প্ৰধানমন্ত্ৰীয়ে ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব
September 12th, 02:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।বিহাৰৰ গয়াজীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
August 22nd, 12:00 pm
বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ জিতন ৰাম মাঝি ডাঙৰীয়া, ৰাজীৱ ৰঞ্জন সিং, চিৰাগ পাছোৱান ডাঙৰীয়া, ৰাম নাথ ঠাকুৰ ডাঙৰীয়া, নিত্যানন্দ ৰায় ডাঙৰীয়া, সতীশ চন্দ্ৰ ডুবে ডাঙৰীয়া, ৰাজ ভূষণ চৌধাৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী ডাঙৰীয়া, বিজয় কুমাৰ সিনহা ডাঙৰীয়া, বিহাৰ চৰকাৰৰ মন্ত্ৰীসকল, সংসদত মোৰ সতীৰ্থ উপেন্দ্ৰ কুশৱাহা ডাঙৰীয়া, আন-আন সাংসদসকল আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ গয়াত ১৩,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
August 22nd, 11:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ গয়াত ১৩,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান আৰু মুক্তিৰ পবিত্ৰ নগৰী গয়া জীক প্ৰণাম জনাই বিষ্ণুপদ মন্দিৰৰ গৌৰৱময় ভূমিৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে গয়া জীৰ ভূমি আধ্যাত্মিকতা আৰু শান্তিৰ ক্ষেত্ৰ। তেখেতে কয় যে এই পবিত্ৰ ভূমিতে ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল। “গয়া জীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক উভয় ঐতিহ্যই প্ৰাচীন আৰু অসীম চহকী”, শ্ৰী মোদীয়ে কয়। অঞ্চলটোৰ জনসাধাৰণে চহৰখনক কেৱল “গয়া” বুলিয়েই নহয়, সন্মান সহকাৰে “গয়া জী” বুলি অভিহিত হোৱাটো কামনা কৰিছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আৱেগক সন্মান জনোৱাৰ বাবে বিহাৰ চৰকাৰক অভিনন্দন জনায়। কেন্দ্ৰ আৰু বিহাৰত তেওঁলোকৰ চৰকাৰে গয়া জীৰ দ্ৰুত বিকাশৰ দিশত ধাৰাবাহিকভাৱে কাম কৰি থকাত তেখেতে সন্তোষ প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীয়ে ১৮ জুলাইত বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ কৰিব
July 17th, 11:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুলাইত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেখেতে দিনৰ প্ৰায় ১১:৩০ বজাত বিহাৰৰ মতিহাৰীত ৭,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াত তেখেতে এখনি জন সভাও সম্বোধন কৰিব।২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 29th, 11:30 am
নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।২৬ আৰু ২৭ মে'ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 25th, 09:14 am
২৬ আৰু ২৭ মে'ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ দহোদলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১১:১৫ বজাত তেওঁ দেশৰ বাবে ইঞ্জিন নিৰ্মাণ কাৰখানা উৎসৰ্গা কৰিব আৰু লগতে ইলেক্ট্ৰিক ইঞ্জিন এখনো ফ্লেগ অফ কৰিব। ইয়াৰ পিছত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে দাহোদত প্ৰায় ২৪ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে ভুজলৈ যাত্ৰা কৰিব আৰু প্ৰায় ৪ বজাত ভূজত আধাৰশিলা স্থাপন কৰাৰ লগতে ৫৩,৪০০ কোটিৰো অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰলৈ যাত্ৰা কৰিব আৰু ২৭ মে’ত পুৱা প্ৰায় ১১ বজাত গুজৰাট নগৰ বৃদ্ধিৰ কাহিনীৰ ২০ বছৰীয়া উদযাপনত অংশগ্ৰহণ কৰি নগৰ উন্নয়ন বৰ্ষ ২০২৫ মুকলি কৰিব।এই উপলক্ষে তেওঁ সভাত ভাষণ দিব। সংযোগ বৃদ্ধি আৰু বিশ্বমানৰ ভ্ৰমণ আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে দহোদত ভাৰতীয় ৰে’লৱেৰ ইঞ্জিন নিৰ্মাণ কাৰখানা উদ্বোধন কৰিব। এই উদ্যোগটোৱে ঘৰুৱা কামৰ বাবে আৰু ৰপ্তানিৰ বাবে ৯০০০ এইচ পিৰ বৈদ্যুতিক ইঞ্জিন উৎপাদন কৰিব। তেওঁ উদ্যোগটোৰ পৰা নিৰ্মিত প্ৰথমখন বৈদ্যুতিক ইঞ্জিনকো ফ্লেগ অফ কৰিব। এই ইঞ্জিনসমূহে ভাৰতীয় ৰে’লৱেৰ মালবাহী বোজাৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব। এই ইঞ্জিনসমূহত পুনৰুত্পাদনশীল ব্ৰেকিং ব্যৱস্থা থাকিব, আৰু শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ডিজাইন কৰা হৈছে, যিয়ে পৰিৱেশৰ বহনক্ষমতাত অৰিহণা যোগায়। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ লগতে দহোদত ২৪ হাজাৰ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৰেল প্ৰকল্প আৰু গুজৰাট চৰকাৰৰ বিভিন্ন প্ৰকল্প। তেওঁ ভেৰাভাল আৰু আহমেদাবাদৰ মাজত ভাণ্ডে ভাৰত এক্সপ্ৰেছ আৰু ভালছাদ আৰু দহোদ ষ্টেচনৰ মাজত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব। ভূজত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ লগতে ৫৩,৪০০ কোটিৰো অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। শক্তি খণ্ডৰ পৰা অহা প্ৰকল্পসমূহৰ ভিতৰত খাভদা নবীকৰণযোগ্য শক্তি উদ্যানত উৎপাদিত নবীকৰণযোগ্য শক্তিক খালী কৰাৰ বাবে সংবহন প্ৰকল্প, সংবহন নেটৱৰ্ক সম্প্ৰসাৰণ, টাপিত আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লাণ্ট ইউনিট আদি অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও কণ্ডলা বন্দৰৰ প্ৰকল্প আৰু গুজৰাট চৰকাৰৰ একাধিক পথ, পানী আৰু সৌৰ প্ৰকল্প আদি অন্তৰ্ভুক্ত কৰা হৈছে। গুজৰাটত নগৰ উন্নয়ন বৰ্ষ ২০০৫ চনটো আছিল তেতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পিত আন্তঃগাঁথনি, উন্নত শাসন, আৰু নগৰবাসীৰ বাবে উন্নত জীৱনৰ মানদণ্ডৰ জৰিয়তে গুজৰাটৰ নগৰ পৰিৱেশ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এক প্ৰধান পদক্ষেপ। ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত নগৰ উন্নয়ন বৰ্ষ ২০২৫, গুজৰাটৰ নগৰ উন্নয়ন পৰিকল্পনা আৰু ৰাজ্যিক বিশুদ্ধ বায়ু কাৰ্যসূচী আৰম্ভ কৰিব। তেওঁ নগৰ উন্নয়ন, স্বাস্থ্য আৰু পানী যোগানৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও তেওঁ পিএমএৱাইৰ অধীনত ২২ হাজাৰৰো অধিক বাসগৃহ উচৰ্গা কৰিব। তদুপৰি স্বৰ্ণিম জয়ন্তী মুখ্যমন্ত্ৰী শ্বহেৰী বিকাশ যোজনাৰ অধীনত গুজৰাটৰ নগৰীয়া স্থানীয় সংস্থাসমূহলৈ ৩৩০০ কোটি টকাৰ পুঁজিও মুকলি কৰিব।বিদ্যুৎ খণ্ডত কয়লা আৱণ্টনৰ বাবে সংশোধিত ‘শক্তি’ (ভাৰতত কয়ালাৰ স্বচ্ছ ব্যৱহাৰ আৰু আৱণ্টন আঁচনি) নীতিলৈ অনুমোদন জনাইছে কেবিনেটে
May 07th, 12:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটি’য়ে কেন্দ্ৰীয় খণ্ড/ৰাজ্যিক খণ্ড/ স্বতন্ত্ৰ শক্তি উৎপাদক (আইপিপি)ৰ তাপ বিদ্যুৎ প্ৰকল্পসমূহক নতুনকৈ কয়লা সংলগ্নীকৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। সংশোধিত শক্তি নীতিৰ অধীনত নিম্নলিখিত দুখন উইণ্ডো-ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে: