তামিলনাডিৰ তুতিকোড়িত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 26th, 08:16 pm
ৱনক্কম! তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, মোৰ কেবিনেট সতীৰ্থ কিঞ্জাৰাপু ৰামমোহন নাইডু জি, ড° এল মুৰুগান জী, তামিলনাডুৰ মন্ত্ৰী থাংগম টেন্নাৰছু জী, ড° টি.আৰ.বি. ৰাজা জী, পি গীতা জীৱন জী, অনিতা আৰ ৰাধাকৃষ্ণন জি, সাংসদ কানিমোজি জী, তামিলনাডু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা আমাৰ বিধায়ক নয়নাৰ নগেন্দ্ৰন জী আৰু মোৰ তামিলনাডুৰ ভাই-ভনীসকল!তামিলনাডুৰ থুথুকুড়িত ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ এলানি উন্নয়ণমূলক প্ৰকল্পৰ উদ্বোধন তথা উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
July 26th, 07:47 pm
তামিলনাডুৰ থুথুকুড়িত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৮০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এয়া হৈছে একাধিক খণ্ডত যুগান্তকাৰী প্ৰকল্পৰ শৃংখলা যিয়ে আঞ্চলিক সংযোগ যথেষ্ট বৃদ্ধি কৰিব, লজিষ্টিক দক্ষতা বৃদ্ধি কৰিব, স্বচ্ছ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰিব, আৰু সমগ্ৰ তামিলনাডুৰ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰিব। ‘কাৰ্গিল বিজয় দিৱস’ উপলক্ষে শ্ৰীযুত মোদীয়ে কাৰ্গিলৰ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বীৰ যোদ্ধাসকলক প্ৰণাম জনাই ৰাষ্ট্ৰৰ বাবে চূড়ান্ত ত্যাগ কৰা শ্বহীদসকললৈ আন্তৰিক শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।Tuticorin International Container Terminal marks a significant milestone in India’s journey towards a Viksit Bharat: PM Modi
September 16th, 02:00 pm
PM Modi addressed the inauguration of Tuticorin International Container Terminal. Speaking on the occasion, the PM underlined that this marks a significant milestone in India’s journey towards becoming a developed nation and hailed the new Tuticorin International Container Terminal as the ‘new star of India's marine infrastructure’.তামিলনাডুৰ ‘তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ টাৰ্মিনেল’ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 16th, 01:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে ‘তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ টাৰ্মিনেলৰ উদ্বোধনী অনুষ্ঠান’ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতে অব্যাহত ৰখা যাত্ৰাত আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু নতুন ‘তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল’ক তেওঁ 'ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ নতুন তাৰকা' বুলি অভিহিত কৰে। ‘ভি অ’ চিদাম্বৰনাৰ বন্দৰ’ৰ সামৰ্থ্য সম্প্ৰসাৰণত ইয়াৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ১৪ মিটাৰতকৈ অধিক গভীৰ ভাৰবাহী(ডীপ ড্ৰাফ্ট) আৰু ৩০০ মিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ঘাট(বাৰ্থ)ৰ সৈতে এই টাৰ্মিনেল-য়ে ‘ভিঅ’চি বন্দৰ’ৰ সামৰ্থ্য বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ আৰু কয় যে নতুন টাৰ্মিনেল-য়ে বন্দৰত লজিষ্টিক ব্যয় হ্ৰাস কৰিব আৰু ভাৰতৰ বাবে বৈদেশিক মুদ্ৰা ৰাহি কৰিব বুলি আশা কৰা হৈছে। তেওঁ তামিলনাডুৰ লোকসকলক অভিনন্দন জনায় আৰু দুবছৰ পূৰ্বে তেওঁৰ ভ্ৰমণকালত আৰম্ভ কৰা ‘ভিঅ’চি বন্দৰ’ সম্পৰ্কীয় কেইবাটাও প্ৰকল্পৰ কথা স্মৰণ কৰে। তেওঁ প্ৰকল্পটোৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ গুৰুত্বসহকাৰে মন্তব্য কৰে যে ৪০% মহিলা কৰ্মচাৰী থকা টাৰ্মিনেলটোৰ অন্যতম গুৰুত্বপূৰ্ণ সাফল্য হৈছে লিংগ বৈচিত্ৰ্যৰ প্ৰতি থকা ইয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু এয়া হৈছে সামুদ্ৰিক খণ্ডত মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতীক।