দিল্লী-এনচিআৰ অঞ্চলত পুৰণি ট্ৰাক আৰু বাছ সলনি কৰাৰ বাবে এনচিআৰপিবিক সহায় আগবঢ়োৱা আঁচনিখনত কেবিনেটৰ অনুমোদন
June 03rd, 03:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে দিল্লী-এনচিআৰ অঞ্চলত বায়ু প্ৰদূষণ হ্ৰাস কৰা আৰু পৰিষ্কাৰ গতিশীলতাক উৎসাহিত কৰাৰ লক্ষ্যৰে দুবছৰীয়া ঐতিহাসিক আঁচনিখনত অনুমোদন জনাইছে। এই আঁচনিখনৰ বাবে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত থকা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিকল্পনা ব’ৰ্ডৰ (এনচিআৰপিবি) জৰিয়তে পুঁজি যোগান ধৰা হ’ব আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় (এমঅ’আৰটিএইচ) তথা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় (এমঅ’পিএনজি)ৰ দ্বাৰা ৰূপায়ণ কৰা হ’ব। অংশগ্ৰহণকাৰী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ সহযোগিতাত ইয়াক ৰূপায়ণ কৰা হ’ব।১৬ ফেব্ৰুৱাৰীত টেৰি (TERI) ৰ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 11:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে ১৬ ফেব্ৰুৱাৰী, ২০২২ ৰ সন্ধিয়া প্ৰায় ৬ বজাত শক্তি আৰু সম্পদ প্ৰতিষ্ঠান (TERI) ৰ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰিব।