তামিলনাডিৰ তুতিকোড়িত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 26th, 08:16 pm

ৱনক্কম! তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, মোৰ কেবিনেট সতীৰ্থ কিঞ্জাৰাপু ৰামমোহন নাইডু জি, ড° এল মুৰুগান জী, তামিলনাডুৰ মন্ত্ৰী থাংগম টেন্নাৰছু জী, ড° টি.আৰ.বি. ৰাজা জী, পি গীতা জীৱন জী, অনিতা আৰ ৰাধাকৃষ্ণন জি, সাংসদ কানিমোজি জী, তামিলনাডু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা আমাৰ বিধায়ক নয়নাৰ নগেন্দ্ৰন জী আৰু মোৰ তামিলনাডুৰ ভাই-ভনীসকল!

তামিলনাডুৰ থুথুকুড়িত ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ এলানি উন্নয়ণমূলক প্ৰকল্পৰ উদ্বোধন তথা উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

July 26th, 07:47 pm

তামিলনাডুৰ থুথুকুড়িত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৮০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এয়া হৈছে একাধিক খণ্ডত যুগান্তকাৰী প্ৰকল্পৰ শৃংখলা যিয়ে আঞ্চলিক সংযোগ যথেষ্ট বৃদ্ধি কৰিব, লজিষ্টিক দক্ষতা বৃদ্ধি কৰিব, স্বচ্ছ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰিব, আৰু সমগ্ৰ তামিলনাডুৰ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰিব। ‘কাৰ্গিল বিজয় দিৱস’ উপলক্ষে শ্ৰীযুত মোদীয়ে কাৰ্গিলৰ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বীৰ যোদ্ধাসকলক প্ৰণাম জনাই ৰাষ্ট্ৰৰ বাবে চূড়ান্ত ত্যাগ কৰা শ্বহীদসকললৈ আন্তৰিক শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।

তুতুকোড়ি (তুতুকোৰিন)ত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন/উদ্বোধন/ৰাষ্ট্ৰৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 28th, 10:00 am

মঞ্চত উপস্থিত আছে তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, শ্ৰীপদ নায়ক জী, শান্তনু ঠাকুৰ জী, এল মুৰুগন জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, ইয়াৰ সাংসদ, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰ পুৰুষ-মহিলাসকল,

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ থুথুকুডিত ১৭,৩০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

February 28th, 09:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ থুথুকুডিত ১৭,৩০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হৰিত নৌকা পদক্ষেপৰ অধীনত ভাৰতৰ প্ৰথমখন থলুৱা সেউজীয়া হাইড্ৰজেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰো শুভাৰম্ভ কৰে। তেওঁ ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ টা লাইট হাউচত পৰ্যটন সুবিধা উৎসৰ্গা কৰে। তেওঁ ভাঞ্চি মানিয়াচ্চি- তিৰুনেলভেলি অংশ আৰু মেলাপ্পালয়ম-আৰালভাইমোলি অংশকে ধৰি ভাঞ্চি মানিয়াচ্চি-নাগৰকইল ৰে'ল লাইন দ্বৈতকৰণৰ বাবে ৰেল প্ৰকল্প দেশৰ নামত উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত প্ৰায় ৪,৫৮৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত চাৰিটা পথ প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰে।