নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত-ইউৰোপীয় ইউনিয়নৰ ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 27th, 04:32 pm

এয়া কৃতিত্ব কোনো আকস্মিক ঘটনা নহয়; বজাৰ অৰ্থনীতি হিচাপে আমাৰ উমৈহতীয়া মূল্যবোধ আছে। বিশ্বৰ সুস্থিৰতাৰ দিশত আমি অগ্ৰাধিকাৰ শ্বেয়াৰ কৰিছো আৰু মুক্ত সমাজ হিচাপে আমাৰ মানুহৰ মাজতো এক স্বাভাৱিক সংযোগ আছে। এই শক্তিশালী ভেটিৰ ওপৰত আমি আমাৰ অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ গৈছো। আমি ইয়াক বিশ্বৰ অন্যতম প্ৰভাৱশালী অংশীদাৰিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছো আৰু ইয়াৰ ফলাফল আমাৰ বাবে স্পষ্টভাৱে দেখা গৈছে। যোৱা ১০ বছৰত আমাৰ বাণিজ্য দুগুণ হৈছে, ১৮০ বিলিয়ন ইউৰো হৈছে। ভাৰতত ৬ হাজাৰৰো অধিক ইউৰোপীয় কোম্পানীয়ে কাম কৰি আছে। ইউৰোপীয় সংঘৰ পৰা ভাৰতত ১২০ বিলিয়ন ইউৰোতকৈ অধিক বিনিয়োগ হৈছে। ইউৰোপীয় সংঘত ১৫০০ ভাৰতীয় কোম্পানী উপস্থিত আছে, আৰু তাত ভাৰতীয় বিনিয়োগ প্ৰায় ৪০ বিলিয়ন ইউৰো হৈছেগৈ। আজি ভাৰতীয় আৰু ইউৰোপীয় কোম্পানীসমূহৰ মাজত অনুসন্ধান আৰু বিকাশ, উৎপাদন, আৰু সেৱাকে ধৰি প্ৰতিটো ক্ষেত্ৰতে গভীৰ সহযোগিতা আছে। আৰু আপোনালোকৰ দৰে ব্যৱসায়িক নেতাসকলেই ইয়াৰ কৰ্তা আৰু হিতাধিকাৰী দুয়োটাই।

নতুন দিল্লীত ভাৰত-ইউৰোপীয় ইউনিয়নৰ ব্যৱসায়িক মঞ্চত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 27th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইউৰোপিয়ান সংঘ ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইউৰোপিয়ান সংঘ(ইইউ) ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰি সুখী হোৱা বুলি কয়। তেওঁ কয় যে ইউৰোপিয়ান সংঘ পৰিষদ আৰু আয়োগৰ অধ্যক্ষৰ ভাৰত ভ্ৰমণ কেৱল সাধাৰণ কূটনৈতিক ভ্ৰমণ হিচাপেই নহয়, বৰঞ্চ ভাৰত-ইউৰ সম্পৰ্কৰ এক নতুন যুগৰ আৰম্ভণি হৈছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে প্ৰথমবাৰলৈ ইইউ নেতৃত্বই ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে।

ফলাফলৰ তালিকাঃ জাৰ্মান ফেডাৰেল ৰিপাব্লিকৰ চেন্সেলৰৰ ভাৰত ভ্ৰমণ (১২-১৩ জানুৱাৰী, ২০২৬)

January 12th, 03:47 pm

দ্বিপাক্ষিক প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাক সুদৃঢ়কৰণৰ যৌথ উদ্দেশ্য ঘোষণা

লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

December 25th, 06:16 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল; ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ জ্যেষ্ঠ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী; উত্তৰ প্ৰদেশত বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত মোৰ সহযোগী শ্ৰী পংকজ চৌধুৰী জী; ৰাজ্য চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী; ইয়াত উপস্থিত অন্যান্য মন্ত্ৰীসকল, জন প্ৰতিনিধি, ভদ্রমহিলা আৰু মহোদয়সকল,

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন

December 25th, 05:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনোৱাৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰে। শ্ৰী বাজপেয়ীৰ ১০১সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি লক্ষ্ণৌ এক নতুন অনুপ্ৰেৰণাৰ সাক্ষী হৈ পৰিছে। তেওঁ দেশ আৰু বিশ্বক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰততো আজি লাখ লাখ খ্ৰীষ্টান পৰিয়ালে এই উৎসৱ উদযাপন কৰি আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বৰদিনৰ এই উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনিব লাগে, যিটো সকলোৰে সামূহিক ইচ্ছা।

ভাৰত-ব্ৰিটেইন চিইঅ’ ফৰামত প্ৰধানমন্ত্ৰীৰ ভাষণ

October 09th, 04:41 pm

বছৰ বছৰ ধৰি আপোনালোক সকলো ব্যৱসায়িক নেতাৰ অবিৰত প্ৰচেষ্টাৰ জৰিয়তে এই মঞ্চ ভাৰত-ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। আপোনাৰ মতামত শুনি মোৰ আত্মবিশ্বাস আৰু অধিক শক্তিশালী হৈছে যে আমি স্বাভাৱিক অংশীদাৰ হিচাপে আৰু অধিক দ্ৰুতগতিত বিকাশ লাভ কৰিম। আৰু ইয়াৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।

