Prime Minister pays tributes to Dr. Rajendra Prasad Ji on his birth anniversary
December 03rd, 09:11 am
The Prime Minister, Shri Narendra Modi has paid tributes to Dr. Rajendra Prasad Ji on his birth anniversary today. Shri Modi stated that from being an active participant in India’s freedom struggle, presiding over the Constituent Assembly to becoming our first President, he served our nation with unmatched dignity, dedication and clarity of purpose. His long years in public life were marked by simplicity, courage and devotion to national unity. His exemplary service and vision continue to inspire generations, Shri Modi said.অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি
November 19th, 01:46 pm
প্ৰধানমন্ত্ৰীয়ে প্ৰশান্তি নিলয়মৰ সাই কুলৱন্ত হলত শ্ৰী সত্য সাই বাবাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তাৰ পাছত দৰ্শনৰ বাবে ওমকাৰ হললৈ যায়। তেওঁ কয় যে এই পবিত্ৰ স্থানসমূহত উপস্থিত হ’লে শ্ৰী সত্য সাই বাবাৰ অসীম সহানুভূতি আৰু মানৱতাৰ উত্থানৰ বাবে জীৱনজোৰা প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে। তেওঁ লগতে কয় যে শ্ৰী সত্য সাই বাবাৰ নিঃস্বাৰ্থ সেৱাৰ বাৰ্তাই লাখ লাখ লোকক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে।ৰাণী লক্ষ্মীবাইৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
November 19th, 07:51 am
শ্ৰী মোদীয়ে কয় যে প্ৰথম স্বাধীনতা সংগ্ৰামৰ সময়ত তেওঁৰ সাহসিকতা আৰু বীৰত্বৰ কাহিনীয়ে ভাৰতীয়সকলক উৎসাহ আৰু আৱেগৰে ভৰাই ৰাখিছে। তেওঁ লগতে কয় যে কৃতজ্ঞ ৰাষ্ট্ৰই মাতৃভূমিৰ সন্মান সুৰক্ষিত কৰাৰ বাবে তেওঁৰ ত্যাগ আৰু সংগ্ৰামক কেতিয়াও পাহৰিব নোৱাৰে।প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে
November 15th, 08:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে ঝাৰখণ্ড হৈছে স্পন্দনশীল জনজাতীয় সংস্কৃতিৰে সমৃদ্ধ এক গৌৰৱময় ভূমি। ভগৱান বীৰছা মুণ্ডাৰ উত্তৰাধিকাৰক স্মৰণেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ ভূমিৰ ইতিহাস সাহসিকতা, সংগ্ৰাম আৰু মৰ্য্যাদাৰ প্ৰেৰণাদায়ক কাহিনীৰে পৰিপূৰ্ণ।বিহাৰ কোকিলা শাৰদা সিনহা জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
November 05th, 10:36 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম মৃত্যু বাৰ্ষিকীত বিহাৰ কোকিলা শাৰদা সিনহা জীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।তেওঁ লোকগীতৰ জৰিয়তে বিহাৰৰ কলা-সংস্কৃতিক এক নতুন পৰিচয় প্ৰদান কৰিলে, যাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। মহান উৎসৱ ষঠৰ সৈতে জড়িত তেওঁৰ সুৰীয়া গীতসমূহ চিৰদিনৰ বাবে ৰাইজৰ হৃদয়ত খোদিত হৈ থাকিব, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰীয়ে পাটনাত ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
November 02nd, 10:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনাৰ দিনকৰ গোলম্বৰত ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।সমগ্ৰ ভাৰতৰ জনসাধাৰণক সংযোগ কৰা এক গণ আন্দোলনৰ জৰিয়তে নিৰ্মিত ষ্টেচু অব্ ইউনিটী হৈছে চৰ্দাৰ পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ঃ প্ৰধানমন্ত্ৰী
October 31st, 12:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 'ষ্টেচু অব্ ইউনিটী' হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু সমগ্ৰ ভাৰতৰ, বিশেষকৈ গ্ৰামাঞ্চলৰ নাগৰিকে এই প্ৰতিমূৰ্তিটোৰ সৈতে গভীৰ সংযোগ অনুভৱ কৰা গণ আন্দোলনৰ এক উল্লেখযোগ্য নিদৰ্শন।Prime Minister pays tributes to Sardar Vallabhbhai Patel at the Statue of Unity in Kevadia
October 31st, 12:41 pm
The Prime Minister, Shri Narendra Modi has paid tributes to Sardar Vallabhbhai Patel at the ‘Statue of Unity’ in Kevadia.ভাৰতে চৰ্দাৰ বল্লভভাই পেটেলক তেওঁৰ ১৫০ সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ঃ প্ৰধানমন্ত্ৰী
October 31st, 08:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে চৰ্দাৰ বল্লভভাই পেটেলক তেওঁৰ ১৫০ সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।ডo এ পি জে আব্দুল কালামৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে
