PM Modi arrives in Paris

June 18th, 07:31 am

PM Modi arrived in Paris, France, to a warm welcome by the Indian diaspora.

ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

June 18th, 05:04 am

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ অন্ত পেলোৱা আৰু বৃহত্তৰ অঞ্চলটোত শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰক লৈ এক বুজাবুজিৰ সৃষ্টিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰশংসা কৰে। তেওঁ লগতে হৰমুজ প্ৰণালীত নৌ পৰিবহণৰ স্বাধীনতা আৰু বাধাহীন বাণিজ্য অব্যাহত ৰখা আৰু নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে ১৯ জুনত প্ৰধানমন্ত্ৰী বিত্ত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত প্ৰায় ২,৪০০কোটি টকাৰ ইনচেণ্টিভ বিতৰণ কৰিব

June 17th, 03:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৯ জুন ২০২৬ ৰ সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’বলগীয়া এটা বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী বিত্ত ভাৰত ৰোজগাৰ যোজনা (পিএম-ভিবিআৰৱাই) ৰ অধীনত প্ৰায় ২,৪০০ কোটি টকাৰ ইনচেণ্টিভ বিতৰণ কৰিব।

যোৱা দশকত আত্মনিৰ্ভৰশীলতা আৰু উদ্ভাৱনৰ দ্বাৰা চালিত ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্যৰ পৰিবৰ্তনৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ

June 17th, 12:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা দশকত ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্যলৈ অহা গুৰুত্বপূৰ্ণ পৰিবৰ্তনৰ ওপৰত আলোকপাত কৰিছে।

জি-৭ সন্মিলনৰ সময়ত সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

June 17th, 12:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰে। ২০২৬ চনত দুয়োজন নেতাৰ মাজত এয়া তৃতীয়খন বৈঠক আছিল, যি শক্তিশালী আৰু প্ৰাণৱন্ত ভাৰত-ইউ এ ই ব্যাপক কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰে।

জি-৭ সন্মিলনৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

June 17th, 12:36 am

​দুয়োগৰাকী নেতাই যোৱা বছৰ প্ৰধানমন্ত্ৰীদ্বয়ৰ পাৰস্পৰিক ভ্ৰমণৰ পিছৰে পৰা ভাৰত-ব্ৰিটেইনৰ শক্তিশালী হোৱা সম্পৰ্কৰ পৰ্যালোচনা কৰে তথা বাণিজ্য আৰু অৰ্থনৈতিক বিকাশ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু সম্পৰ্কীয় কাৰ্য্যব্যৱস্থা আৰু সেউজ শক্তি, প্ৰযুক্তি আৰু উদ্ভাৱন, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি ভিজন ২০৩৫ৰ সকলো দিশৰ অগ্ৰগতিক আদৰণি জনায়। নেতাদ্বয়ে ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি অচিৰেই কাৰ্যকৰী হোৱা সন্দৰ্ভত আগ্ৰহ প্ৰকাশ কৰে। বেংগালুৰুত লিভাৰপুল বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন তথা মুম্বাইত য়ৰ্ক বিশ্ববিদ্যালয় আৰু ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন সম্পৰ্কীয় শেহতীয়া অগ্ৰগতিৰ কথা উল্লেখ কৰি উভয়ে শক্তিশালী শিক্ষা অংশীদাৰিত্বত সন্তুষ্টি প্ৰকাশ কৰে।

শ্লভাকিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্য

June 15th, 03:00 pm

আজি প্ৰধানমন্ত্ৰী আৰু মই আমাৰ পাৰস্পৰিক সহযোগিতাক এক নতুন দিশ আৰু নতুন শক্তি প্ৰদান কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিলোঁ। আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা প্ৰগতিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ।

ভাৰত-ফ্ৰান্স উদ্ভাৱনী পৰিকল্পনা ২০৩০

June 15th, 05:42 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে দ্বিপাক্ষিক সম্পৰ্কক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰে আৰু কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন, গৱেষণা, প্ৰযুক্তি, ডিজিটেল প্ৰযুক্তি আৰু চাইবাৰ ক্ষেত্ৰ, স্বাস্থ্য, সংস্কৃতি, অৰ্থনীতি, শৈক্ষিক সংযোগ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে খণ্ডসমূহত সম্প্ৰসাৰিত আৰু বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাই যুটীয়াভাৱে ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ উদ্বোধন কৰে।

ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 14th, 04:36 pm

এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।

ভাৰত ইনোভেটছ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

June 14th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে ভাৰত ইনোভেটছ ২০২৬ উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।

বিভিন্ন খণ্ডত মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব আৰোপ

June 12th, 12:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে যোৱা ১২ বছৰত চৰকাৰে মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে কৰা কাম সকলো ক্ষেত্ৰতে দৃশ্যমান হৈছে। তেওঁ উল্লেখ কৰে যে বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগশীলতাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্যসেৱা, অনাময়, আৱাস, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈকে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

The trust of 140 crore Indians is our greatest strength and responsibility: PM Modi at the NDA Leaders’ Conclave

June 10th, 06:33 pm

PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.

PM Modi addresses NDA Leaders' Conclave, reaffirms commitment to Viksit Bharat

June 10th, 06:30 pm

PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.

Daman has become a living example of Mini India: PM Modi

June 05th, 07:20 pm

Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে

June 05th, 07:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।

গুজৰাটৰ চুৰাটত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ

June 05th, 04:30 pm

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ চি.আৰ. পাটিল, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘভী, গুজৰাট বিজেপিৰ সভাপতি জগদীশ বিশ্বকৰ্মাজী, অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা চুৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে

June 05th, 04:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ জনসাধাৰণৰ অদম্য সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, স্থানীয় সংস্থাৰ নিৰ্বাচনৰ পিছত এয়া মোৰ প্ৰথম চুৰাট ভ্ৰমণ। চুৰাটৰ পৰা সমগ্ৰ গুজৰাটৰ জনসাধাৰণক প্ৰণাম আৰু অভিনন্দন জনাইছো।

তেলেংগানাত ৰাষ্ট্ৰীয় ঘাইপথ -৬৩ৰ আৰ্মুৰ-জগতিয়াল-মাঞ্চেৰিয়াল অংশটো হাইব্ৰিড এনুইটি মডেল (হাম) আৰু ৰাষ্ট্ৰীয় ঘাইপথ (এনএইচ) ৫৬৩ৰ জগতিয়াল-কৰিমনগৰ অংশটো বিল্ড-অপাৰেট-ট্ৰেন্সফাৰ (ট'ল) (বিঅ'টি (ট'ল)) ৰ জৰিয়তে ফ’ৰলেনলৈ সম্প্ৰসাৰণৰ বাবে কেবিনেটৰ অনুমোদন

June 03rd, 03:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে হাইব্ৰিড এনুইটি মডেল (হাম)ৰ আধাৰত ৰাষ্ট্ৰীয় ঘাইপথ-৬৩ৰ আৰ্মুৰ-জগতীয়াল-মাঞ্চেৰীয়াল অংশ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৫৬৩ৰ নিৰ্মাণ-কাৰ্যকৰন-পৰিৱৰ্তন (ট'ল) [বিঅ'টি (ট'ল)]ৰ জগতীয়াল-কৰিমনগৰ অংশৰ ফ’ৰলেনলৈ সম্প্ৰসাৰণৰ বাবে অনুমোদন জনাইছে। এই ফ’ৰলেনৰ কামৰ বাবে মুঠ ১৯০.৭৬ কিলোমিটাৰ দৈৰ্ঘ্য আৰু ৭৫৯৭.১৬ কোটি টকা ব্যয় হ'ব।

বিহাৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাগৰিয়া-পুৰ্নিয়া খণ্ডটো ৩৯৩৬.০৫ কোটি টকা ব্যয়েৰে ফ’ৰলেন (১৪৩.৫২৯ কিলোমিটাৰ)লৈ উন্নীতকৰণত কেবিনেটৰ অনুমোদন

June 03rd, 03:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে ৩৯৩৬.০৫ কোটি টকা ব্যয়সাপেক্ষে বিহাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাগৰিয়া-পুৰ্নিয়া খণ্ডটো ফ’ৰলেনলৈলৈ (১৪৩.৫২৯ কিলোমিটাৰ) উন্নীতকৰণৰ বাবে অনুমোদন জনাইছে।

ফলাফলৰ সবিশেষঃ চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিক’ছ ক্ৰিষ্টোড’লিডেছৰ ভাৰত ভ্ৰমণ

May 22nd, 04:11 pm

সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক যুটীয়া কাৰ্যগোট গঠনৰ বাবে বুজাবুজি চুক্তি