জাপান-ভাৰত ব্যৱসায়িক সহযোগিতা সমিতিৰ প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে
March 05th, 07:52 pm
জাপান-ভাৰত ব্যৱসায়িক সহযোগিতা সমিতি (জেআইবিচিচি)ৰ ১৭ জনীয়া প্ৰতিনিধি দলে নিজৰ অধ্যক্ষ শ্ৰী তাটছুও ইয়াছুনাগাৰ নেতৃত্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোত মেনুফেকচাৰিং, বেংকিং, এয়াৰলাইন্স, ফাৰ্মা ছেক্টৰ, প্লাণ্ট ইঞ্জিনিয়াৰিং আৰু লজিষ্টিকছৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ আগশাৰীৰ জাপানী কৰ্পৰেট হাউছৰ জ্যেষ্ঠ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত আছিল।প্ৰধানমন্ত্ৰীয়ে টাটছুও ইয়াছুনাগা নেতৃত্বাধীন জাপানৰ ব্যৱসায়িক প্ৰতিনিধি দলক সাক্ষাৎ কৰে
March 05th, 07:47 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টাটছুও ইয়াছুনাগাৰ নেতৃত্বত জাপানৰ ব্যৱসায়িক প্ৰতিনিধি দল এটাক সাক্ষাৎ কৰে। তেওঁ মন্তব্য কৰে যে ভাৰতত তেওঁলোকৰ সম্প্ৰসাৰণ পৰিকল্পনা আৰু ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ৰ প্ৰতি অটল দায়বদ্ধতাই তেওঁক উৎসাহিত কৰিছে।