
গুজৰাটৰ ভুজত উন্নয়নমূলক কাম-কাজৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 26th, 05:00 pm
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী, কেবিনেটৰ আন সকলো সদস্য, সাংসদ, বিধায়ক, আন সকলো সন্মানীয় বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কচ্চৰ ভাই-ভনীসকল!
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
May 26th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ কচ্ছবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু বিশেষকৈ মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাসহ ক্ৰান্তিকাৰী আৰু শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ স্থিতিস্থাপকতা আৰু অৱদানক স্বীকাৰ কৰি কচ্ছৰ পুত্ৰ-কন্যাসকলৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰে।
ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 23rd, 11:00 am
কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে
May 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।প্ৰধানমন্ত্ৰীয়ে ২৩ মে'ত নতুন দিল্লীত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সন্মিলন উদ্বোধন কৰিব
May 22nd, 04:13 pm
উত্তৰ-পূব অঞ্চলক সুযোগৰ দেশ হিচাপে চিহ্নিত কৰা, বৈশ্বিক আৰু ঘৰুৱা বিনিয়োগক আকৰ্ষিত কৰা, আৰু মুখ্য অংশীদাৰ, বিনিয়োগকাৰী তথা নীতি নিৰ্ধাৰকসকলক একেখন মঞ্চতে একত্ৰিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ মে'ত নতুন দিল্লীৰ ভাৰত মণ্ডপমত পুৱা প্ৰায় ১বজাত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সন্মিলন উদ্বোধন কৰিব।৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 30th, 11:30 am
নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-গুজৰাটৰ চুৰাটত চুৰাট খাদ্য সুৰক্ষা পৰিপূৰক অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 07th, 05:34 pm
আশাকৰোঁ আপোনালোক সকলোৰে ভালেই আছে। এই দেশৰ জনসাধাৰণৰ লগতে বিশেষকৈ গুজৰাটৰ জনসাধাৰণৰ কৃপাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পোৱাটো সঁচাকৈয়ে এক সন্মানৰ কথা। পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই মোৰ প্ৰথমবাৰৰ বাবে চুৰাট ভ্ৰমণ। গুজৰাটৰ পৰা পোৱা মৰম আৰু সমৰ্থনে মোৰ এই যাত্ৰাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু ইয়াৰ বাবে মই চিৰদিনৰ বাবে কৃতজ্ঞ হৈ থাকিম। আজি চুৰাট ভ্ৰমণ কৰি থাকোঁতে এই চহৰখনৰ সজীৱ মনোভাৱৰ কথা মনত নেপেলোৱাকৈ থাকিব নোৱাৰিলোঁ৷ চুৰাট হৈছে এনে এখন ঠাই য’ত কাম আৰু দান-বৰঙণি একেলগে চলে, আৰু য’ত সমাজে ইজনে সিজনক সহায় কৰে, সামূহিক অগ্ৰগতিৰ উদযাপন কৰে। আজিৰ অনুষ্ঠানটো চুৰাটৰ এই আত্মা আৰু আৱেগক প্ৰচাৰৰ ক্ষেত্ৰত এক পদক্ষেপ।‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
March 07th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চুৰাটৰ লিম্বায়াতত ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ অধীনত ২.৩ লাখতকৈয়ো অধিক হিতাধিকাৰীক লাভ বিতৰণ কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে চুৰাট চহৰখনৰ অনন্য ভাৱনাত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ কাম আৰু দানৰ শক্তিশালী ভেটি সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰকাশ কৰে যে কেনেকৈ চহৰখনৰ মৰ্ম পাহৰিব নোৱাৰি, কিয়নো ইয়াক সামূহিক সহযোগিতা আৰু সকলোৰে উন্নয়ণ উদযাপনেৰে সংজ্ঞায়িত কৰা হয়।বিহাৰৰ ভাগলপুৰত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 24th, 02:35 pm
মহৰ্ষি মেহীৰ তপস্যাস্থলী, ভগৱান বাসুপুজ্যৰ ভূমি, য'ত বিশ্ববিখ্যাত বিক্ৰমশিলা মহাবিহাৰ অৱস্থিত, আৰু বাবা বুধনাথৰ পবিত্ৰ ভূমি অংগৰাজ দানবীৰ কৰ্ণৰ এই ভূমিৰ পৰা সকলো ভাই-ভনীলৈ মোৰ শুভেচ্ছা!পিএম কিষাণৰ ১৯তম কিস্তিৰ মুকলি, বিহাৰৰ ভগলপুৰৰ পৰা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 24th, 02:30 pm
কৃষকৰ কল্যাণ নিশ্চিত কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভগলপুৰৰ পৰা পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰে। এই উপলক্ষে তেওঁ বহু উন্নয়নমূলক প্ৰকল্পও শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ভাৰ্চুৱেলী অনুষ্ঠানত যোগদান কৰা সকলো গণ্যমান্য ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। মহাকুম্ভৰ পবিত্ৰ কালত মন্দাচল ভূমিত ভৰি দিয়াটো এক বৃহৎ সৌভাগ্যৰ কথা বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে এই স্থানত আধ্যাত্মিকতা, ঐতিহ্যৰ লগতে বিকশিত ভাৰতৰ সম্ভাৱনাও আছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই শ্বহীদ তিলকা মাঝিৰ ভূমি হোৱাৰ লগতে ৰেচম চহৰ হিচাপেও বিখ্যাত। তেওঁ লগতে কয় যে বাবা আজগৈবিনাথৰ পবিত্ৰ ভূমিতো আগন্তুক মহা শিৱৰাত্ৰীৰ প্ৰস্তুতি চলি আছে। তেওঁ কয় যে এনে এক পূণ্য মুহূৰ্তত পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰাৰ সৌভাগ্য হৈছিল আৰু ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে প্ৰায় ২২,০০০ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা হৈছিল।Textile, Tourism & Technology will be key drivers of India's developed future: PM at Global Investors Summit in Madhya Pradesh
February 24th, 10:35 am
At the Global Investors Summit in Bhopal, PM Modi declared a new era of growth, stating, The world’s future lies in India. Emphasizing 'Viksit Madhya Pradesh se Viksit Bharat,' he highlighted MP's vast potential in agriculture, minerals and industry. He further noted that with soaring global confidence and booming investments, India is rapidly advancing towards economic supremacy and clean energy leadership.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৫ উদ্বোধন কৰে
February 24th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন (GIS), ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই কাৰ্য্যসূচীলৈ অহাত পলম হোৱাৰ বাবে ক্ষমা বিচাৰে। দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব’ৰ্ড পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰাপত্তা ব্যৱস্থাই যাতে ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধা নকৰে, সেই কথা অনুধাৱন কৰা হৈছে বুলি তেখেতে কয়। শ্ৰী মোদীয়ে কয় যে ৰজা ভূজৰ ভূমিত বিনিয়োগকাৰী আৰু ব্যৱসায়িক নেতাসকলক আদৰণি জনাবলৈ পোৱাটো অসীম গৌৰৱৰ কথা। তেখেতে লগতে কয় যে আজিৰ এই অনুষ্ঠান গুৰুত্বপূৰ্ণ, কিয়নো এখনি বিকশিত মধ্যপ্ৰদেশ বা উন্নত মধ্যপ্ৰদেশ এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰাত অতিশয় প্ৰয়োজনীয়। তেখেতে এই সন্মিলনৰ সুন্দৰ আয়োজনৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে।২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ মধ্যপ্ৰদেশ, বিহাৰ আৰু অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 22nd, 02:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ মধ্যপ্ৰদেশ, বিহাৰ আৰু অসম ভ্ৰমণ কৰিব। ২৩ ফেব্ৰুৱাৰীত তেওঁ মধ্যপ্ৰদেশৰ চট্টাৰপুৰ জিলালৈ যাত্ৰা কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। ২৪ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৫ উদ্বোধন কৰিব। ইয়াৰ পিছত তেওঁ বিহাৰৰ ভগলপুৰলৈ যাত্ৰা কৰিব আৰু প্ৰায় ২:১৫ বজাত পি এম কিষান আঁচনিৰ ১৯তম কিস্তি মুকলি কৰাৰ লগতে বিহাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু দেশবাসীৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে গুৱাহাটীলৈ যাত্ৰা কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত তেওঁ ঝুমুইৰ বিনন্দিনী (বিশাল ঝুমুইৰ অনুষ্ঠান) ২০২৫ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ২৫ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ১০:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত এডভাণ্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰিব।ভাৰত টেক্স ২০২৫ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 16th, 04:15 pm
আজি ভাৰত মণ্ডপম, ভাৰত টেক্স (Bharat Tex)ৰ দ্বিতীয় সংস্কৰণৰ সাক্ষী হৈ আছে। ইয়াত আমাৰ পৰম্পৰাৰ সমান্তৰালকৈ বিকশিত ভাৰতৰ সম্ভাৱনীয়তাও দেখিবলৈ পোৱা গৈছে। এয়া দেশৰ বাবে সন্তুষ্টিৰ বিষয় যে আমি যি বীজ ৰোপণ কৰিছিলোঁ, আজি সি বট বৃক্ষ হোৱাৰ পথত দ্ৰুতগতিত বাঢ়িছে। ভাৰত টেক্স এতিয়া এক মেগা গ্ল’বেল টেক্সটাইলছ ইভেণ্টত পৰিণত হৈছে। এইবাৰ মূল্য শৃংখলৰ সমগ্ৰ বৰ্ণালী, ইয়াৰ সৈতে জড়িত ১২টা গোটে ইয়াত একেলগে অংশগ্ৰহণ কৰিছে। আনুষংগিক সামগ্ৰী, কাপোৰ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ আৰু ৰং আদিও প্ৰদৰ্শন কৰা হৈছে। ভাৰত টেক্স সমগ্ৰ বিশ্বৰ নীতি নিৰ্ধাৰক, চিইঅ’, আৰু উদ্যোগৰ নেতাসকলৰ বাবে নিয়োজন, সহযোগিতা, আৰু অংশীদাৰিত্বৰ বাবে এক অতি শক্তিশালী মঞ্চত পৰিণত হৈছে। এই অনুষ্ঠানৰ বাবে সকলো অংশীদাৰৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়, এই কামৰ লগত জড়িত সকলো লোককে আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ।ভাৰত টেক্স ২০২৫ত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 16th, 04:00 pm
আজি নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত ভাৰত টেক্স ২০২৫ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্শকক সম্বোধন কৰাৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদৰ্শনীখনো ভ্ৰমণ কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত মাণ্ডপামত আয়োজিত এই অনুষ্ঠানৰ দ্বিতীয় সংস্কৰণ বুলি উল্লেখ কৰি সকলো উপস্থিতসকলক উষ্ম আদৰণি জনায়। ভাৰত টেক্স ২০২৫ য়ে ভাৰতৰ চহকী ঐতিহ্যক উদযাপন কৰাই নহয়, জাতিটোৰ বাবে অপৰিসীম গৌৰৱৰ উৎস, উন্নত ভাৰতৰ দৃষ্টিভংগীও প্রদর্শন কৰা বুলি তেওঁ গুৰুত্ব আৰোপ কৰে৷ তেওঁ মন্তব্য কৰে যে ভাৰত টেক্স এক উল্লেখযোগ্য বিশ্বব্যাপী বস্ত্ৰ অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এইবাৰৰ অনুষ্ঠানত বস্ত্ৰ উদ্যোগৰ বাৰটা খণ্ডকে সামৰি লোৱা হৈছে, য’ত আছে আনুষংগিক সামগ্ৰী, কাপোৰ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ, ৰং আদি। তেওঁ জোৰ দি কয় যে ভাৰত টেক্স বিশ্ব নীতি নিৰ্ধাৰক, চিইঅ’, আৰু উদ্যোগৰ নেতাসকলৰ বাবে নেটৱৰ্ক, সহযোগিতা আৰু অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চলৈ বিকশিত হৈছে। ইয়াৰ উপৰিও তেওঁ অনুষ্ঠানটোৰ আয়োজনৰ লগত জড়িত সকলোৰে প্ৰচেষ্টাক প্ৰশংসা কৰে।১৬ ফেব্ৰুৱাৰীত দিল্লীত প্ৰধানমন্ত্ৰীয়ে ‘ভাৰত টেক্স ২০২৫’ ত অংশগ্ৰহণ কৰিব
February 15th, 01:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰীৰ দিনা আবেলি প্ৰায় ৪ বজাত নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ‘ভাৰত টেক্স ২০২৫’ত অংশগ্ৰহণ কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত সকলক সম্বোধন কৰিব।The foundation of India - France friendship is based on the spirit of deep trust, innovation, & public welfare: PM at India-France CEO Forum, Paris
February 12th, 12:45 am
Giving a boost to business ties between India and France, PM Modi and President Macron attended the CEO Forum in Paris. The PM highlighted India's rise as a global economic powerhouse fueled by stability, reforms and innovation.চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 12th, 12:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ইমানুৱেল মেক্ৰ’ৱে আজি পেৰিছত অনুষ্ঠিত চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত যুটীয়াভাৱে ভাষণ দিয়ে। এই মঞ্চই প্ৰতিৰক্ষা, এৰ’স্পেচ, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, আন্তঃগাঁথনি, উন্নত উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, জীৱন-বিজ্ঞান, সুস্থতা আৰু জীৱনশৈলী আৰু খাদ্য তথা আতিথ্যৰ দৰে খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়ো পক্ষৰে বিভিন্ন গোটৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক একত্ৰিত কৰে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 04th, 07:00 pm
সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 04th, 06:55 pm
লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।