মাস্কটৰ ভাৰত-ওমান ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
December 18th, 04:08 pm
আপোনালোকৰ মৰমৰ উষ্মতাই মোক এই ব্যৱসায়িক শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ ক্ষেত্ৰত উৎসাহিত কৰিছে। আজিৰ শীৰ্ষ সন্মিলনে নতুন দিশ, নতুন গতি প্ৰদান কৰিব আৰু ভাৰত-ওমান অংশীদাৰিত্বক নতুন উচ্চতাত উপনীত হোৱাত সহায় কৰিব। ইয়াত আপোনালোক সকলোৰে এক বৃহৎ ভূমিকা আছে।ভাৰত-ওমান ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
December 18th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাস্কটত ভাৰত–ওমান ব্যৱসায়িক মঞ্চত ভাষণ দিয়ে। সন্মিলনত ওমানৰ বাণিজ্য, উদ্যোগ আৰু বিনিয়োগ প্ৰসাৰ দপ্তৰৰ মন্ত্ৰী মহামহিম কাইছ আল ইউছেফ; ওমান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মহামহিম শ্বেইখ ফৈছাল আল ৰাৱাছ; ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰীযুত পীয়ুষ গোৱেল; আৰু চি আই আইৰ সভাপতি শ্ৰী ৰাজীৱ মেমানীয়ে অংশগ্ৰহণ কৰে।হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 06th, 08:14 pm
হিন্দুস্তান টাইমছ সন্মিলনত ভাৰত আৰু বিদেশৰ ভালে কেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিছে। মই আয়োজকবৃন্দ আৰু মতামত আগবঢ়োৱা সকলো সতীৰ্থকে অভিনন্দন জনাইছো। শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, এয়া মই শুনিলো। প্ৰথমে তেওঁ কৈছে যে যোৱাবাৰ মোদী জীয়ে ভ্ৰমণ কৰোতে তেওঁ এই পৰামৰ্শ প্ৰদান কৰিছিল। এই দেশৰ কোনেও মিডিয়া হাউচক নিজৰ কাম কৰিবলৈ ক’বলৈ সাহস নকৰে। কিন্তু মই কৈছিলো আৰু মই সুখী যে শোভানা জী আৰু তেওঁৰ টীমটোৱে এই কামটো অতিশয় উৎসাহেৰে কৰিলে। আৰু মই ক্ষন্তেক পূৰ্বে প্ৰদৰ্শনীখন চালো, সেয়ে মই সকলোকে প্ৰদৰ্শনীখন চাবলৈ আহ্বান জনাইছো। এই ফটোগ্ৰাফাৰ বন্ধুসকলে এই মুহূৰ্তটোক এনেদৰে বন্দী কৰিছে যে মুহূৰ্ততো স্মৰণীয় হৈ উঠিছে। দ্বিতীয়তে তেওঁ কৈছিল আৰু মই মাত্ৰ কথাটো বুজিবলৈ চেষ্টা কৰিছো, তেওঁ ক'ব পাৰিলেহেঁতেন, আপুনি দেশৰ সেৱা কৰি যাওক। কিন্তু ইয়াৰ পৰিৱৰ্তে হিন্দুস্তান টাইমছে কৈছিল, আপুনি দেশৰ সেৱা কৰি যাওক। ইয়াৰ বাবেও মই মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে
December 06th, 08:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে। ইয়াত ভাষণ প্ৰদানেৰে তেওঁ এই সন্মিলনত ভাৰত আৰু বিদেশৰ ভালেসংখ্য বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে আয়োজক আৰু চিন্তাধাৰা ব্যক্ত কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, যি কথা তেওঁ মনোযোগেৰে শুনিছে। প্ৰথমটো আছিল তেওঁৰ পূৰ্বৰ ভ্ৰমণ সম্পৰ্কীয়। তেওঁ এটা পৰামৰ্শ প্ৰদান কৰিছিল। মিডিয়া হাউছৰ ক্ষেত্ৰত এয়া বিৰল যদিও তেওঁ পৰামৰ্শ দিছিল। শোভানা জী আৰু টীমটোৱে উৎসাহেৰে সম্পন্ন কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰদৰ্শনীখন দৰ্শনৰ সময়ত তেওঁ প্ৰত্য়ক্ষ কৰিছিল যে ফটোগ্ৰাফাৰসকলে এনেদৰে মুহূৰ্তসমূহ বন্দী কৰিছিল যে সেই মুহূৰ্তসমূহ স্মৰণীয় হৈ পৰিছিল আৰু তেওঁ সকলোকে এয়া চাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে শোভানা জীৰ দ্বিতীয়টো কথা সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কেৱল তেৱেঁই নহয়, বৰঞ্চ হিন্দুস্তান টাইমছেও একেদৰেই ৰাষ্ট্ৰক সেৱা কৰি যাব লাগে বুলি কোৱা বুলি ব্যাখ্যা কৰে, ইয়াৰ বাবে তেওঁ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।ভিডিঅ কনফাৰেন্সনিঙৰ জৰিয়তে হায়দৰাবাদৰ ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়াৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিযা ভাষণৰ অসমীয়া
November 26th, 10:10 am
মোৰ সময় অলপ কম আছে , কাৰণ মই সংসদত উপস্থিত হ’ব লাগিব; মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে এটা কাৰ্যসূচী আছে। সেয়ে দীঘলীয়াকৈ কথা নোকোৱাকৈয়ে ক্ষন্তেকতে কেইটামান কথা শ্বেয়াৰ কৰি মোৰ মন্তব্যৰ সামৰণি মাৰিম। আজিৰ পৰা ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুনকৈ এক গতি লাভ কৰিছে। ছাফ্ৰানৰ এই নতুন প্ৰকল্পই ভাৰতক বিশ্বব্যাপী এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই এম আৰ অ’ সুবিধাই উচ্চ প্ৰযুক্তিৰ মহাকাশ জগতখনত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব। শেহতীয়াকৈ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড আৰু মেনেজমেণ্টক লগ পাইছো, ইয়াৰ আগতেও লগ পাইছো। প্ৰতিটো আলোচনাতে ভাৰত সন্দৰ্ভত তেওঁলোকৰ আস্থা আৰু আশা দেখিছোঁ। মোৰ বিশ্বাস যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একে গতিৰে চলি থাকিব৷ আজি এই প্ৰকল্পৰ বাবে টিম ছাফ্ৰানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে
November 26th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জি এম আৰ এৰ’স্পেচ এণ্ড ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক-এছ ই জেডত অৱস্থিত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতৰ বিমান পৰিবহণ খণ্ডই আজিৰে পৰা এক নতুন উৰণ আৰম্ভ কৰিছে। ছাফ্ৰানৰ নতুন সুবিধাই ভাৰতক গোলকীয় ৰক্ষণাবেক্ষণ, মেৰামতি আৰু সম্পূৰ্ণভাৱে ৰূপান্তৰিত (এম আৰ অ’) কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।’ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই এম আৰ অ’ সুবিধাই উচ্চ-প্ৰযুক্তিৰ এৰ’স্পেচ খণ্ডত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিব। শ্ৰী মোদীয়ে স্মৰণ কৰে যে তেওঁ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড এণ্ড মেনেজমেণ্টক সাক্ষাৎ কৰিছিল আৰু উল্লেখ কৰিছিল যে ইয়াৰ পূৰ্বেও তেওঁলোকৰ সৈতে হোৱা প্ৰতিটো আলোচনাত তেওঁ ভাৰতৰ প্ৰতি তেওঁলোকৰ আস্থা আৰু আশা প্ৰত্যক্ষ কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একেই গতি অব্যাহত থাকিব। শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে এই নতুন সুবিধাৰ বাবে টিম ছাফ্ৰানক অভিনন্দন জ্ঞাপন কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 25th, 06:16 pm
ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভ, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী চিৰাগ পাছোৱান, ৰৱনীত জী, প্ৰতাপৰাও যাধৱ জী, বিভিন্ন দেশৰ সকলো মন্ত্ৰী, অন্যান্য প্ৰতিনিধি, অতিথি, ভদ্ৰমহিলাসকল !বিশ্ব খাদ্য ভাৰত ২০২৫ ৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক, উদ্যোগী, বিনিয়োগকাৰী, উদ্ভাৱক, আৰু গ্ৰাহক সকলোৱে একেলগে একেস্থানত উপস্থিত হৈ বিশ্ব খাদ্য ভাৰতক নতুন যোগাযোগ, নতুন সংযোগ, আৰু সৃষ্টিশীলতাৰ মঞ্চ কৰি তুলিছে। তেওঁ কয় যে তেওঁ অলপ আগতে প্ৰদৰ্শনীসমূহ ভ্ৰমণ কৰিছে । তেওঁ সেয়া দৰ্শন কৰি সুখ প্ৰকাশ কৰে যে তাত প্ৰাথমিক গুৰুত্ব পুষ্টি, তেলৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু পেকেটত ভৰোৱা সামগ্ৰীৰ স্বাস্থ্যসন্মততা বৃদ্ধি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 04th, 05:35 pm
আমাৰ পৰম্পৰাত শিক্ষকৰ প্ৰতি স্বাভাৱিকভাবেই সন্মান আছে আৰু তেওঁলোক সমাজৰ এক বৃহৎ শক্তিও। শিক্ষকসকলক আশীৰ্বাদ লাভৰ বাবে থিয় হ’ব লৈ দিয়াটো ভুল হ’ব। মই এনে পাপ কৰিব নিবিচাৰো। কিন্তু আপোনালোকৰ সৈতে বাৰ্তালাপ কৰিব পাৰে মই নিশ্চয়কৈ ভাল পাম। মোৰ বাবে আপোনালোক সকলোকে লগ পোৱাটো এক সুন্দৰ অভিজ্ঞতা হৈ ৰ’ব। আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ কাহিনী থাকিব লাগিব, কাৰণ ইয়াৰ অবিহনে আপোনালোকে এই পৰ্যায়ত উপনীত নহ’লহেঁতেন। সেই সকলোবোৰ কাহিনী জানিবলৈ যথেষ্ট সময় পোৱাটো কঠিন, কিন্তু আপোনালোকৰ পৰা যিখিনি শিকিব পাৰিলোঁ সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক আৰু তাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিকতাৰে অভিনন্দন জনাইছো। ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো নিজৰ বাবেই শেষ কথা নহয়। এতিয়া এই বঁটা লাভৰ পিছতে সকলোৰে দৃষ্টি আপোনালোকৰ ওপৰতে নিবদ্ধ থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰসাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। আগতে আপোনালোকৰ প্ৰভাৱ বা আদেশৰ ক্ষেত্ৰখন সীমিত আছিল যদিও এতিয়া এই স্বীকৃতিৰ পিছত ই বহু পৰিমাণে বিশাল হৈ পৰিল। । মোৰ বিশ্বাস এয়াই আৰম্ভণি, আৰু এই সুযোগটো গ্ৰহণ কৰিব লাগিব। আপোনালোকৰ ভিতৰত যি আছে, যিমান পাৰে সেয়া ভাগ-বতৰা কৰা উচিত। তেনে কৰাৰ লগে লগে আপোনালোকৰ সন্তুষ্টিৰ ভাব বাঢ়িব আৰু সেই দিশত আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগে। এই বঁটাৰ বাবে আপোনালোকক নিৰ্বাচন কৰাটো আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু অহৰহ নিষ্ঠাৰ সাক্ষ্য। তাৰ বাবেইহে এয়া সম্ভৱ হৈছে। এজন শিক্ষকে কেৱল বৰ্তমানেই নহয়, দেশ খনৰ ভৱিষ্যত প্ৰজন্মকো গঢ় দিয়ে, ভৱিষ্যতক উজ্জ্বল কৰে আৰু মই বিশ্বাস কৰোঁ যে এয়া আন যিকোনো কামতকৈ কম নহয়। আজি আপোনালোকৰ দৰে কোটি কোটি শিক্ষকে একে ভক্তি, আন্তৰিকতা, নিষ্ঠাৰে দেশৰ সেৱাত নিয়োজিত হৈ আছে। সকলোৱে ইয়ালৈ অহাৰ সুযোগ নাপায়। হয়তো বহুতে চেষ্টাও কৰা নাছিল, বা কিছুমানে লক্ষ্যও স্থিৰ কৰা নাছিল। এনে সামৰ্থ্য থকা মানুহ অগণন। তেওঁলোকৰ সকলোৰে সামূহিক প্ৰচেষ্টাই দেশ খনৰ অগ্ৰগতি অব্যাহত থকাটো নিশ্চিত কৰে, নতুন প্ৰজন্মক লালন-পালন কৰে, যিসকলে দেশৰ বাবে জীয়াই থাকে আৰু তাত সকলোৰে অৱদান আছে।ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
September 04th, 05:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলক সম্বোধন কৰে । শ্ৰী মোদীয়ে ভাৰতীয় সমাজে শিক্ষকসকলৰ প্ৰতি থকা স্বাভাৱিক সন্মানক প্ৰশংসা কৰি তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণৰ এক শক্তিশালী শক্তি বুলি অভিহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে শিক্ষকসকলক সন্মান জনোৱাটো কেৱল এটা অনুষ্ঠানেই নহয়, বৰঞ্চ এয়া তেওঁলোকৰ আজীৱন নিষ্ঠা আৰু প্ৰভাৱৰ স্বীকৃতি।ইউইআৰ-II আৰু দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 17th, 12:45 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী নীতিন গাডকাৰী জি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় ছাক্সেনাজী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী অজয় তামতাজী, হৰ্ষ মালহোত্ৰা জী, দিল্লী আৰু হাৰিয়ানাৰ সাংসদ, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল,১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 17th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে স্থানৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য কৰি কয় যে এক্সপ্ৰেছৱেৰ নাম “দ্বাৰকা,” আৰু কাৰ্যসূচী “ৰোহিনী”ত অনুষ্ঠিত হৈছে। জন্মাষ্টমীৰ উৎসৱমুখৰ পৰিৱেশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই দ্বাৰকাধীশ দেশৰ বুলি কাকতলীয়া কথাটো উনুকিয়ায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সমগ্ৰ পৰিৱেশটো ভগৱান শ্ৰীকৃষ্ণৰ সত্তাৰে গভীৰভাৱে সংপৃক্ত হৈছে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
June 02nd, 05:34 pm
আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনত ভাগ ল’বলৈ ভাৰতলৈ অহা সকলো অতিথিকে আদৰণি জনাইছোঁ। আপোনাসৱক ইয়াত লগ পাই সন্তোষ লভিছোঁ। চাৰি দশকৰ অন্তত ভাৰতত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এই চাৰিটা দশকত ভাৰতত একাধিক পৰিৱৰ্তন সাধন হৈছে। আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসেৰে ভৰি পৰিছে। আমি কেৱল বিশ্ব বিমান পৰিবহণ ব্যৱস্থাৰ এক বিশাল বজাৰেই নহয়, বৰঞ্চ নীতি নেতৃত্ব, উদ্ভাৱন আৰু অন্তৰ্ভুক্ত উন্নয়নৰ প্ৰতীকো। আজি ভাৰতে বিশ্ব মহাকাশ-বিমান পৰিবহণৰ সমন্বয়ৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা দশকত ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ ঐতিহাসিক উত্থান সম্পৰ্কে আপোনালোক সকলো জ্ঞাত।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে
June 02nd, 05:00 pm
বিশ্ব-মানৰ বিমান আন্তঃগাঁথনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ প্ৰতি থকা দায়বদ্ধতাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়ালৈ অতিথিসকলক আদৰণি জনাই চাৰি দশকৰ পিছত ভাৰতত অনুষ্ঠিত এই কাৰ্য্যসূচীৰ তাৎপৰ্য্যত আলোকপাত কৰে। তেখেতে এই সময়ছোৱাত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাত গুৰুত্ব আৰোপেৰে কয় যে আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসী হৈ উঠিছে। তেখেতে বিশ্ব বিমান পৰিবহণ ব্যৱস্থাত ভাৰতৰ ভূমিকাত আলোকপাত কৰে, যি কেৱল এখন বিশাল বজাৰ হিচাপেই নহয়, বৰঞ্চ নীতিগত নেতৃত্ব, উদ্ভাৱন আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতীক হিচাপেও পৰিগণিত হৈছে। “আজি ভাৰতে গ্ল’বেল স্পেচ-এভিয়েচন কনভাৰ্জেন্সত অগ্ৰণী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে বিগত দশকত অসামৰিক বিমান পৰিবহণ খণ্ডত ঐতিহাসিক অগ্ৰগতি প্ৰত্যক্ষ হৈছে, ই স্বীকৃতিও লাভ কৰিছে।টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 28th, 08:00 pm
শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে
March 28th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।PM to distribute over 65 lakh property cards to property owners under SVAMITVA Scheme on 18th January
January 16th, 08:44 pm
Prime Minister Shri Narendra Modi will distribute over 65 lakh property cards under SVAMITVA Scheme to property owners in over 50000 villages in more than 230 districts across 10 States and 2 Union territories on 18th January at around 12:30 PM through video conferencing.PM to distribute over 50 lakh property cards to property owners under SVAMITVA Scheme
December 26th, 04:50 pm
Prime Minister Shri Narendra Modi will distribute over 50 lakh property cards under SVAMITVA Scheme to property owners in over 46,000 villages in 200 districts across 10 States and 2 Union territories on 27th December at around 12:30 PM through video conferencing.INDI alliance has ruined both industry and agriculture in Punjab: PM Modi in Hoshiarpur, Punjab
May 30th, 11:53 am
Prime Minister Narendra Modi concluded his 2024 election campaign with a spirited public rally in Hoshiarpur, Punjab, paying homage to the sacred land of Guru Ravidas Ji and emphasizing his government's commitment to development and heritage preservation.PM Modi addresses a public meeting in Hoshiarpur, Punjab
May 30th, 11:14 am
Prime Minister Narendra Modi concluded his 2024 election campaign with a spirited public rally in Hoshiarpur, Punjab, paying homage to the sacred land of Guru Ravidas Ji and emphasizing his government's commitment to development and heritage preservation.