চন্দ্ৰ শেখৰ আজাদৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
July 23rd, 08:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চন্দ্ৰ শেখৰ আজাদৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে চন্দ্ৰ শেখৰ আজাদৰ নিৰ্ভীক অদম্য সাহস আৰু দেশপ্ৰেমে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক গৌৰৱোজ্জ্বল স্থান দখল কৰিছে।লোকমান্য তিলকৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
July 23rd, 08:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকমান্য তিলকৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মহিয়ান ব্যক্তিত্ব হিচাপে লোকমান্য তিলকে জাতীয়তাবাদৰ মনোভাৱ জাগ্ৰত কৰিছিল আৰু প্ৰতিটো প্ৰজন্মক জনসাধাৰণৰ সেৱাত নিজকে উৎসৰ্গিত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।মহান বিপ্লৱী মংগল পাণ্ডেজীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
July 19th, 10:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান বিপ্লৱী মংগল পাণ্ডেজীৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ সাহসী জীৱনে আজিও প্ৰতিজন ভাৰতীয়ক গৌৰৱেৰে ভৰাই ৰাখিছে আৰু তেওঁৰ বীৰত্বৰ কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
July 06th, 06:47 pm
কেন্দ্ৰীয় কেবিনেটৰ সহযোগী অমিত ভাই শ্বাহ, গজেন্দ্ৰ সিং শ্বেখাৱত, পশ্চিম বংগৰ গতিশীল মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, জ্যেষ্ঠ বিজেপি সদস্য আৰু মোৰ দৰে লাখ লাখ কৰ্মীৰ বাবে অনুপ্ৰেৰণা মাখনলাল জী, বিজেপিৰ ৰাজ্যিক সভাপতি শমিক ভট্টাচাৰ্য, সন্মানীয় জন প্ৰতিনিধি, বিশিষ্ট অতিথি, বিশিষ্ট ব্যক্তিসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শ্য্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সম্বোধন কৰে
July 06th, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড° শ্য্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে এক সমাৱেশক সম্বোধন কৰে। পূৰ্ব-নিৰ্ধাৰিত ভ্ৰমণসূচীৰ বাবে সোশৰীৰে উপস্থিত থাকিব নোৱাৰাৰ কাৰণ বাখ্যা কৰি তেওঁ এই গুৰুত্বপূৰ্ণ ক্ষণত ভৌগোলিক দূৰত্ব দূৰ কৰাৰ ক্ষেত্ৰত ডিজিটেল সংযোগৰ ব্যতিক্ৰমী শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে, প্ৰযুক্তিৰ সহায়ত মই এই ঐতিহাসিক কাৰ্যসূচীত আপোনালোকৰ সৈতে জড়িত হৈছোঁ।ৰামবিলাস পাছৱানজীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
July 05th, 12:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানজীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, সমাজৰ বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ উত্থানত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। জনসেৱা আৰু ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি ঐকান্তিক নিষ্ঠাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব।স্বামী বিবেকানন্দৰ নিৰ্বাণ দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
July 04th, 01:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দৰ নিৰ্বাণ দিৱসত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক পৰম্পৰা আৰু ৰাষ্ট্ৰীয় চেতনাক গোলকীয় পৰিচিতি প্ৰদান কৰাৰ ক্ষেত্ৰত স্বামী বিবেকানন্দ জীৰ অতুলনীয় অৱদানে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ গভীৰ জ্ঞান আৰু কালজয়ী আদৰ্শ সমগ্ৰ দেশৰ কোটি কোটি যুৱক-যুৱতীৰ বাবে পথ প্ৰদৰ্শক হৈ ৰৈছে। শ্ৰী মোদীয়ে কয়, এখন বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে আমাৰ সামূহিক সংকল্পক তেওঁৰ আধ্যাত্মিক বাৰ্তাই দেশবাসীক সদায় অনুপ্ৰাণিত আৰু উজ্জীৱিত কৰি ৰাখিব।হুল দিৱসত সাহসী যোদ্ধাসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
June 30th, 06:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হুল দিৱস উপলক্ষে বিদেশী শাসনৰ অন্যায়ৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় দিয়া ছিডো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ দৰে সাহসী যোদ্ধাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে জনজাতীয় মৰ্যাদা তথা সন্মানৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ সংগ্ৰাম আৰু ত্যাগৰ কাহিনীয়ে দেশবাসীৰ হৃদয়ত নতুন শক্তিৰ সঞ্চাৰ অব্যাহত ৰাখিব।প্ৰধানমন্ত্ৰীৰ বীৰ সাভাৰকাৰক তেওঁৰ জয়ন্তীত স্মৰণ
May 28th, 09:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ সাভাৰকাৰক তেওঁৰ জয়ন্তীত স্মৰণ কৰে আৰু তেওঁৰ সাহস, দেশপ্ৰেম তথা সমাজ সংস্কাৰত আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।গুজৰাটৰ সোমনাথত চৰ্দাৰ বল্লভভাই পেটেললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
