প্ৰধানমন্ত্ৰীৰ দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বক্তব্যৰ পূৰ্ণপাঠ

June 07th, 02:00 pm

দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫-লৈ আপোনালোক সকলোকে আদৰণি জনালোঁ। ইউৰোপত পোন-প্ৰথমবাৰৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে। মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰন আৰু ফ্ৰান্স চৰকাৰক এই অনুষ্ঠানৰ আয়োজনত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। মই আগন্তুক ৰাষ্ট্ৰসংঘৰ মহাসাগৰ সন্মিলনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫ সম্বোধন কৰে

June 07th, 01:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫ সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেত ইউৰোপত পোন-প্ৰথমবাৰৰ বাবে আয়োজিত দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰাসকলক আদৰণি জনায়। তেখেতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰন আৰু ফ্ৰান্স চৰকাৰক এই অনুষ্ঠানৰ আয়োজনত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক ৰাষ্ট্ৰসংঘৰ মহাসাগৰ সন্মিলনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।

হিমাচল প্ৰদেশৰ লেপচাত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

November 12th, 03:00 pm

ভাৰত মাতৃৰ জয়গানৰ এই প্ৰতিধ্বনি, ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীৰ বীৰত্বৰ এই ঘোষণা, এই ঐতিহাসিক ভূমি, আৰু এই পৱিত্ৰ দীপাৱলী উৎসৱ। এইটো এটা আচৰিত সংযোগ, এইটো এটা আচৰিত মিলন। সন্তুষ্টি আৰু আনন্দৰে ভৰা এই মুহূৰ্তটোৱে মোৰ, আপোনালোকৰ লগতে দেশবাসীৰ বাবে দীপাৱলীলৈ নতুন পোহৰ কঢ়িয়াই আনিব বুলি মোৰ বিশ্বাস। যেতিয়া মই আপোনালোক সকলোৰে সৈতে, সকলো দেশবাসীৰ সৈতে, সীমান্তৰ পৰা, শেষ গাঁওখনৰ পৰা, যাক মই এতিয়া প্ৰথম গাঁও বুলি কওঁ, তাত নিয়োজিত আমাৰ নিৰাপত্তা বাহিনীৰ বন্ধুসকলৰ সৈতে যেতিয়া দীপাৱলী উদযাপন কৰি আছোঁ, তেতিয়া সকলো দেশবাসীলৈ দীপাৱলীৰ এই শুভেচ্ছাও বহুত বিশেষ হৈ পৰে। দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু দীপাৱলীৰ শুভেচ্ছা।

হিমাচল প্ৰদেশৰ লেপচাত সাহসী জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ

November 12th, 02:31 pm

জোৱানসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীপাৱলী উৎসৱ আৰু জোৱানসকলৰ সাহসৰ প্ৰশংসাৰ প্ৰতিধ্বনিৰ সমন্বয় দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক উজ্জ্বল মুহূৰ্ত। জোৱানসকলৰবাবেই ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ,দেশৰ অন্তিমখন গাঁওক বৰ্তমান প্ৰথমখন গাঁও বুলি গণ্য কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত 'আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা বৃদ্ধি সন্দৰ্ভত মুকলি আলোচনাঃ সামুদ্ৰিক সুৰক্ষা' বিষয়ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মন্তব্য

August 09th, 05:41 pm

Maritime Securityৰ ওপৰত এই বিশেষ আলোচনাত সংযুক্ত কৰা বাবে আপোনালোক সকলোকে ধন্যবাদ। মই Secretary Generalৰ সকাৰাত্মক বাৰ্তা আৰু U.N.O.D.C.ৰ Executive Directorৰ দ্বাৰা briefingৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। Democratic Republic of Congoৰ ৰাষ্ট্ৰপতিয়ে के African Unionৰ অধ্যক্ষ হিচাপে নিজৰ বাৰ্তা দিলে। মই বিশেষভাৱে তেওঁৰ ওচৰত কৃতজ্ঞ। মই ৰুছৰ ৰাষ্ট্ৰপতি, কেনিয়াৰ ৰাষ্ট্ৰপতি আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ বাবেও হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।

২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

March 28th, 11:30 am

২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

ইণ্ডোনেছিয়াৰ ছুনামিত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

December 23rd, 09:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াত আগ্নেয়গিৰি উদ্গিৰণৰ পাছত সৃষ্টি হোৱা ছুনামিত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