থিৰু কে কামৰাজজীক তেওঁৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

July 15th, 12:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু কে কামৰাজজীক তেওঁৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বলিষ্ঠ নেতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী ব্যতিক্ৰমী ৰাজহুৱা ব্যক্তিত্ব হিচাপে স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে শিক্ষা, সামগ্ৰিক উন্নয়ন আৰু বঞ্চিত লোকসকলৰ কল্যাণৰ প্ৰতি থিৰু কে কামৰাজ জীৰ অটল দায়বদ্ধতাই প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

কে কামৰাজ জীৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 15th, 10:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কে কামৰাজ জীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে কামৰাজ জীৰ মহান আদৰ্শ আৰু সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব দিয়াটোৱে আমাক সকলোকে বহুত অনুপ্ৰাণিত কৰে।

কে. কামৰাজলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 15th, 04:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কে. কামৰাজৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

জয়ন্তী উপলক্ষে থিৰু কে. কামাৰাজৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 15th, 12:59 pm

“জয়ন্তী উপলক্ষে থিৰু কে. কামাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ৷ এগৰাকী ৰাষ্ট্ৰনেতা, যিগৰাকীয়ে তেওঁৰ জীৱনটো ভাৰতৰ উন্নয়নৰ প্ৰতি সমৰ্পিত কৰিছিল, সামাজিক সবলীকৰণত তেওঁ প্ৰদান কৰা গুৰুত্ব আমাৰ সকলোৰে বাবে পথ প্ৰদৰ্শক৷ দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু ৰাইজৰ কল্যানৰ প্ৰতি তেওঁৰ সপোন পুৰণ কৰাৰ আমাৰ প্ৰতিশ্ৰুতি দোঁহাৰিলো৷”