প্ৰধানমন্ত্ৰীয়ে টকিঅ'ত অনুষ্ঠিত ২৫ সংখ্যক গ্ৰীষ্মকালীন বধিৰ অলিম্পিক, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতীয় বধিৰ অলিম্পিয়ানসকলক অভিনন্দন জনায়

November 27th, 05:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত অনুষ্ঠিত ২৫ সংখ্যক গ্ৰীষ্মকালীন বধিৰ অলিম্পিক, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতৰ বধিৰ অলিম্পিয়ানসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য

August 30th, 08:00 am

আজি আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো। আপোনালোক সকলোৱে জাপানৰ বৈচিত্ৰ্য আৰু শক্তিৰ এক জীৱন্ত উদাহৰণ।

জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ

August 30th, 07:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ বিভিন্ন প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলক সাক্ষাৎ কৰে। মোদীৰ সৈতে মত-বিনিময় অনুষ্ঠানত ষোল্লগৰাকী গৱৰ্ণৰে অংশগ্ৰহণ কৰে।

ঘটনাক্ৰম : ভাৰত-জাপান অৰ্থনৈতিক সুৰক্ষা সহযোগিতা

August 29th, 08:12 pm

আমাৰ উমৈহতীয়া মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ আঁত ধৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব দুয়োখন দেশৰ নিৰাপত্তা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আমাৰ কৌশলগত দৃষ্টিভংগী আৰু অৰ্থনৈতিক আৱশ্যকতাৰ ক্ৰমবৰ্ধমান অভিসৰণৰ পৰা উদ্ভৱ হোৱা আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ এক মূল আধাৰ।

PM Modi arrives in Tokyo, Japan

August 29th, 06:43 am

Prime Minister Narendra Modi arrived in Japan a short while ago. In Japan, the PM will participate in the 15th India–Japan Annual Summit. PM Modi and Japanese PM Shigeru Ishiba will review the Special Strategic and Global Partnership between India & Japan, and discuss important issues.

ফেক্ট শ্বীট: ২০২৪ কোৱাড নেতাসকলৰ শীৰ্ষ সন্মিলন

September 22nd, 12:06 pm

২০২৪ চনৰ ২১ ছেপ্টেম্বৰত চতুৰ্থ কোৱাড লিডাৰ্ছ ছামিটৰ বাবে ডেলাৱেৰৰ উইলমিংটনত ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ, জাপানৰ প্ৰধানমন্ত্ৰী কিছিদা ফুমিঅ’ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আতিথ্য প্ৰদান কৰে।

জাপানৰ জ’ট’ অগ্নিনিৰ্বাপক কেন্দ্ৰৰ দ্বাৰা পুৰস্কৃত শ্ৰীমতী দীপালী ঝাভেৰী আৰু শ্ৰী অ’টাক লৈ আনন্দিত প্ৰধানমন্ত্ৰী

April 06th, 09:47 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষৰ অক্টোবৰ মাহত টকিঅ’ত দাণ্ডিয়া মস্তি ২০২২ত এগৰাকী ব্যক্তিক চিপিআৰ আৰু এইডি প্ৰদান কৰি উদ্ধাৰ কৰাৰ বাবে জাপানৰ জ’ট’ অগ্নিনিৰ্বাপক কেন্দ্ৰৰ দ্বাৰা জাপানত বসবাস কৰা প্ৰৱাসী ভাৰতীয় শ্ৰীমতী দীপালী ঝাভেৰী আৰু শ্ৰী অ’টাক পুৰস্কৃত কৰাক লৈ আনন্দ প্ৰকাশ কৰে৷

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

September 27th, 04:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে টকিঅ’ৰ নিপ্পন বুডোকানত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। ২০ জনতকৈ অধিক ৰাষ্ট্ৰ/চৰকাৰৰ মুৰব্বীকে ধৰি শতাধিক দেশৰ প্ৰতিনিধিয়ে ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীৰ জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক

September 27th, 09:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ফুমিও কিশিডাৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শিঞ্জো আবেৰ বিয়োগত গভীৰ সমবেদনা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান বুজাবুজিক শক্তিশালী কৰাৰ সমান্তৰালকৈ এখন স্বতন্ত্ৰ, মুক্ত আৰু সমাৱেশী ভাৰত-প্ৰশান্ত ক্ষেত্ৰৰ ভিজনৰ পৰিকল্পনাত প্ৰয়াত প্ৰধানমন্ত্ৰী আবেৰ যোগদানৰ কথা উল্লেখ কৰে।

PM Modi arrives in Tokyo, Japan

September 27th, 03:49 am

Prime Minister Narendra Modi arrived in Tokyo, Japan. He will attend the State Funeral ceremony of former Japanese PM Shinzo Abe.

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে নিশা টকিঅ’লৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী

September 26th, 06:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে নিশা টকিঅ’লৈ ৰাওনা হ’ব৷

২০ জুলাইত কমনৱেলথ গেমছ ২০২২ত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় দলৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে

July 18th, 05:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ জুলাই, ২০২২ তাৰিখে পুৱা ১০ বজাত কমনৱেলথ গেমছ (চিডব্লিউজি) ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বাৰ্তালাপ কৰিব। বাৰ্তালাপটোত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকো অন্তৰ্ভুক্ত থাকিব।

৪৪তম দবা অলিম্পিয়াডৰ বাবে টৰ্চ ৰীলে মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 19th, 05:01 pm

দবা অলিম্পিয়াডৰ এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত উপস্থিত আছে মোৰ কেবিনেট সহকৰ্মী, আন্তৰ্জাতিক দবা ফেডাৰেচনৰ সভাপতি আৰ্কাডি ডভোৰ্কভিচ, সৰ্বভাৰতীয় দবা ফেডাৰেচনৰ সভাপতি, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, দবা আৰু অন্যান্য ক্ৰীড়া সংগঠনৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, প্ৰতিনিধি, আন সকলো গণ্যমান্য ব্যক্তি, দবা অলিম্পিয়াড দলৰ সদস্য আৰু অন্যান্য দবা খেলুৱৈসকল। ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল!