May 11th, 03:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সোমনাথত চৰ্দাৰ বল্লভভাই পেটেললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
February 19th, 08:48 am
ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দূৰদৰ্শী নেতা, ব্যতিক্ৰমী প্ৰশাসক, কৌশলগত চিন্তাবিদ আৰু স্বৰাজ্যৰ বিজয়ী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।পণ্ডিত দীনদয়াল উপাধ্যায় জীক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
February 11th, 10:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পণ্ডিত দীনদয়াল উপাধ্যায় জীক তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মূল্যবোধৰ ওপৰত আধাৰিত তেওঁৰ নীতি আৰু চিন্তাধাৰা দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হৈ থাকিব।ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
January 30th, 10:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাপুৱে সদায় স্বদেশীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যি হৈছে উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আমাৰ সংকল্পৰ এক মৌলিক স্তম্ভ। ‘তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মই দেশৰ জনসাধাৰণক কৰ্তব্যৰ পথত আগবাঢ়ি যাবলৈ সদায় অনুপ্ৰাণিত কৰি থাকিব’, শ্ৰী মোদীয়ে কয়।ভাৰতৰত্ন ড০ এম. জি. ৰামচন্দ্ৰনৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
January 17th, 10:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰতৰত্ন ড০ এম. জি. ৰামচন্দ্ৰন (এমজিআৰ)ৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।ৰাণী ভেলু নাচিয়াৰৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
January 03rd, 08:16 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি ৰাণী ভেলু নাচিয়াৰৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কিংবদন্তি ৰাণীগৰাকীক শৌৰ্য্য আৰু সামৰিক দক্ষতাৰ প্ৰতিমূৰ্তি বুলি অভিহিত কৰি ভাৰতৰ অন্যতম বীৰ যোদ্ধা হিচাপে স্মৰণ কৰে।সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
January 03rd, 08:07 am
আজি সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা আৰু শিক্ষাৰ জৰিয়তে সমাজত পৰিৱৰ্তন আনিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰা অগ্ৰণী সমাজ সংস্কাৰকগৰাকীক স্মৰণ কৰে।নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন তথা শক্তি, ন্যায়, একতা সন্দৰ্ভত আলোকপাত কৰা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
December 30th, 10:10 am
অতুলনীয় সাহস আৰু বীৰত্বৰে প’ৰ্ট ব্লেয়াৰত নেতাজীয়ে ত্ৰিৰংগা পতাকা উত্তোলন কৰা ১৯৪৩ চনৰ ৩০ ডিচেম্বৰৰ ঐতিহাসিক দিনটোৰ সোঁৱৰণত আজি আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।‘সদেৱ অটল’ ত শ্ৰী অটল বিহাৰী বাজপেয়ীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 25th, 11:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীৰ জয়ন্তী উপলক্ষে তেওঁৰ স্মৃতিসৌধ 'সদেৱ অটল’ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে অটলজীৰ জীৱন জনসেৱা তথা ৰাষ্ট্ৰীয় সেৱাৰ বাবে উৎসর্গীকৃত আছিল আৰু তেওঁ সদায় দেশৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি থাকিব।প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীজীক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 25th, 08:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাজপেয়ীজীয়ে তেওঁৰ গোটেই জীৱন সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল। ‘তেওঁ কেৱল এগৰাকী বাকপটু বক্তা হিচাপেই নহয়, এগৰাকী উৎসাহী কবি হিচাপেও সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ ব্যক্তিত্ব, কৰ্ম আৰু নেতৃত্বই দেশৰ সৰ্বাংগীন উন্নয়নৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰি থাকিব’, শ্ৰী মোদীয়ে কয়।প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙজীক তেওঁৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 23rd, 09:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন চৌধুৰী চৰণ সিঙজীক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ সমাজৰ বঞ্চিত শ্ৰেণীৰ কল্যাণৰ লগতে কৃষিৰ প্ৰগতি আৰু কৃষকসকলৰ সমৃদ্ধিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ অৱদান কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে, শ্ৰী মোদীয়ে কয়।