দিল্লীৰ যশোভূমিত আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 08th, 10:15 am

কেবিনেটত মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ প্ৰতিনিধি, বহিঃৰাষ্ট্ৰৰ পৰা অহা আমাৰ অতিথি, টেলিকম খণ্ডৰ লগত জড়িত সকলো গণ্যমান্য ব্যক্তি, ইয়াত উপস্থিত থকা ভিন্ন মহাবিদ্যালয়ৰ মোৰ যুৱ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৫ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

October 08th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি অনুষ্ঠান ইণ্ডিয়া ম’বাইল কংগ্ৰেছ (আই. এম. চি.) ২০২৫-ৰ নৱম সংস্কৰণ উদ্বোধন কৰে। ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ বিশেষ সংস্কৰণলৈ সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিত্তীয় জালিয়াতি প্ৰতিৰোধ, কোৱাণ্টাম কমিউনিকেশ্যন, ৫জি, অপ্টিকেল কমিউনিকেশ্যন আৰু ছেমিকণ্ডাক্টৰকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত ষ্টাৰ্টআপসমূহে কৌশল প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এনে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত দাঙি ধৰা উপস্থাপনৰ সাক্ষী হোৱাটোৱে ভাৰতৰ প্ৰযুক্তিগত উজ্জ্বল ভৱিষ্যত প্ৰতিফলিত কৰে। তেওঁ এই অনুষ্ঠান আৰু নতুন পদক্ষেপসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

৮ অক্টোবৰত ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ নৱম সংস্কৰণ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

October 07th, 10:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৮ অক্টোবৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত নতুন দিল্লীৰ যশোভূমিত এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আই এম চি) ২০২৫ৰ নৱম সংস্কৰণ উদ্বোধন কৰিব।

ওড়িশাৰ ঝাৰছুগুডাত উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 27th, 11:45 am

কিছুমান ডেকা বন্ধুৱে ইয়ালৈ বহুতো শিল্পকৰ্ম লৈ আহিছে। ওড়িশাৰ শিল্পৰ প্ৰতি থকা প্ৰেম বিশ্ববিখ্যাত। মই আপোনালোক সকলোৰে পৰা এই উপহাৰ গ্ৰহণ কৰিছো আৰু মোৰ এছ পি জিৰ সহকৰ্মীসকলক আপোনালোকৰ পৰা সেইবোৰ সংগ্ৰহ কৰিবলৈ কৈছো। পিছফালে নাম ঠিকনা লিখিলে মোৰ পৰা নিশ্চয় চিঠি লাভ কৰিব । তাত এটি শিশুৱে কিবা এটা হাতত লৈ থিয় হৈ আছে। তাৰ হাত দুখন বিষাইছে। বহু সময় ধৰি তেওঁ সেয়া দাঙি লৈ ফুৰিছে। সেইটোও সংগ্ৰহ কৰক । অনুগ্ৰহ কৰি তেওঁক সহায় কৰক। যদি আপোনালোকে পিছফালে আপোনালোকৰ নাম লিখিছে তেন্তে মই আপোনালোকক নিশ্চয় চিঠি লিখিম। আপোনালোক সকলো যুৱক-যুৱতী, যুৱতী, সৰু ল’ৰা-ছোৱালীক আপোনালোকৰ মৰমৰ পৰা শিল্পকৰ্ম সৃষ্টি কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ঝাৰছুগুডাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন

September 27th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুদাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট বিশিষ্ট ব্যক্তিক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। বৰ্তমান নৱৰাত্ৰি উৎসৱ উদযাপন কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে এই শুভ দিনবোৰত তেওঁ মা ছামালেই আৰু মা ৰামচন্দিৰ পবিত্ৰ ভূমি ভ্ৰমণ কৰি তাত সমবেত লোকসকলক লগ পোৱাৰ সৌভাগ্য লাভ কৰিছে। তেওঁ অনুষ্ঠানত বৃহৎ সংখ্যক মাতৃ-ভগ্নীৰ উপস্থিতি লক্ষ্য কৰি তেওঁলোকৰ আশীৰ্বাদেই শক্তিৰ প্ৰকৃত উৎস বুলি উল্লেখ কৰে আৰু ৰাইজক প্ৰণাম জনায়।

২৭ ছেপ্টেম্বৰত ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 26th, 09:05 pm

২৭ ছেপ্টেম্বৰত ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দিনৰ প্ৰায় ১১:৩০ বজাত তেওঁ ঝাৰছুগুদাত ৬০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত সভাত তেওঁ ৰাইজক উদ্দেশ্যি ভাষণ দিব। এই প্ৰকল্পসমূহে টেলিকমিউনিকেচন, ৰে’লৱে, উচ্চ শিক্ষা, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, গ্ৰাম্য গৃহ নিৰ্মাণ খণ্ড আদিৰ লগতে অন্যান্য বিষয়সমূহক সামৰি লৈছে। টেলিকম সংযোগৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে স্বদেশী প্ৰযুক্তিৰে প্ৰায় ৩৭,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ৯৭,৫০০ৰো অধিক মোবাইল ৪জি টাৱাৰৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত বিএছএনএলৰ কমিচন দিয়া ৯২,৬০০ৰো অধিক ৪জি প্ৰযুক্তি ছাইট অন্তৰ্ভুক্ত। ডিজিটেল ভাৰত নিধিৰ অধীনত ১৮,৯০০ৰো অধিক ৪জি ছাইটৰ বাবে ধন আগবঢ়োৱা হৈছে যিয়ে দূৰৱৰ্তী, সীমান্ত, আৰু বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলৰ প্ৰায় ২৬,৭০০ অসংলগ্ন গাঁও সংযোগ কৰিব, ২০ লাখৰো অধিক নতুন গ্ৰাহকক সেৱা আগবঢ়াব। এই টাৱাৰসমূহ সৌৰশক্তিচালিত, যাৰ ফলত ই ভাৰতৰ সৰ্ববৃহৎ সেউজ টেলিকম ছাইটৰ ক্লাষ্টাৰ আৰু বহনক্ষম আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক পদক্ষেপ।

ভাৰত আৰু গ্ৰেট ব্ৰিটেইনৰ ব্যৱসায়িক মুৰব্বীসকলৰ সৈতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

July 24th, 07:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰে ঐতিহাসিক ভাৰত– ব্ৰিটেইনৰ ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি [চিইটিএ] স্বাক্ষৰ কৰাৰ পিছত আজি ভাৰত আৰু ব্ৰিটেইনৰ ব্যৱসায়িক মুৰব্বীসকলক সাক্ষাৎ কৰে। বৈঠকত স্বাস্থ্য, ঔষধ, ৰত্ন আৰু গহনা, অ’টোমোবাইল, শক্তি, উৎপাদন, টেলিকম, প্ৰযুক্তি, আই টি, লজিষ্টিক, বস্ত্ৰশিল্প আৰু বিত্তীয় সেৱা খণ্ডৰ দুয়োপক্ষৰ অগ্ৰণী উদ্যোগৰ মুৰব্বীসকল উপস্থিত থাকে। এই খণ্ডসমূহে দুয়োখন দেশৰ নিয়োগ সৃষ্টি আৰু সৰ্বাংগীন অৰ্থনৈতিক উন্নয়নত যথেষ্ট অৰিহণা যোগায়।

ভাৰত-ইউকে ভিজন ২০৩৫

July 24th, 07:12 pm

ভাৰত আৰু যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীয়ে, ২০২৫ চনৰ ২৪ জুলাইত লণ্ডনত হোৱা তেওঁলোকৰ বৈঠকৰ সময়ত নতুন ভাৰত-ইউকে ভিজন ২০৩৫ৰ প্ৰতি সমৰ্থন আগবঢ়ায় যিয়ে এক পুনৰুজ্জীৱিত অংশীদাৰিত্বৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰাৰ বাবে তেওঁলোকৰ উমৈহতীয়া প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। এই উচ্চাকাংক্ষী আৰু ভৱিষ্যৎ-কেন্দ্ৰিক চুক্তিয়ে দুয়োখন দেশৰ পাৰস্পৰিক বৃদ্ধি, সমৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ লগতে দ্ৰুত গোলকীয় পৰিৱৰ্তনৰ এই সময়ত এখন সমৃদ্ধিশালী, নিৰাপদ আৰু বহনক্ষম পৃথিৱী গঢ় দিয়াৰ সংকল্প আলোকপাত কৰে।

টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 28th, 08:00 pm

শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে

March 28th, 06:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।

এনডিটিভি ৱৰ্ল্ড ছামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

October 21st, 10:25 am

এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে

October 21st, 10:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কয় যে এই সন্মিলনত একাধিক বিষয়ত আলোচনা হ’ব। তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।

আইটিইউ-ৱৰ্ল্ড টেলিকমিউনিকেচন ষ্টেণ্ডাৰ্ডাইজেচন এছেম্বলী, ২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 15th, 10:05 am

মোৰ কেবিনেট সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, চন্দ্ৰশেখৰ জী, আইটিইউৰ সচিব প্ৰধান, ভিন্ন দেশৰ মন্ত্ৰী, ভাৰতৰ ভিন্ন ৰাজ্যৰ মন্ত্ৰী, উদ্যোগৰ নেতা, টেলিকম বিশেষজ্ঞ, ষ্টাৰ্ট-আপ জগতৰ যুৱ উদ্যোগী, ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল,

Prime Minister Shri Narendra Modi inaugurates ITU World Telecommunication Standardization Assembly 2024 in New Delhi

October 15th, 10:00 am

Prime Minister Modi inaugurated the International Telecommunication Union-World Telecommunication Standardization Assembly and India Mobile Congress in New Delhi. In his address, he highlighted India's transformative achievements in connectivity and telecom reforms. The Prime Minister stated that the government has made telecom a means of equality and opportunity beyond just connectivity in the country.