মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

March 29th, 11:30 am

চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

এন এক্স টি সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 10:47 pm

আজি, ১২ মাৰ্চ, এক অতি ঐতিহাসিক দিন। ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পৰিৱৰ্তন আছিল কাৰণ এই যাত্ৰাই দেশৰ প্ৰতিটো কোণক এটা লক্ষ্যৰ সৈতে সংযোগ কৰিছিলঃ ভাৰতৰ স্বাধীনতা। আজি, এই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পাছত, আমি ভাৰতীয়সকলে আন এক যাত্ৰা আৰম্ভ কৰিছো। এই যাত্ৰা হৈছে উন্নত ভাৰতৰ (বিকশিত ভাৰত) যাত্ৰা। আমাৰ লক্ষ্য এটা, আমাৰ গন্তব্য এক-উন্নত ভাৰত। আৰু এই লক্ষ্য প্ৰাপ্ত কৰাত, এনে শিখৰত হোৱা মন্থন আৰু সেইবোৰৰ পৰা আহৰণ কৰা অমৃতে এক ডাঙৰ ভূমিকা পালন কৰে। নেক্সট সন্মিলনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ। দেশ আৰু বিশ্বৰ পৰা বহুতো সহকৰ্মী ইয়ালৈ আহিছে; কিছুমান পুৰণি পৰিচিতও। আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছো।

এন এক্স টি সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

March 12th, 08:30 pm

প্ৰধানমন্ত্ৰীয়ে আজি আই টিভি নেটৱৰ্কৰ এন এক্স টি সন্মিলনত ভাষণ দাণ্ডি যাত্ৰাৰ ঐতিহাসিক বাৰ্ষিকী উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ অন্বেষণৰ মাজত এখন সমান্তৰাল চিত্ৰ দাঙি ধৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ১৯৩০ চনত দেশখনক স্বাধীনতাৰ দিশত একত্ৰিত কৰাৰ দৰে বৰ্তমানৰ ‘বিকশিত ভাৰত’ অভিযান হৈছে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক লক্ষ্য। ‘আজি সেই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পিছত আমি ভাৰতীয়সকলে পুনৰ এবাৰ ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ বাবে এক নতুন যাত্ৰা আৰম্ভ কৰিছো’, প্ৰধানমন্ত্ৰীয়ে কয়।

সংকল্প, ধৈৰ্য আৰু আত্মবিশ্বাসৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

March 09th, 09:33 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে টি-২০ক্ৰিকেট বিশ্বকাপ জয় কৰি ভাৰতীয় দলটোৱে দেখুৱাইছে যে সংকল্প, ধৈৰ্য আৰু আত্মবিশ্বাসৰ সংমিশ্ৰণ হৈছে জীৱনৰ সফলতাৰ মূল চাবিকাঠি। তেওঁ উল্লেখ কৰে যে এই জয়ে এইটোও দেখুৱাইছে যে সঠিক দিশত কঠোৰ পৰিশ্ৰম কৰিলে প্ৰতিটো লক্ষ্যত উপনীত হ’ব পাৰি।

আইচিচি পুৰুষ টি-২০ বিশ্বকাপ জয় কৰা টীম ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

March 08th, 11:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেট টীমক আইচিচি পুৰুষ টি-২০ বিশ্বকাপ জয়ৰ বাবে অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয় যে এই উল্লেখযোগ্য জয়ে অসামান্য দক্ষতা, দৃঢ়তা আৰু টীমৱৰ্কৰ প্ৰতিফলন ঘটাইছে। তেওঁ উল্লেখ কৰে যে টীমটোৱে প্ৰতিযোগিতাখনত অসাধাৰণ ধৈৰ্য্য প্ৰদৰ্শন কৰিছে।

ভাৰত-কানাডা চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

March 02nd, 02:30 pm

দুয়োখন দেশৰ ব্যৱসায়িক নেতা, ভদ্ৰলোক-ভদ্ৰমহিলা আৰু সন্মানীয় প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীক শুভেচ্ছা জনাইছো!

প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’-ত এআই-ৰ সাফল্যসমূহৰ পৰা টি-২০ বিশ্বকাপলৈকে ভাৰতৰ উত্থানৰ কথা উল্লেখ কৰে

February 22nd, 11:30 am

চলিত মাহৰ ‘মন কী বাত’-ত দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়া এ আই ইমপেক্ট ছামিট’-ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কয়। ভাৰতীয় মূলৰ ক্ৰিকেটাৰ, অংগদান, নদী উৎসৱ, ডিজিটেল নিৰাপত্তা, ‘পৰীক্ষ পে’ চৰ্চা’ আদি বহু গুৰুত্বপূৰ্ণ বিষয় তেওঁ স্পৰ্শ কৰে। তেওঁ আলোকপাত কৰে যে অহা ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ‘ৰাজাজী উৎসৱ’ উদযাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰী শক্তিৰ সৈতে গভীৰ সম্পৰ্ক ৰখাৰ কথা উল্লেখ কৰি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা জীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে।

দৃষ্টিহীন মহিলা টি-২০বিশ্বকাপ চেম্পিয়নৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ মূল পাঠ

November 28th, 10:15 am

এই গান গাই বুলি আপুনি কেনেকৈ জানিলে

ভাৰতীয় দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ চেম্পিয়নৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়

November 28th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত ভাৰতীয় দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ চেম্পিয়নৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ সংকল্পক স্বীকাৰ কৰি আত্মবিশ্বাসেৰে তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিবলৈ তেওঁলোকক উৎসাহিত কৰে। তেওঁ কয় যে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আগবাঢ়ি যোৱা লোকসকলে কেৱল ক্ৰীড়াক্ষেত্ৰতেই নহয়, জীৱনতো কেতিয়াও বিফল নহয়। তেওঁ উল্লেখ কৰে যে খেলুৱৈসকলে তেওঁলোকৰ নিজৰ পৰিচয় গঢ় দিছিল, যিয়ে তেওঁলোকৰ আত্মবিশ্বাস অধিক শক্তিশালী কৰিছিল।

