এ বালাকৃষ্ণন জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 27th, 12:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিবেকানন্দ কেন্দ্ৰৰ সৰ্বভাৰতীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা এ বালাকৃষ্ণন জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। বালাকৃষ্ণন জীয়ে সমাজলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ নিজৰ জীৱনৰ পাঁচ দশকৰো অধিক কাল স্বামী বিবেকানন্দৰ আদৰ্শ আৰু ৰাষ্ট্ৰৰ সেৱাৰ বাবে উচৰ্গা কৰিছিল। ‘উত্তৰ-পূবৰ সৈতে তেওঁৰ বিশেষভাৱে গভীৰ সম্পৰ্ক আছিল। শিক্ষা, সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰ্যকলাপত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল’, শ্ৰী মোদীয়ে উল্লেখ কৰে।PM to visit Andhra Pradesh and Karnataka on 1 August
July 31st, 09:56 am
PM Modi will visit Andhra Pradesh and Karnataka on 1 August. In Andhra Pradesh, he will inaugurate the Alluri Sitarama Raju International Airport and launch development projects worth over ₹17,900 crore. He will also lay the foundation stone for Andhra Pradesh's first semiconductor manufacturing facility. During his visit to Karnataka, he will inaugurate the Swami Vivekananda Cultural Youth Centre - Viveka Smaraka in Mysuru.স্বামী বিবেকানন্দৰ নিৰ্বাণ দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
July 04th, 01:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দৰ নিৰ্বাণ দিৱসত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক পৰম্পৰা আৰু ৰাষ্ট্ৰীয় চেতনাক গোলকীয় পৰিচিতি প্ৰদান কৰাৰ ক্ষেত্ৰত স্বামী বিবেকানন্দ জীৰ অতুলনীয় অৱদানে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ গভীৰ জ্ঞান আৰু কালজয়ী আদৰ্শ সমগ্ৰ দেশৰ কোটি কোটি যুৱক-যুৱতীৰ বাবে পথ প্ৰদৰ্শক হৈ ৰৈছে। শ্ৰী মোদীয়ে কয়, এখন বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে আমাৰ সামূহিক সংকল্পক তেওঁৰ আধ্যাত্মিক বাৰ্তাই দেশবাসীক সদায় অনুপ্ৰাণিত আৰু উজ্জীৱিত কৰি ৰাখিব।পশ্চিমবংগৰ কলকাতাত উদযাপন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
June 21st, 06:45 am
মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবিজী, উদ্যমী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীজী, কেন্দ্ৰত মোৰ সহযোগী প্ৰতাপ ৰাও যাদৱজী, আন সকলো গণ্যমান্য ব্যক্তি, ইয়াত কলকাতাত সমবেত হোৱা সকলো অংশগ্ৰহণকাৰী, দেশ-বিদেশত অনুষ্ঠিত যোগ দিৱসত যোগদান কৰা বন্ধুকল আৰু মোৰ মৰমৰ দেশবাসী!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে
June 21st, 06:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ ৰেড ৰোডৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। শ্ৰী মোদীয়ে সহস্ৰাধিক যোগ সাধকৰ সৈতে ‘কমন যোগ প্ৰট’কল’ অধিবেশনত অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বৰ জনগণক অভিনন্দন জনাই শ্ৰী মোদীয়ে কয় যে ২১ জুন তাৰিখটো বিশ্বৰ বহু ঠাইত বছৰৰ আটাইতকৈ দীঘলীয়া দিন আৰু ই যোগৰ জৰিয়তে মানৱতাৰ অন্যতম বৃহৎ সামূহিক উদযাপন হিচাপেও আত্মপ্ৰকাশ কৰিছে।Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।The days of TMC’s hooliganism are coming to an end: PM Modi in Kolkata, West Bengal
March 14th, 03:30 pm
Addressing a massive public meeting at the historic Brigade Parade Ground in Kolkata, Prime Minister Narendra Modi said, “This historic land of Bengal, this historic ground of Brigade Parade and this sea of people reflect the enthusiasm and spirit of the people. If anyone wants to know what Bengal is thinking and what lies in the hearts of its people, they should just look at these scenes.” He also gave a clarion call from Brigade Ground, “Paltano Dorkaar, Chai BJP Sorkaar.”PM Modi’s fiery speech electrifies the crowd in Kolkata
March 14th, 03:00 pm
Addressing a massive public meeting at the historic Brigade Parade Ground in Kolkata, Prime Minister Narendra Modi said, “This historic land of Bengal, this historic ground of Brigade Parade and this sea of people reflect the enthusiasm and spirit of the people. If anyone wants to know what Bengal is thinking and what lies in the hearts of its people, they should just look at these scenes.” He also gave a clarion call from Brigade Ground, “Paltano Dorkaar, Chai BJP Sorkaar.”ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 18th, 08:10 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আনুষ্ঠানিক ভাৰত ভ্ৰমণত আহে। এই ভ্ৰমণৰ সময়ত তেওঁ ২০২৬ চনৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। মেক্ৰন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ যৌথভাৱে উদ্বোধন কৰে। এয়া ৰাষ্ট্ৰপতি মেক্ৰনৰ চতুৰ্থটো ভাৰত ভ্ৰমণ, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণ কৰিছিল।ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
February 17th, 04:00 pm
মোৰ প্ৰিয় বন্ধু, ৰাষ্ট্ৰপতি মেক্ৰ’ক মুম্বাইত আদৰণি জনাই মই আনন্দিত হৈছো। যোৱা বছৰ তেওঁ মোক ফ্ৰান্সত অনুষ্ঠিত এ আই একচন ছামিটলৈ নিমন্ত্ৰণ জনাইছিল।“পৰীক্ষা পে চৰ্চা ২০২৬” অনুষ্ঠানৰ দ্বিতীয় খণ্ডত ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ
February 09th, 10:30 am
মোৰ মৰমৰ বন্ধুসকল, পৰীক্ষ পে চৰ্চাৰ এই গুৰুত্বপূৰ্ণ সংস্কৰণলৈ স্বাগতম জনাইছো। এইবাৰ অলপ বেলেগ, অলপ বিশেষ। বহু ছাত্ৰ-ছাত্ৰীয়ে পৰামৰ্শ দিছিল যে দেশৰ বিভিন্ন প্ৰান্ততো পৰীক্ষা পে চৰ্চা অনুষ্ঠিত কৰিব লাগে। গতিকে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি এই আলোচনা কৰিবলৈ লৈছো। এই বিশেষ খণ্ডটোত তোমালোকে ঠিক সেয়াই দেখিবা।আৰম্ভ কৰোঁ তামিলনাডুৰ কইম্বাটুৰৰ পৰা।তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীসকলৰ শক্তি আৰু কৌতূহলে মোক বহুত আপ্লুত কৰিলে। এবাৰ চাওঁ আহা৷পৰীক্ষা পে চৰ্চা ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা (পি পি চি) ২০২৬ৰ নৱম সংস্কৰণৰ অংশ হিচাপে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে পি পি চি ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ পৰীক্ষা যোদ্ধাসকলৰ সৈতে এক অনানুষ্ঠানিক মত বিনিময় কৰিছিল। ‘পৰীক্ষা পে চৰ্চা’ৰ বিশেষ সংস্কৰণলৈ শিক্ষাৰ্থীসকলক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে এইবাৰ কাৰ্যসূচীটো দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল। কোইম্বাট’ৰৰ সংস্কৰণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে তামিলনাডুৰ শিক্ষাৰ্থীসকলৰ শক্তি আৰু কৌতূহলে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে। তেওঁলোকক ‘ৱনক্কম’ বুলি অভিবাদন জনাই তেওঁ সাধাৰণ বাৰ্তালাপত মিলিত হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ উত্তেজনা প্ৰকাশ কৰি কয় যে তেওঁক দেখা পোৱাৰ লগে লগে তেওঁলোকে নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল। এক নাটকীয় প্ৰৱেশৰ আশা কৰিছিল কিন্তু তেওঁক সৰল, নম্র আৰু মাটিৰ ওপৰত থকা যেন অনুভৱ কৰিছিল। এজন শিক্ষাৰ্থীয়ে মনৰ ভাব প্ৰকাশ কৰি কয় যে তেওঁৰ আগমনত গাৰ নোম শিয়ৰি উঠিছিল।প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে
February 07th, 03:59 pm
সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
February 07th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।Ending TMC’s Maha Jungle Raj and bringing BJP’s good governance is essential: PM Modi in Singur, West Bengal
January 18th, 03:35 pm
PM Modi addressed a massive public rally in Singur, Hooghly, where he said the overwhelming public enthusiasm reflected Bengal’s resolve for real poriborton and an end to 15 years of what he termed as Maha Jungle Raj. Calling upon the people to take a pledge for change, he led the crowd in the slogan, “Paltaano Dorkar… Chai BJP Shorkar.”PM Modi addresses a massive public rally in Singur, Hooghly, West Bengal
January 18th, 03:32 pm
PM Modi addressed a massive public rally in Singur, Hooghly, where he said the overwhelming public enthusiasm reflected Bengal’s resolve for real poriborton and an end to 15 years of what he termed as Maha Jungle Raj. Calling upon the people to take a pledge for change, he led the crowd in the slogan, “Paltaano Dorkar… Chai BJP Shorkar.”বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 12th, 06:45 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সকল, সকলো সাংসদ, বিকশিত ভাৰত ইয়ং লীডাৰ্ছ চেলেঞ্জৰ বিজয়ী সকল, আন আন গণ্যমান্য ব্যক্তি আৰু বহিঃৰাষ্ট্ৰৰ পৰা অহা সকলকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল। তোমালোকে নিশ্চয় ইয়াত এক নতুন অভিজ্ঞতা লাভ কৰিছা। তোমালোকৰ ভাগৰ লাগিছে নেকি? তোমালোকৰ সমাৱেশৰ আজি দুদিন হ’ল, গতিকে আকৌ এবাৰ শুনিবলৈ ভাগৰ লগা নাই নে? যি নহওক, পিছৰ আসনৰ পৰাই মই ইতিমধ্যে ক’বলগীয়াখিনি কৈছো। মই প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়া তোমালোকৰ বহুতৰে জন্মই হোৱা নাছিল বুলি মোৰ অনুমান হৈছে। আৰু ২০১৪ ত যেতিয়া মই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়াও তোমালোকৰ বহুতেই শিশু আছিলা। কিন্তু মুখ্যমন্ত্ৰী হিচাপেই হওক বা এতিয়া প্ৰধানমন্ত্ৰী হিচাপেই হওক, নৱ প্ৰজন্মৰ প্ৰতি মোৰ সদায় অসীম বিশ্বাস আছে। মই সদায় তোমালোকৰ সামৰ্থ্য আৰু তোমালোকৰ প্ৰতিভাৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি মই দেখিছো যে তোমালোকে এখনি উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাঘজৰী ধাৰণ কৰিছা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬ সম্বোধন কৰে
January 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশন সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতে আজিৰ একাধিক যুৱ নাগৰিকৰ জন্মই হোৱা নাছিল আৰু ২০১৪-ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ অধিকাংশই শিশু আছিল। তথাপিও তেওঁ কয় যে নৱ-প্ৰজন্মৰ প্ৰতি তেওঁৰ আস্থা নিৰন্তৰ আৰু অদম্য হৈয়েই আছে। তোমালোকৰ সামৰ্থ্য, তোমালোকৰ প্ৰতিভা অনন্য আৰু মই সদায় তোমালোকৰ সামৰ্থ্যৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি চোৱাচোন, তোমালোক সকলোৱে এখনি উন্নত ভাৰতৰ লক্ষ্যৰ বাঘজৰী ধাৰণ কৰিছা, শ্ৰী মোদীয়ে কয়।আহমেদাবাদত অনুষ্ঠিত ভাৰত-জাৰ্মানী চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
January 12th, 01:35 pm
মই ভাৰত-জাৰ্মানী চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰি পৰম সন্তোষ পাইছো। এই বৈঠক অতিশয় গুৰুত্বপূৰ্ণ সময়ত অনুষ্ঠিত হৈছে। কিয়নো আমি ভাৰত-জাৰ্মানীৰ সম্পৰ্কৰ মহাৰজত জয়ন্তী আৰু ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপালী জয়ন্তী উদযাপন কৰিছো। অৰ্থাৎ আমাৰ সম্পৰ্কত প্লেটিনামৰ স্থায়িত্ব আৰু ৰূপৰ জিলিকনি বিৰাজমান।