ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
April 18th, 08:45 pm
আজি মই এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত দেশবাসীক সম্বোধন কৰিবলৈ আহিছো— বিশেষকৈ আমাৰ দেশৰ মাতৃ, ভগ্নী, কন্যাৰ সৈতে কথা পাতিবলৈ আহিছো! আজি ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে প্ৰত্যক্ষ কৰিছে ভাৰতৰ ‘নাৰী শক্তি’ কিদৰে জাগ্ৰত হৈছে। কিন্তু তেওঁলোকৰ সপোনবোৰ নিৰ্দয়ভাৱে থেতেলিয়াই পেলোৱা হৈছে। আমাৰ সৰ্বোচ্চ প্ৰচেষ্টা সত্ত্বেও আমি সফল নহ’লোঁ; 'নাৰী শক্তি বন্দন অধিনিয়ম'ৰ সংশোধনী গৃহীত কৰাব নোৱাৰিলে! আৰু ইয়াৰ বাবে দেশৰ সকলো মাতৃ-ভগ্নীলৈ আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 18th, 08:30 pm
ভাৰতৰ মাতৃ, ভগ্নী, কন্যাক লৈ এটা গুৰুত্বপূৰ্ণ বিষয়ত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নাৰীৰ প্ৰগতিৰ স্থৱিৰতাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে চৰকাৰৰ আন্তৰিক প্ৰচেষ্টা সত্ত্বেও নাৰী শক্তি বন্দন অধিনিয়ম সংশোধনী গৃহীত নহ’ল, যাৰ ফলত মহিলাসকলৰ বৈধ সপোন সম্পূৰ্ণৰূপে মোহাৰি পেলোৱা হল। শ্ৰী মোদীয়ে কয় যে এই দুৰ্ভাগ্যজনক ফলাফলৰ বাবে দেশৰ সকলো মাতৃ-ভগ্নীৰ ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 14th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি পুথাণ্ডুৰ উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে।মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
February 08th, 08:35 am
পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ উপলক্ষে ভাৰত-মালয়েছিয়াৰ যুটীয়া বিবৃতি
February 08th, 08:30 am
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাটো’ ছেৰী আনৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ মালয়েছিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত গভীৰ বন্ধুত্ব আৰু স্থায়ী জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ই ভাৰত-মালয়েছিয়াৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে
February 07th, 03:59 pm
সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
February 07th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।Prime Minister condoles the demise of Thiru D. Gnanasundaram Ji
January 26th, 09:48 pm
The Prime Minister, Narendra Modi, has expressed deep grief over the demise of D. Gnanasundaram.নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 14th, 11:00 am
আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে। তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। ময়ো তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা। তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। মই ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনালো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
January 14th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। তামিল ভাষাতে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে “আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে” বুলি উল্লেখেৰে কয় যে তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। তেওঁ আৰু কয় যে তেৱোঁ তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলি শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। তেওঁ ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনায়।এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী
December 28th, 11:30 am
‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে ২০৪৭ চনত এখন উন্নত ভাৰতৰ পথ প্ৰশস্ত হ'ব: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
July 27th, 11:30 am
'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ হৃদয়ত সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে। মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ নেতাসকলেৰে মিলিত হয় প্ৰধানমন্ত্ৰী
April 05th, 10:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোত শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ নেতাসকলক সাক্ষাৎ কৰে। বৈঠকত তেওঁ সন্মানীয় তামিল নেতা থিৰু আৰ সম্পান্থন আৰু থিৰু মাভাই সেনাথিৰাজাহৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে।Subramania Bharati Ji was ahead of his time: PM Modi
December 11th, 02:00 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.PM Modi releases compendium of complete works of great Tamil poet Subramania Bharati
December 11th, 01:30 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুব্ৰমনিয়া ভাৰতীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
December 11th, 10:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কবি তথা লেখক সুব্ৰমনিয়া ভাৰতীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।PM to release the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati on 11 December 2024
December 10th, 05:12 pm
Prime Minister Shri Narendra Modi will release the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati on 11th December, at around 1 PM, at 7 Lok Kalyan Marg, New Delhi.ভাৰতৰ নাগপত্তনম আৰু শ্ৰীলংকাৰ কংকেচন্থুৰাইৰ মাজত ফেৰী সেৱাৰ শুভাৰম্ভেৰে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
October 14th, 08:15 am
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত আপোনালোকৰ সৈতে মিলিত হোৱাটো সৌভাগ্যৰ কথা। ভাৰত আৰু শ্ৰীলংকাৰ কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্কত আমি এক নতুন অধ্যায় আৰম্ভ কৰিছোঁ। নাগপত্তনম আৰু কংকেচন্থুৰাইৰ মাজত ফেৰী সেৱাৰ শুভাৰম্ভণি, আমাৰ সম্পৰ্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।PM addresses launch of ferry services between Nagapattinam, India and Kankesanthurai, Sri Lanka
October 14th, 08:05 am
Addressing the launch of ferry services between Nagapattinam, India and Kankesanthurai, Sri Lanka PM Modi said that India and Sri Lanka share a deep history of culture, commerce and civilization. Nagapattinam and towns near-by have long been known for sea trade with many countries, including Sri Lanka.শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ অনুবাদ
July 21st, 12:13 pm
মই ৰাষ্ট্ৰপতি বিক্ৰমসিংঘে আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ উষ্ম আদৰণি জনাইছোঁ। আজি ৰাষ্ট্ৰপতি বিক্ৰমসিংঘে তেওঁৰ কাৰ্যকালৰ এবছৰ সম্পূৰ্ণ কৰাৰ বাবে সকলোৰে হৈ তেওঁক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। যোৱা এবছৰ শ্ৰীলংকাৰ জনসাধাৰণে নানা সমস্যাৰ সন্মুখীন হৈছে। ঘনিষ্ঠ বন্ধু হিচাপে সকলো সময়ৰ দৰে, আমি এই সংকটৰ সময়তো শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছোঁ। আৰু এই প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ সাহসেৰে সন্মুখীন হোৱা বাবে মই শ্ৰীলংকাৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জনাইছোঁ।