ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
May 23rd, 11:15 am
এই মাইলৰ খুঁটিত উপনীত হ’বলৈ আপোনালোকে নিশ্চয় বিস্তৃত প্ৰস্তুতি চলাইছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল। এই সাফল্যৰ বাবে আপোনালোক আৰু আপোনালোকৰ পৰিয়াল উভয়কে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক এই পৰ্যায়ত উপনীত কৰোৱাত আপোনালোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৱদান কোনো কাৰণতে তুচ্ছ নহয়। কিন্তু—আৰু এয়া এটা গুৰুত্বপূৰ্ণ কথা—পৰিয়ালে যেনেকৈ অৰিহণা যোগায়, সমাজেও আমাক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰাত বিশেষ ভূমিকা পালন কৰে। আমি কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই সফল নহয়, কেৱল পৰিয়ালৰ বাবেও নহয়। এইক্ষেত্ৰত এই বিশাল দেশৰ ১৪ কোটি নাগৰিকৰ অৱদানৰ গুৰুত্বও অপৰিসীম। গতিকে আমি কেৱল নিজৰ লগতে পৰিয়ালৰ প্ৰতিয়েই , নহয় সমগ্ৰ সমাজৰ প্ৰতিও সমানে দায়িত্ব পালন কৰোঁ। এই সকলো দায়িত্ব পালনৰ বাবে আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰি যাব বুলি মোৰ বিশ্বাস। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
May 23rd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ১৯ সংখ্যক ৰোজগাৰ মেলা উপলক্ষ্যে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক-যুৱতীক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষ্যে ভাষণ দি তেওঁ এই এই দিনটোক সমগ্ৰ দেশৰ হাজাৰ হাজাৰ যুৱকৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। চৰকাৰী সেৱাত নতুনকৈ প্ৰৱেশ কৰাসকলক আদৰণি জনাই তেওঁ ৰে’লৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ উন্নয়নত তেওঁলোকে আগবঢ়াবলগীয়া অৱদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘আগন্তুক বছৰবোৰত আপোনালোক সকলোৱেই বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।অৰ্ধপৰিবাহী নিৰ্মাণৰ বাবে এ এছ এম এল আৰু টাটা ইলেক্ট্ৰনিকছৰ মাজত হোৱা চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ সাক্ষী হৈ ৰ'ল প্ৰধানমন্ত্ৰী মোদী
May 16th, 10:30 pm
আজি গুজৰাটৰ ঢোলেৰাত অৰ্ধপৰিবাহী ফেব নিৰ্মাণক সমৰ্থন জনাবলৈ টাটা ইলেক্ট্ৰনিক্স আৰু এ এছ এম এলৰ মাজত হোৱা চুক্তি স্বাক্ষৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমান ৰব জেটেন উপস্থিত থাকে ।নেদাৰলেণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
May 16th, 10:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমান ৰব জেটেনে আজি শক্তি, বন্দৰ, স্বাস্থ্য, কৃষি বাণিজ্য আৰু প্ৰযুক্তি আদি বিভিন্ন খণ্ডৰ আগশাৰীৰ ডাচ কোম্পানীসমূহৰ বিশিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ব্যৱসায়িক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে তিনিটা ক্লাষ্টাৰৰ বিষয়ে উপস্থাপন আগবঢ়ায় : অৰ্ধপৰিবাহী, প্ৰযুক্তি আৰু উদ্ভাৱন; আন্তঃগাঁথনি, লজিষ্টিক আৰু সামুদ্ৰিক; তথা বহনক্ষমতা, শক্তি আৰু কৃষি। এই বাঠকতে ভাৰতৰ বাবে তেওঁলোকৰ কৌশলৰ ৰূপৰেখাও দাঙি ধৰিছে।