খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 20th, 11:00 pm
ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক মাতৃ বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক ভূমিৰ পুত্ৰ বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।ৰোমত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ পৰা এগ্ৰিকোলা পদক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
May 20th, 10:55 pm
প্ৰধানমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান ড° কু ডংগিউৰ পৰা। তেওঁ এই সন্মান ভাৰতীয় কৃষক আৰু ভাৰতীয় কৃষি বৈজ্ঞানিক সমাজলৈ উৎসৰ্গা কৰে, যিয়ে ভাৰতীয় তথা বিশ্বৰ মানুহৰ বাবে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিন আহিছে। তেওঁ এই স্বীকৃতি মানৱ কল্যাণ, খাদ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা বুলি আলোকপাত কৰে। ভাৰতৰ কৃষি জীৱনৰ কেন্দ্ৰীয়তাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক ধৰিত্ৰী আৰু ভাৰতীয় জনসাধাৰণৰ মাজত এক পবিত্ৰ বন্ধন বুলি কয়।বিশ্ব জল দিৱসত জল সংৰক্ষণৰ প্ৰতি দায়বদ্ধতাৰ কথা পুনৰ দৃঢ় কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 22nd, 09:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব জল দিৱস উপলক্ষ্যে প্ৰতি টোপাল পানী সংৰক্ষণ আৰু এই বহুমূলীয়া সম্পদক দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দৃঢ় কৰিবলৈ সকলোকে আহ্বান জনায়।ভাৰতৰ নেট-জিৰ’ দৃষ্টিভংগীক আগুৱাই নিয়া বহনক্ষম উদ্ভাৱনৰ শলাগ প্ৰধানমন্ত্ৰীৰ
August 03rd, 04:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বহনক্ষমতাক আগুৱাই নিয়া আৰু নেট-জিৰ’ নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱা বাবে ভাৰতৰ দায়বদ্ধতাক শক্তিশালী কৰা এক উল্লেখযোগ্য পদক্ষেপৰ প্ৰশংসা কৰে।জীৱ-জন্তুৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত সদায় সকলোৰে আগত থাকিব: প্ৰধানমন্ত্ৰী
March 09th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত বন্যপ্ৰাণী বৈচিত্ৰ্য আৰু বন্যজীৱক উদযাপন কৰা সংস্কৃতিৰে আশীৰ্বাদপু্ষ্ট। আমি সদায় জীৱ-জন্তুৰ সুৰক্ষা আৰু এক বহনক্ষম গ্ৰহৰ প্ৰতি অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সকলোৰে আগত থাকিম, শ্ৰী মোদীয়ে লগতে কয়।