থাইলেণ্ডৰ কুইন মাদাৰ মহামহিম ৰাণী ছিৰিকিটৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
October 26th, 03:39 pm
থাইলেণ্ডৰ কুইন মাদাৰ মহামহিম ৰাণী ছিৰিকিটৰ মৃত্যুত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে ৰাণীৰ জনসেৱাৰ প্ৰতি আজীৱন সমৰ্পণক শ্ৰদ্ধাঞ্জলি জনাই কয় যে তেওঁৰ উত্তৰাধিকাৰে সমগ্ৰ বিশ্বৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 24th, 06:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সন্ধিয়া প্ৰায় ৬:১৫ বজাত বিশ্ব খাদ্য ভাৰত ২০২৫ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 29th, 11:30 am
নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 23rd, 11:00 am
কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে
May 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।ভাৰত-থাইলেণ্ড ৰণনীতিগত বন্ধুত্ব প্ৰতিষ্ঠা সন্দৰ্ভত সংযুক্ত ঘোষণা
April 04th, 07:29 pm
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০৩-০৪ এপ্ৰিলত থাইলেণ্ডৰ আনুষ্ঠানিক ভ্ৰমণ কৰে আৰু থাইলেণ্ড সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী পেটোংটাৰ্ণ শ্বিনাৱাত্ৰাৰ আমন্ত্ৰণত বেংককত অনুষ্ঠিত হোৱা ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। বেংককৰ চৰকাৰী ভৱনত প্ৰধানমন্ত্ৰী শ্বিনাৱাত্ৰাই প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।প্ৰধানমন্ত্ৰীক ৰাজসিক আতিথ্য প্ৰদান থাইলেণ্ডৰ ৰজা-ৰাণীৰ
April 04th, 07:27 pm
প্ৰধানমন্ত্ৰীয়ে আজি বেংককৰ ডুচিট পেলেচত থাইলেণ্ডৰ মহামহিম ৰজা মহা বাজিৰালংকৰ্ণ ফ্ৰা বাজিৰাক্লাওচাওয়ুহুয়া আৰু মহামহিম ৰাণী সুথিদা বজ্ৰসুধাবিমলালক্ষনাৰ ৰাজসিক আতিথ্য গ্ৰহণ কৰে।বিমষ্টেক সন্মিলনৰ সমান্তৰালভাৱে নেপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
April 04th, 04:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত ষষ্ঠ বিমষ্টেক সন্মিলনৰ সমান্তৰালভাৱে নেপালৰ প্ৰধানমমন্ত্ৰী শ্ৰীযুত কে. পি. শৰ্মা অলীক সাক্ষাৎ কৰে।PM Modi meets Chief Adviser of Bangladesh on the sidelines of BIMSTEC Summit
April 04th, 03:49 pm
Prime Minister Shri Narendra Modi met today with Professor Muhammad Yunus, Chief Adviser of the interim government of Bangladesh, on the sidelines of the BIMSTEC Summit in Bangkok.Prime Minister’s visit to Wat Pho
April 04th, 03:36 pm
PM Modi with Thai PM Paetongtarn Shinawatra, visited Wat Pho, paying homage to the Reclining Buddha. He offered ‘Sanghadana’ to senior monks and presented a replica of the Ashokan Lion Capital. He emphasized the deep-rooted civilizational ties between India and Thailand, strengthening cultural bonds.পদক্ষেপৰ তালিকাঃ ষষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
April 04th, 02:32 pm
ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰিবলৈ বিমষ্টেক দেশসমূহৰ প্ৰয়োজনীয়তা বুজাৰ বাবে পৰীক্ষামূলক অধ্যয়নভূটানৰ প্ৰধানমন্ত্ৰীৰে মিলিত প্ৰধানমন্ত্ৰী
April 04th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনৰ আঁৰত ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগেৰে মিলিত হয়।ষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
April 04th, 12:59 pm
আৰম্ভণিতে এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী মহামহিম শ্বিনাৱাত্ৰা আৰু থাইলেণ্ড চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰে
April 04th, 12:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।প্ৰধানমন্ত্ৰীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়
April 04th, 12:53 pm
আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি এক ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। তেখেতে বিমষ্টেক দেশসমূহৰ ব্যৱসায় বৃদ্ধি আৰু আইটি খণ্ডৰ চহকী সম্ভাৱনাক ব্যৱহাৰৰ পোষকতা কৰে। শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডক প্ৰভাৱিত কৰা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ বাবেও তেখেতে আহ্বান জনায়। শ্ৰী মোদীয়ে মহাকাশ জগতত কাম কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ সুদৃঢ়কৰণত গুৰুত্ব আৰোপ কৰে। বিমষ্টেকক সামূহিকভাৱে শক্তিশালী কৰিবলৈ আহ্বান জনাই আৰু নেতৃত্ব ল’ব পৰা যুৱক-যুৱতীসকলৰ ভূমিকাত আলোকপাতেৰে তেখেতে আশা প্ৰকাশ কৰে যে সাংস্কৃতিক সংযোগে বিমষ্টেক ৰাষ্ট্ৰসমূহক অধিক ওচৰ চপাই আনিব।বিমষ্টেক সন্মিলনৰ আঁৰত ৰাষ্ট্ৰ প্ৰশাসন পৰিষদৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হিলিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
April 04th, 09:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনৰ আঁৰত ৰাষ্ট্ৰ প্ৰশাসন পৰিষদৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হিলিঙৰ সৈতে বৈঠকত মিলিত হয়।থাই চৰকাৰে মুকলি কৰা ৰামাকিয়েন মুৰেল অংকিত আইষ্টাম্প সন্দৰ্ভত আলোকপাত প্ৰধানমন্ত্ৰীৰ
April 03rd, 09:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থাই চৰকাৰে মুকলি কৰা ৰামাকিয়েন মুৰেল অংকিত আই-ষ্টাম্পৰ বিষয়ে আলোকপাত কৰে।থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
April 03rd, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকচিন শিনাৱাত্ৰক সাক্ষাৎ কৰে। প্ৰতিৰক্ষা, বাণিজ্য, সংস্কৃতি আদি ক্ষেত্ৰত ভাৰত আৰু থাইলেণ্ডৰ মাজত সহযোগিতাৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত দুয়োগৰাকী নেতাই আলোচনা কৰে।থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী
April 03rd, 08:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম পেটংটাৰ্ণ ছিনাৱাট্ৰাক আজি বেংককত থাইলেণ্ডলৈ চৰকাৰী ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত সাক্ষাৎ কৰে। চৰকাৰী সদনত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীক প্ৰধানমন্ত্ৰী ছিনাৱাট্ৰাই আনুষ্ঠানিক আদৰণি জনায়। এয়া তেওঁলোকৰ দ্বিতীয় সাক্ষাৎ আছিল। ইয়াৰ পূৰ্বে, ২০২৪-ৰ অক্টোবৰত ভিয়েনটিয়েনত আছিয়ান সম্পৰ্কীয় সন্মিলনৰ সময়ত দুয়োগৰাকী নেতা মিলিত হৈছিল।List of Outcomes: Visit of Prime Minister to Thailand
April 03rd, 08:36 pm
PM Modi and Prime Minister of Thailand Shinawatra made Joint Declaration on the Establishment of India-Thailand Strategic Partnership. They witnessed exchange of Memorandum of Understanding (MoUs) including MoU on Cooperation in the field of Digital Technologies, MoU for development of National Maritime Heritage Complex (NMHC) at Lothal, Gujarat.