ফলাফলৰ তালিকাঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

December 05th, 05:53 pm

ভাৰত চৰকাৰ আৰু ৰাছিয়ান চৰকাৰৰ মাজত এখন ৰাজ্যৰ ভূখণ্ডত থকা আনএখন দেশৰ নাগৰিকৰ অস্থায়ী শ্ৰম কাৰ্যকলাপৰ ওপৰত চুক্তি

২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ পাছত যুটীয়া বিবৃতি

December 05th, 05:43 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ভ্লাদিমিৰ পুটিনে ২০২৫ চনৰ ডিচেম্বৰ মাহত ২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰে।

বাৰাণসীৰপৰা চাৰিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 08th, 08:39 am

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী শ্ৰী আদিত্যনাথ জী; কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ আৰু বিকশিত ভাৰতৰ শক্তিশালী ভেটি স্থাপন কৰা উল্লেখযোগ্য প্ৰযুক্তিগত অগ্ৰগতিৰ নেতৃত্ব প্ৰদানকাৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী; এৰ্নাকুলামৰ পৰা প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ জী; কেন্দ্ৰত মোৰ সতীৰ্থ শ্ৰী সুৰেশ গোপী জী আৰু শ্ৰী জৰ্জ কুৰিয়ান জী; কেৰালাত এই কাৰ্য্যসূচীত উপস্থিত থকা আন সকলো মন্ত্ৰী আৰু জনপ্ৰতিনিধি; কেন্দ্ৰত মোৰ সতীৰ্থ আৰু পঞ্জাৱৰ নেতা তথা ফিৰোজপুৰৰ পৰা সংযুক্ত শ্ৰী ৰৱনীত সিং বিট্টু জী; তাত থকা সকলো জনপ্ৰতিনিধি; লক্ষ্ণৌৰ পৰা সংযুক্ত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠক জী; আন-আন বিশিষ্ট অতিথি আৰু মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে

November 08th, 08:15 am

ভাৰতৰ আধুনিক ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনোৱাৰ লগতে বাবা বিশ্বনাথৰ পবিত্ৰ নগৰ বাৰাণসীৰ সকলো পৰিয়াললৈ শুভেচ্ছা জনায়। তেওঁ দেৱ দীপাৱলীৰ সময়ত প্ৰত্যক্ষ কৰা অসাধাৰণ উদযাপন কাৰ্য্য সন্দৰ্ভত ব্যক্ত কৰি আজিও এক শুভ অনুষ্ঠান বুলি উল্লেখেৰে উন্নয়নৰ এই উৎসৱৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ৮-৯ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব

October 07th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮-৯ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী নৱী মুম্বাইত উপস্থিত হ’ব আৰু আবেলি প্ৰায় ৩ বজাত তেখেতে নৱ-নিৰ্মিত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শন কৰিব। ইয়াৰ পিছত প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মুম্বাইৰ ভিন্ন প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰিব। তেখেতে লগতে সমবেতসকলক সম্বোধন কৰিব।

অসমৰ দৰঙত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 14th, 11:30 am

অসমৰ বিকাশৰ যাত্ৰাৰ এই ঐতিহাসিক দিনটোত দৰংবাসীৰ লগতে সমগ্ৰ অসমবাসীক মই আন্তৰিক ওলগ আৰু অভিনন্দন জনাইছো।

অসমৰ দৰঙত প্ৰায় ৬,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

September 14th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ দৰঙত প্ৰায় ৬,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়ন যাত্ৰাৰ এই ঐতিহাসিক দিনটোত দৰংবাসীৰ লগতে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

মিজোৰামত আধাৰশিলা স্থাপন আৰু উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 13th, 10:30 am