October 15th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড0 এ পি জে আব্দুল কালামৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
October 12th, 09:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াক জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰীয়ে শ্যামজী কৃষ্ণ বৰ্মালৈ তেওঁৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
October 04th, 09:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্যামজী কৃষ্ণ বৰ্মাৰ জন্মদিন উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি তেওঁৰ অদম্য সমৰ্পণৰ মনোভাৱক স্মৰণেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
September 25th, 08:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ মতাদৰ্শগত আৰু উন্নয়নমূলক যাত্ৰাত তেওঁৰ গভীৰ অৱদানৰ কথা স্মৰণ কৰে।মহাৰাজ অগ্ৰসেন জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
September 22nd, 02:11 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাজা অগ্ৰসেন জীৰ জয়ন্তী উপলক্ষে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে অভিযন্তা দিৱসত ছাৰ এম. বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
September 15th, 08:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে ভাৰতৰত্ন ছাৰ এম. বিশ্বেশ্বৰায়লৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ অগ্ৰণী অৱদানে ভাৰতৰ আধুনিক অভিযান্ত্ৰিক বাতাবৰণৰ ভেটি স্থাপন কৰিছিল।ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা, মেজৰ ধ্যানচান্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ
August 29th, 08:39 am
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ সন্মানাৰ্থে প্ৰতি বছৰে ২৯ আগষ্টত উদযাপিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ বিকশিত ক্ৰীড়া প্ৰেক্ষাপটৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া আৰু সু-স্বাস্থ্যৰ সংস্কৃতি গঢ়ি তোলা, এথলীটসকলৰ বাবে প্ৰতিষ্ঠানিক সমৰ্থন শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে আধুনিক প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ পৰিৱেশ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নিষ্ঠাৰ বিষয়ে দোহাৰে।মহাত্মা আয়ংকালীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 28th, 03:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা আয়ংকালীৰ জন্ম বাৰ্ষিকীত আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক সামাজিক ন্যায় আৰু সবলীকৰণৰ চিৰস্থায়ী প্ৰতীক হিচাপে স্মৰণ কৰে। শ্ৰী মোদীয়ে মহাত্মা আয়ংকালীৰ শিক্ষা আৰু সমতাৰ প্ৰতি অটল দায়বদ্ধতাক আলোকপাত কৰি কয় যে তেওঁৰ উত্তৰাধিকাৰে দেশখনক সৰ্বাংগীন বিকাশৰ দিশত অনুপ্ৰাণিত কৰি যাব।মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰ জীৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 19th, 01:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰ জীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ত্ৰিপুৰাত উন্নয়নমূলক পদক্ষেপত তেওঁৰ দৃষ্টান্তমূলক প্ৰচেষ্টাৰ বাবে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰ জীক প্ৰশংসা কৰা হয়। ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁৰ অনুৰাগ, দৰিদ্ৰ লোকসকলক সবলীকৰণৰ বাবে অংগীকাৰ আৰু সামাজিক উন্নয়নৰ প্ৰতি নিষ্ঠাই আমাক যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে, শ্ৰী মোদীয়ে লগতে কয়।বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে বিভাজনৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ দৃঢ়তা আৰু সহনশীলতাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
August 14th, 08:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ইতিহাসৰ আটাইতকৈ মৰ্মান্তিক অধ্যায়সমূহৰ ভিতৰত অন্যতম বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰি অসংখ্য ব্যক্তিয়ে সন্মুখীন হোৱা অপৰিসীম যন্ত্ৰণা আৰু দুখ-কষ্টৰ কথা স্মৰণ কৰে।কাকোৰী কাণ্ডৰ শতবাৰ্ষিকীত দেশপ্ৰেমিক ভাৰতীয়ৰ সাহসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
August 09th, 02:59 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি কাকোৰী কাণ্ডৰ শতবাৰ্ষিকী উপলক্ষ্যে সেই কাণ্ডত অংশগ্ৰহণ কৰা ভাৰতীয়সকলৰ শৌৰ্য্য তথা দেশপ্ৰেমৰ মনোভাবৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।