বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

June 10th, 11:50 pm

প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

May 23rd, 11:15 am

এই মাইলৰ খুঁটিত উপনীত হ’বলৈ আপোনালোকে নিশ্চয় বিস্তৃত প্ৰস্তুতি চলাইছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল। এই সাফল্যৰ বাবে আপোনালোক আৰু আপোনালোকৰ পৰিয়াল উভয়কে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক এই পৰ্যায়ত উপনীত কৰোৱাত আপোনালোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৱদান কোনো কাৰণতে তুচ্ছ নহয়। কিন্তু—আৰু এয়া এটা গুৰুত্বপূৰ্ণ কথা—পৰিয়ালে যেনেকৈ অৰিহণা যোগায়, সমাজেও আমাক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰাত বিশেষ ভূমিকা পালন কৰে। আমি কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই সফল নহয়, কেৱল পৰিয়ালৰ বাবেও নহয়। এইক্ষেত্ৰত এই বিশাল দেশৰ ১৪ কোটি নাগৰিকৰ অৱদানৰ গুৰুত্বও অপৰিসীম। গতিকে আমি কেৱল নিজৰ লগতে পৰিয়ালৰ প্ৰতিয়েই , নহয় সমগ্ৰ সমাজৰ প্ৰতিও সমানে দায়িত্ব পালন কৰোঁ। এই সকলো দায়িত্ব পালনৰ বাবে আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰি যাব বুলি মোৰ বিশ্বাস। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

May 23rd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ১৯ সংখ্যক ৰোজগাৰ মেলা উপলক্ষ্যে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক-যুৱতীক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষ্যে ভাষণ দি তেওঁ এই এই দিনটোক সমগ্ৰ দেশৰ হাজাৰ হাজাৰ যুৱকৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। চৰকাৰী সেৱাত নতুনকৈ প্ৰৱেশ কৰাসকলক আদৰণি জনাই তেওঁ ৰে’লৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ উন্নয়নত তেওঁলোকে আগবঢ়াবলগীয়া অৱদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘আগন্তুক বছৰবোৰত আপোনালোক সকলোৱেই বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

May 19th, 04:25 pm

গণতন্ত্ৰ, আইনৰ শাসন আৰু বহুদিশতাৰ প্ৰতি আমাৰ অংশীদাৰী দায়বদ্ধতাই আমাক স্বাভাৱিক সহযোগী কৰি তুলিছে। একে সময়তে প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহে আমাৰ সম্পৰ্কক অপৰিসীম সুযোগেৰে ভৰাই তুলিছে। সেয়েহে আঠ বছৰ আগতে নৰ্ডিক দেশসমূহৰ সৈতে আমাৰ সম্পৰ্কত অধিক শক্তি আৰু গতি অনাৰ বাবে এই বিন্যাস প্ৰতিষ্ঠা কৰিছিলো।

ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্ৰীত প্ৰধানমন্ত্ৰীৰ ভাষণ

May 18th, 05:00 am

মই আপোনালোকৰ কিছুসংখ্যকক আগতে লগ পাইছো। কিছু সংখ্যকক মই আজি প্ৰথমবাৰৰ বাবে লগ পাইছো। কিন্তু এটা কথা নিশ্চিত যে আপোনালোক সকলোৱে কিবা নহয় কিবা ধৰণে ভাৰতৰ সৈতে সম্পৰ্কিত হৈ আছে।

উদ্যোগৰ বাবে ইউৰোপীয় ৰাউণ্ড টেবুলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

May 17th, 11:43 pm

আজিৰ কাৰ্যসূচীত যোগদান কৰাৰ বাবে মই উৰছুলা জীৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো, যিয়ে ছুইডেন আৰু ইউৰোপৰ ঔদ্যোগিক কেন্দ্ৰস্থল গোথেনবাৰ্গ ভ্ৰমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

ৰবীন্দ্ৰনাথ ঠাকুৰৰ উমৈহতীয়া সাংস্কৃতিক ঐতিহ্য উদযাপন কৰি বিশেষ উপহাৰ বিনিময় প্ৰধানমন্ত্ৰী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ

May 17th, 11:18 pm

ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নোবেল বঁটা বিজয়ী গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঐতিহ্য উদযাপনৰ বাবে বিশেষ স্মাৰক উপহাৰ বিনিময় কৰে।

ছুইডেনত ৰয়েল অৰ্ডাৰ অৱ দ্য প'লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ

May 17th, 11:13 pm

গোথেনবাৰ্গত আয়োজিত এক বিশেষ অনুষ্ঠানত ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়াই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অষ্টাদশ শতিকাত প্ৰতিষ্ঠা কৰা ছুইডেনৰ আটাইতকৈ প্ৰাচীন আৰু বিশিষ্ট সন্মানসমূহৰ ভিতৰত অন্যতম 'ৰয়েল অৰ্ডাৰ অৱ দ্য প'লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ' প্ৰদান কৰে। এই বঁটা হৈছে ছুইডেনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যতিক্ৰমী ৰাজহুৱা সেৱা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে বিদেশৰ চৰকাৰৰ মুৰব্বীসকলক প্ৰদান কৰা ছুইডেনৰ সৰ্বোচ্চ সন্মান।

ছুইডেনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

May 17th, 06:09 pm

ছুইডেনৰ গোটেনবাৰ্গত উপস্থিত হোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্ৰমণৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰম্ভ কৰাৰ সময়তে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে নিজেই উষ্ম আদৰণি জনায়। ছুইডেনেও প্ৰধানমন্ত্ৰী মোদীক এস্কৰ্ট কৰিবলৈ নিজৰ যুদ্ধ বিমান প্ৰেৰণ কৰে। এই ভ্ৰমণে ভাৰত-ছুইডেনৰ সম্পৰ্কৰ ক্ৰমবৰ্ধমান গভীৰতা আৰু মূল খণ্ডসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ দিশত ভাগ-বতৰা কৰা প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে।

উদ্যোগৰ বাবে ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী (ই আৰ টি)ক সম্বোধন প্ৰধানমন্ত্ৰীৰ

May 17th, 12:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোথেনবাৰ্গত ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী(ই আৰ টি)ক সম্বোধন কৰে। ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন, ইউৰোপীয় আয়োগৰ সভাপতি শ্ৰীমতী উৰছুলা ভন ডেৰ লেয়েন, ইউৰোপীয় উদ্যোগৰ জ্যেষ্ঠ নেতৃবৃন্দ তথা আগশাৰীৰ ইউৰোপীয় আৰু ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধিসকলে ভলভো গ্ৰুপে আয়োজন কৰা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Prime Minister’s Departure Statement ahead of his visit to the UAE, Netherlands, Sweden, Norway, and Italy

May 15th, 07:56 am

PM Modi is embarking on a five-nation visit to the UAE, the Netherlands, Sweden, Norway and Italy from 15-20 May 2026. During the visit, he will meet various Heads of State and hold discussions to further strengthen partnerships across key sectors. Highlights of the visit include his participation in the European Round Table for Industry in Sweden and the 3rd India-Nordic Summit in Oslo.

ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)

May 11th, 09:00 pm

২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।

চুইডেন কিংডমৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

December 01st, 08:32 pm

নেতাদ্বয়ে তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰে, যাৰ ভিতৰত আছে প্ৰতিৰক্ষা, গৱেষণা আৰু উন্নয়ণ, বাণিজ্য আৰু বিনিয়োগ আৰু জলবায়ু সহযোগিতা। তেওঁলোকে ‘ইউৰোপীয় ইউনিয়ন’, ‘নৰ্ডিক পৰিষদ’ আৰু ‘নৰ্ডিক বাল্টিক ৮ গোট’কে ধৰি আঞ্চলিক আৰু বহুপাক্ষিক বিষয়সমূহো আলোচনা কৰে।

চিঅ’পি-২৮ত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচনৰ দ্বিতীয় পৰ্যায় সহযোগিতাৰে আয়োজন কৰে ভাৰত আৰু ছুইডেনে

December 01st, 08:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে ডুবাইৰ চিঅ’পি-২৮ত ২০২৪-২৬ চনৰ বাবে লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচন (লিডআইটি ২.০)ৰ দ্বিতীয় পৰ্যায়ৰ সহযোগিতাৰে আৰম্ভ কৰে।

Modernization of stations will create a new atmosphere for development in the country: PM Modi

August 06th, 11:30 am

In a historic move, PM Modi laid the foundation stone for the redevelopment of 508 Railway Stations across the country via video conferencing. Redeveloped at a cost of more than Rs 24,470 crores, these 508 stations are spread across 27 states and union territories. Addressing the gathering, the PM Modi remarked “There is new energy, new inspirations and new resolutions”, the Prime Minister said underlining that it is the beginning of a new chapter in the history of Indian Railway.

সমগ্ৰ দেশৰ ৫০৮টা ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

August 06th, 11:05 am

২৪,৪৭০ কোটিতকৈ অধিক টকা ব্যয়েৰে পুনৰ উন্নয়ন কৰা এই ৫০৮টা ষ্টেচন ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে, যাৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ৫৫ টাকৈ, বিহাৰত ৪৯টা, মহাৰাষ্ট্ৰত ৪৪, পশ্চিমবংগত ৩৭, মধ্য প্ৰদেশত ৩৪, অসমত ৩২টা ওড়িশাত ২৫ টা, পঞ্জাৱত ২২টা, গুজৰাট আৰু তেলেংগানাত ২১টাকৈ, ঝাৰখণ্ডত ২০টা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত ১৮টাকৈ, হাৰিয়ানাত ১৫টা, কৰ্ণাটকত ১৩ টা ষ্টেচন আছে৷

ছুইডেনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা উলফ ক্ৰীষ্টাৰছনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 19th, 09:46 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা উলফ ক্ৰীষ্টাৰছনক অভিনন্দন জনাইছে।

When the forces of good cooperate, the forces of crime cannot operate: PM Modi

October 18th, 01:40 pm

Prime Minister Modi addressed the INTERPOL General Assembly in New Delhi. He said, There are many harmful globalised threats that the world faces. Terrorism, corruption, drug trafficking, poaching and organised crime. The pace of change of these dangers is faster than earlier. When threats are global, the response cannot be just local! It is high time that the world comes together to defeat these threats.

নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ৯০ সংখ্যক ‘ইণ্টাৰপোল জেনেৰেল এছেম্বলী’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

October 18th, 01:35 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ত অনুষ্ঠিত ‘ইণ্টাৰপোল’ৰ ‘সাধাৰণ পৰিষদৰ ৯০ সংখ্যক সন্মিলন’ সম্বোধন কৰে।

লাইফ আন্দোলনৰ শুভাৰম্ভণিৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ

June 05th, 07:42 pm

মহামান্য ইংগাৰ এণ্ডাৰছন, ইউএনডিপি গ্ল’বেল হেড, মহামান্য আচিম ষ্টেইনাৰ, ইউএনডিপি গ্ল’বেল হেড, মোৰ বন্ধু মিঃ ডেভিড মালপাছ, ৱৰ্ল্ড বেংকৰ অধ্যক্ষ লৰ্ড নিকোলাছ ষ্টাৰ্ণ, মিঃ কাচ চানষ্টাইন, মোৰ বন্ধু মিঃ বিল গেটছ, শ্ৰী অনিল দাসগুপ্তা, ভাৰতৰ পৰিৱেশ মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