নীলা পৰ্বতৰ এই সুন্দৰ ভূমিক চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক মই প্ৰণাম জনাইছো। মই মিজোৰামৰ লেংপুই বিমানবন্দৰত আছো। দুৰ্ভাগ্যবশতঃ বেয়া বতৰৰ বাবে আপোনালোকৰ লগত আইজলত যোগদান কৰিব নোৱাৰাৰ বাবে মই দুঃখিত। কিন্তু এই মাধ্যমৰ পৰাও আপোনালোকৰ মৰম অনুভৱ কৰিব পাৰিছো।

মিজোৰামৰ আইজলত ৯০০০কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 13th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ আইজলত ৯০০০ কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। এই প্ৰকল্পসমূহে ৰে’লৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক সামৰি ল’ব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নীলা পৰ্বতে আগুৰি ৰখা মনোমোহা ভূমি চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক প্ৰণিপাত জনায় । দুখ প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে যে তেওঁ মিজোৰামৰ লেংপুই বিমানবন্দৰত উপস্থিত আছিল কিন্তু বেয়া বতৰৰ বাবে আইজলত তেওঁ ৰাইজৰ সৈতে যোগ দিব পৰা নাই । এনে পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰেও তেওঁ ৰাইজৰ মৰম অনুভৱ কৰিব পাৰিছে।

পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ

August 29th, 07:11 pm

ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।

কৰ্ণাটক, তেলেংগানা, বিহাৰ আৰু অসম উপকৃত হোৱাকৈ তিনিটা প্ৰকল্পৰ মাল্টি ট্ৰেকিং আৰু গুজৰাটৰ কচ্চৰ দুৰ্গম অঞ্চল সংযোগ কৰিবলৈ নতুন ৰে’ল লাইনৰ অনুমোদন কেবিনেটৰ

August 27th, 04:50 pm

সংশ্লিষ্ট প্ৰকল্পসমূহৰ লক্ষ্য হৈছে যাত্ৰী আৰু সামগ্ৰী উভয়ৰে নিৰৱচ্ছিন্ন আৰু দ্ৰুত পৰিবহণ নিশ্চিত কৰা। এই পদক্ষেপসমূহে সংযোগ প্ৰদান আৰু ভ্ৰমণৰ সুবিধা উন্নত কৰাৰ লগতে লজিষ্টিক ব্যয় হ্ৰাস কৰাৰ লগতে তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। তদুপৰি এই প্ৰকল্পসমূহে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত অৰিহণা যোগাব, যাৰ ফলত বহনক্ষম আৰু কাৰ্যক্ষম ৰে’ল পৰিচালনাৰ প্ৰসাৰ ঘটিব। এই প্ৰকল্পসমূহে নিৰ্মাণৰ সময়ত প্ৰায় ২৫১ লাখ মানৱ দিন প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব।

পশ্চিম বংগৰ কলকাতাত মূল আন্তঃগাঁথনি প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ

August 22nd, 05:15 pm

আজি আকৌ এবাৰ পশ্চিম বংগৰ উন্নয়ন ত্বৰান্বিত কৰাৰ সুযোগ পাইছো। নয়াপাৰাৰ পৰা জয় হিন্দ বিমান বন্দৰলৈ কলকাতা মেট্ৰ’ উপভোগ কৰি এইমাত্ৰ উভতি আহিছো। এই সময়ছোৱাত বহু সহকৰ্মীৰ লগত কথা পতাৰ সুযোগো পাইছিলোঁ। সকলোৱে সুখী যে কলকাতাৰ ৰাজহুৱা পৰিবহণ সচাকৈয়ে এতিয়া আধুনিক হৈ পৰিছে। আজি ইয়াত ছয় লেনযুক্ত উচ্চ কোনা এক্সপ্ৰেছৱেৰ আধাৰশিলাও স্থাপন কৰা হৈছে। হাজাৰ কোটি টকাৰ এই সকলোবোৰ প্ৰকল্পৰ বাবে কলকাতাবাসী আৰু সমগ্ৰ পশ্চিমবংগবাসীলৈ অশেষ অভিনন্দন।

পশ্চিমবংগৰ কলকাতাত ৫২০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 22nd, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ কলকাতাত ৫২০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সভাত ভাষণ দি তেওঁ কয় যে পুনৰবাৰ ৰাজ্যৰ উন্নয়নত অৰিহণা যোগোৱাৰ সুযোগ পাইছো। প্ৰধানমন্ত্ৰীয়ে নয়াপাৰাৰ পৰা জয় হিন্দ বিমানবন্দৰলৈ কলকাতা মেট্ৰ’ত যাত্ৰা কৰাৰ অভিজ্ঞতাৰ কথা দোহাৰে, য’ত তেওঁ সহযাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু চহৰখনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণক লৈ তেওঁৰ সন্তুষ্টিৰ কথা উল্লেখ কৰে। ছয় লেনযুক্ত উচ্চ ক’না এক্সপ্ৰেছৱে’ৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে কলকাতা আৰু পশ্চিম বংগৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

ইউইআৰ-II আৰু দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 17th, 12:45 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী নীতিন গাডকাৰী জি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় ছাক্সেনাজী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী অজয় তামতাজী, হৰ্ষ মালহোত্ৰা জী, দিল্লী আৰু হাৰিয়ানাৰ সাংসদ, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল,

১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 17th, 12:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে স্থানৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য কৰি কয় যে এক্সপ্ৰেছৱেৰ নাম “দ্বাৰকা,” আৰু কাৰ্যসূচী “ৰোহিনী”ত অনুষ্ঠিত হৈছে। জন্মাষ্টমীৰ উৎসৱমুখৰ পৰিৱেশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই দ্বাৰকাধীশ দেশৰ বুলি কাকতলীয়া কথাটো উনুকিয়ায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সমগ্ৰ পৰিৱেশটো ভগৱান শ্ৰীকৃষ্ণৰ সত্তাৰে গভীৰভাৱে সংপৃক্ত হৈছে।

পশ্চিমবংগৰ দুৰ্গাপুৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

July 18th, 02:35 pm

আমাৰ দুৰ্গাপুৰ ষ্টীল চিটি হোৱাৰ উপৰিও ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। ভাৰতৰ উন্নয়নত দুৰ্গাপুৰে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি আমি এই ভূমিকাক অধিক সুদৃঢ়কৰণৰ সুযোগ লাভ কৰিছোঁ। কিছু সময় পূৰ্বে ইয়াৰ পৰাই ৫,৪০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিছোঁ। এই সকলোবোৰ প্ৰকল্পই ইয়াৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব। গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিয়ে উদ্দীপনা লাভ কৰিব। আজিৰ প্ৰকল্পসমূহে ষ্টীল চিটিৰ পৰিচয়ক অধিক সুদৃঢ় কৰিব। অৰ্থাৎ এই প্ৰকল্পসমূহে মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড মন্ত্ৰৰে পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে একাধিক কৰ্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে

July 18th, 02:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টীল চিটি হিচাপে পৰিচিত দুৰ্গাপুৰ ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। তেখেতে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ উল্লেখযোগ্য অৱদানক স্বীকাৰেৰে কয় যে আজি সেই ভূমিকাক অধিক সুদৃঢ়কৰণৰ অৰ্থে সুযোগৰ উন্মেষ ঘটিছে। শ্ৰী মোদীয়ে কয় যে আজি শুভাৰম্ভ কৰা প্ৰকল্পসমূহে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব, গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিক উদ্দীপনা যোগাব আৰু ষ্টীল চিটি হিচাপে দুৰ্গাপুৰৰ পৰিচয়ক সমৃদ্ধ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পসমূহ “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড” দৃষ্টিভংগীৰে সংগতিপূৰ্ণ আৰু ই পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। তেখেতে দৃঢ়তাৰে কয় যে ইয়াৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে অসীম নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে তেখেতে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০তকৈ অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 12th, 11:30 am

কেন্দ্ৰীয় চৰকাৰৰ যুৱক-যুৱতীসকলক স্থায়ী চাকৰি প্ৰদানৰ বাবে আমাৰ অভিযান অব্যাহত আছে। আৰু আমাৰ পৰিচয়, কাৰো পৰামৰ্শ অবিহনে বা ব্যয় নোহোৱাকৈ কৰা। আজি ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিয়া হৈছে। এনে নিয়োগ মেলাৰ জৰিয়তে এতিয়ালৈকে লাখ লাখ যুৱকে ভাৰত চৰকাৰত স্থায়ী চাকৰি লাভ কৰিছে। এতিয়া এই যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত ডাঙৰ ভূমিকা পালন কৰিছে। আজিও আপোনালোকৰ বহুতেই ভাৰতীয় ৰে’লৱেত নিজৰ কৰ্তব্য আৰম্ভ কৰিছে, বহু বন্ধু এতিয়া দেশৰ নিৰাপত্তাৰক্ষী হ'ব, ডাক বিভাগত নিযুক্ত বন্ধুৱে প্ৰতিখন গাওঁলৈ চৰকাৰৰ সা-সুবিধাসমূহ যোগান ধৰিব, কিছুমান বন্ধু হ'ব হেল্থ ফৰ অল মিছনৰ যোদ্ধা, বহু যুৱকে আৰ্থিক অন্তৰ্ভুক্তিৰ ইঞ্জিন আৰু অধিক দ্ৰুত কৰিব আৰু বহু বন্ধুৱে ভাৰতৰ ঔদ্যোগিক উন্নয়নত নতুন গতি দিব। আপোনাৰ বিভাগবোৰ বেলেগ বেলেগ, কিন্তু লক্ষ্য এটা আৰু সেই লক্ষ্য কি, আমি বাৰে বাৰে মনত ৰাখিব লাগিব, আমাৰ লক্ষ্য এটাই। বিভাগ যিয়েই নহওক, কাম যিয়েই নহওক কিয়, পদ যিয়েই নহওক কিয়, অঞ্চল যিয়েই নহওক কিয়, লক্ষ্য এটাই-ৰাষ্ট্ৰীয় সেৱা। সূত্ৰটো এটা-নাগৰিক প্ৰথম। দেশৰ জনসাধাৰণৰ সেৱা কৰিবলৈ আপুনি বহুত ডাঙৰ মঞ্চ পাইছে। জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত ইমান ডাঙৰ সফলতা লাভ কৰাৰ বাবে আপোনালোক সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছো। এই নতুন যাত্ৰাৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ।

ৰোজগাৰ মেলাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

July 12th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ প্ৰদান কৰাৰ লগতে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানৰ নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ দৃঢ়তাৰে কয় যে আজি ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা এই যুৱক-যুৱতীসকলৰ নতুন দায়িত্ব আৰম্ভ হৈছে। তেওঁ যুৱক-যুৱতীসকলক বিভিন্ন বিভাগত চাকৰি আৰম্ভ কৰাৰ বাবে অভিনন্দন জনাই এই কথাত গুৰুত্ব আৰোপ কৰে যে বিভিন্ন ভূমিকা সত্ত্বেও তেওঁলোকৰ উমৈহতীয়া লক্ষ্য হৈছে নাগৰিক প্ৰথম নীতিৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় সেৱা।

বিশ্ব পৰিবেশ দিৱসত এক পেড় মা কে নাম পদক্ষেপৰ অধীনত বিশেষ বৃক্ষৰোপণ অভিযানৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে

June 04th, 01:20 pm

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ জুন, ২০২৫ তাৰিখে পুৱা ১০:১৫ বজাত নতুন দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত এক বিশেষ বৃক্ষৰোপণৰ পদক্ষেপৰ নেতৃত্ব দিব, যাৰ জৰিয়তে পৰিৱেশ পৰিচালনা আৰু সেউজ গতিশীলতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিব।