সন্মানৰ বিশ্ব ভ্ৰমণ: এই ২৯খন দেশে সন্মান জনালে প্ৰধানমন্ত্ৰী মোদীক- আৰু কিয় ইয়াত জানক!

সন্মানৰ বিশ্ব ভ্ৰমণ: এই ২৯খন দেশে সন্মান জনালে প্ৰধানমন্ত্ৰী মোদীক- আৰু কিয় ইয়াত জানক!

July 07th, 04:59 pm

কুৱেইট, ফ্ৰান্স, পাপুৱা নিউগিনি আৰু আন দুই ডজনৰো অধিক ৰাষ্ট্ৰৰ নেতাসকলে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীক নিজৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰে, তেতিয়া ইয়াৰ দ্বাৰা কূটনৈতিক সৌজন্যতাতকৈও অধিক প্ৰতিফলন ঘটে। ই এখন দেশৰ ক্ৰমবৰ্ধমান প্ৰভাৱ, মূল্যবোধ আৰু নেতৃত্বৰ বিশ্ব স্বীকৃতিকে সূচায়।

ৰাষ্ট্ৰীয় দিৱস উদযাপনত মৰিচাছৰ সৰ্বোচ্চ অসামৰিক বঁটা গ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাষ্ট্ৰীয় দিৱস উদযাপনত মৰিচাছৰ সৰ্বোচ্চ অসামৰিক বঁটা গ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

March 12th, 03:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছ গণৰাজ্যৰ ৫৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

গ্ৰেণ্ড কমাণ্ডাৰ অব দা অৰ্ডাৰ অব দা ষ্টাৰ এণ্ড কী অব দা ইণ্ডিয়ান অ’চেন (জিচিএছকে) বঁটা গ্ৰহণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

গ্ৰেণ্ড কমাণ্ডাৰ অব দা অৰ্ডাৰ অব দা ষ্টাৰ এণ্ড কী অব দা ইণ্ডিয়ান অ’চেন (জিচিএছকে) বঁটা গ্ৰহণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

March 12th, 03:00 pm

মৰিচাছৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। এয়া কেৱল মোৰ সন্মান নহয়। ই ১.৪ বিলিয়ন ভাৰতীয়ৰ সন্মান। ভাৰত আৰু মৰিচাছৰ মাজত যুগ যুগ ধৰি চলি অহা সাংস্কৃতিক আৰু ঐতিহাসিক আত্মীয়তাৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। আঞ্চলিক শান্তি, প্ৰগতি, নিৰাপত্তা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি আমাৰ ভাগ-বাটোৱাৰা দায়বদ্ধতাৰ স্বীকৃতি আৰু ই গ্ল’বেল চাউথৰ অংশীদাৰী আশা আৰু আকাংক্ষাৰ প্ৰতীক। এই বঁটাটো মই সম্পূৰ্ণ নম্ৰতাৰে আৰু কৃতজ্ঞতাৰে গ্ৰহণ কৰিলো। শতিকা আগতে ভাৰতৰ পৰা মৰিচাছলৈ অহা আপোনালোকৰ পূৰ্বপুৰুষৰ প্ৰতি আৰু তেওঁলোকৰ সকলো প্ৰজন্মলৈ এই সন্মান উৎসৰ্গা কৰিছো। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে মৰিচাছৰ উন্নয়নৰ এক সোণালী অধ্যায় লিখিছিল আৰু ইয়াৰ সজীৱ বৈচিত্ৰ্যত অৰিহণা যোগাইছিল। মইও এই সন্মানক দায়িত্ব হিচাপে আঁকোৱালি লৈছো। ভাৰত-মৰিচাছ কৌশলগত অংশীদাৰিত্বক অধিক উচ্চতালৈ উন্নীত কৰাৰ বাবে আমি সকলো প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো।