প্ৰধানমন্ত্ৰীক সাক্ষাৎ তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ

December 03rd, 02:25 pm

নতুন দিল্লীত আজি তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী ভট্টি বিক্ৰমাৰ্কা মাল্লুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ভিডিঅ কনফাৰেন্সনিঙৰ জৰিয়তে হায়দৰাবাদৰ ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়াৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিযা ভাষণৰ অসমীয়া

November 26th, 10:10 am

মোৰ সময় অলপ কম আছে , কাৰণ মই সংসদত উপস্থিত হ’ব লাগিব; মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে এটা কাৰ্যসূচী আছে। সেয়ে দীঘলীয়াকৈ কথা নোকোৱাকৈয়ে ক্ষন্তেকতে কেইটামান কথা শ্বেয়াৰ কৰি মোৰ মন্তব্যৰ সামৰণি মাৰিম। আজিৰ পৰা ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুনকৈ এক গতি লাভ কৰিছে। ছাফ্ৰানৰ এই নতুন প্ৰকল্পই ভাৰতক বিশ্বব্যাপী এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই এম আৰ অ’ সুবিধাই উচ্চ প্ৰযুক্তিৰ মহাকাশ জগতখনত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব। শেহতীয়াকৈ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড আৰু মেনেজমেণ্টক লগ পাইছো, ইয়াৰ আগতেও লগ পাইছো। প্ৰতিটো আলোচনাতে ভাৰত সন্দৰ্ভত তেওঁলোকৰ আস্থা আৰু আশা দেখিছোঁ। মোৰ বিশ্বাস যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একে গতিৰে চলি থাকিব৷ আজি এই প্ৰকল্পৰ বাবে টিম ছাফ্ৰানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে

November 26th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জি এম আৰ এৰ’স্পেচ এণ্ড ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক-এছ ই জেডত অৱস্থিত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতৰ বিমান পৰিবহণ খণ্ডই আজিৰে পৰা এক নতুন উৰণ আৰম্ভ কৰিছে। ছাফ্ৰানৰ নতুন সুবিধাই ভাৰতক গোলকীয় ৰক্ষণাবেক্ষণ, মেৰামতি আৰু সম্পূৰ্ণভাৱে ৰূপান্তৰিত (এম আৰ অ’) কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।’ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই এম আৰ অ’ সুবিধাই উচ্চ-প্ৰযুক্তিৰ এৰ’স্পেচ খণ্ডত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিব। শ্ৰী মোদীয়ে স্মৰণ কৰে যে তেওঁ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড এণ্ড মেনেজমেণ্টক সাক্ষাৎ কৰিছিল আৰু উল্লেখ কৰিছিল যে ইয়াৰ পূৰ্বেও তেওঁলোকৰ সৈতে হোৱা প্ৰতিটো আলোচনাত তেওঁ ভাৰতৰ প্ৰতি তেওঁলোকৰ আস্থা আৰু আশা প্ৰত্যক্ষ কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একেই গতি অব্যাহত থাকিব। শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে এই নতুন সুবিধাৰ বাবে টিম ছাফ্ৰানক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব

November 18th, 11:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব।

তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

November 03rd, 10:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

কৰ্ণাটক, তেলেংগানা, বিহাৰ আৰু অসম উপকৃত হোৱাকৈ তিনিটা প্ৰকল্পৰ মাল্টি ট্ৰেকিং আৰু গুজৰাটৰ কচ্চৰ দুৰ্গম অঞ্চল সংযোগ কৰিবলৈ নতুন ৰে’ল লাইনৰ অনুমোদন কেবিনেটৰ

August 27th, 04:50 pm

সংশ্লিষ্ট প্ৰকল্পসমূহৰ লক্ষ্য হৈছে যাত্ৰী আৰু সামগ্ৰী উভয়ৰে নিৰৱচ্ছিন্ন আৰু দ্ৰুত পৰিবহণ নিশ্চিত কৰা। এই পদক্ষেপসমূহে সংযোগ প্ৰদান আৰু ভ্ৰমণৰ সুবিধা উন্নত কৰাৰ লগতে লজিষ্টিক ব্যয় হ্ৰাস কৰাৰ লগতে তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। তদুপৰি এই প্ৰকল্পসমূহে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত অৰিহণা যোগাব, যাৰ ফলত বহনক্ষম আৰু কাৰ্যক্ষম ৰে’ল পৰিচালনাৰ প্ৰসাৰ ঘটিব। এই প্ৰকল্পসমূহে নিৰ্মাণৰ সময়ত প্ৰায় ২৫১ লাখ মানৱ দিন প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনায়

June 02nd, 09:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ জনসাধাৰণক আজি ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত অসামান্য বৰঙণি আগবঢ়াই আহিছে। যোৱাটো দশকত এনডিএ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ ‘ইজ অৱ লিভিঙ’ৰ বৰ্ধনৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে, শ্ৰী মোদীয়ে এইদৰে কয়।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

May 24th, 08:41 pm

তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱনাখ ৰেড্ডিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

May 02nd, 03:45 pm

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সকলো সাংসদ আৰু বিধায়ক, আৰু অন্ধ্ৰপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল!আজি এই পবিত্ৰ অমৰাৱতী ভূমিত থিয় দিওঁতে মই কেৱল এখন নগৰ দেখা নাই, এটা সপোন বাস্তৱায়িত হোৱা দেখিছোঁ। এখন নতুন অমৰাৱতী, নতুন অন্ধ্ৰ। অমৰাৱতী সেই ভূমি য'ত পৰম্পৰা আৰু প্ৰগতি একেলগে আগবাঢ়ে, য'ত আছে বৌদ্ধ ঐতিহ্যৰ শান্তি আৰু লগতে উন্নত ভাৰত গঢ়াৰ শক্তি। আজি ইয়াত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ কেৱল কংক্ৰিট নিৰ্মাণ নহয়, অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু উন্নত ভাৰতৰ আশাৰ মজবুত ভেটিও। ভগৱান বীৰভদ্ৰ, ভগৱান অমৰলিংগেশ্বৰ আৰু তিৰুপতী বালাজীৰ চৰণত প্ৰণাম কৰি অন্ধ্ৰ প্ৰদেশৰ সন্মানীয় জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।লগতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণ জীলৈও শুভেচ্ছা জ্ঞাপন কৰিছো।

PM Modi lays foundation stone, inaugurates development works worth over Rs 58,000 crore in Amaravati, Andhra Pradesh

May 02nd, 03:30 pm

PM Modi launched multiple development projects in Amaravati, Andhra Pradesh. He remarked that the Central Government is fully supporting the State Government to rapidly develop Amaravati. Underlining the state's pivotal role in establishing India as a space power, the PM emphasized that the Navdurga Testing Range in Nagayalanka will serve as a force multiplier for India's defense capabilities.

৬ জানুৱাৰীত একাধিক ৰে’লৱে প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

January 05th, 06:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জানুৱাৰীত দিনৰ ১২:৩০ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন ৰে'ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

ভূৱনেশ্বৰত ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ অনুষ্ঠিতব্য আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

November 29th, 09:54 am

ওড়িশাৰ ভূৱনেশ্বৰৰ ‘লোকসেৱা ভৱন’ৰ ‘ৰাজ্যিক সন্মিলন কেন্দ্ৰ’ত ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰ, ২০২৪লৈ অনুষ্ঠিত হ'বলগীয়া ‘আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব।

ৱাৰ্ধা, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

September 20th, 11:45 am

মাত্ৰ দুদিন আগতে আমি সকলোৱে বিশ্বকৰ্মা পূজাৰ উৎসৱ পালন কৰিলোঁ। আৰু আজি, ৱাৰ্ধাৰ পৱিত্ৰ ভূমিত আমি পিএম বিশ্বকৰ্মা যোজনাৰ সফলতাৰ উৎসৱ উদযাপন কৰিছোঁ। আজি এই দিনটো এইবাবেও বিশেষ, কাৰণ ১৯৩২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত বিশ্বকৰ্মা যোজনাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই উদযাপন, বিনোৱা ভৱেৰ এই সাধনাস্থলী, মহাত্মা গান্ধীৰ এই কৰ্মস্থলী, ৱাৰ্ধাৰ এই ভূমি, এই অভিজ্ঞতা আৰু প্ৰেৰণাৰ এনে সংগম, যিয়ে বিকশিত ভাৰতৰ আমাৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বিশ্বকৰ্মা যোজনাৰ জৰিয়তে আমি শ্ৰমৰ জৰিয়তে সমৃদ্ধি, ইয়াৰ দক্ষতাৰ জৰিয়তে উন্নত ভৱিষ্যতৰ যি সংকল্প লৈছোঁ, ৱাৰ্ধাত বাপুৰ প্ৰেৰণাই আমাৰ সেই সংকল্পবোৰক পূৰ্ণতালৈ লৈ যোৱাৰ মাধ্যম হৈ পৰিব। মই এই আঁচনিৰ সৈতে জড়িত সকলো লোককে, সমগ্ৰ দেশৰ সকলো হিতাধিকাৰীকে এই উপলক্ষে অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচী সম্বোধন

September 20th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কাৰ্যসূচীত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে 'আচাৰ্য চাণক্য দক্ষতা বিকাশ' আঁচনি আৰু 'পুণ্যশ্লোক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি' মুকলি কৰে। তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ প্ৰমাণপত্ৰ আৰু ঋণ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাকটিকটো মুকলি কৰে। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত প্ৰদৰ্শিত প্ৰদৰ্শনীখনৰ কিছু অংশ পদব্ৰজে ভ্ৰমণ কৰে।

তেলেংগানাৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

August 03rd, 10:13 pm

তেলেংগানাৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বাৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

July 04th, 04:32 pm

তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী আৰু তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ভাট্টি বিক্ৰমাৰ্কা মাল্লুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

Today, Ramlala sits in a grand temple, and there is no unrest: PM Modi in Karakat, Bihar

May 25th, 11:45 am

Prime Minister Narendra Modi graced the historic lands of Karakat, Bihar, vowing to tirelessly drive the nation’s growth and prevent the opposition from piding the country on the grounds of inequality.

PM Modi addresses vivacious crowds in Pataliputra, Karakat & Buxar, Bihar

May 25th, 11:30 am

Prime Minister Narendra Modi graced the historic lands of Pataliputra, Karakat & Buxar, Bihar, vowing to tirelessly drive the nation’s growth and prevent the opposition from piding the country on the grounds of inequality.

While pursuing its appeasement politics, BRS even proposed a Muslim IT Park: PM Modi in Warangal

May 08th, 10:20 am

Addressing the second rally of the day, the PM said, “Warangal holds a special place in my heart and in the BJP's journey. 40 years ago, when the BJP had only 2 MPs, one of them was from Hanamkonda. We can never forget your blessings and affection. Whenever we faced difficulties, the people of Warangal have always supported us.”

The BJP has always prioritized Nation First above all else: PM Modi in Karimnagar

May 08th, 10:00 am

Prime Minister Narendra Modi addressed a massive rally in Karimnagar, Telangana, amidst grandeur. He spoke about the bright future of Telangana and exposed the Opposition's nefarious intentions of piding the nation.