
গুজৰাটৰ দাহোদত বিভিন্ন উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
May 26th, 11:45 am
গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই, ৰেল মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱ, গুজৰাটৰ কেবিনেটৰ মোৰ সকলো সহযোগী, সাংসদসকল, বিধানসভাৰ সদস্যসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল, আৰু দহোদৰৰ মোৰ মৰমৰ ভাই-ভনীসকল!
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ দাহোদত ২৪,০০০কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা
May 26th, 11:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দাহোদত ২৪,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সমাৱেশত সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে ২৬মে'ৰ বিশেষ গুৰুত্ব আছে কিয়নো ই ২০১৪চনত তেওঁ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে এই দিনটোতে শপত গ্ৰহণ কৰিছিল।ৰাষ্ট্ৰৰ নেতৃত্ব দিয়াৰ দায়িত্ব প্ৰদান কৰা গুজৰাটৰ জনসাধাৰণৰ অটল সমৰ্থন আৰু আশীৰ্বাদক তেওঁ স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বিশ্বাস আৰু উৎসাহে অহৰ্নিশে দেশৰ সেৱা কৰাৰ প্ৰতি তেওঁৰ সমৰ্পণক উজ্জীৱিত কৰিছে। বছৰ বছৰ ধৰি, ভাৰতে কেইবা দশক পুৰণি বাধা নেওচি অভূতপূৰ্ব আৰু অকল্পনীয় সিদ্ধান্ত গ্ৰহণ কৰি আহিছে আৰু প্ৰতিটো খণ্ডতে প্ৰগতিৰ দিশে ধাৱমান হৈছে। আজি ৰাষ্ট্ৰখন হতাশা আৰু অন্ধকাৰৰ যুগৰ পৰা আত্মবিশ্বাস আৰু আশাবাদৰ এক নতুন যুগলৈ ধাৱিত হৈছে, তেওঁ লগতে কয়। ১৪০ কোটি ভাৰতীয় বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে শ্ৰী মোদীয়ে ভাৰতৰ ভিতৰত অত্যাৱশ্যকীয় সামগ্ৰী নিৰ্মাণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে আত্মনিৰ্ভৰশীলতা হৈছে সময়ৰ প্ৰয়োজন। তেওঁ ঘৰুৱা উৎপাদন আৰু ৰপ্তানি দুয়োটাই ধাৰাবাহিকভাৱে বৃদ্ধি হোৱা বুলি উল্লেখ কৰি কয় যে ভাৰতে গোলকীয় উৎপাদন খণ্ডত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে। ভাৰতে এতিয়া স্মাৰ্টফোন, গাড়ী, পুতলা, প্ৰতিৰক্ষা সঁজুলি আৰু ঔষধকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী ৰপ্তানি কৰি আছে। তেওঁ লগতে কয় যে ভাৰতে কেৱল ৰে’ল আৰু মেট্ৰ’ প্ৰযুক্তি নিৰ্মাণ কৰাই নহয় বৰঞ্চ ইয়াক গোলকীয়ভাবে ৰপ্তানি কৰি আছে। হাজাৰ হাজাৰ কোটি টকাৰ বৃহৎ প্ৰকল্প উদ্বোধন আৰু মুকলি কৰা দহোদক এই প্ৰগতিৰ এক প্ৰধান উদাহৰণ হিচাপে উল্লেখ কৰি শ্ৰী মোদীয়ে দহোদ বৈদ্যুতিক লোকোমোটিভ ফেক্টৰীক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে উল্লেখ কৰে। তেওঁ তিনি বছৰ পূৰ্বে ইয়াৰ আধাৰশিলা স্থাপনৰ কথা স্মৰণ কৰি প্ৰথমটো বৈদ্যুতিক ইঞ্জিন এতিয়া সফলতাৰে নিৰ্মাণ কৰা বুলি গৌৰৱ প্ৰকাশ কৰে। গুজৰাট আৰু সমগ্ৰ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত হিচাপে চিহ্নিত কৰি তেওঁ লোকোমোটিভটোৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি, গুজৰাট ইয়াৰ ৰে'লৱে নেটৱৰ্কৰ বৈদ্যুতিকীকৰণৰ লক্ষ্যত উপনীত হোৱা বুলি ঘোষণা কৰি তেওঁ ইয়াক এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি অভিহিত কৰে আৰু এই কৃতিত্বৰ বাবে গুজৰাটৰ জনসাধাৰণক অভিনন্দন জনায়।
‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 11:30 am
নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 30th, 11:30 am
নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি
March 20th, 12:22 pm
আকাশৰ পৰা সাগৰলৈকে, এআইৰ পৰা প্ৰাচীন শিল্পকৰ্মলৈকে এই সপ্তাহত ভাৰতে সম্প্ৰসাৰণ, অগ্ৰগতি আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। এক দ্ৰুত উত্থানশীল বিমান উদ্যোগ, ভাৰত মহাসাগৰত এক বৈজ্ঞানিক ৰহস্য উদঘাটন, ঐতিহাসিক উপগ্ৰহ উৎক্ষেপণ আৰু এআই চাকৰিৰ উত্থান ইত্যাদিৰে ভাৰতে আত্মবিশ্বাসেৰে ভৱিষ্যতৰ দিশত অগ্ৰসৰ হৈছে। ইয়াৰ মাজতে আৰ্মেনিয়াৰ সৈতে সম্পৰ্ক গভীৰ হৈছে, এটা ডাঙৰ মহাকাশ প্ৰতিষ্ঠানে ভাৰতৰ উপকূলৰ ওপৰত চকু ৰাখিছে আৰু শিল্পীসকলে ঐতিহ্যমণ্ডিত খেলনা নিৰ্মাণত নতুন জীৱন প্ৰদান কৰিছে। ভাৰতৰ অদম্য উত্থানক সংজ্ঞায়িত কৰা কাহিনীবোৰৰ মাজত ডুব যাওঁ আহক৷ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 06th, 08:05 pm
আপোনালোক সকলো নিশ্চয় ভাগৰি পৰিছে, অৰ্ণবৰ উচ্চ স্বৰত আপোনালোকৰ কাণ দুখন নিশ্চয় ভাগৰি পৰিছে, বহক অৰ্ণব, এতিয়াও নিৰ্বাচনৰ বতৰ হোৱা নাই। প্ৰথমে ৰিপাব্লিক টিভিক এই অভিনৱ অভিজ্ঞতাৰ বাবে অভিনন্দন জনাইছো। আপোনালোকে যুৱক-যুৱতীসকলক তৃণমূল পৰ্যায়ত জড়িত কৰি ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰি ইয়ালৈ আনিছে। দেশৰ যুৱক-যুৱতীসকল যেতিয়া জাতীয় বক্তৃতাৰ লগত জড়িত হৈ পৰে তেতিয়া চিন্তাত নতুনত্বৰ সৃষ্টি হয়, ই সমগ্ৰ পৰিৱেশকে নতুন শক্তিৰে ভৰাই তোলে আৰু এই সময়ত আমিও ইয়াত একে শক্তি অনুভৱ কৰি আছো। এক প্ৰকাৰে যুৱক-যুৱতীসকলৰ জড়িততাৰে আমি প্ৰতিটো বান্ধোন ভাঙিবলৈ সক্ষম হৈছো, সীমাৰ ঊৰ্ধ্বলৈ যাব পাৰিছো, তথাপিও এনে কোনো লক্ষ্য নাই যিটো অসম্ভৱ। কোনো গন্তব্যস্থান নাই যিটোত উপনীত হ’ব নোৱাৰি। এই সন্মিলনৰ বাবে ৰিপাব্লিক টিভিয়ে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰিছে। এই সন্মিলনৰ সফলতাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সম্বৰ্ধনা জনাইছো। বাৰু, মোৰো এই বিষয়ে অলপ ন্যস্ত স্বাৰ্থ আছে প্ৰথমতে, মই যোৱা কেইদিনমানৰ পৰা ভাবি আহিছো যে মই এক লাখ যুৱকক ৰাজনীতিত আনিব লাগিব আৰু সেই এক লাখ যুৱক-যুৱতী এনে হ’ব লাগে যি পৰিয়ালৰ প্ৰথম ভোটাৰ, এক প্ৰকাৰে এনেধৰণৰ অনুষ্ঠানে মোৰ এই লক্ষ্যৰ বাবে আধাৰ সাজু কৰি তুলিছে। দ্বিতীয়তে, মোৰ ব্যক্তিগত লাভ আছে, সেয়া হৈছে ২০২৯ চনত ভোট দিবলৈ যাবলগীয়া সকলে নাজানে ২০১৪ চনৰ আগতে বাতৰি কাকতৰ শিৰোনাম কি আছিল, তেওঁলোকে নাজানে, আগতে ১০-১০, ১২-১২ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল, তেওঁলোকে নাজানে আৰু ২০২৯ চনত কেতিয়া ভোট দিবলৈ যাব, তুলনাৰ বাবে তেওঁলোকৰ আগত একো নাথাকিব আৰু গতিকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু মই নিশ্চিত যে যিখন আধাৰ নিৰ্মাণ কৰা হৈছে সেইখনে সেই কামক শক্তিশালী কৰি তুলিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে
March 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এমএছএমই খণ্ডৰ ওপৰত বাজেট পৰৱৰ্তী তিনিখন ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 04th, 01:00 pm
মোৰ কেবিনেটৰ সকলো সহকৰ্মী, বিত্ত আৰু অৰ্থনীতি বিশেষজ্ঞ, অংশীদাৰ, মহিলা আৰু ভদ্র লোকসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে
March 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে। ৱে’বিনাৰকেইখন বিকাশৰ ইঞ্জিন হিচাপে এমএছএমই; নিৰ্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান; নিয়ামক, বিনিয়োগ আৰু ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য সম্পৰ্কীয় সংস্কাৰ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত কৰা হৈছিল। অনুষ্ঠানত উপস্থিত সকলক সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে নিৰ্মাণ আৰু ৰপ্তানিৰ ক্ষেত্ৰত বাজেটৰ পিছৰ ৱেবিনাৰসমূহ হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ। এই বাজেট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট বুলি উল্লেখ কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে এই বাজেটৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে ইয়াৰ বিতৰণ, যি প্ৰত্যাশাকো অতিক্ৰম কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কেবাটাও ক্ষেত্ৰত চৰকাৰে বিশেষজ্ঞসকলে আশা কৰাতকৈ অধিক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এইটোও উল্লেখ কৰে যে এই বাজেটত উৎপাদন আৰু ৰপ্তানি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ
February 06th, 04:21 pm
মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ
February 06th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 04th, 07:00 pm
সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 04th, 06:55 pm
লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমাৰ সামূহিক প্ৰচেষ্টা ত্বৰান্বিত কৰিব এই বাজেটে - প্ৰধানমন্ত্ৰী
February 01st, 05:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিকাশৰ বাবে এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে কেন্দ্ৰীয় বাজেট ২০২৫ক প্ৰশংসা কৰি দেশৰ বিকশিত ভাৰতৰ পথ ক্ষিপ্ৰ কৰাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে।কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অসমীয়া অনুবাদ
February 01st, 03:00 pm
আজি ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি! এয়া ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাৰ বাজেট, প্ৰতিজন ভাৰতীয়ৰ সপোন পূৰণ কৰা বাজেট। আমি যুৱক-যুৱতীসকলৰ বাবে বহু খণ্ড মুকলি কৰিছো। সাধাৰণ নাগৰিকেই উন্নত ভাৰতৰ অভিযানক আগুৱাই নিব। এই বাজেটে বিকাশত অপৰিসীম শক্তি যোগাব। এই বাজেটে সঞ্চয় বৃদ্ধি, বিনিয়োগ বৃদ্ধি, ব্যয় বৃদ্ধি কৰাৰ লগতে বিকাশৰ গতিও ত্বৰান্বিত কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সমগ্ৰ দলটোক এই জনমুখী বাজেট প্ৰস্তুত কৰাৰ বাবে অভিনন্দন জনাইছো।২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 01st, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়ায়। আজি উথ্থাপিত বাজেটখন ভাৰতৰ উন্নয়নৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই বাজেটে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ সপোন পূৰণ কৰিব। তেওঁ উল্লেখ কৰে যে যুৱ-প্ৰজন্মৰ বাবে কেবাটাও খণ্ড মুকলি কৰা হৈছে আৰু সাধাৰণ নাগৰিকে বিকশিত ভাৰত (উন্নত ভাৰত)ৰ অভিযান চলাব। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এইখন বাজেট হৈছে এক শক্তি গুণক, যি সঞ্চয়, বিনিয়োগ, উপভোগ আৰু বিকাশৰ হাৰ বৃদ্ধি কৰিব। তেওঁ কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ দলটোক এই 'পিপলছ বাজেট'ৰ বাবে অভিনন্দন জনায়।পুতলা নিৰ্মাণ খণ্ডত আমাৰ অগ্ৰগতিয়ে আত্মনিৰ্ভৰতাৰ প্ৰয়াস ত্বৰান্বিত কৰাৰ লগতে পৰম্পৰা আৰু উদ্যমক জনপ্ৰিয় কৰিছেঃ প্ৰধানমন্ত্ৰী
January 20th, 02:08 pm
পুতলা নিৰ্মাণ খণ্ডত চৰকাৰৰ প্ৰচেষ্টাই আত্মনিৰ্ভৰতাৰ অন্বেষণ ত্বৰান্বিত কৰাৰ লগতে পৰম্পৰা আৰু উদ্যমক জনপ্ৰিয় কৰি তোলা সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আলোকপাত কৰে।দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ লিখিত ৰূপ
November 21st, 02:15 am
মোৰ বন্ধু ৰাষ্ট্ৰপতি ইৰফান আলী আৰু প্ৰধানমন্ত্ৰী ডিকন মিচেলৰ সৈতে দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন আয়োজন কৰি মই অপৰিসীম আনন্দ লাভ কৰিছো। কেৰিকম পৰিয়ালৰ সকলো সদস্যক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু বিশেষকৈ এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ইৰফান আলীক ধন্যবাদ জনাইছো।PM Modi attends Second India CARICOM Summit
November 21st, 02:00 am
PM Modi and Grenada PM Dickon Mitchell co-chaired the 2nd India-CARICOM Summit in Georgetown. PM Modi expressed solidarity with CARICOM nations for Hurricane Beryl's impact and reaffirmed India's commitment as a reliable partner, focusing on development cooperation aligned with CARICOM's priorities.মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকল লাভৱান হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
August 25th, 11:30 am
বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হৈছে, গতিকে মই ভাবিলোঁ যে আজি ‘মন কী বাত’ত মহাকাশ খণ্ডৰ সৈতে জড়িত মোৰ কেইজনমান যুৱ বন্ধুৰ সৈতে কথা পাতো৷ মোৰ সৈতে কথা পাতিবলৈ যোগদান কৰিছে স্পেচটেক ষ্টাৰ্ট-আপ গেলেক্সআইৰ দলটো। এই ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিল আইআইটি-মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইজন যুৱক আজি মোৰ লগত ফোন লাইনত সংযোগ হৈছে৷ তেওঁলোক হৈছে সুয়াশ, ডেনিয়েল, ৰক্ষিত, কিষাণ আৰু প্ৰনীত। আহক, এই যুৱকসকলৰ অভিজ্ঞতা সম্পৰ্কে আমি জানো।