মহাকুম্ভ সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

March 18th, 01:05 pm

প্ৰয়াগৰাজত অনুষ্ঠিত বিশাল মহাকুম্ভ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। মই এই সন্মানীয় সদনৰ যোগেদি সেইসকল লক্ষ-লক্ষ দেশবাসীক মোৰ প্ৰণাম জনাইছোঁ, যিসকলৰ অৱদানে মহাকুম্ভক সাফল্যমণ্ডিত কৰি তুলিলে। মহাকুম্ভৰ সফলতা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত বহু ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মই চৰকাৰ, সমাজ আৰু সকলো নিষ্ঠাবান কৰ্মীক অভিনন্দন জনাইছোঁ। লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকল, উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা কুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে

March 18th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে। তেখেতে মহাকুম্ভৰ সফলতা নিশ্চিতকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ অগণন নাগৰিকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মহাকুম্ভক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত ভিন্ন ব্যক্তি আৰু গোটৰ সামূহিক অৱদানত আলোকপাতেৰে তেখেতে চৰকাৰ, সমাজ আৰু জড়িত সকলো নিষ্ঠাবান কৰ্মীৰ প্ৰচেষ্টাক স্বীকৃতি জনাই আৰু তেওঁলোকৰ শলাগ লয়। শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকলৰ কথা উল্লেখেৰে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকললৈ তেওঁলোকে আগবঢ়োৱা অমূল্য সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

গংগা তালাও ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

March 12th, 05:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ পবিত্ৰ গংগা তালাও পৰিদৰ্শন কৰে। তেওঁ সেই পবিত্ৰ স্থানত প্ৰাৰ্থনা কৰাৰ লগতে ত্ৰিবেণী সংগমৰ পবিত্ৰ পানী বিসৰ্জন দিয়ে।