ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 07th, 11:47 pm

ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!

জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

July 07th, 05:30 pm

সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।

ৰাজস্থানৰ বালোত্ৰাত উন্নয়নমূলক প্ৰকল্পসমূহৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 04th, 12:50 pm

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগদে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিঙ পুৰী, উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী জী, প্ৰেমচান্দ বৈৰৱা জী, ৰাজস্থান চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ তথা বিধায়কসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল,

PMৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

July 04th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশাল জনসভাক সম্বোধন কৰি তেওঁ উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে এক সহযোগিতাপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। প্ৰচণ্ড গৰম নেওচি সভালৈ অহা জনসাধাৰণক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বৃহৎ উপস্থিতিক বৰ্তমানৰ শাসন ব্যৱস্থাৰ প্ৰতি এক আশীৰ্বাদ স্বৰূপ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয়, মই ৰাজস্থানবাসীৰ ওচৰত চিৰকৃতজ্ঞ, এই অপাৰ সমৰ্থনে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ থকা গভীৰ বিশ্বাসকে প্ৰদৰ্শন কৰিছে।

৪ জুলাইত প্ৰধানমন্ত্ৰীৰ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ

July 03rd, 11:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৪ জুলাইত ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে যোধপুৰ বিমানবন্দৰৰ টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু যোধপুৰত ত্বৰান্বিত উড়ান আঁচনিৰ শুভাৰম্ভ কৰিব। পৰৱৰ্তী সময়ত প্ৰায় ১২.১৫ বজাত তেওঁ প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ বাবে বালোত্ৰালৈ যাত্ৰা কৰিব। এই উপলক্ষে তেওঁ এক ৰাজহুৱা সমাৱেশকো সম্বোধন কৰিব।

বিমান ইন্ধনৰ মূল্য নিৰ্ধাৰণৰ বাবে তালিকাভুক্ত ভাৰতীয় বিমান সংস্থাসমূহৰ অৰ্থে মূল্য সুস্থিৰতা পুঁজিত কেবিনেটৰ অনুমোদন

June 03rd, 03:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি কেন্দ্ৰীয় কেবিনেট বৈঠকত তালিকাভুক্ত ভাৰতীয় বিমান সংস্থাসমূহৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনাৰ বাবে ইন্ধনৰ মূল্য সুস্থিৰ কৰি ৰাখিবলৈ তেল বিপণন কোম্পানীসমূহক ১০,০০০ কোটি টকাৰ এককালীন বাজেট সাহায্য অনুমোদন জনোৱা হৈছে। এই আৰ্থিক সাহায্য পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অনুদানৰ জৰিয়তে তেল বিপণন কোম্পানীসমূহক সুদ-মুক্ত অগ্ৰিম ধন হিচাপে প্ৰদান কৰা হ’ব। পশ্চিম এছিয়াৰ সংকটৰ বাবে ইন্ধনৰ মূল্যত যি অস্বাভাৱিক অস্থিৰতা দেখা দিছে, তাৰ মোকাবিলা কৰিবলৈ বিমান সংস্থাসমূহৰ বাবে ইন্ধনৰ মূল্য সুস্থিৰ কৰি ৰাখিবৰ উদ্দেশ্যে তেল বিপণন কোম্পানীসমূহক এই সাহায্য আগবঢ়োৱা হ’ব।

উত্তৰ প্ৰদেশৰ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ

March 28th, 12:15 pm

উদ্বোধন হৈ গ'ল নেকি? উদ্বোধন হৈ গ'ল নেকি? নাই, এতিয়ালৈকে আধা কামহে কৰা হৈছে। মই কেৱল পৰ্দাখন উন্মোচন কৰিছো; কিন্তু মই বিচাৰিছো যে ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰক। গতিকে প্ৰত্যেকই মোবাইল ফোন উলিয়াই, টৰ্চ অন কৰক আৰু আপোনালোকেই উদ্বোধন কৰক। আপোনালোকৰ মোবাইল ফোনৰ লাইট জ্বলাৰ লগে লগেই —আজি ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰিলে। এয়া আপোনালোকৰ সম্পদ; এয়া আপোনালোকৰ ভৱিষ্যত; এয়া আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগৰ ফল। ঠিক সেইবাবেই ইয়াৰ উদ্বোধনী আপোনালোকৰ হাতেৰেই কৰা হৈছে। হাত দুখন ওপৰলৈ তুলি কওক, ভাৰত মাতা কী জয় । আপোনালোকৰ টৰ্চবোৰ সকলোকে দেখাকৈ উজ্জ্বলভাৱে জিলিকিবলৈ দিয়ক! ভাৰত মাতা কী জয় !ভাৰত মাতা কী জয় ! ভাৰত মাতা কী জয় ! আপোনালোকক অশেষ ধন্যবাদ। এতিয়া—উদ্বোধন সম্পূর্ণ হ'ল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১১,২০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰে

March 28th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। এই উপলক্ষ্যে গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিকশিত উত্তৰ প্ৰদেশৰ এক নতুন অধ্যায় আৰম্ভ হৈছে, বিকশিত ভাৰতৰ অভিযানতো এয়া এক নতুন অধ্যায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন এতিয়া সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ লগতে কয় যে তেওঁ দুটা কথাত অধিক গৌৰৱ অনুভৱ কৰিছে , প্ৰথমতে, এই বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ বাবে আৰু এতিয়া ইয়াৰ উদ্বোধন কৰাৰ সুবিধা পোৱাৰ বাবে আৰু দ্বিতীয়তে, এই সুন্দৰ বিমানবন্দৰটিৰ নাম উত্তৰ প্ৰদেশৰ সৈতে জড়িত। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এইখনেই ৰাজ্য যিয়ে মোক নিজৰ প্ৰতিনিধি হিচাপে বাছি লৈ মোক সংসদৰ সদস্য কৰিছিল আৰু ইয়াৰ পৰিচয় এতিয়া এই সুন্দৰ বিমানবন্দৰৰ সৈতে জড়িত।

Cabinet approves Regional Connectivity Scheme – Modified UDAN with a total outlay of Rs.28,840 crore

March 25th, 04:16 pm

The Union Cabinet, chaired by PM Modi, has approved the launch and implementation of the Regional Connectivity Scheme – Modified UDAN for a period of ten years from FY 2026-27 to FY 2035-36, with a total outlay of Rs. 28,840 crore. In line with the Viksit Bharat 2047 vision, this initiative will enhance regional air connectivity, boost economic growth, trade and tourism and promote the indigenous aerospace sector.

হায়দৰাবাদত অনুষ্ঠিত উইংছ ইণ্ডিয়া ২০২৬ কাৰ্যসূচীত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

January 28th, 06:00 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী ৰাম মোহন নাইডু জী, মুৰলীধৰ মোহল জী, সমগ্ৰ বিশ্বৰ সন্মানীয় মন্ত্ৰীসকল, বিশ্ব বিমান উদ্যোগৰ নেতা, আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিসকল, বিশিষ্ট প্ৰতিনিধিসকল, ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল!

হায়দৰাবাদত অনুষ্ঠিত উইংছ ইণ্ডিয়া ২০২৬ কাৰ্যসূচীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

January 28th, 05:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত হোৱা উইংছ ইণ্ডিয়া ২০২৬ কাৰ্যসূচীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উদ্যোগৰ নেতা, বিশেষজ্ঞ আৰু বিনিয়োগকাৰীক আদৰণি জনাই কয় যে বিমান উদ্যোগৰ পৰৱৰ্তী যুগ আকাংক্ষাৰে ভৰি আছে আৰু এইক্ষেত্ৰত ভাৰতে এক প্ৰধান খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ বিমান নিৰ্মাণ, পাইলটৰ প্ৰশিক্ষণ, বিমানৰ উন্নত গতিশীলতা আৰু বিমান লিজিঙৰ ক্ষেত্ৰত ভাৰতে উপস্থাপন কৰা বিশাল সুযোগসমূহৰ বিষয়ত আলোকপাত কৰি সকলো অংশীদাৰৰ বাবে উইংছ ইণ্ডিয়া সন্মিলনৰ গুৰুত্বৰ বিষয়ে কয়। শ্ৰী মোদীয়ে কয় যে বিগত দশকত ভাৰতৰ বিমান পৰিবহণ খণ্ডত এক ঐতিহাসিক পৰিৱৰ্তন সংঘটিত হৈছে। তেওঁ স্মৰণ কৰে যে এসময়ত বিমান যাত্ৰা একচেটিয়া ক্লাবতে সীমাবদ্ধ আছিল যদিও আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ঘৰুৱা বিমান পৰিবহনৰ বজাৰত পৰিণত হৈছে। তেওঁ আঙুলিয়াই দিয়ে যে যাত্ৰীৰ যাতায়াত দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ভাৰতীয় বিমান সংস্থাসমূহে নিজৰ বহৰ সম্প্ৰসাৰণ কৰিছে, শেহতীয়া বছৰবোৰত ১৫০০ৰো অধিক বিমানৰ ফৰমাইচ দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে চৰকাৰৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ বাবেই এই বিকাশ সম্ভৱ হৈছে, প্ৰতিজন নাগৰিকক বিমানযোগে সহজে যাত্ৰা কৰিবলৈ সক্ষম কৰাৰ লক্ষ্যৰেবিমান যাত্ৰাক একচেটিয়া নহয়, সৰ্বাংগীন কৰি তোলা হৈছে । তেওঁ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহ বিমানবন্দৰৰ সৈতে সংযুক্ত হৈ থকাৰ কথাত গুৰুত্ব আৰোপ কৰি কয় যে ২০১৪ চনত ভাৰতত ৭০টা বিমানবন্দৰ আছিল, আনহাতে আজি এই সংখ্যা ১৬০টাতকৈও অধিক হৈছে। অৰ্থাৎ দেশখনে মাত্ৰ এটা দশকতে দুগুণতকৈও অধিক বিমানবন্দৰ নিৰ্মাণ কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে ১০০ৰো অধিক বিমানবন্দৰ সক্ৰিয় কৰা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে চৰকাৰে সুলভ ভাড়া প্ৰদানৰ বাবে উড়ান আঁচনি আৰম্ভ কৰিছে। তেওঁ উল্লেখ কৰে যে উড়ানৰ ফলত ডেৰ কোটি যাত্ৰীয়ে যাত্ৰা কৰিছে, তেওঁলোকৰ বহুতেই হয়তো আগতে এনেদৰে যাত্ৰা কৰা নাছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে বিমান সংযোগৰ সম্প্ৰসাৰণ বহুগুণে বৃদ্ধি হোৱাটো নিশ্চিত। তেওঁ আলোকপাত কৰে যে ২০৪৭ চনৰ ভিতৰত ভাৰতত ৪০০ৰো অধিক বিমানবন্দৰ নিৰ্মাণৰ আশা কৰা হৈছে, যাৰ ফলত এক বিশাল নেটৱৰ্কৰ সৃষ্টি হ’ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশৰ প্ৰতিটো কোণত সংযোগ উন্নত কৰাৰ লক্ষ্যৰে সাগৰীয় বিমান পৰিচালনাৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে আঞ্চলিক আৰু সুলভ মূল্যৰ বিমান সংযোগক অধিক শক্তিশালী কৰিব পৰাকৈ উড়ান আঁচনিৰ পৰৱৰ্তী পৰ্যায়ৰ কাম চৰকাৰে কৰি আছে।চৰকাৰে পৰ্যটন খণ্ডৰ উন্নয়নৰ বিষয়তো শক্তিশালীভাৱে মনোনিৱেশ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে দেশজুৰি পৰ্যটনস্থলীসমূহ উন্নীত কৰা হৈছে আৰু বিমান যাত্ৰা বৃহৎ সংখ্যক লোকৰ বাবে পছন্দৰ বিষয় হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে অনাগত বছৰবোৰত বিমান যাত্ৰাৰ চাহিদা অভূতপূৰ্বভাবে বৃদ্ধি পাব, যাৰ ফলত অধিক বিনিয়োগৰ সুযোগ সৃষ্টি হ’ব।

মহাৰাষ্ট্ৰৰ মুম্বাইত একাধিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 08th, 03:44 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ ৰামদাস আঠৱালে ডাঙৰীয়া, কে.আৰ. নাইডু ডাঙৰীয়া আৰু মুৰলীধৰ মহল ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে ডাঙৰীয়া আৰু অজিত পাৱাৰ ডাঙৰীয়া, আন-আন মন্ত্ৰী, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনো ডাঙৰীয়া, আন-আন বিশিষ্ট অতিথি, ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন, মুম্বাইত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰে

October 08th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মহাৰাষ্ট্ৰৰ মুম্বাইত ভিন্ন উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ আৰু উৎসৰ্গা কৰে। ইয়াত সমবেত সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনাই শ্ৰী মোদীয়ে উপস্থিত থকা সকলোলৈকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে শেহতীয়াকৈ বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা উদযাপনৰ কথা উল্লেখ কৰে তথা আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে শুভেচ্ছা জনায়।

অৰুণাচল প্ৰদেশৰ ইটানগৰত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 22nd, 11:36 am

অৰুণাচল প্ৰদেশৰ মাননীয় ৰাজ্যপাল শ্ৰী কে. টি. পাৰ্নাইক ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় আৰু সক্ৰিয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ কিৰেণ ৰিজিজু, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, মোৰ সতীৰ্থ সাংসদ নবাম ৰেবিয়া ডাঙৰীয়া আৰু তাপিৰ গাও ডাঙৰীয়া, সকলো বিধায়ক, আন-আন জনপ্ৰতিনিধিসকল তথা অৰুণাচল প্ৰদেশৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল,

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন তথা আধাৰশিলা স্থাপন

September 22nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ সৰ্বশক্তিমান দঃঞি প’লোক শ্ৰদ্ধা জনাই সকলোৰে বাবে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।

মিজোৰামত আধাৰশিলা স্থাপন আৰু উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 13th, 10:30 am

নীলা পৰ্বতৰ এই সুন্দৰ ভূমিক চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক মই প্ৰণাম জনাইছো। মই মিজোৰামৰ লেংপুই বিমানবন্দৰত আছো। দুৰ্ভাগ্যবশতঃ বেয়া বতৰৰ বাবে আপোনালোকৰ লগত আইজলত যোগদান কৰিব নোৱাৰাৰ বাবে মই দুঃখিত। কিন্তু এই মাধ্যমৰ পৰাও আপোনালোকৰ মৰম অনুভৱ কৰিব পাৰিছো।

মিজোৰামৰ আইজলত ৯০০০কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 13th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ আইজলত ৯০০০ কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। এই প্ৰকল্পসমূহে ৰে’লৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক সামৰি ল’ব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নীলা পৰ্বতে আগুৰি ৰখা মনোমোহা ভূমি চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক প্ৰণিপাত জনায় । দুখ প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে যে তেওঁ মিজোৰামৰ লেংপুই বিমানবন্দৰত উপস্থিত আছিল কিন্তু বেয়া বতৰৰ বাবে আইজলত তেওঁ ৰাইজৰ সৈতে যোগ দিব পৰা নাই । এনে পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰেও তেওঁ ৰাইজৰ মৰম অনুভৱ কৰিব পাৰিছে।

পশ্চিমবংগৰ দুৰ্গাপুৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

July 18th, 02:35 pm

আমাৰ দুৰ্গাপুৰ ষ্টীল চিটি হোৱাৰ উপৰিও ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। ভাৰতৰ উন্নয়নত দুৰ্গাপুৰে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি আমি এই ভূমিকাক অধিক সুদৃঢ়কৰণৰ সুযোগ লাভ কৰিছোঁ। কিছু সময় পূৰ্বে ইয়াৰ পৰাই ৫,৪০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিছোঁ। এই সকলোবোৰ প্ৰকল্পই ইয়াৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব। গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিয়ে উদ্দীপনা লাভ কৰিব। আজিৰ প্ৰকল্পসমূহে ষ্টীল চিটিৰ পৰিচয়ক অধিক সুদৃঢ় কৰিব। অৰ্থাৎ এই প্ৰকল্পসমূহে মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড মন্ত্ৰৰে পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে একাধিক কৰ্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে

July 18th, 02:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টীল চিটি হিচাপে পৰিচিত দুৰ্গাপুৰ ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। তেখেতে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ উল্লেখযোগ্য অৱদানক স্বীকাৰেৰে কয় যে আজি সেই ভূমিকাক অধিক সুদৃঢ়কৰণৰ অৰ্থে সুযোগৰ উন্মেষ ঘটিছে। শ্ৰী মোদীয়ে কয় যে আজি শুভাৰম্ভ কৰা প্ৰকল্পসমূহে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব, গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিক উদ্দীপনা যোগাব আৰু ষ্টীল চিটি হিচাপে দুৰ্গাপুৰৰ পৰিচয়ক সমৃদ্ধ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পসমূহ “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড” দৃষ্টিভংগীৰে সংগতিপূৰ্ণ আৰু ই পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। তেখেতে দৃঢ়তাৰে কয় যে ইয়াৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে অসীম নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে তেখেতে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

April 14th, 11:00 am

মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)