ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অসমৰ কোকৰাঝাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
March 13th, 03:00 pm
বেয়া বতৰৰ বাবে মই ব্যক্তিগতভাৱে কোকৰাঝাৰলৈ যাব পৰা নাই। আপোনালোক সকলোৰে ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। ঠিক ইয়াৰ পৰাই, গুৱাহাটীত আপোনালোকৰ লগত মত বিনিময় কৰাটো সম্ভৱ হৈ উঠিছে; আপোনালোকৰ ওচৰলৈ অহাৰ মানসেৰে দিল্লীৰ পৰা ৰাওনা হৈছিলোঁ যদিও গুৱাহাটীতে নামিব লগা হ’ল৷ এতিয়া গুৱাহাটীৰ পৰা আপোনালোক সকলোৰে খবৰ পোৱাৰ লগতে আপোনালোকৰ লগত কথা পাতিবলৈও সক্ষম হৈছো। এই কাৰ্যসূচীৰ সৈতে জড়িত অসমৰ মুখ্যমন্ত্ৰী , মোৰ ভাই হিমন্ত বিশ্ব শৰ্মাজী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী সৰ্বানন্দ সোণোৱাল জী; বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী; আমাৰ লগত উপস্থিত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য জী; অসম চৰকাৰৰ মন্ত্ৰীসকল; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; বিটিচিৰ সকলো প্ৰতিনিধি; সমাজৰ সকলো বয়োজ্যেষ্ঠ আৰু বিশিষ্ট সদস্য; আৰু মোৰ মৰমৰ ভাই-ভনীসকল!অসমৰ কোকৰাঝাৰত ৪,৫৭০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 13th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সযোগে অসমৰ কোকৰাঝাৰত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিকূল বতৰৰ বাবে তেওঁ সো-শৰীৰে কোকৰাঝাৰ ভ্ৰমণ কৰিব নোৱাৰিলে, সেইবাবে তেওঁ সভাত সমবেত লোকসকলৰ ওচৰত ক্ষমা বিচাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ গুৱাহাটীৰ পৰা সভাত সমবেত লোকসকলৰ সৈতে সংযুক্ত হৈছে। শ্ৰী মোদীয়ে কয় যে তেওঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ৰূপনাথ ব্ৰহ্মৰ দৰে দেশৰ মহান ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ তেওঁৰ বাবে এক ঋণস্বৰূপ, আৰু তেওঁ নিষ্ঠা আৰু আঞ্চলিক উন্নয়নৰ জৰিয়তে সেই ঋণ পৰিশোধ কৰিব বিচাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সেৱা আৰু অঞ্চলটোৰ উন্নয়নৰ জৰিয়তে আপোনালোকৰ এই ঋণ পৰিশোধ কৰাৰ বাবে মই প্ৰয়াস কৰিছো।গুৱাহাটীত পৰম্পৰাগত বড়ো সাংস্কৃতিক কাৰ্যসূচী 'বাগুৰুম্বা দহৌ'ৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 17th, 06:30 pm
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য জী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, পবিত্ৰ মাৰ্ঘেৰিটা জী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী জী, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সন্মানীয় নাগৰিক আৰু অসমৰ মোৰ ভাই-ভনীসকল।অসমৰ গুৱাহাটীত বাগুৰুম্বা দহৌ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 17th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান 'বাগুৰুম্বা দহৌ ২০২৬' অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ সংস্কৃতিৰ সাক্ষী হোৱা আৰু বড়ো জনগোষ্ঠীৰ পৰম্পৰা নিবিড়ভাৱে অনুসৰণ কৰাটো তেওঁৰ বাবে এক সৌভাগ্যৰ বিষয়। কোনো প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দৰে সঘনাই অসম ভ্ৰমণ কৰা নাই বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে অসমৰ কলা-সংস্কৃতিয়ে যাতে বৃহত্তৰ মঞ্চ লাভ কৰে আৰু দেশ তথা বিশ্বজুৰি ব্যাপক উদযাপনৰ জৰিয়তে স্বীকৃতি লাভ কৰে, তাৰ বাবে তেওঁ সদায় কামনা কৰে বুলি কয়। বৃহৎ পৰিসৰত বিহু উদযাপন, ঝুমুইৰ বিনন্দিনী অনুষ্ঠান, নতুন দিল্লীত ডেৰ বছৰৰ পূৰ্বে অনুষ্ঠিত ভব্য বড়ো মহোৎসৱ আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ এই দিশত ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত আছে বুলি কয়। অসমৰ কলা-সংস্কৃতিৰ অনন্য আনন্দ উপভোগ কৰাৰ সুযোগ তেওঁ কেতিয়াও এৰি নিদিয়ে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বড়োসকলৰ পৰিচয়ৰ এক উজ্জ্বল উদযাপন আৰু অসমৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বাগুৰুম্বা উৎসৱৰ আয়োজন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানৰ সৈতে জড়িত সকলোকে, বিশেষকৈ শিল্পীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।Double engine BJP govt has given double benefits to Assam: PM Modi in Tamulpur
April 03rd, 11:01 am
Addressing his last rally in Assam’s Tamulpur ahead of last phase of assembly elections in the state, PM Modi said, “The 'Mahajhooth' of 'Mahajot' has been disclosed. On the basis of my political experience and audience love, I can say that people have decided to form NDA government in Assam. They can't bear those who insult Assam's identity and propagate violence.”PM Modi addresses public meeting at Tamulpur, Assam
April 03rd, 11:00 am
Addressing his last rally in Assam’s Tamulpur ahead of last phase of assembly elections in the state, PM Modi said, “The 'Mahajhooth' of 'Mahajot' has been disclosed. On the basis of my political experience and audience love, I can say that people have decided to form NDA government in Assam. They can't bear those who insult Assam's identity and propagate violence.”