প্ৰবাসী ভাৰতীয়ৰ বিশিষ্ট সদস্যেৰ মত বিনিময় প্ৰধানমন্ত্ৰীৰ

February 08th, 02:48 pm

প্ৰধানমন্ত্ৰীয়ে আজি মালয়েছিয়াত প্ৰৱাসী ভাৰতীয়সকলৰ নিৰ্বাচিত নেতৃত্বৰে মত বিনিময় কৰে। এই গণ্য-মান্য ব্যক্তিসকলৰ ভিতৰত আছিল মন্ত্ৰী, চিনেটৰ, সংসদৰ সদস্য আৰু আজাদ হিন্দ ফৌজ (ভাৰতীয় ৰাষ্ট্ৰীয় সেনা- আই এন এ)ৰ প্ৰবীণ সৈনিক। এই উপলক্ষে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ডিজিটেল মন্ত্ৰী টুয়ান গোবিন্দ সিং দেও, মানৱ সম্পদ মন্ত্ৰী দাতো’ শ্ৰী ৰমন ৰামকৃষ্ণন, প্ৰধানমন্ত্ৰী বিভাগৰ উপমন্ত্ৰী টুয়ান এম কুলাছেগৰণ, ৰাষ্ট্ৰীয় ঐক্যৰ উপ-মন্ত্ৰী টুয়ান আৰ ইউনেশ্বৰন আদি।