PM launches historic torch relay for 44th Chess Olympiad

June 19th, 05:00 pm

Prime Minister Modi launched the historic torch relay for the 44th Chess Olympiad at Indira Gandhi Stadium, New Delhi. PM Modi remarked, We are proud that a sport, starting from its birthplace and leaving its mark all over the world, has become a passion for many countries.”

মাৰ্কিন ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 24th, 11:00 am

টকিঅ’ত ২৪ মে’, ২০২২ত মাৰ্কিন ৰাষ্ট্ৰপতি মহামহিম যোছেফ আৰ বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক আন্তৰিকতাপূৰ্ণ আৰু ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই বৈঠকে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক গাঢ় কৰাৰ লগতে সহযোগিতাৰ ক্ষেত্ৰখনকো ত্বৰান্বিত কৰি তুলিব।

ভাৰত চৰকাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ মাজত বিনিয়োগ উদগনি চুক্তি

May 23rd, 06:25 pm

ভাৰত চৰকাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে আজি জাপানৰ টকিঅ'ত এক বিনিয়োগ উদগনি চুক্তি (আইআইএ) স্বাক্ষৰ কৰিছে। আইআইএত ভাৰত চৰকাৰৰ বৈদেশিক সচিব শ্ৰী বিনয় কোৱাট্ৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিত্ত নিগমৰ (ডিএফচি) মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী স্কট নাথনে স্বাক্ষৰ কৰে।

ইণ্ডো – পেচিফিক ইকনমিক ফ্রেমৱৰ্কৰ সূচনাত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ ভাষণ

May 23rd, 05:25 pm

Prime Minister Narendra Modi participated in an event in Tokyo to launch discussions for an Indo-Pacific Economic Framework for Prosperity (IPEF). The IPEF seeks to strengthen economic partnership amongst participating countries with the objective of enhancing resilience, sustainability, inclusiveness, economic growth, fairness, and competitiveness in the Indo-Pacific region.

টকিঅ’ত ব্যৱসায়িক নেতাসকলৰে ঘূৰণীয়া মেজমেলত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

May 23rd, 04:12 pm

সভাত জাপানৰ শীৰ্ষ ৩৪টা কোম্পানীৰ শীৰ্ষ কাৰ্যবাহী আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’)ই অংশগ্ৰহণ কৰে৷ ইয়াৰে অধিকাংশ কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰাৰ লগতে কাম-কাজ কৰি আছে৷ অট’ম’বাইল, ইলেক্ট্ৰনিকছ, ছেমিকণ্ডাক্টৰ, তীখা, প্ৰযুক্তি, বাণিজ্য আৰু বেংকিং তথা বিত্তকে বিভিন্ন খণ্ডৰ কোম্পানীয়ে সভাত প্ৰতিনিধিত্ব কৰে৷ সভাত ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক গোষ্ঠী আৰু সংস্থাৰ ভিতৰত কেইডানৰেন, জাপান বৈদেশিক বাণিজ্য সংস্থা(জেট্ৰ’), জাপান ইণ্টানেচনেল কো-অপাৰেচন এজেন্সি(জাইকা), জাপান বেংক ফৰ ইণ্টাৰনেচনেল কো-অ’পাৰেচন (জেবিআইচি), জাপান-ইণ্ডিয়া বিজিনেচ কনছালটেটিভ কমিটী(জেআইবিচিচি) আৰু ইনভেষ্ট ইণ্ডিয়াই অংশগ্ৰহণ কৰে৷

ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰচপাৰিটিৰ উদ্বোধনী কাৰ্য্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

May 23rd, 02:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰচপাৰিটি (IPEF) ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্য্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম জোচেফ আৰ. বাইডেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম কিশিদা ফুমিঅ’কে প্ৰমুখ্য কৰি অষ্ট্ৰেলিয়া, ব্ৰুনাই, ইণ্ডোনেছিয়া, কোৰিয়া গণৰাজ্য, মালয়েছিয়া, নিউজিলেণ্ড, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি অংশীদাৰ দেশৰ নেতাসকলে ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰে।

এনইচি কৰ্প’ৰেচনৰ অধ্যক্ষ ড০ নোবুহিৰো এণ্ডোৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 23rd, 12:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ মে'ত টকিঅ'ত এনইচি কৰ্প’ৰেচনৰ অধ্যক্ষ ড০ নোবুহিৰো এণ্ডোক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ দূৰসংযোগ খণ্ডত বিশেষকৈ চেন্নাই-আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (কেএনআই) আৰু কোচি-লক্ষদ্বীপ দ্বীপপুঞ্জ (কেএলআই) অ’এফচি প্ৰকল্পৰ ক্ষেত্ৰত এনইচিৰ ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ অধীনত বিনিয়োগৰ সুযোগৰ ওপৰতো আলোকপাত কৰে।