তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:10 pm
তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্থ ৰেড্ডীয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।তেলেংগানাত ৰাষ্ট্ৰীয় ঘাইপথ -৬৩ৰ আৰ্মুৰ-জগতিয়াল-মাঞ্চেৰিয়াল অংশটো হাইব্ৰিড এনুইটি মডেল (হাম) আৰু ৰাষ্ট্ৰীয় ঘাইপথ (এনএইচ) ৫৬৩ৰ জগতিয়াল-কৰিমনগৰ অংশটো বিল্ড-অপাৰেট-ট্ৰেন্সফাৰ (ট'ল) (বিঅ'টি (ট'ল)) ৰ জৰিয়তে ফ’ৰলেনলৈ সম্প্ৰসাৰণৰ বাবে কেবিনেটৰ অনুমোদন
June 03rd, 03:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে হাইব্ৰিড এনুইটি মডেল (হাম)ৰ আধাৰত ৰাষ্ট্ৰীয় ঘাইপথ-৬৩ৰ আৰ্মুৰ-জগতীয়াল-মাঞ্চেৰীয়াল অংশ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৫৬৩ৰ নিৰ্মাণ-কাৰ্যকৰন-পৰিৱৰ্তন (ট'ল) [বিঅ'টি (ট'ল)]ৰ জগতীয়াল-কৰিমনগৰ অংশৰ ফ’ৰলেনলৈ সম্প্ৰসাৰণৰ বাবে অনুমোদন জনাইছে। এই ফ’ৰলেনৰ কামৰ বাবে মুঠ ১৯০.৭৬ কিলোমিটাৰ দৈৰ্ঘ্য আৰু ৭৫৯৭.১৬ কোটি টকা ব্যয় হ'ব।ৰাজ্য প্ৰতিষ্ঠা দিৱসত তেলেংগানাৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
June 02nd, 09:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানা ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে তেলেংগানাবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।হায়দৰাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
May 10th, 03:45 pm
ৰাষ্ট্ৰীয় আৰু গোলকীয় দুয়োটা ক্ষেত্ৰতে চাইবেৰাবাদৰ শক্তি অটুট। তেলেংগানা আৰু দেশৰ দ্ৰুত উন্নয়নৰ বাবে ই এটা ডাঙৰ কেন্দ্ৰ। সেয়েহে আজি তেলেংগানাক দেশৰ এক বৃহৎ উৎপাদন শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ চাইবেৰাবাদৰ পৰা কেইবাটাও বৃহৎ প্ৰকল্প আৰম্ভ কৰা হৈছে। আজি যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে, সেইবোৰে হাজাৰ হাজাৰ নতুন চাকৰিৰ সৃষ্টি কৰিব আৰু তেলেংগানাৰ যোগাযোগ শক্তিশালী কৰিব। এই প্ৰকল্পসমূহৰ বাবে তেলেংগানাৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ হায়দৰাবাদত প্ৰায় ৯,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু জনসাধাৰণলৈ উৎসৰ্গা কৰে
May 10th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ হায়দৰাবাদত প্ৰায় ৯,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু জনসাধাৰণলৈ উৎসৰ্গা কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় আৰু বিশ্ব দুয়োটা পৰ্যায়তে হায়দৰাবাদৰ পৰিৱৰ্তনশীল গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেলেংগানা আৰু সমগ্ৰ দেশৰ দ্ৰুত উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ভূমিকাত গুৰুত্ব আৰোপ কৰি তেওঁ আজি আৰম্ভ হোৱা কেইবাটাও বৃহৎ পৰিসৰৰ প্ৰকল্পই তেলেংগানাক কেনেকৈ এক প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব সেই বিষয়ে আলোকপাত কৰে। শ্ৰী মোদীয়ে কয় যে এই প্ৰকল্পসমূহৰ উদ্বোধনে হাজাৰ হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু আঞ্চলিক সংযোগ শক্তিশালী কৰিব। এই প্ৰকল্পসমূহৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।১০ মে’ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 09th, 11:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১০ মে, ২০২৬ ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব।সিদিনা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্য আৰ্ট অৱ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদলৈ যাত্ৰা কৰিব আৰু প্ৰায় ৩ বজাত প্ৰায় ৯,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব। লগতে এই উপলক্ষ্যে আয়োজিত সভাত তেওঁ ভাষণ দিব। প্ৰায় ৩:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদৰ সিন্ধু হাস্পতাল দেশৰ বাবে উৎসৰ্গা কৰিব।মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰপ্ৰদেশ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ ১৯খন জিলাক সামৰি তিনিটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
May 05th, 07:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ২৩,৪৩৭ কোটি টকাৰ মুঠ ব্যয়ৰ ৰে'ল মন্ত্ৰালয়ৰ ৩টা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পবোৰৰ ভিতৰত আছেঃতেলেংগানাৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
April 10th, 01:40 pm
তেলেংগানাৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
March 29th, 11:30 am
চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 09th, 09:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১১ মাৰ্চত কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব।দুপৰীয়া প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে কেৰেলাৰ এৰ্নাকুলুমত প্ৰায় ১০,৮০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই কাৰ্যসূচী উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব। ইয়াৰ পিছত প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত দেশৰ বাবে প্ৰায় ৫,৬৫০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব।Cabinet approves the widening of National Highway-167 in Telangana worth Rs.3175.08 crore
February 14th, 01:00 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the widening of National Highway-167 from Gudebellur to Mahabubnagar on the Hyderabad-Panaji Economic Corridor to 4-lane standards in Telangana, worth Rs. 3175.08 crore. It will provide seamless connectivity to key economic, social and logistics nodes across Telangana and provide employment opportunities.২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 22nd, 02:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১০ বাজি ৪৫ মিনিটত থিৰুৱন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে কিছু সংখ্যক প্ৰকল্প পতাকা জোকাৰি মুকলি কৰিব। এই উপলক্ষে সমবেত লোকসকলকো তেওঁ সম্বোধন কৰিব।ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 03rd, 12:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে
January 03rd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ
December 03rd, 02:25 pm
নতুন দিল্লীত আজি তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী ভট্টি বিক্ৰমাৰ্কা মাল্লুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ভিডিঅ কনফাৰেন্সনিঙৰ জৰিয়তে হায়দৰাবাদৰ ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়াৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিযা ভাষণৰ অসমীয়া
November 26th, 10:10 am
মোৰ সময় অলপ কম আছে , কাৰণ মই সংসদত উপস্থিত হ’ব লাগিব; মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে এটা কাৰ্যসূচী আছে। সেয়ে দীঘলীয়াকৈ কথা নোকোৱাকৈয়ে ক্ষন্তেকতে কেইটামান কথা শ্বেয়াৰ কৰি মোৰ মন্তব্যৰ সামৰণি মাৰিম। আজিৰ পৰা ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুনকৈ এক গতি লাভ কৰিছে। ছাফ্ৰানৰ এই নতুন প্ৰকল্পই ভাৰতক বিশ্বব্যাপী এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই এম আৰ অ’ সুবিধাই উচ্চ প্ৰযুক্তিৰ মহাকাশ জগতখনত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব। শেহতীয়াকৈ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড আৰু মেনেজমেণ্টক লগ পাইছো, ইয়াৰ আগতেও লগ পাইছো। প্ৰতিটো আলোচনাতে ভাৰত সন্দৰ্ভত তেওঁলোকৰ আস্থা আৰু আশা দেখিছোঁ। মোৰ বিশ্বাস যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একে গতিৰে চলি থাকিব৷ আজি এই প্ৰকল্পৰ বাবে টিম ছাফ্ৰানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে
November 26th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জি এম আৰ এৰ’স্পেচ এণ্ড ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক-এছ ই জেডত অৱস্থিত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতৰ বিমান পৰিবহণ খণ্ডই আজিৰে পৰা এক নতুন উৰণ আৰম্ভ কৰিছে। ছাফ্ৰানৰ নতুন সুবিধাই ভাৰতক গোলকীয় ৰক্ষণাবেক্ষণ, মেৰামতি আৰু সম্পূৰ্ণভাৱে ৰূপান্তৰিত (এম আৰ অ’) কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।’ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই এম আৰ অ’ সুবিধাই উচ্চ-প্ৰযুক্তিৰ এৰ’স্পেচ খণ্ডত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিব। শ্ৰী মোদীয়ে স্মৰণ কৰে যে তেওঁ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড এণ্ড মেনেজমেণ্টক সাক্ষাৎ কৰিছিল আৰু উল্লেখ কৰিছিল যে ইয়াৰ পূৰ্বেও তেওঁলোকৰ সৈতে হোৱা প্ৰতিটো আলোচনাত তেওঁ ভাৰতৰ প্ৰতি তেওঁলোকৰ আস্থা আৰু আশা প্ৰত্যক্ষ কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একেই গতি অব্যাহত থাকিব। শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে এই নতুন সুবিধাৰ বাবে টিম ছাফ্ৰানক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব
November 18th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব।তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
November 03rd, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।কৰ্ণাটক, তেলেংগানা, বিহাৰ আৰু অসম উপকৃত হোৱাকৈ তিনিটা প্ৰকল্পৰ মাল্টি ট্ৰেকিং আৰু গুজৰাটৰ কচ্চৰ দুৰ্গম অঞ্চল সংযোগ কৰিবলৈ নতুন ৰে’ল লাইনৰ অনুমোদন কেবিনেটৰ
August 27th, 04:50 pm
সংশ্লিষ্ট প্ৰকল্পসমূহৰ লক্ষ্য হৈছে যাত্ৰী আৰু সামগ্ৰী উভয়ৰে নিৰৱচ্ছিন্ন আৰু দ্ৰুত পৰিবহণ নিশ্চিত কৰা। এই পদক্ষেপসমূহে সংযোগ প্ৰদান আৰু ভ্ৰমণৰ সুবিধা উন্নত কৰাৰ লগতে লজিষ্টিক ব্যয় হ্ৰাস কৰাৰ লগতে তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। তদুপৰি এই প্ৰকল্পসমূহে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত অৰিহণা যোগাব, যাৰ ফলত বহনক্ষম আৰু কাৰ্যক্ষম ৰে’ল পৰিচালনাৰ প্ৰসাৰ ঘটিব। এই প্ৰকল্পসমূহে নিৰ্মাণৰ সময়ত প্ৰায় ২৫১ লাখ মানৱ দিন প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব।