ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
April 18th, 08:45 pm
আজি মই এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত দেশবাসীক সম্বোধন কৰিবলৈ আহিছো— বিশেষকৈ আমাৰ দেশৰ মাতৃ, ভগ্নী, কন্যাৰ সৈতে কথা পাতিবলৈ আহিছো! আজি ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে প্ৰত্যক্ষ কৰিছে ভাৰতৰ ‘নাৰী শক্তি’ কিদৰে জাগ্ৰত হৈছে। কিন্তু তেওঁলোকৰ সপোনবোৰ নিৰ্দয়ভাৱে থেতেলিয়াই পেলোৱা হৈছে। আমাৰ সৰ্বোচ্চ প্ৰচেষ্টা সত্ত্বেও আমি সফল নহ’লোঁ; 'নাৰী শক্তি বন্দন অধিনিয়ম'ৰ সংশোধনী গৃহীত কৰাব নোৱাৰিলে! আৰু ইয়াৰ বাবে দেশৰ সকলো মাতৃ-ভগ্নীলৈ আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 18th, 08:30 pm
ভাৰতৰ মাতৃ, ভগ্নী, কন্যাক লৈ এটা গুৰুত্বপূৰ্ণ বিষয়ত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নাৰীৰ প্ৰগতিৰ স্থৱিৰতাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে চৰকাৰৰ আন্তৰিক প্ৰচেষ্টা সত্ত্বেও নাৰী শক্তি বন্দন অধিনিয়ম সংশোধনী গৃহীত নহ’ল, যাৰ ফলত মহিলাসকলৰ বৈধ সপোন সম্পূৰ্ণৰূপে মোহাৰি পেলোৱা হল। শ্ৰী মোদীয়ে কয় যে এই দুৰ্ভাগ্যজনক ফলাফলৰ বাবে দেশৰ সকলো মাতৃ-ভগ্নীৰ ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।TMC came to power by lying in the name of “Maa, Maati, Manush”: PM Modi in Dakshin Dinajpur, West Bengal
April 11th, 11:40 am
PM Modi addressed a massive rally Dakshin Dinajpur, West Bengal. In his speech, he prioritised women’s safety, justice, and empowerment, outlining measures like fast-tracking cases, increasing women police recruitment, and financial support initiatives. He remarked that while the BJP believes in Sabka Saath, Sabka Vikas, it will also ensure that ‘hisaab’ is fulfilled in West Bengal.The BJP’s resolve is a declaration to end TMC’s jungle raj and syndicate rule: PM Modi in Jangipur, West Bengal
April 11th, 11:38 am
PM Modi addressed a massive rally in Jangipur, West Bengal. In his speech, he lauded BJP’s manifesto, outlining six key guarantees focused on ending syndicate raj, ensuring women’s empowerment, boosting education infrastructure, and delivering transparent governance. He also promised employment opportunities and benefits for government employees.Massive public meetings in Purba Bardhaman, Jangipur & Dakshin Dinajpur, West Bengal
April 11th, 11:30 am
Tapping into the growing momentum in West Bengal, PM Modi addressed a massive public gathering in Purba Bardhaman, highlighting BJP’s vision for a fear-free, Viksit Bengal while launching a sharp attack on the TMC government over corruption, lawlessness and appeasement politics.উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 28th, 09:36 pm
আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে
January 28th, 09:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।