ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
May 23rd, 11:15 am
এই মাইলৰ খুঁটিত উপনীত হ’বলৈ আপোনালোকে নিশ্চয় বিস্তৃত প্ৰস্তুতি চলাইছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল। এই সাফল্যৰ বাবে আপোনালোক আৰু আপোনালোকৰ পৰিয়াল উভয়কে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক এই পৰ্যায়ত উপনীত কৰোৱাত আপোনালোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৱদান কোনো কাৰণতে তুচ্ছ নহয়। কিন্তু—আৰু এয়া এটা গুৰুত্বপূৰ্ণ কথা—পৰিয়ালে যেনেকৈ অৰিহণা যোগায়, সমাজেও আমাক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰাত বিশেষ ভূমিকা পালন কৰে। আমি কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই সফল নহয়, কেৱল পৰিয়ালৰ বাবেও নহয়। এইক্ষেত্ৰত এই বিশাল দেশৰ ১৪ কোটি নাগৰিকৰ অৱদানৰ গুৰুত্বও অপৰিসীম। গতিকে আমি কেৱল নিজৰ লগতে পৰিয়ালৰ প্ৰতিয়েই , নহয় সমগ্ৰ সমাজৰ প্ৰতিও সমানে দায়িত্ব পালন কৰোঁ। এই সকলো দায়িত্ব পালনৰ বাবে আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰি যাব বুলি মোৰ বিশ্বাস। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
May 23rd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ১৯ সংখ্যক ৰোজগাৰ মেলা উপলক্ষ্যে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক-যুৱতীক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষ্যে ভাষণ দি তেওঁ এই এই দিনটোক সমগ্ৰ দেশৰ হাজাৰ হাজাৰ যুৱকৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। চৰকাৰী সেৱাত নতুনকৈ প্ৰৱেশ কৰাসকলক আদৰণি জনাই তেওঁ ৰে’লৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ উন্নয়নত তেওঁলোকে আগবঢ়াবলগীয়া অৱদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘আগন্তুক বছৰবোৰত আপোনালোক সকলোৱেই বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।Prime Minister’s Departure Statement ahead of his visit to the UAE, Netherlands, Sweden, Norway, and Italy
May 15th, 07:56 am
PM Modi is embarking on a five-nation visit to the UAE, the Netherlands, Sweden, Norway and Italy from 15-20 May 2026. During the visit, he will meet various Heads of State and hold discussions to further strengthen partnerships across key sectors. Highlights of the visit include his participation in the European Round Table for Industry in Sweden and the 3rd India-Nordic Summit in Oslo.ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)
May 11th, 09:00 pm
২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণক প্ৰধানমন্ত্ৰীৰ গৰিহণা, শান্তি আৰু আঞ্চলিক সুস্থিৰতাৰ বাবে সমৰ্থন পুনৰ দোহাৰিলে
May 05th, 01:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণত তিনিজন ভাৰতীয় নাগৰিক আহত হোৱাৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছে।পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূলপাঠ
March 24th, 02:05 pm
পশ্চিম এছিয়াত চলি থকা যুদ্ধ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে আমি সকলোৱে অৱগত। এই ভয়ংকৰ পৰিস্থিতিত চৰকাৰৰ স্থিতি ভাগ বাটোৱাৰা কৰিবলৈ মই আজি সংসদৰ উচ্চ সদনৰ সন্মুখত আৰু দেশবাসীসকলৰ সন্মুখত উপস্থিত হৈছো। পশ্চিম এছিয়াত এই যুদ্ধ তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি আছে। এই যুদ্ধই বিশ্বজুৰি এক গুৰুতৰ শক্তি সংকটৰ সৃষ্টি কৰিছে। এই পৰিস্থিতি ভাৰতৰ বাবেও উদ্বেগজনক। এই যুদ্ধই আমাৰ বাণিজ্য পথসমূহক প্ৰভাৱিত কৰিছে। ইয়াৰ ফলত পেট্ৰ’ল, ডিজেল, গেছ আৰু সাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পৰিছে। উপসাগৰীয় দেশসমূহত প্ৰায় ১ কোটি ভাৰতীয় বাস কৰে আৰু কাম কৰে। তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষা ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয়। সমগ্ৰ বিশ্বৰ পৰা অহা বহুতো জাহাজ বৃহৎ সংখ্যক ভাৰতীয় কৰ্মচাৰীক লৈ হৰমুজ জলপ্ৰণালীত আবদ্ধ হৈ আছে। এইটো ভাৰতৰ বাবেও এক বৃহৎ উদ্বেগৰ বিষয়। এনে এক ভয়ংকৰ পৰিস্থিতিত ভাৰতীয় সংসদৰ এই উচ্চ সদনৰ পৰা সমগ্ৰ বিশ্বতে শান্তি আৰু আলোচনাৰ বাবে এক ঐক্যবদ্ধ কণ্ঠ শুনাটো জৰুৰী।পশ্চিম এছিয়াত চলি থকা সংঘাতক লৈ ৰাজ্যসভাত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
March 24th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ভাষণ দি পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ত চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি থকা যুদ্ধই ভাৰতত বাবে গভীৰভাৱে উদ্বেগজনক প্ৰভাৱ পেলোৱাৰ লগতে বিশ্বত এক ভয়াৱহ শক্তি সংকটৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে এই সংঘাতে ভাৰতৰ বাণিজ্যিক পথত ব্যাঘাত জন্মাইছে আৰু পেট্ৰ’ল, ডিজেল, গেছ, সাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পেলাইছে। উপসাগৰীয় দেশসমূহত প্ৰায় এক কোটি ভাৰতীয়ই বাস কৰাৰ লগতে কাম কৰি থকাৰ বাবে তেওঁলোকৰ সুৰক্ষা আৰু জীৱিকাৰ বিষয় হৈয়েই আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে হৰমুজ জলদ্বীপত জাহাজত আবদ্ধ হৈ থকা বৃহৎ সংখ্যক ভাৰতীয় নাৱিকৰ বিষয়টোও উল্লেখ কৰে।ইউএইৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
March 17th, 10:42 pm
প্ৰধানমন্ত্ৰীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতিয়ে পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ইউএইৰ ওপৰত হোৱা আক্ৰমণৰ তীব্ৰ নিন্দা কৰে, যাৰ ফলত অসামৰিক আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ লগতে বহু নিৰীহ লোকৰ প্ৰাণহানি হৈছে। প্ৰধানমন্ত্ৰী আৰু ইউএইৰ ৰাষ্ট্ৰপতিয়ে হৰমুজ প্ৰণালীৰ জৰিয়তে নিৰাপদ আৰু মুক্ত জাহাজ পৰিবহণৰ গুৰুত্বৰ বিষয়ে সহমত প্ৰকাশ কৰে। শ্ৰী মোদীয়ে অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা শীঘ্ৰে প্ৰতিষ্ঠাৰ বাবে দুয়োখন দেশে একেলগে কাম কৰি যাব বুলি গুৰুত্ব আৰোপ কৰে।ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ
March 01st, 11:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ এমিৰেটছৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বাৰ্তালাপ কৰে।ইজৰাইলৰ সংসদ নেচেটত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ
February 25th, 08:20 pm
এই বিশিষ্ট সদনৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয় । মই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু আন এটা প্ৰাচীন সভ্যতাক সম্বোধন কৰা প্ৰতিনিধি হিচাপেও সেয়াই অনুভৱ কৰিছো। মই মোৰ লগত লৈ আহিছো ১.৪ বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা আৰু বন্ধুত্ব, সন্মান তথা অংশীদাৰিত্বৰ বাৰ্তা।ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
February 25th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত ইজৰাইলৰ সংসদ নেচেটৰ বিশেষ পূৰ্ণাংগ সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে ইজৰাইলৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।প্ৰথম ভোটৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া-লৈ মন কী বাত-ত ভাৰতৰ যুৱক-যুৱতীসকলৰ ভূমিকাক উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
January 25th, 11:30 am
‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস’ত চলিত বৰ্ষৰ প্ৰথমটো ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদীয়ে ভোটদানৰ গুৰুত্ব সন্দৰ্ভত অভিমত ব্যক্ত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত সকলোৰে শলাগ লয়। তেওঁ ষ্টাৰ্টআপ, পানী সংৰক্ষণ, গুণগত মান, সংস্কৃতি আৰু উৎসৱ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে মূল বিষয়বস্তুসমূহো স্পৰ্শ কৰে। অহা মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ইণ্ডিয়া এআই ইমপেক্ট ছামিট-ৰ প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে, য’ত সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব।ফলাফলৰ তালিকাঃ ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
January 19th, 08:23 pm
ভাৰতৰ গুজৰাট চৰকাৰ আৰু সংযুক্ত আৰব আমিৰাতৰ বিনিয়োগ মন্ত্ৰালয়ৰ মাজত ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চলৰ উন্নয়নৰ বাবে বিনিয়োগ সহযোগিতাৰ উদ্দেশ্য পত্ৰযুটীয়া বিবৃতিঃ ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
January 19th, 08:10 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০২৬-ৰ ১৯ জানুৱাৰীত সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ভাৰত ভ্ৰমণ কৰে। যোৱা দহ বছৰৰ ভিতৰত এয়া মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ পঞ্চমটো ভাৰত ভ্ৰমণ আৰু ইউএই-ৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ তৃতীয়টো চৰকাৰী ভ্ৰমণ।PM receives H.H. Sheikh Mohamed bin Zayed Al Nahyan, President of the UAE
January 19th, 05:05 pm
Prime Minister Shri Narendra Modi received His Highness Sheikh Mohamed bin Zayed Al Nahyan, President of the UAE at the airport today in New Delhi.প্ৰধানমন্ত্ৰী মোদী আৰু ইউ এ ইৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদে সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে
July 31st, 12:36 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইউ এ ইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা বিশ্ববাসীৰ
April 24th, 03:29 pm
২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে বিশ্বৰ নেতাসকল ঐক্যবদ্ধ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰতিশ্ৰুতি দিয়ে যে “ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক পৃথিৱীৰ পৰাই নিৰ্মূল কৰিব।”ডুবাইৰ যুৱৰাজ, ইউএইৰ উপ-প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীক আদৰণি প্ৰধানমন্ত্ৰীয়ে জনায়
April 08th, 05:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউএইৰ উপ-প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী তথা ডুবাইৰ যুৱৰাজ শ্বেখ হামদান বিন মহম্মদ বিন ৰছিদ অল মাকতুমক আদৰণি জনায়।