৱৰ্তন আছিল কাৰণ এই যাত্ৰাই দেশৰ প্ৰতিটো কোণক এটা লক্ষ্যৰ সৈতে সংযোগ কৰিছিলঃ ভাৰতৰ স্বাধীনতা। আজি, এই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পাছত, আমি ভাৰতীয়সকলে আন এক যাত্ৰা আৰম্ভ কৰিছো। এই যাত্ৰা হৈছে উন্নত ভাৰতৰ (বিকশিত ভাৰত) যাত্ৰা। আমাৰ লক্ষ্য এটা, আমাৰ গন্তব্য এক-উন্নত ভাৰত। আৰু এই লক্ষ্য প্ৰাপ্ত কৰাত, এনে শিখৰত হোৱা মন্থন আৰু সেইবোৰৰ পৰা আহৰণ কৰা অমৃতে এক ডাঙৰ ভূমিকা পালন কৰে। নেক্সট সন্মিলনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ। দেশ আৰু বিশ্বৰ পৰা বহুতো সহকৰ্মী ইয়ালৈ আহিছে; কিছুমান পুৰণি পৰিচিতও। আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছো।এন এক্স টি সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
March 12th, 08:30 pm
প্ৰধানমন্ত্ৰীয়ে আজি আই টিভি নেটৱৰ্কৰ এন এক্স টি সন্মিলনত ভাষণ দাণ্ডি যাত্ৰাৰ ঐতিহাসিক বাৰ্ষিকী উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ অন্বেষণৰ মাজত এখন সমান্তৰাল চিত্ৰ দাঙি ধৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ১৯৩০ চনত দেশখনক স্বাধীনতাৰ দিশত একত্ৰিত কৰাৰ দৰে বৰ্তমানৰ ‘বিকশিত ভাৰত’ অভিযান হৈছে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক লক্ষ্য। ‘আজি সেই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পিছত আমি ভাৰতীয়সকলে পুনৰ এবাৰ ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ বাবে এক নতুন যাত্ৰা আৰম্ভ কৰিছো’, প্ৰধানমন্ত্ৰীয়ে কয়।LDF and UDF have deprived Keralam of its youth power: PM Modi in Ernakulam
March 11th, 03:00 pm
Amid a massive gathering in Ernakulam today, Prime Minister Narendra Modi said the enthusiasm and confidence of the people reflected a strong aspiration for Keralam’s development and a new political direction in the state. He emphasised that the aspirations of the people clearly indicate a desire for faster growth and new opportunities.PM Modi addresses a mega public meeting in Ernakulam, Keralam
March 11th, 02:20 pm
Amid a massive gathering in Ernakulam today, Prime Minister Narendra Modi said the enthusiasm and confidence of the people reflected a strong aspiration for Keralam’s development and a new political direction in the state. He emphasised that the aspirations of the people clearly indicate a desire for faster growth and new opportunities.ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
March 05th, 11:55 am
মহোদয়, এই বছৰৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে আপোনাৰ দৰে এগৰাকী অভিজ্ঞ আৰু প্ৰগতিশীল নেতাক পোৱাটো আমাৰ বাবে অতি গৌৰৱৰ বিষয়।ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 18th, 08:10 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আনুষ্ঠানিক ভাৰত ভ্ৰমণত আহে। এই ভ্ৰমণৰ সময়ত তেওঁ ২০২৬ চনৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। মেক্ৰন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ যৌথভাৱে উদ্বোধন কৰে। এয়া ৰাষ্ট্ৰপতি মেক্ৰনৰ চতুৰ্থটো ভাৰত ভ্ৰমণ, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণ কৰিছিল।২০৩০ চনৰ দিশত: ভাৰত-ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী
January 27th, 06:48 pm
২০২৬ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ‘১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘৰ শীৰ্ষ সন্মিলন’ত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় সংঘৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচীৰ লক্ষ্য হৈছে ইউৰোপীয় সংঘ-ভাৰতৰ সহযোগিতাক বিস্তৃত, গভীৰ আৰু উন্নত সমন্বয়ৰ দ্বাৰা কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰি তোলা যাতে উভয় অংশীদাৰৰ লগতে সামগ্ৰিক বিশ্বৰ বাবে পাৰস্পৰিকভাৱে লাভজনক, সুনিৰ্দিষ্ট আৰু পৰিৱৰ্তনশীল ফলাফল প্ৰদান কৰিব পৰা হয়।ভাৰত - ইউৰোপীয় পৰিষদ-ৰ সভাপতি আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতিৰ ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ আৰু ১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘ-ৰ শীৰ্ষ সন্মিলন সম্পৰ্কে ইউৰোপীয় সংঘ-ৰ যুটীয়া বিবৃতি
January 27th, 06:15 pm
প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণত ইউৰোপীয় পৰিষদ-ৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনে ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ত নেতাসকলে ভাৰত–ইউৰোপীয় সংঘ-ৰ ঐতিহাসিক এফটিএ সম্পৰ্কীয় আলোচনাৰ সফল সমাপ্তিৰ প্ৰশংসা কৰে আৰু “২০৩০ চনৰ দিশত: ভাৰত–ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী” গ্ৰহণ কৰে।জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ মূল পাঠ
January 12th, 12:49 pm
স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে আজি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক স্বাগতম জনাই মই অতি আনন্দিত হৈছো। এইটো এটা আনন্দদায়ক কাকতালীয় ঘটনা যে স্বামী বিবেকানন্দই ভাৰত আৰু জাৰ্মানীৰ মাজত দৰ্শন, জ্ঞান আৰু আত্মাৰ এক সেতুৰ সৃষ্টি কৰিছিল। আজি, চেঞ্চেলৰ মাৰ্জৰ এই ভ্ৰমণে একেখন সাঁকোকে নতুন শক্তি, নতুন আত্মবিশ্বাস আৰু নতুন সম্প্ৰসাৰণ প্ৰদান কৰিছে। এয়া চেঞ্চেলৰ হিচাপে তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ নহয়, এছিয়া ভ্ৰমণ। এয়া ভাৰতৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা গুৰুত্বৰ দৃঢ় প্ৰমাণ। তেওঁৰ ব্যক্তিগত মনোযোগ আৰু দায়বদ্ধতাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। ভাৰত জাৰ্মানীৰ সৈতে ইয়াৰ বন্ধুত্ব আৰু অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। গুজৰাটত আমি কওঁ-'আৱকৰো মিঠা আপজে ৰে’, অৰ্থাৎ মৰম আৰু মৰমৰ সৈতে স্বাগতম জনাবলৈ। এই মনোভাৱেৰে আমি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক উষ্ম আদৰণি জনাইছো।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
October 09th, 11:25 am
প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ বাবে আজি মুম্বাইত আদৰণি জনাবলৈ পাই মই আনন্দিত হৈছো।প্ৰধানমন্ত্ৰীৰ জন্মদিনত উষ্ম শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি পুটিনে
September 17th, 07:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিন ডাঙৰীয়াৰ এটা ফোনকল গ্ৰহণ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে
September 16th, 07:29 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।