India's journey over the past decade has been one of scale, speed and sustainability: PM Modi in Guyana

November 22nd, 03:02 am

PM Modi addressed the Indian community in Georgetown, Guyana, thanking President Dr. Irfaan Ali for the warm welcome and hospitality. He highlighted planting a tree as part of the Ek Ped Maa ke Naam initiative and received Guyana's highest national honor, dedicating it to 1.4 billion Indians and the Indo-Guyanese community. Reflecting on his earlier visit, he praised the enduring bond between India and Guyana.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে

November 22nd, 03:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।

ৰাছিয়াত ভাৰতীয় সমূদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 09th, 11:35 am

আপোনালোকৰ মৰম, আপোনালোকৰ স্নেহৰ বাবে, আপানোলেকে ইয়ালৈ আহিবলৈ সময় উলিওৱাৰ বাবে, মই আপোনালোকৰ ওচৰত অতিশয় কৃতজ্ঞ। মই অকলে অহা নাই। লগত বহুত লৈ আহিছো। মই লগত লৈ আহিছো ভাৰতৰ মাটিৰ সুগন্ধি। মোৰ লগত লৈ আহিছো ১৪০ কোটি দেশবাসীৰ মৰম। মই তেওঁলোকৰ শুভেচ্ছা আপোনালোকৰ বাবে লৈ আহিছো আৰু তৃতীয়বাৰৰ বাবে চৰকাৰলৈ অহাৰ পিছত প্ৰবাসী ভাৰতীয়ৰ সৈতে মস্কোত মোৰ প্ৰথম মত বিনিময় অতি সুখকৰ।

প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ভাৰতীয় সমাজক সম্বোধন কৰে

July 09th, 11:30 am

আজি মস্কোত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ভাৰতীয় সমাজখনৰ সৈতে মত-বিনিময় কৰে। ইয়াত তেখেতক বিশেষ সৌহাদ্য আৰু মৰমেৰে আদৰণি জনায় এই সমাজৰ লোকসকলে।

বিশ্ব টি২০ জয়ী ভাৰতীয় ক্ৰিকেট দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ পূৰ্ণপাঠ

July 05th, 04:00 pm

প্ৰধানমন্ত্ৰীঃবন্ধুসকল! আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আমাৰ বাবে আনন্দৰ বিষয় এয়ে যে আপোনালোকে দেশখনক উৎসাহ আৰু উদযাপনেৰে ভৰাই তুলিছে। আৰু, দেশবাসীৰ সকলো আশা-কামনাক আপোনাসৱেপূৰণ কৰিছে। মোৰফালৰপৰা আপোনালোকক অলেখ অভিনন্দন জনালোঁ। সাধাৰণতে মই কাৰ্য্যালয়ত গভীৰ নিশা কাম কৰোঁ। কিন্তু,সিদিনা টিভিটো অন কৰি ফাইল এটাওচাই আছিলোঁ যদিওফাইলটোত মনোনিৱেশ কৰিব পৰা নাছিলোঁ। সেইদিনা আপোনালোকে দলীয় মনোভাৱক উজ্জ্বল কৰি তুলিছিল, আপোনালোকৰ প্ৰতিভা আৰু ধৈৰ্য্য দেখা পাইছিলোঁ। মই দেখিবলৈ পাইছিলোঁ,আপোনালোকে ধৈৰ্য্য ধৰিছিল, কোনো খৰখেদা নাই। আপোনালোক গভীৰ আত্মবিশ্বাসেৰে ভৰি আছিল, মোৰ ফালৰপৰা আপোনালোকক অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে ২০২৪ বৰ্ষৰ আইচিচি টি-২০ বিশ্বকাপ বিজয়ী দলক অভ্যৰ্থনা জনায়

July 04th, 02:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসগৃহত আইচিচি টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোক অভ্যৰ্থনা জনায়।

ক্ৰিকেটলৈ আগবঢ়ৱা অৱদানৰ বাবে ৰবীন্দ্ৰ জাদেজাক প্ৰধানমন্ত্ৰীৰ ভূয়সী প্ৰশংসা

June 30th, 07:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাক বিগত বছৰসমূহত খেলবিধৰ বিভিন্ন বিভাগত কৰা প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।

ভাৰতীয় ক্ৰিকেট দলক টি-২০ বিশ্বকাপ জয় কৰাৰ বাবে ফোনযোগে অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

June 30th, 02:06 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক টেলিফোনিক বাৰ্তালাপত ভাৰতীয় পুৰুষ ক্ৰিকেট দলক আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিযোগিতাখনত দলৰ সদস্যসকলে প্ৰদৰ্শন কৰা অনবদ্য দক্ষতা আৰু শক্তিশালী মনোভাৱৰ শলাগ লয়।

প্ৰধানমন্ত্ৰীয়ে টি20 বিশ্বকাপ জয় কৰাত ভাৰতীয় ক্ৰিকেট টীমক অভিনন্দন জনায়

June 29th, 11:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টি20 বিশ্বকাপ জয় কৰাত ভাৰতীয় ক্ৰিকেট টীমক অভিনন্দন জনায়।

বিশ্ব কাপৰ মেচত জয়ৰ বাবে টীম ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

November 12th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব কাপত নেদাৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিছে।

অন্ধ টি-২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

December 17th, 08:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ টি-২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছে।