Prime Minister speaks with the Amir of Qatar

July 16th, 09:35 pm

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 06th, 12:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীক তেওঁৰ ১২৫ সংখ্যক জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ একতা, মৰ্যাদা আৰু প্ৰগতিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী বিশিষ্ট ৰাষ্ট্ৰ নিৰ্মাতা, বিশিষ্ট শিক্ষাবিদ আৰু দূৰদৰ্শী নেতা হিচাপে তেওঁক স্মৰণ কৰে।

ৰামবিলাস পাছৱানজীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 05th, 12:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানজীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, সমাজৰ বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ উত্থানত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। জনসেৱা আৰু ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি ঐকান্তিক নিষ্ঠাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব।

স্বামী বিবেকানন্দৰ নিৰ্বাণ দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 04th, 01:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দৰ নিৰ্বাণ দিৱসত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক পৰম্পৰা আৰু ৰাষ্ট্ৰীয় চেতনাক গোলকীয় পৰিচিতি প্ৰদান কৰাৰ ক্ষেত্ৰত স্বামী বিবেকানন্দ জীৰ অতুলনীয় অৱদানে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ গভীৰ জ্ঞান আৰু কালজয়ী আদৰ্শ সমগ্ৰ দেশৰ কোটি কোটি যুৱক-যুৱতীৰ বাবে পথ প্ৰদৰ্শক হৈ ৰৈছে। শ্ৰী মোদীয়ে কয়, এখন বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে আমাৰ সামূহিক সংকল্পক তেওঁৰ আধ্যাত্মিক বাৰ্তাই দেশবাসীক সদায় অনুপ্ৰাণিত আৰু উজ্জীৱিত কৰি ৰাখিব।

হুল দিৱসত সাহসী যোদ্ধাসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

June 30th, 06:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হুল দিৱস উপলক্ষে বিদেশী শাসনৰ অন্যায়ৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় দিয়া ছিডো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ দৰে সাহসী যোদ্ধাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে জনজাতীয় মৰ্যাদা তথা সন্মানৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ সংগ্ৰাম আৰু ত্যাগৰ কাহিনীয়ে দেশবাসীৰ হৃদয়ত নতুন শক্তিৰ সঞ্চাৰ অব্যাহত ৰাখিব।

ৰাজৰ্ষী ছত্ৰপতি শ্বাহুজী মহাৰাজলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

June 26th, 12:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজৰ্ষী ছত্ৰপতি শ্বাহুজী মহাৰাজৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, তেওঁ বঞ্চিত, শোষিত আৰু পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে নিজৰ জীৱন উছৰ্গা কৰিছিল। তেওঁৰ মহান কৰ্ম আৰু আদৰ্শই যুগ যুগ ধৰি দেশক পথ প্ৰদৰ্শন কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে হজৰত ইমাম হুছেইনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

June 26th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হজৰত ইমাম হুছেইন (আঃ)লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ কালজয়ী ত্যাগ, সত্য আৰু ন্যায়ৰ প্ৰতি থকা অটল দায়বদ্ধতাক স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে ইমাম হুছেইনৰ জীৱন আৰু তেওঁ শ্বহীদ হোৱাটো সাহস আৰু দৃঢ়তাৰ চিৰস্থায়ী নিদৰ্শন।

জৰুৰীকালীন সময়ত গণতন্ত্ৰ ৰক্ষাকাৰীসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

June 25th, 10:53 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৰুৰীকালীন সময়ত গণতান্ত্ৰিক মূল্যবোধসমূহক দৃঢ়তাৰে ৰক্ষা কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াক ভাৰতৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে এই সময়ছোৱাত অগণন নাগৰিকৰ অসাধাৰণ সাহস আৰু সহনশীলতা প্ৰদৰ্শিত হৈছিল, যিসকলে নীৰৱ হৈ থাকিবলৈ অস্বীকাৰ কৰাৰ লগতে সংবিধানৰ আদৰ্শসমূহৰ সমৰ্থন কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰিয়ালৰ সদস্যৰ পাহাৰপুৰত থকা সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে

June 20th, 08:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াত শ্যামচৰণ মুৰ্মু, প্ৰয়াত লখন মুৰ্মু আৰু প্ৰয়াত ছিপুন মুৰ্মুৰ পাহাৰপুৰৰ বিদ্যালয় চৌহদত থকা সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰে।

Prime Minister lays wreath at the Tomb of the Unknown Soldier

June 15th, 06:00 pm

PM Modi paid tribute to Slovakia’s fallen soldiers at the Tomb of the Unknown Soldier in Bratislava. Accompanied by Slovak Prime Minister Robert Fico, he laid a wreath at the memorial and honoured the brave soldiers who played a pivotal role in Slovakia’s liberation during World War II.

ভাৰতত সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে বিশ্বৰ নেতাসকলে

June 09th, 07:32 pm

ভাৰতত সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ কাইলৈ অভিলেখ গঢ়িবলগীয়া প্ৰধানমন্ত্ৰী মোদীক বিশ্বৰ নেতাসকলে আগতীয়াকৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তনশীল শাসন ব্যৱস্থা, গ্ল’বেল চাউথৰ বাবে তেওঁৰ পোষকতা আৰু তেওঁৰ সৰ্বাংগীন তথা অৰ্থনৈতিকভাৱে গতিশীল ভাৰতৰ দৃষ্টিভংগীক সমগ্ৰ বিশ্বৰ বিশ্বৰ নেতাসকলে স্বীকৃতি দিয়ে।

লোকমাতা অহিল্যাবাই হোলকাৰৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

May 31st, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকমাতা অহিল্যাবাই হোলকাৰৰ জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ এন টি আৰ গাৰুক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন

May 28th, 09:56 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এন টি আৰ গাৰুক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ বীৰ সাভাৰকাৰক তেওঁৰ জয়ন্তীত স্মৰণ

May 28th, 09:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ সাভাৰকাৰক তেওঁৰ জয়ন্তীত স্মৰণ কৰে আৰু তেওঁৰ সাহস, দেশপ্ৰেম তথা সমাজ সংস্কাৰত আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মৃত্যুবাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

May 21st, 09:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীক তেওঁৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গুজৰাটৰ সোমনাথত চৰ্দাৰ বল্লভভাই পেটেললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

May 11th, 03:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সোমনাথত চৰ্দাৰ বল্লভভাই পেটেললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পঁচিশ বৈশাখ উপলক্ষ্যে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰলৈ প্ৰধানমন্ত্ৰীৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি

May 09th, 09:10 am

আজি পঁচিশ বৈশাখ উপলক্ষ্যে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে।

মহাৰাণা প্ৰতাপৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

May 09th, 09:06 am

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে মহাযোদ্ধা মহাৰাণা প্ৰতাপৰ প্ৰতি তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

April 22nd, 11:07 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যোৱা বছৰৰ এই দিনটোতে পেহেলগামৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভুক্তভোগীসকলক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক কেতিয়াও পাহৰিব নোৱাৰি বুলি উল্লেখ কৰি এই দুখৰ সময়ত তেওঁলোকৰ পৰিয়ালৰ সৈতে থিয় দিবলৈ ৰাষ্ট্ৰৰ স্থায়ী প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

April 17th, 08:53 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চন্দ্ৰ শেখৰৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।